মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বিপদৰ পৰা হাত সৰাৰ উপায়- হৃদযন্ত্ৰৰ বাইপাছ অস্ত্ৰোপচাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিপদৰ পৰা হাত সৰাৰ উপায়- হৃদযন্ত্ৰৰ বাইপাছ অস্ত্ৰোপচাৰ

বিপদৰ পৰা হাত সৰাৰ উপায়- হৃদযন্ত্ৰৰ বাইপাছ অস্ত্ৰোপচাৰৰ বিষয়ে লিখা হৈছে ।

 

হৃদযন্ত্ৰটোলৈ তেজ সঞ্চালন কৰোৱা ধমনীৰ ৰোগ এবিধ হৃদৰোগ। যেতিয়া হৃদযন্ত্ৰত লাগি থকা ধমনীবিলাক(হৃদযন্ত্ৰৰ মাংসপেশীলৈ বিশুদ্ধ বা অক্সিজেনযুক্ত তেজৰ যোগান ধৰা ৰক্তবাহী নলী) চৰ্বি আৰু কেলচিয়াম সংপৃক্ত হৈ সৃষ্টি হোৱা ফলকৰ(Plaques) দ্বাৰা বন্ধ হৈ পৰে, তেতিয়াই এইবিধ হৃদৰোগ আৰম্ভ হয়।

এনে অৱস্থা হ’লে হৃদযন্ত্ৰৰ মাংসপেশীবিলাকলৈ তেজৰ যোগানত হীন-ডেঢ়ি ঘটে। ইয়াৰ ফলত বুকুৰ বিষ আৰু উশাহ ল’ব নোৱাৰা আদি লক্ষণ প্ৰকাশ পায়।

যদি এনে অৱস্থা হওঁতে উপযুক্ত চিকিৎসা নেপায়, তেনেহ’লে হাৰ্ট এটেক বা হাৰ্ট ফেইলাৰ আদি হ’বলৈ পাৰে।

ক’ৰ’নেৰী হৃদৰোগৰ কাৰণে একপ্ৰকাৰৰ অতি জনপ্ৰিয় আৰু গুৰুত্বপূৰ্ণ জীৱন ৰক্ষাকাৰী চিকিৎসা ব্যৱস্থা হৈছে ‘বাইপাছ ছাৰ্জাৰী’।

এইটোৱেই আটাইতকৈ বেছি গতানুগতিকভাৱে সমগ্ৰ বিশ্বতে কৰা হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ। যেতিয়া প্ৰয়োগ কৰা ঔষধে ৰোগীক ৰোগৰ লক্ষণবোৰৰ পৰা সকাহ দিব নোৱাৰা হয় আৰু হৃদযন্ত্ৰত বেছি ধমনীবিলাকৰ ভিতৰত এডালতকৈ বেছি ধমনীত একাধিক প্ৰতিবন্ধক থাকে।

আৰু যেতিয়াই এঞ্জিওপ্লাষ্টিৰ দ্বাৰা এই বিপদবোৰৰ পৰা বাচিব পৰা নহয়, তেতিয়াহে বাইপাছ ছাৰ্জাৰী(বাইপাছ অস্ত্ৰোপচাৰ) কৰা হয়।

হৃদযন্ত্ৰৰ বাইপাছ অস্ত্ৰোপচাৰ কি?

‘ক’ৰ’নেৰি ধমনীৰ বাইপাছ গ্ৰাফটিং(CABG) বা বাইপাছ অস্ত্ৰোপচাৰ হৈছে এক প্ৰকাৰৰ অস্ত্ৰোপচাৰ আৰু এই কাৰ্যত হৃদযন্ত্ৰৰ শল্য চিকিৎসকজনে এডোখৰ সিৰা ব্যৱহাৰ কৰে।

এই সিৰাডোখৰ সাধাৰণতে ৰোগীৰ ভৰিৰ সিৰাৰ পৰা বা ৰোগীৰ বুকুৰ ভিতৰৰ ধমনীৰ পৰা টুকুৰা সংগ্ৰহ কৰি ৰোগীৰ হৃদযন্ত্ৰৰ মাংসপেশীলৈ অক্সিজেন সমৃদ্ধ তেজ যোগানৰ কাৰণে সংযোজন কৰি এটা নতুন পথ সৃষ্টি কৰে।

কিছুমান ব্যক্তিক বাইপাছ অস্ত্ৰোপচাৰ কিয় দৰকাৰ হয়?

যেতিয়া কোনো ব্যক্তিৰ হৃদযন্ত্ৰৰ এডাল বা একাধিক ধমনী বেছি ঠেক হৈ পৰে বা বন্ধ হৈ পৰে আৰু হৃদযন্ত্ৰৰ মাংসপেশীলৈ পৰ্যাপ্ত মাত্ৰাত তেজৰ সৰবৰাহ নহয়, তেতিয়াই ব্যক্তিজনক বাইপাছ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়।

বাইপাছ অস্ত্ৰোপচাৰৰ যোগেদি সৃষ্টি কৰা এটা নতুন পথ বা বাইপাছৰ মাজেদি বন্ধ হৈ পৰা বা ৰুগ্ন ধমনীৰ অংশক বাদ দি হৃদযন্ত্ৰৰ মাংসপেশীলৈ তেজৰ প্ৰবাহ উন্নত কৰা।

আৰু পিছলৈ হৃদযন্ত্ৰৰ সমস্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত, বাইপাছ অস্ত্ৰোপচাৰেই আটাইতকৈ ফলপ্ৰসূ চিকিৎসা ব্যৱস্থাবিলাকৰ ভিতৰত অন্যতম।

বাইপাছ অস্ত্ৰোপচাৰৰ পৰা পাব পৰা উপকাৰিতাবিলাক -

বাইপাছ অস্ত্ৰোপচাৰৰ ফলাফল অতি উত্তম বাইপাছ অস্ত্ৰোপচাৰে হৃদযন্ত্ৰৰ মাংসপেশীলৈ তেজৰ প্ৰৱাহ উন্নত কৰে আৰু হৃদৰোগৰ লক্ষণবিলাক কমাই ৰাখে।

এই লক্ষণবিলাকৰ ভিতৰত আছে বুকুৰ বিষ আৰু উশাহ ল’ব নোৱাৰাৰ অৱস্থা।

কেতিয়াবা ব্যক্তিজনে অস্ত্ৰোপচাৰৰ আগতকৈ নিজকে সুস্থ আৰু কৰ্মক্ষম যেন অনুভৱ কৰিব পাৰে। হৃদযন্ত্ৰৰ সমস্যাবোৰৰ আশংকাও বহু পৰিমাণে কমি যাব পাৰে।

অস্ত্ৰোপচাৰে ব্যক্তোজনক দীৰ্ঘদীলৈ বাচি থকাকৈ স্বাস্থ্য অৱস্থা উন্নীত কৰিব পাৰে। বিশেষভাৱে যিসকল লোকে হৃদযন্ত্ৰৰ পেশীয়ে পাম্প কৰাৰ সক্ষমতা হ্ৰাস পোৱা বিসংগতিত ভোগে বা আগতে হাৰ্ট এটেক হোৱাৰ ফলত এই পেশী নষ্ট হৈছিল তেনেহ’লে এই অস্ত্ৰোপচাৰে হৃদযন্ত্ৰৰ পাম্প কৰাৰ কাম উন্নত কৰে।

এই অস্ত্ৰোপচাৰে জীৱনৰ গুণগত মান উন্নত কৰে আৰু জীৱনশৈলী অধিক সক্ৰিয় কৰি ৰখাত অৰিহণা যোগায়।

বাইপাছ অস্ত্ৰোপচাৰ কেনেকৈ কৰা হয় -

কৰ’ণেৰি ধমনীৰ লগত এটা মূৰ সংলগ্ন হৈ থকা কোনো ধমনী বা সিৰাৰ ভিতৰভাগ বন্ধ হৈ পৰে বা বাধা থকা অংশৰ কাষত বা আন অংশ ঠেক হৈ পৰিব পাৰে।

ব্যক্তিজনৰ ভৰিৰ পৰা এডোখৰ দীঘল সিৰা(Saphenous Vein) পুনৰ সংযোজন বা প্ৰতিস্থাপন কৰিবৰ কাৰণে কাটি উলিওৱা হয়।

ইয়াৰ সলনি বুকুৰ বেৰৰ ভিতৰফালৰ এডাল ধমনী(অন্তঃস্তনৰ ধমনী) এডালো শল্য চিকিৎসকজনে ব্যৱহাৰৰ কাৰণে বাছি ল’ব পাৰে।

অথবা শল্য চিকিৎসজনে দুয়োডাল নলীকে গ্ৰাফটৰ বাবে ব্যৱহাৰ কৰিব পাৰে। সিৰডালৰ এটা মূৰ মহাধমনীৰ লগত সংযোগ কৰি দিয়া হয়।

হৃদযন্ত্ৰই যিডাল প্ৰধান ৰক্তবাহী নলীয়েদি শৰীৰৰ সকলো অংশলৈ তেজ পাম্প কৰি পঠিয়া, সেইডাল ধমনীকে মহাধমনী বা বৃহব্দমনী(Aorta) বুলি কোৱা হয়।

হৃদযন্ত্ৰৰ পেশীলৈ ৰক্তপ্ৰবাহ অব্যাহত ৰখাৰ বাবে নতুনকৈ সৃষ্টি কৰা এই নলীডালকে ‘বাইপাছ’ বুলি কোৱা হয়।

হৃদযন্ত্ৰৰ গাত লাগি থকা ক’ৰ’নেৰি ধমনী ঠেক হৈ পৰা বা বন্ধ হৈ পৰা অংশৰ বাহিৰেদি পাৰ কৰি নিয়া এই ৰক্তবাহী নলীডোখৰেই ‘বাইপাছ’(উপপথ)।

কৰ’নেৰি ধমনীৰ বন্ধ হৈ পৰা অংশৰ সংখ্যা আৰু স্থানৰ ওপৰত ভিত্তি কৰি বাইপাছবিলাক স্থাপন কৰা হয়।

হৃদযন্ত্ৰৰ অন্য ধৰণৰ অস্ত্ৰোপচাৰৰ দৰে বাইপাছ অস্ত্ৰোপচাৰত হৃদযন্ত্ৰৰ কোঠাবিলাক মুকলি কৰা নহয়।

চিকিৎসকজনে স্পন্দন হৈ থকা হৃদযন্ত্ৰৰ সঞ্চালন অব্যাহত ৰখাৰ কাৰণে ‘হাৰ্ট লাং মেচিন’ ব্যৱহাৰ কৰে।

আজিকালি হাৰ্ট লাং মেচিন ব্যৱহাৰৰ প্ৰয়োজনীয়তা নাইকিয়া হৈছে আৰু আনকি এটা স্পন্দন হৈ থক হৃদপিণ্ডতো কুশলী শল্য চিকিৎসকে বাইপাছ অস্ত্ৰোপচাৰ কৰিব পাৰে।

ৰোগীৰ বুকুৰ হাড় ১০-১২ ইঞ্চি দীঘলীয়াকৈ বিভাজিত কৰি হৃদপিণ্ডটো সাধাৰণতে মুকলি কৰি লোৱা হয়।

কিন্তু ন্যূনতম আকাৰৰ ছিদ্ৰইদি হৃদপিণ্ডৰ অস্ত্ৰোপচাৰৰ যুগৰ আগমনৰ লগে লগে কাটিবলগা অংশৰ দৈৰ্ঘ্য আৰু লক্ষ্য বুকুৰ কাষৰ ফালে সলনি হ’ল আৰু আৰু কাটি লোৱা ছিদ্ৰৰ আকাৰো সৰু হ’ল।

যদি বাইপাছ হাৰ্ট লাং মেচিন ব্যৱহাৰ কৰি বাইপাছ স্থাপনৰ অস্ত্ৰোপচাৰ কৰা হয়, তেনেহ’লে অস্ত্ৰোপচাৰটো সম্পন্ন হোৱাৰ পিছত ৰোগীক হাৰ্ট লাং মেচিনৰ পৰা বিচ্ছিন্ন কৰি দিয়া হয়।

এডাল তাঁৰৰ সূতা ব্যৱহাৰ কৰি বুকুৰ হাড় লগ লগাই বন্ধ কৰি দিয়া হয় আৰু বুকু আৰু ভৰিৰ কাটি থোৱা ঘাবোৰ বন্ধ কৰাৰ বাবে সূতা বা ‘ক্লিপ’ ব্যৱহাৰ কৰা হয়।

এই সমগ্ৰ কাৰ্যবিলাক সম্পূৰ্ণ কৰিবলৈ ২ ৰ পৰা ৬ ঘন্টামান সময় লাগে। অৱশ্যে বাইপাছৰ সংখ্যাৰ ওপৰতহে সেই কথা নিৰ্ভৰ কৰে।

ৰোগীজন কিমানদিনলৈ হস্পিতালত থাকিব লগা হয়?

বাইপাছ অস্ত্ৰোপচাৰ কৰোৱা ৰোগীজনক সাধাৰণতে আই.চি.ইউত. প্ৰায় দুদিন ৰখা হয়। ইয়াৰে সৈতে ৰোগীজনে মুঠতে ৬-৭ দিনলৈ হস্পিতালত থাকিবলগা হয়।

অস্ত্ৰোপচাৰৰ দ্বিতীয় দিনা ৰোগী এজনে নিয়মীয়া খাদ্য গ্ৰহণ, নিজে উঠি বহা আৰু অকণমান ইফালে-সিফালে খোজকঢ়াৰ দৰে সৰু সৰু কামবোৰ সুস্থ লোক এজনৰ দৰেই কৰিব পৰা হয়।

ক’ৰ’নেৰি ধমনীৰ বাইপাছ গ্ৰাফট প্ৰায় অস্ত্ৰোপচাৰৰ পিছত সম্পূৰ্ণ আৰোগ্য হ’বলৈ প্ৰায় তিনি-চাৰি সপ্তাহ সময় লাগে।

বাইপাছ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত ‘বিটিং হাৰ্ট টেকনিক’(Beating Heart Technique) কি?

১৯৮০ চনত যেতিয়া পোনপ্ৰথমবাৰৰ বাবে হৃদযন্ত্ৰৰ বাইপাছ অস্ত্ৰোপচাৰৰ সূচনা হৈছিল, হৃদযন্ত্ৰটোৰ স্পন্দন বন্ধ কৰিহে বাইপাছ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু হৃদযন্ত্ৰৰ কামবোৰ ‘হাৰ্ট লাং মেচিন’(হৃদযন্ত্ৰ-হাওঁফাওঁ যন্ত্ৰ) নামৰ যন্ত্ৰ এটালৈ হস্তন্তৰ কৰা হৈছিল।

হৃদযন্ত্ৰৰ বাইপাছ অস্ত্ৰোপচাৰ, সম্পূৰ্ণ হৈ যোৱাৰ পিছত হৃদযন্ত্ৰটো পুনৰ কাৰ্যক্ষম আৰু সক্ৰিয় কৰি তোলা হৈছিল আৰু হৃদযন্ত্ৰৰ কাম-কাজবোৰ ‘হাৰ্ট লাং মেচিন’ৰ পৰা পুনৰ মানুহজনৰ নিজৰ হৃদযন্ত্ৰলৈ উভতাই অনা হৈছিল।

১৯৯০ চনৰ শেষৰ ফালে যুক্তৰাষ্ট্ৰত এটা নতুন প্ৰযুক্তি উদ্ভাৱন হ’ল আৰু পিছলৈ এই প্ৰযুক্তি ভাৰত আৰু অন্যান্য ৰাষ্ট্ৰত ব্যাপকভাৱে ব্যৱহাৰ কৰা হ’ল।

এই প্ৰযুক্তিক সাধাৰণভাৱে ‘বিটিং হাৰ্ট টেকনিক’ অৰ্থাৎ ‘স্পন্দন হৈ থকা হৃদযন্ত্ৰৰ প্ৰযুক্তি’ নামেৰে প্ৰচলন হ’বলৈ ধৰিলে।

এই প্ৰযুক্তিত, হৃদযন্ত্ৰৰ যিটো অংশত বাইপাছ কৰোৱাব লাগে, সেই অংশৰ স্পন্দন ‘হাৰ্ট ষ্টেবিলাইজাৰ’ নামৰ এক বিশেষ ধৰণৰ ‘হাৰ্ট ষ্টেবিলাইজাৰ’ নামৰ এক বিশেষ ধৰণৰ সঁজুলিৰ দ্বাৰা মন্থৰ কৰি দিয়া হয়।

তেতিয়া শল্য চিকিৎসকজনে অতি মন্থৰ গতিত স্পন্দন হৈ থকা হৃদযন্ত্ৰত বাইপাছ অস্ত্ৰোপচাৰ সম্পন্ন কৰে। বাইপাছ অস্ত্ৰোপচাৰ সম্পন্ন কৰে।

বাইপাছ হৈ যোৱাৰ পিছত ষ্টেবিলাইজাৰ সৰঞ্জামটি বিচ্ছিন্ন কৰা হয় আৰু হৃদযন্ত্ৰৰ স্পন্দন মন্থৰ কৰা অংশটোৱে তেতিয়া স্বাভাৱিকভাৱে স্পন্দন কৰিবলৈ ধৰে।

‘বিটিং হাৰ্ট টেকনিক’ ব্যৱহাৰত বৃহৎ পৰিমণত সা-সুবিধা লাভ হয়। সেইবিলাকৰ ভিতৰত দ্ৰুতগতিত আৰোগ্য লাভ আৰু বিপদৰ আশংকা কম ইত্যাদি অন্যতম।

অৱশ্যে ‘হাৰ্ট লাং মেচিন’ হৃদযন্ত্ৰৰ সকলো বাইপাছ অস্ত্ৰোপচাৰৰ সময়ত বিকল্প উপায় হিচাপে সাজু কৰি ৰখা হয়।

আনকি ‘বিটিং হাৰ্ট প্ৰযুক্তি’ ব্যৱহাৰৰ সময়তো এই ব্যৱস্থা ৰখা হয়, যাতে শল্য চিকিৎসকজনে প্ৰয়োজন হ’লে পৰম্পৰাগত প্ৰযুক্তিলৈ ঘূৰি যব পাৰে।

ন্যূনতম আকাৰৰ ছিদ্ৰইদি কৰা বাইপাছ অস্ত্ৰোপচাৰ তুলনামূলকভাৱে ক্ষুদ্ৰ ছিদ্ৰৰ মাজেদি কৰা অস্ত্ৰোপচাৰ।

কিছুসংখ্যক ৰোগীয়ে এনে ধৰণৰ অস্ত্ৰোপচাৰৰ ৪৮ ঘন্টাৰ ভিতৰতে হস্পিতালৰ পৰা যাব পাৰে।

যিসকল ৰোগীৰ ধমনীৰ বাধা অন্য নলীপথ স্থাপন কৰি এনে কম পৰিসৰৰ ছিদ্ৰৰ মাজেদি বাইপাছ কৰা হয় আৰু ইয়াৰ জটিলতাৰ আশংকা কম থাকে, তেনে ৰোগীৰ ক্ষেত্ৰতহে এনে পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰা হয়।

হৃদযন্ত্ৰৰ বাইপাছ একপ্ৰকাৰৰ জটিল অস্ত্ৰোপচাৰ আৰু এই কামৰ বাবে অত্যাধুনিক আৰু শেহতীয়া প্ৰযুক্তি কৌশলৰ সা-সুবিধা থকা অস্ত্ৰোপচাৰকক্ষ আৰু অতি কুশলী বিশেষজ্ঞ হৃদ শল্যচিকিৎসকৰ প্ৰয়োজন।

এই দুয়োবিধ সুবিধা বৰ্তমান গুৱাহাটীত পাব পৰা হৈছে। হৃদযন্ত্ৰৰ বাইপাছ অস্ত্ৰোপচাৰৰ সুবিধা থকা গুৱাহাটীৰ উৎকৃষ্ঠ হস্পিতাল এখনত এই অস্ত্ৰোপচাৰৰ খৰচ, অসমৰ বাহিৰৰ অন্য মহানগৰৰ হস্পিতালত হ’ব পৰা খৰচৰ এটি অংশহে মাথোঁ।

বাইপাছ অস্ত্ৰোপচাৰৰ পিছত ১০-১৫ বছৰলৈকে অধিকাংশ ৰোগীৰ শৰীৰত কোনো ধৰণৰ জটিলতাৰ লক্ষণ দেখা পোৱা নাযায়।

অৱশ্যে এটা গুৰুত্বপূৰ্ণ কথা মনত ৰখা দৰকাৰ যে, বাইপাছ অস্ত্ৰোপচাৰে ৰোগীৰ ৰক্তবাহী নলীৰ পৰিসৰ ঠেক কৰি পেলোৱাৰ দৰে কৰ’নেৰি হৃদৰোগৰ আভ্যন্তৰীণ সমস্যা নিৰাময় নকৰে।

সেয়ে অস্ত্ৰোপচাৰৰ পিছতো কলেষ্টেৰলৰ মাত্ৰ হ্ৰাস কৰা কিছুমান ঔষধ সেৱন আৰু দীৰ্ঘদিন ধৰি জীৱনশৈলী পৰিৱৰ্তনৰ নিয়ম মানি চলাটো প্ৰয়োজন হয়।

*ধূমপানৰ অভ্যাস ত্যাগ কৰা,

*ব্যায়াম কৰা,

*খাদ্য দ্ৰব্য পৰিৱৰ্তন কৰা আদি কেইটিমান গুৰুত্বপূৰ্ণ জীৱনশৈলীজনিত বিষয়,

একোজন ব্যক্তিয়ে মানি চলিলে এটা সুস্থ হৃদযন্ত্ৰৰ অধিকাৰী হ’ব পাৰিব।

লেখক: ডাঃ বিকাশ ৰায় দাস(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top