মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বিভিন্ন ৰোগ আৰোগ্যত ৰং থেৰাপি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন ৰোগ আৰোগ্যত ৰং থেৰাপি:

 

পুৰণি কালৰে পৰা ৰং ব্যৱহাৰ কৰি ৰোগ চিকিৎসা কৰাৰ প্ৰথা প্ৰচলন হৈ আহিছে। হিন্দুসকলে বিভিন্ন ৰঙৰ প্ৰকাশ সৰ্বময় ভগৱানৰ দ্বাৰা হৈছে বুলি বিশ্বাস কৰে আৰু প্ৰাচীন ভাৰতৰ ঋষি-মুনিসকলে কৈছিল যে বগা ৰংটো সাতোটা ৰঙৰ সংমিশ্ৰণত সৃষ্টি হয়।

মানৱ-সভ্যতাৰ আদি অৱস্থাৰ পৰা মানুহক বিভিন্ন ৰং-বিৰঙে আকৰ্ষিত কৰি আহিছে। প্ৰকৃতি জগতখন ৰূপ, তস, গন্ধ আৰু ৰঙেৰৰে ভৰপূৰ। প্ৰকৃতিৰ গছ-গছনিৰ সেউজীয়া ৰঙে আমাৰ মনত আনন্দ যোগাই আহিছে। প্ৰকৃতি জগতৰ বিভিন্ন ৰঙৰ ফুলবোৰেও আমাৰ মনত অনাবিল আনন্দ দিয়ে। তাৰোপৰি হাবি-বনবোৰত থকা বিভিন্ন ৰঙৰ চৰাইবোৰ চাই আনন্দ পাওঁ।

ভাৰতবৰ্ষ ‘ক্ৰম’থেৰাপি’ৰ(Chromo) জন্মস্থান। প্ৰকৃতিৰ বিভিন্ন ৰং আৰু পোহৰে যুগে যুগে মানুহৰ মন, শৰীৰ আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আধুনিক যুগত ‘ৰং থেৰাপি’(Colour Therapy) এক চিকিৎসা হিচাপে পৰিগণিত হৈছে। গোটেই বিশ্বতে ৰং থেৰাপিৰ ওপৰত বিশেষভাৱে গৱেষণা চলি আছে। ৰং থেৰাপিৰ কোনো পাৰ্শ্বক্ৰিয়া নাথাকে।

ৰঙৰ মেজিক থেৰাপি:

 

মানুহৰ শৰীৰত হোৱা নানা ধৰণৰ ৰোগ আৰোগ্যৰ বাবে বহুতো উপকাৰী ৰঙে যোগান ধৰিব পাৰে। সেয়েহে ‘ৰং থেৰাপি’ৰ উপযুক্ত ব্যৱহাৰে ভুগি থকা বহুতো ৰোগ নিৰাময় আৰু ৰোগ দূৰ কৰাত সহায় কৰিব পাৰে। পোহৰত নিহিত থকা বিবিধ ৰং বিচ্ছুৰিত কৰিব পৰা এবিধ তিনিসিৰীয়া কাঁচ হৈছে- ‘প্ৰিজম’(Prism)।

বগা ৰঙৰ পোহৰ সৃষ্টি কৰা সাতবিধ ৰং হ’ল-

 

১)বেঙুনীয়া(Violet),

২)গাঢ় নীলা(Indigo),

৩)নীলা(Blue),

৪)সেউজীয়া(Green),

৫)হালধীয়া(Yellow),

৬)সুমথিৰা বা কমলা(Orange) আৰু

৭)ৰঙা(Red)।

প্ৰাচীন কালত মিচৰবাসীসকলে বিশ্বাস কৰিছিল যে তেওঁলোকৰ ‘থথ’(Thoth) নামৰ দেৱতাগৰাকীয়ে ৰঙৰ দ্বাৰা ৰোগ নিৰাময় কৰিছিল। প্ৰাচীন গ্ৰীকসকলেও বিভিন্ন ৰং ব্যৱহাৰ কৰি বহুতো ৰোগৰ চিকিৎসা কৰিছিল। তেওঁলোকৰ দৃঢ় বিশ্বাস আছিল যে মানৱ শৰীৰ বিভিন্ন ৰঙৰ তৰল দ্ৰব্যৰ(Fluids) সমষ্টি। যেনে- বাইল(হালধীয়া, তেজ- ফ্লেগাম(Phlegm) বগা ইত্যাদি। তেওঁলোকে ভাবিছিল যে এইবিলাকে প্লীহাৰ(Spleen)ৰ লগতে হৃদযন্ত্ৰ, যকৃত(Liver) আৰু মগজুৰ(Brain) লগত সংলগ্ন হৈ শৰীৰটো স্বাস্থ্যবানক কৰি তোলে।

এগৰাকী মানুহ কোনো ধৰণৰ ৰোগত ভুগিলে তেওঁলোকে ৰঙীণ আ-অলংকাৰ আৰু ৰঙচুৱা প্লাষ্টাৰ আদি ব্যৱহাৰ কৰিলে ৰোগ আৰোগ্য হয় বুলি মিছৰ আৰু গ্ৰীকসকলে ভাবিছিল। খ্ৰীষ্টীয় প্ৰথম শতিকাত Aurdium Cornetious য়ে হিপোক্ৰেটিছে(Hippocrates) কৰা ঔষধৰ সূত্ৰবিলাকৰ উন্নত সাধন কৰিছিল। তেওঁ ঔষধত ৰঙচুৱা ফুল বা অন্যধৰণৰ প্ৰাকৃতিক ৰং মলমত(Ointments) ব্যৱহাৰ কৰিছিল।

আৰব দেশৰ চিকিৎসক ইবন চিনাই তেওঁৰ গ্ৰন্থ ‘কেনন অৱ মেডিচিন’ত ৰং থেৰাপিৰ যোগেদিৰোগ চিকিৎসা সুত্ৰ উদ্ভাৱন কৰিছিল আৰু তেৱেঁই প্ৰথম দেখুৱাইছিল যে ৰঙা ৰঙে মানুহৰ শৰীৰৰ তেজ বৃদ্ধি কৰে আৰু বগা ৰঙে বিষ আৰু ফুলা কমায়।

পাশ্চাত্যৰ এভিচেনা(Avicena) নামে খ্যাত- ইবন চিনাই বাইলৰ বিজুতি ঘটা লক্ষণ আৰোগ্য কৰি সুস্থতা প্ৰদান কৰাত হালধীয়া ফুল ব্যৱহাৰ কৰিছিল। মধ্যযুগত ডাঃ পেৰাচিলাচে পোহৰ আৰু ৰোগ সুস্থতা ৰক্ষা কৰাত অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰিছিল।

১৮৭৬ চনত Frenchman Augustus য়ে এখন গ্ৰন্থ প্ৰকাশ কৰিছিল। গ্ৰন্থখনৰ নাম ‘Blue and Sunlight’. য’ত তেওঁ দাবী কৰিছিল যে গ্ৰীণ হাউচবিলাকত বিকল্প নীলা আৰু চকচকীয়া গিলাচ ব্যৱহাৰ কৰি আঙুৰৰ উৎপাদন বৃদ্ধি কৰিব পাৰি। তেওঁ দাবী কৰিছিল যে নীলা পোহৰে মানুহৰ শৰীৰৰ বহুতো ৰোগ আৰোগ্য কৰাৰ উপৰিও নানা ধৰণৰ বিষৰ চিকিৎসাত সুফল পাব পাৰি।

অন্য এগৰাকী চিকিৎসক ডাঃ চেথ পেনকোষ্ট(Dr. Seth Pancoost) য়ে ‘Blue and Red Light’ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছিল। তেওঁ ৰঙা ৰঙৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰি উলিয়াইছিল যে ৰঙা ৰঙে তেজৰ উত্তেজনা বৃদ্ধি কৰাত সহায় কৰে আৰু হালধীয়া, কমলা ৰঙে নাৰ্ভৰ সবলতা বঢ়াব পাৰে। নীলা ৰঙৰ থেৰাপিয়ে ভৰি ফুলা, আঁঠু ফুলা ৰোগ আৰোগ্য কৰিব পাৰে।

আধুনিক গৱেষণাৰ পৰা এটা কথা প্ৰমাণ হয় যে আমাৰ শৰীৰৰ প্ৰত্যেক কোষে পোহৰ গ্ৰহণ কৰে আৰু বাহিৰৰ শৰীৰটোৰ ওপৰত ৰঙৰ থেৰাপি প্ৰয়োগ কৰিলে কোষবোৰ সজীৱ আৰু কৰ্মক্ষম হৈ উঠে। শৰীৰৰ বাহিৰৰ অংগ-প্ৰত্যংগত ৰঙীণ ৰশ্মি থেৰাপি প্ৰয়োগ কৰিলে আৰোগ্যৰ খৰতকীয়া সফলতা লাভ কৰিব পাৰি।

বৰ্তমান ঔষধবিলাকত বিবিধ ৰঙৰ ৰশ্মি ব্যৱহাৰ কৰা হয়। শেহতীয়াভাৱে লণ্ডনত থকা International Association of Colour Therapy সন্থাটোত বহু নতুন সদস্য ভৰ্তি হৈছে। তেওঁলোকে ৰং থেৰাপিৰ যোগেদি বেমাৰ আৰোগ্যৰ বাট মুকলি কৰিছে। ৰং থেৰাপিষ্টসকলে বিশ্বাস কৰে যে মানৱ শৰীৰত থকা হাইপ’থৰ্লামাছ অংশই পিটুইটেৰি গ্ৰন্থিক নিয়ন্ত্ৰণ কৰে আৰু হাইপ’থেলামাছক পোহৰে প্ৰভাৱান্বিত কৰে। পোহৰে পিটুইটেৰি, পিনিয়েল, থাইৰয়ড, থাইমাছ, এড্ৰিনেল আৰু পেংক্ৰিয়াটিক গ্ৰন্থিবোৰকো উজ্জীৱিত বা কৰ্মদক্ষ কৰি তোলে।

ৰং থেৰাপিয়ে মানুহৰ শৰীৰ সুস্থ ৰখাত সহায় কৰে। ৰং থেৰাপিষ্টসকলৰ মতে শৰীৰৰ প্ৰতিঅংগত নিজা কম্পন শক্তি থাকে আৰু ৰং থেৰাপিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় লগতে ৰোগ নিৰ্মূল কৰাত সহায় কৰে। আধুনিক ৰসায়ন শাস্ত্ৰই প্ৰতিষ্ঠা কৰিছে যে প্ৰতি ৰঙৰ নিজা কিছুমান গুণ বা শক্তি আছে। ৰঙে আমাৰ শৰীৰৰ বিভিন্ন অংগত প্ৰভাৱ পেলায় আৰু আমাৰ শৰীৰৰ স্নায়ুবিলাক সতেজ কৰি তোলে।

আধুনিক ঔষধত ৰঙত প্ৰয়োগ:

 

আধুনিক গৱেষণাই প্ৰমাণ কৰিছে যে ৰঙে প্ৰকৃততে আমাৰ মনক আৰু স্বাস্থ্যৰ ওপৰত যথেষ্ট ক্ৰিয়া কৰে। নীলা পোহৰে বাত ৰোগ, আৰ্থ্ৰাইটিছ আদি ভাল কৰে চিকিৎসক ডাঃ মেকডোনালডৰ মতে নীলা ৰঙে এই বেমাৰবিলাকত যথেষ্ট সকাহ দিব পাৰে। পাতল নীলা ৰঙে কেন্সাৰ আৰু বিনাইন টিউমাৰৰ চিকিৎসাতো ভাল কাম কৰে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে আমাৰ মগজু ৰঙৰ দ্বাৰা প্ৰভাৱান্বিত হয়। নীলা ৰং ব্যৱহাৰে টোপনি নহা সমস্যা সমাধান কৰাত যথেষ্ট সহায় কৰে। বেঙুনীয়া পোহৰে মানসিক অশান্তি আৰু বহুদিনীয়া বিষ নাইকিয়া কৰিব পাৰে। বৰ্তমান বিশ্বৰ বহু ঠাইত ৰং থেৰাপিৰ ওপৰত গৱেষণা চলি আছে।

ৰঙে আমাৰ দেহত কেনেকৈ ক্ৰিয়া কৰে:

 

এই প্ৰশ্নৰ উত্তৰত ক’ব পাৰি যে ৰং থেৰাপিয়ে আমাৰ শাৰীৰিক, আবেগিক, মানসিক আৰু আধ্যাত্মিক দিশত যথেষ্ট প্ৰভাৱ পেলায়ু। এজন মানুহক পেটৰ গণ্ডগোল বা পেট ফুলা আদি ৰোগে আক্ৰমণ কৰিব পাৰে। এনেধৰণৰ ৰোগৰ কাৰণে মানুহজন যদি আবেগিকভাৱে বিমৰ্ষিত হয়, তেতিয়া তেওঁ শাৰীৰিকভাৱেও দুৰ্বল হ’ব পাৰে। লগতে শাৰীৰিক দিশতো অৱনতি ঘটিব আৰু ইয়াৰ ফলত মানুহজনৰ ভোক-পিয়াহ নাইকিয়া হ’ব তথা অজীৰ্ণ আদি ৰোগতো ভুগিব। আবেগিক আৰু মানসিক চিকিৎসাৰো প্ৰয়োজন হ’ব পাৰে। এই তিনিটা দিশত মানুহৰ কেনে প্ৰতিক্ৰিয়া হয়, চাওচোন বাৰু।

শাৰীৰিক দিশত:

 

  • সেউজীয়া আৰু পাতল নীলা ৰঙে ৰোগীক আৰাম প্ৰদান কৰে।
  • কমলা ৰঙে পুনৰ শক্তি প্ৰদান কৰে।
  • ৰঙা ৰঙে মনটো সজীৱ কৰি তোলে।

আবেগিক দিশত:

 

  • আকাশী নীলা ৰঙে- বিশ্বাস আৰু বিশ্ৰাম প্ৰদান কৰে।
  • নৰা বগৰী ৰঙে মনত উৎসাহ যোগায়।
  • কমলা ৰঙে মনত আনন্দ প্ৰদান কৰে।

মানসিক দিশত:

 

  • বেঙুনীয়া ৰঙে আৰাম প্ৰদান কৰে।
  • সেউজীয়া ৰঙে মনত শান্তি প্ৰদান কৰে।

আধ্যাত্মিক দিশত:

  • নীলা- আৰামদায়ক।
  • সোণবৰণীয়া ৰঙে নতুন শক্তি বঢ়ায়।
  • বেঙুনীয়া ৰঙে মন উৎফুল্লিত কৰে।

উৎস: জিএনআৰচি স্বাস্থ্য(ডাঃ উপেন দত্ত)

3.26315789474
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top