গৱেসকলে বায়ডিগ্ৰেডেবল বা জৈৱিকভাৱে পচন সম্ভৱ আঠা তাপলি ব্যৱহাৰ কৰি হৃদপিণ্ডৰ ছিদ্ৰ বন্ধ কৰিবলৈ তৈয়াৰ কৰি উলিয়াইছে এক বিশেষ প্ৰকাৰৰ কেথেটাৰ (দেহৰ অভ্যন্তৰত প্ৰৱেশ কৰোৱা ললিকা)। এই উদ্ভাৱনে অপেন হাৰ্ট ছাৰ্জাৰীৰ দৰে জটিল প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে নাইকিয়া কৰিব বুলি দাবী কৰা হৈছে। এই কেথেটাৰক উদ্ভাৱক পেড্ৰডেল নিডোৰ মতে এই প্ৰক্ৰিয়াত বিশেষ প্ৰকাৰৰ আঠা ব্যৱহাৰ কৰাৰ ফলত হৃদপিণ্ডৰ ক্ষত অংশৰ কলাৰ চিলাই প্ৰয়োজনীতাও নোহোৱা হ’ব। অপেন হাৰ্ট ছাৰ্জাৰীত কেথেটাৰ প্ৰক্ৰিয়া এইবাবেই জৰুৰী যে হৃদপিণ্ড কটাৰ সময়ত স্পন্দন যাতে বন্ধ নহয় তাৰ বাবে কৃত্ৰিম প্ৰক্ৰিয়াৰে স্পন্দন অব্যাহত ৰখা হয়। নতুনকৈ তৈয়াৰ কৰা কেথেটাৰটোত ইউ ভি বা অতি বেঙুনীয়া ৰশ্মিৰ প্ৰযুক্তি প্ৰয়োগ কৰি হৃদপিণ্ডত তাপলিটো স্থাপন কৰিবলৈ ব্যৱহাৰ কৰা হয়। কেথেটাৰটোৰ ডিঙি বা উৰু সন্ধিৰ ৰক্তসিৰাৰ মাজেৰে দেহত সুমুৱাই দি হৃদপিণ্ডৰ ভিতৰত থকা বিসংগতি ধৰা পেলোৱা হয়। কেথেটাৰটোৱে বিসংগতিৰ নিৰ্দিষ্ট স্থান ধৰা পেলোৱাৰ পিছত শৈল্য চিকিৎসকে নিৰ্দিষ্ট স্থানত থকা দুটা বেলুন- এটা কেথেটাৰটোৰ সন্মুখ প্ৰান্তত আৰু আনটো হৃদপিণ্ডৰ বেৰৰ আনটো মূৰত ফুলাই দিয়ে। তাৰ পিছত শৈল্য চিকিৎসকে তাপলিটো প্ৰয়োগ কৰি কেথেটাৰৰ ইউ ভি ৰশ্মি উজলাই দিয়ে। এই ৰশ্মি প্ৰতিফলিত হৈ বেলুনৰ আভ্যন্তৰত সোমাই তাপলিৰ আঠাযুক্ত প্ৰলেপক সক্ৰিয় কৰি তোলে। নিৰ্দিষ্ট স্থানত থকা বেলুন দুটাৰ চাপে তাপলিটোক সঠিক স্থানত বহুৱাত সহায় কৰে। অৱশেষত বেলুন দুটা চেপেটা কৰি কেথেটাৰটো উলিয়াই অনা হয়। দিন বাগৰাৰ লগে লগে স্বাভাৱিক কলাৰ বিকাশ ঘটি হৃদপিণ্ডৰ ক্ষত ছিদ্ৰ সম্পূৰ্ণৰূপে নিৰাময় কৰে।
লিখক: অমৰজ্যোতি ভূঞা, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 4/15/2020
উচ্চ ৰক্তচাপ ৰোগ নিৰাময়ত যোগ চিকিৎসা
টনচিলাইটিচ নিৰাময়ত যোগ চিকিৎসা
উপবাস বিধানে বহু জটিল ৰোগ নিৰাময় কৰে
আহাৰৰ দ্বাৰা বিষ নিৰাময়