মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বিভিন্ন ৰোগৰ বাবে বিশেষ আহাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন ৰোগৰ বাবে বিশেষ আহাৰ

বিভিন্ন ৰোগৰ বাবে বিশেষ আহাৰ

মানুহৰ শৰীৰত ৰোগ-ব্যাধিয়ে আক্ৰমণ কৰাৰ বিভিন্ন কাৰণ আছে। এই বিলাকৰ ভিতৰত পুষ্টিহীনতাও অন্যতম। পুষ্টিহীনতাত ভোগা লোকৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় আৰু তাৰ ফলত বিভিন্ন সংক্ৰামক ৰোগে তেনে লোকক সহজতে আক্ৰমণ কৰে। পৰ্যাপ্ত মাত্ৰাত পুষ্টিকাৰক খাদ্য নাখালে মানুহ এজন দুৰ্বল, ক্ষীণ আৰু ভাগৰুৱা হৈ পৰে।

খাদ্যত কিছুমান বিশেষ ধৰণৰ পুষ্টিৰ অভাৱ থাকিলে শৰীৰত কিছুমান বিসংতিয়ে দেখা দিয়াটো নিশ্চিত। কিছুমান বিশেষ শ্ৰেণীৰ ভিটামিনৰ অভাৱ ঘটিলে শৰীৰৰ কিছুমান অংগৰ কাৰ্যক্ষমতা হ্ৰাস পায় আৰু সেই বিশেষ অংগটোৰ বিসংগতিয়ে দেখা দিয়ে। যেনে ভিটামিন ‘এ’ৰ অভাৱ ঘটিলে চকুৰ দৃষ্টি শক্তি দুৰ্বল হয় বা কম পোহৰত নেদেখা হয় অথবা একেবাৰে অন্ধও হৈ পৰিব পাৰে। তেনেদৰে ভিটামিন ‘বি’ গ্ৰুপৰ নিয়াচিন নামৰ উপাদান বিধৰ অভাৱ ঘটিলে ছালৰ খজুৱতি হোৱা বা ৰঙা পৰা আদি বিসংগতিয়ে দেখা দিব পাৰে। খাদ্যত পুষ্টিৰ অভাৱ জনিত ৰোগৰ তালিকাখন নিঃসন্দেহে দীঘলীয়া। আমাৰ দেশত মূলতঃ আৰ্থিক স্বচ্ছলতাৰ অভাৱেই যদিও পুষ্টিহীনতাৰ মূল কাৰণ, তথাপি খাদ্য সম্পৰ্কে কিছু সাধাৰণ জ্ঞান, সস্তা হ’লেও পুষ্টিকৰ খাদ্য নিৰ্বাচনৰ কৌশল আৰু সাধাৰণ ভাৱে সংগ্ৰহ কৰা খাদ্য দ্ৰব্যৰ ৰন্ধন প্ৰণালীৰ যোগেদি আমি সঁচৰাচৰ খোৱা খাদ্যৰ পৰাই যথেষ্ট পৰিমাণে পুষ্টি আহৰণ কৰি ল’ব পাৰো।

শৰীৰৰ বিসংগতি যদি কিবা এক প্ৰকাৰৰ পুষ্টিৰ অভাৱৰ কাৰণে হৈছে বুলি নিশ্চিত হোৱা যায়, তেনেহ’লে খাদ্যৰ গুণগত মান নিসন্দেহে সলনি কৰি অভাৱ হোৱা পুষ্টি উপাদান খিনি পূৰাব লাগিবই। যদি ৰোগটো কোনো এবিধ পুষ্টি উপাদানৰ অভাৱত হোৱা নাই, শৰীৰৰ কোনো এটা অংগৰ বিসংগতিৰ কাৰণেহে হৈছে তেনে অৱস্থাতো দৈনন্দিন খাদ্য তালিকাত কিছু সাল-সলনি কৰিলে ৰোগ উপশম হ্য’ব পাৰে বা ৰোগটো নিয়ন্ত্ৰণ হ’ব পাৰে। ডায়েবেটিচ তেনে এবিধ ৰোগ। পেটৰ ভিতৰৰ ঘা (Ulcer), ডায়েৰিয়া, মেদবহুলতা, বাৰ্ধক্য জনিত দুৰ্বলতা আদি কিছুমান ৰোগত খাদ্যভাস পৰিৱৰ্তন কৰি বহু খিনি উপকাৰ পাব পাৰি।

মধুমেহ বা ডায়েবেটিচ

শৰীৰৰ খাদ্যৰ কাৰ্বোহাইড্ৰেট বা শ্বেতসাৰৰ পৰা শৰ্কৰা (গ্লকোজ) প্ৰস্ত্তত কৰণ আৰু তাৰ ব্যৱহাৰ প্ৰতিক্ৰিয়াৰ বিসংগতিৰ ফলতে ডায়েবেটিচ ৰোগ হয়। এই গ্লুকোজ বা শৰ্কৰাক গ্লাইকোজেন নামৰ আন এবিধ যৌগলৈ ৰুপান্তৰিত কৰিবৰ কাৰণে শৰীৰৰ পেংক্ৰিয়াচ বা অগ্নাশয় গ্ৰন্থিৰ পৰা নিঃসৃত হোৱা ইনচুলিন নামৰ এবিধ ৰাসায়নিক হৰমোহনৰ প্ৰয়োজন হয়। যদি কিবা কাৰণত শৰীৰত পৰ্যযপ্ত মাত্ৰাত ইনচুলিন নিঃসৃত নহয়, তেজৰ লগত গ্লুক’জ বিলাক মিহলি হৈ পৰে আৰু পিছলৈ এই গ্লুক’জ প্ৰস্ৰাৱলৈ গুচি যায়। এই অৱস্থাটোৱীই মধুমেহ (মিঠা প্ৰস্ৰাৱ) বা ডায়েবেটিচ বুলি কোৱা হয়। তেজত গ্লুক’জৰ মাত্ৰা বেছিকৈ বাঢ়ি গ’লে ৰোগী অচেতন হৈ পৰিব পাৰে। মধুমেহ ৰোগীৰ শৰীৰে সঠিক ভাৱে চৰ্বিও ব্যৱহাৰ কৰিব নোৱাৰা হয়।

  • মধুমেহ ৰোগী জনে নিজৰ খাদ্য ভাসৰ কিছু সাল-সলনি কৰি লগতে বেজিৰে ইনচুলিন লৈ অথবা ঔষধ খাই, ইনচুলিন নিঃসৰণ বৃদ্ধি কৰাই বা শৰীৰৰ মাংসপেশী বিলাক গ্লুক’জ ব্যৱহাৰ কৰাত সহায় কৰাৰ ব্যৱস্থা কৰিলেকিছু সুস্থ আৰু স্বাভাৱিক জীৱন যাপন কৰিব পাৰে। ইনচুলিন লৈ বা খাদ্যাভ্যাস সলনি কৰি, ৰোগ নিয়ন্ত্ৰণৰ পৰামৰ্শ দিয়া হয়। কিন্ত কম পৰিমাণে হ’লেও ইনচুলিন নিঃসৃত হোৱা ৰোগীয়ে কঠোৰ ভাৱে খাদ্য নিয়ন্ত্ৰণ কৰিবই লাগিব।
  • মধুমেহ ৰোগীয়ে চেনি বা গুৰ জাতীয় মিঠা দ্ৰব্য একেবাৰে নিখিৱাই ভাল। চাহ, কফি আদিত কৃত্ৰিম মিঠা দ্ৰব্য ব্যৱহাৰ কৰিব পাৰে।
  • খাদ্য শস্যত থকা কাৰ্বোহাইড্ৰেট বা শ্বেতসাৰ খোৱাৰ ক্ষেত্ৰতো নিয়ন্ত্ৰণ ৰাখিবই লাগে। লগে লগে খাদ্যত প্ৰ’টিন, বিশেষকৈদাইল বা মাহ জাতীয় খাদ্যৰ পৰিমাণ বঢ়াব লাগে। কাৰ্বিহাইড্ৰেট আৰু প্ৰ’টিনৰ অনুপাত স্বাভাৱিক অৱস্থাৰ ৫:১ৰ পৰা মধুমেহ ৰোগীয়ে ৩:১ লৈ হ্ৰাস কৰিবই লাগে। মধুমেহ ৰোগীয়ে দিনটোত পাঁচ-ছবাৰত ভগাই খাব লাগে।
  • কাৰ্বোহাইড্ৰেট (শ্বেতসাৰ) বেছিকৈ থকা দানা শস্যৰ (চাউল, আটা আদি) পৰিমাণ কমাই যিমান পাৰে প্ৰোটিন জাতীয় খাদ্য বেছিকৈ খাব লাগে। মাংস, মাছ, কণী আদিত বেছি ভাগ প্ৰোটিনেই থাকে, কাৰ্বোহাইড্ৰেট প্ৰায় নাথাকেই। সেয়ে তেনে খাদ্য মধুমেহ ৰোগীয়ে পৰিমিত মাত্ৰাত খাব পাৰে। বাদাম, কাজু, চীনা বাদাম, কাশ্মীৰি বাদাম, নাৰিকল, গাখীৰ, (সৰতোলা), দৈ, পনীৰ, সেউজীয়া শাক, চজিনা, ফুলকবি, বন্ধাকবি, বিলাহী আদি পাচলিও মধুমেহ ৰোগীয়ে খাব পাৰে। এনে বিলাক পাচলিত কাৰ্বোহাইড্ৰেট প্ৰায় নাথাকে। কাৰ্বোহাইড্ৰেট যুক্ত পাচলি যেনে আলু, মিঠা আলু, কাঠ আলু, শিমলু আলু, কচু, কাচকল আদিও মধুমেহ ৰোগীয়ে খোব কম পৰিমণেহে খোৱা উচিত। তেনেদৰে মিঠা ৰসাল ফল, বিশেষকৈ কল, অন্য মিঠা শুকান ফল, বীট, মূলা, পিঁয়াজ আদিও মধুমেহ ৰোগীয়ে সীমিত পৰিমাণতহে খাব লাগে। মধুমেহ ৰোগীয়ে খাব পৰা ফলৰ ভিতৰত আছে তৰমুজ, অমিতা, ডালিম, মধুৰীআম আদি। সুমথিৰা আৰু মৌচম্বী আদিৰ ৰসো খাব পাৰে, তাকো চেনি নিদিয়াকৈ।
  • মধুমেহ ৰোগীয়ে সাধাৰণতে উচ্চ ৰক্ত চাপত ভোগে, মেদবহুলতা আৰু হৃদৰোগো মধুমেহৰ লগৰীয়া। যিহেতু মধুমেহ ৰোগীয়ে একে সীমিত পৰিমাণতহে চৰ্বি বা তেল খাব পাৰে সেয়ে চৰ্বিৰ মাত্ৰা কম কৰা উচিত। তাৰ সলনি জুলীয়া খোৱা তেল খাব, ঘিউ, বনস্পতি আৰু মাখন, ক্ৰীম আদি একেবাৰে নোখোৱাই ভাল। এনেধৰণৰ খাদ্যত প্ৰচুৰ পৰিমাণে কলেষ্ট্ৰৰেল থাকে, সেয়ে ৰোগীৰ ৰক্ত বহন কাৰী ধমনী বিলাকত চৰ্বি জমা হৈ সেই বিলাক ক্ৰমে কঠিন হৈ পৰিব পাৰে। প্ৰোটিনৰ বাবে মাংস আৰু কণী বাদ দি তাৰ সলনি চৰ্বি নথকা স্থানীয় মুৰ্গী আৰু তেল নথকা মাছ খোৱাই ভাল। যদি মধুমেহ ৰোগীৰ উচ্চ ৰক্তচাপ আছে তেনেহ’লে খাদ্যত নিমখৰ মাত্ৰা কমাই দিয়ক। কেঁচা নিমখ কাঁহীত লোৱাৰ অভ্যাস একেবাৰে ত্যাগ কৰক।

পেট আৰু ডিওডেনামৰ ঘা

কিছুমান মানুহৰ পেটত অত্যাধিক মাত্ৰাত স্বাভাৱিক ভাৱেই হাইড্ৰক্লৰিক এচিদ উৎপন্ন হয়। ইয়াৰ কোনো বিশেষ কাৰণ নাথাকে। আন কিছুমান লোকৰ ক্ষেত্ৰত আকৌ মানসিক চাপ, অশান্তি, দুশ্চিন্তা, উদ্বেগ, ধূমপান আৰু মদ্যপান, চাহ আৰু কফি আৰু অত্যাধিক মছলা দিয়া খাদ্য খোৱাৰ ফলত পেটত হাইড্ৰ্ক্লৰিক এচিডৰ পৰিমাণ বাঢ়ে। সেই এচিডে কেতিয়াবা পেটৰ ভিতৰৰ বেৰৰ পাতল আৱৰণ খন ক্ষয় নিয়াব পাৰে। সেই কাৰণে বহুতো লোকৰ পেট জ্বলা-পোৰা কৰে।

  • খাদ্য আৰু অন্যান্য আনুষংগিক অপকাৰী কাৰকবোৰ ত্যাগ কৰি এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। বিশেষকৈ ধূমপান, মদ্যপান, চাহ, কফি আৰু বেছি মছলা দিয়া খাদ্য নিশ্চিত ভাৱে ত্যাগ কৰিবই লাগিব। আহাৰ খাওঁতে ভালদৰে চোবাই খাওক, লাহে-ধীৰে খাওক। তেনে কৰিলে এচিডৰ নিঃসৰণ কমি যাব।
  • বেছিকৈ ভজা খাদ্য, কঠিন খাদ্য, বুট, মটৰ, বাদাম, মধুৰিআম আদি দেৰিকৈ হজম হোৱা খাদ্য নাখাব।
  • গাখীৰ, ক্ৰীম আৰু কণী আদি নিঃসন্দেহে খাব লগা দৰকাৰী খাদ্য। এচিডিটিৰ দোষ থকা লোকে সৰ নোতোলা গাখীৰ অলপকৈ দিনটোত কেইবাবাৰো সঘনাই খোৱা উচিত যাতে পেটটো খালী হৈ নাথাকে আৰু গাখীৰত থকা চৰ্বিয়ে তৎক্ষণাত এচিডৰ ক্ষতিকাৰক প্ৰভাৱক বাধা দিব পাৰে। অৱশ্যে ৰোগী যদি বেছি শকত হয় বা মধুমেহ ৰোগত ভুগি আছে তেনেহ’লে বেছিকৈ সৰ থকা গাখীৰ খালে অপকাৰহে হ’ব পাৰে। সৰ তোলা গাখীৰে অৱশ্যে এনে ৰোগীৰ এচিডিটিৰ আমনি শান্ত কৰিব নোৱাৰে। বাদাম, নাৰিকলৰ গাখীৰ, চয়াবিন আদি খালেও এনে ৰোগীৰ শন্ত্ৰণা উপশম হয়। সিজোৱা বাদাম খাই উঠি সৰ তোলা গাখীৰ খালেও উপকাৰ পাব।
  • এচিডিটিত ভোগা বা পেটত ঘা থকা ৰোগীৰ কাৰণে জাম আৰি জেলী উপকাৰী। জাম আৰু জেলিত পেকটিন নামৰ এবিধ বিশেষ ধৰণৰ শ্বেতসাৰ থাকে। এইবিধ যৌগই পনীয়া বস্ত্ত শুহি ল’ব পাৰে বাবে পেটৰ হাহাইড্ৰ’ক্লৰিক এচিডো শুহি লয়।
  • এই ৰোগত ভোগা ৰোগীয়ে ৰুটি বা ব্ৰেড আদিও খাব পাৰে। কল আৰু চিকুৰ (চাপোটা) দৰে ফল আৰু সিজোৱা পাচলি, সেউজীয়া শাক আৰু কোমলকৈ ৰন্ধা মাংস আৰু মাছো খাব পাৰে।
  • পেটত বেছি তীব্ৰ ধৰণৰ ঘা (আলচাৰ) থকা ৰোগীয়ে গাখীৰৰ দৰে পনীয়া খাদ্য, ক্ৰীম আৰু কণীও খাব লগীয়া হ’ব পাৰে। কাৰণ অন্য গোটা আহাৰ তেনে ৰোগীয়ে খাব নোৱাৰা অৱস্থাও হ’ব পাৰে।
  • মাজে-সময়ে হোৱা পেটৰ পোৰণিৰ পৰা উপশম পাবলৈও টেবলেট বা ডাঠ জুলীয়া এণ্টাচিড – এলুমিনিয়াম বা মেগনেচিয়াম হাইড্ৰ’ক্সাইড আদিও খাব পাৰে। এনে বিলাক ঔষধ আহাৰ খোৱাৰ আগতে নাখাব। আহাৰ খোৱাৰ এঘণ্টাৰ পিছত যেতিয়া এচিডিটিৰ প্ৰকোপ বেছি হ’ব, তেতিয়াহে খাব লাগে।

ডায়েৰিয়া বা হাগনি

আহাৰ বা পানীৰ যোগেদি শৰীৰত প্ৰৱেশ কৰা জীৱাণুৰ সংক্ৰমণৰ ফলত সঘনাই পাতল পনীয়া পায়খানা হ’ব পাৰে। এই সংক্ৰমণৰ ফলত সঘনাই পাতল পনীয়া পায়খানা হ’ব পাৰে। এই সংক্ৰমণ বেক্টেৰিয়া, বেচিলি, হাকোটা পেলু, ফিটা পেলু আদি ভালেমান কাৰণত হ’ব পাৰে। কেতিয়াবা মানসিক বা আৱেগিক উদ্বেগ বা মানসিক হেঁচা আদিৰ কাৰণেও এই ৰোগত হোৱা দেখা যায়।

  • যদি বীজাণু সংক্ৰমণ জনিত কাৰনত এই ৰোগ হৈছে তেনেহ’লে ৰোগ পৰীক্ষা কৰি কাৰণটো চিনাক্ত কৰি সেইমতে চিকিৎসা ল’ব লাগে।
  • ডায়েৰিয়া হ’লে যিহেতু ক্ষুদ্ৰান্ত্ৰৰ পৰা পোষক তত্ত্ব শোষণ কৰা প্ৰক্ৰিয়া একেবাৰে দুৰ্বল হৈ পৰে, কাৰণ পাচনৰ বাবে তালৈ অহা খাদ্য লগে লগেই বাহিৰলৈ ওলাই যায়। পনীয়া শৌচ সঘনাই হোৱাৰ ফলত শৰীৰৰ পৰা বহু পৰিমাণৰ জলীয় দ্ৰব্য ওলাই যায়।
  • ডায়েৰিয়া ৰোগীক বেছি আঁহযুক্ত খাদ্য দিব নালাগে। ৰোগীক বেছি মাত্ৰাত পনীয়া আহাৰ খাবলৈ দিব লাগে। যি বিলাক মছলাই ৰোগীৰ পাচন তন্ত্ৰত পোৰণিৰ সৃষ্টি কৰিব পাৰে তেনে মছলা আদি ৰোগীৰ খাদ্যত দিব নালাগে।
  • কম আঁহযুক্ত খাদ্যৰ ভিতৰত আছে গাখীৰ, দৈ, ঘোল, কণী, মাছ, চৰ্বি আৰু তেল, চেনি আৰু গুড়, চাগু আৰু মৌ। ৰোগীয়ে খাব পৰা অন্যান্য খাদ্য বিলাক হ’ল- ভাত, কোমল ৰুটি, দাইল, শাক, কোমোৰা, লাউ, তিয়ঁহ, কাল, আপেল আৰু অমিতা। ডায়েৰিয়া ৰোগৰ তীব্ৰতালৈ লক্ষ্য কৰি এনে ৱিলাক খাদ্য পনীয়া বা আধা পনীয়া কৰি দিব লাগে। গাখীৰ, দৈ, দৈৰ ঘোল, চুপ বা ৰসৰুপে দিব লাগে। এনে বিলাক খাদ্যই ৰোগীৰ হজমত সহায় কৰাৰ লগতে ৰোগীৰ শৰীৰৰ পৰা ওলাই যোৱা জলীয় তত্ত্ব পূৰণ কৰাতো সহায় কৰে।
  • ডায়েৰিয়াৰ ৰোগীক একেলগে বেছিকৈ খাবলৈ দিয়াতকৈ কম কমকৈ সঘনাই খাবলৈ দিব লাগে।
  • যথেষ্ট পৰিমাণে পৰিমাণে পৰিষ্কাৰ উতলাই ঠাণ্ডা কৰি লোৱা পানী খাবলৈ দিব লাগে।
  • ৰোগীৰ আহাৰত জলকীয়া, জালুক, মিঠাতেল, আদা দিব নালাগে। গজালি মেলা জিৰা গুটিৰ গুৰি সামান্য পৰিমাণে দিব পাৰে। লৌহ পদাৰ্থ বেছিকৈ থকা খাদ্য (আহঁযুক্ত নোহোৱা) ডায়েৰিয়া ৰোগীৰ কাৰণে ভাল। ডালিন ফলৰ বাকলি শুকুৱাই বা শুকানকৈ ভাজি গুৰি কৰি ৰোগীৰ আহাৰ বা পানীত মিহলাই দিব পাৰে। এই মিশ্ৰণে শৰীৰে বেছিকৈ পানী শুহি লোৱাত সহায় কৰাৰ লগতে পায়খানাও কঠিন কৰে।

মেদবহুলতা বা ওজন বৃদ্ধি

কাৰ কিমান ওজন হ’লে বেছি ওজন বুলি কোৱা হ’ব? এই কথা নিৰ্ণয় কৰাটো বৰ সহজ নহয়। একে বয়সৰ বেছি উচ্চতাৰ লোক এজনৰ শৰীৰৰ স্বাভাৱিক ওজনৰ সমান যদি চাপৰ মানুহ এজনৰ শৰীৰৰ ওজন হয়, তেনেহ’লে চাপৰ লোক জনক মেদবহুল বা বেছি ওজনৰ বুলি ক’ব পৰা যায়। সেয়ে উচ্চতা অনুপাতে স্বাভাৱিক ওজনৰ এখন আদৰ্শ তালিকা তলত দিয়া হৈছে। এজন মধ্যমীয়া জোখৰ মানুহৰ উচ্চতা ১৬৮ ছেণ্টি মিটাৰ। তালিকা খনৰ মতে তেওঁৰ স্বাভাৱিক আদৰ্শ ওজন হ’ব লাগে ৬০ ৰ পৰা ৬৩ কেজিৰ ভিতৰত। কিন্ত তেওঁৰ ওজন যদি এই ওজনতকৈ ১২ কেজি বেছি হয় অৰ্থাৎ ৭২ ৰ পৰা ৭৫ কেজি যদি হয়গৈ, তেনেহ’লে তেওঁক মেদবহুল বুলি ক’ব লাগিব। তেনেদৰে মহিলা সকলক তেওঁ লোকৰ উচ্চতা অনুসৰি থাকিব লগীয়া আদৰ্শ ওজনতকৈ ২০ কেজি বেছি থাকিলে মেদবহুল বা অধিক ওজনৰ বুলি ক’ব লাগিব।

ভাৰতীয় মানুহৰ উচ্চতা অনুপাতে থাকিব লগীয়া স্বাভাৱিক আদৰ্শ ওজন

পুৰুষ বয়স

 

২০

৩৫

৫০

উচ্চতা ছেণ্টি মিটাৰ

 

ওজন কেজি

 

১৪৮

৪২.৭

৪৭.৬

৫০.৯

১৫৩

৪৫.৪

৫০.৪

৫৩.৫

১৫৮

৪৮.৬

৫৩.৫

৫৬.৩

১৬৩

৫১.১

৫৬.৩

৫৯.৪

১৬৮

৫৪.০

৬০.১

৬৩.৭

১৭৩

৫৮.১

৬৪.০

৬৮.৩

১৭৮

৬১.৯

৬৮.৫

৭২.৪

১৮৩

৬৬.০

৭৩.৩

৭৭.৮

মহিলা বয়স

 

২০

৩৫

৫০

উচ্চতা ছেণ্টি মিটাৰ

 

ওজন কেজি

 

১৪৮

৩৮.৬

৪৪.০

৪৭.১

১৫০

৪০.৩

৪৪.৮

৪৭.৭

১৫৩

৪১.৯

৪৬.৬

৪৯.৫

১৫৫

৪২.৮

৪৭.৭

৫০.১

১৫৮

৪৪.৯

৪৯.৫

৫২.১

১৬০

৪৬.০

৫০.৬

৫৩.০

১৬৩

৪৭.৩

৫২.১

৫৪.৯

১৬৫

৪৯.১

৫৪.১

৫৭.৩

১৬৮

৫০.০

৫৫.৬

৫৯.০

 

  • যেতিয়া মানুহে শাৰিৰিক শ্ৰমৰ বাবে ব্যয় হ’ব লগীয়া শক্তিতকৈ বেছি পৰিমাণৰ কেলৰি খাদ্যৰ যোগেদি গ্ৰহণ কৰে তেতিয়াই মানুহ জন মেদবহুল হয়। অৱশ্যে এই ক্ষেত্ৰত বংশগত কাৰণ, হৰমোন গ্ৰন্থিৰ বিসংগতি আদি অন্যান্য ভালেমান কাৰণো থাকে। শকত পিতৃ-মাতৃৰ সন্তানো শকত হয়। ৰঙীয়াল ব্যক্তি সকলে প্ৰায়ে শকত হোৱা দেখা যায়। বহু লোকে তেওঁ লোকৰ খাদ্য নিয়ন্ত্ৰণৰ যোগেদি নিজৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰে। পুষ্টিকাৰক খাদ্যৰ প্ৰাচুৰ্যও মেদবহুলতাৰ অন্যতম কাৰণ।
  • খাদ্য নিয়ন্ত্ৰণৰ যোগেদি ওজন হ্ৰাস কৰাৰ বাবে খৰ খেদা কৰা উচিত নহয়। খাদ্য নিয়ন্ত্ৰণৰ যোগেদি মাহত ২ বা ৩ কেজি ওজন কমালেই যথেষ্ট। এই হিচাপত প্ৰতিদিনে খাদ্যৰ পৰা ৫০০ কেলৰিকৈ কমাব লাগিব।
  • এই পৰিমাণৰ কেলৰি কমাবলৈ হ’লে খাদ্যত চৰ্বি বা চেনিৰ পৰিমাণ কমাব লাগিব। তেনেদৰে খাদ্যৰ প্ৰ’টিন কমাবলৈ কম তেল থকা মাছ, মুৰ্গী আৰু সৰ তোলা গাখীৰ খাব লাগিব। কিছুমান পাচলিয়ে খাদ্যত সোৱাদ বঢ়োৱাৰ লগতে পেটো ভৰায় কিন্ত কেলৰি নাথাকে, ভিটামিন আৰু মিনাৰেলৰ পৰিমাণো কম। এনে ধৰণৰ পাচলি শুকানকৈ সেকি বা সিদ্ধ কৰি খাব পাৰে। কিন্ত তেলত ভাজি নাখাব।
  • এঘণ্টা খোজ কাঢ়োতে প্ৰয়োজন হোৱা কেলৰি এটা কল খালে পোৱা যায়। সাধাৰণ ব্যায়ামৰ যোগেদি বেছি কেলৰি ব্যয় নহয়। সেয়ে শকত হ’ব ধৰা বা শকত লোকে পৰাপক্ষত কল নোখোৱাই ভাল। ডায়েটিং কৰি ক্ষীণাব খোজা লোক সকলে প্ৰায়ে ওজন কমাব নোৱাৰে, কাৰণ যিবিলাক পেশী ডায়েটিংৰ কাৰণে শীৰ্ণ হ’ব লাগিছিল, সেই বিলাক পানীৰে পূৰ্ণ হৈ পৰে। সেয়ে ওজন কমাবলৈ কিছু ধৈৰ্যৰ প্ৰয়োজন।

জ্বৰ হ’লে আৰু জ্বৰৰ পিছত কি খাব?

জ্বৰ হ’লে যিহেতু বিছনাত পৰিহে থাকিব লগীয়া হয় সেয়ে সেই কেইদিনত কম কেলৰি ব্যয় হয়। কিন্ত জ্বৰৰ ফলত নিশকতীয়া হৈ পৰা পেশী পুনৰ সবল কৰি তুলিবলৈ যথেষ্ট পৰিমাণে প্ৰ’টিনৰ আৱশ্যক হয়। সেয়ে জ্বৰ হোৱা অৱস্থাত উচ্চ মাত্ৰাৰ প্ৰ’টিন কিন্ত কম মাত্ৰৰ কেলৰি থকা খাদ্যৰ দৰকাৰ হয়। প্ৰ’টিন পৰিমাণ প্ৰতিদিনে ৬০ গ্ৰাম আৰু কেলৰি সৰ্বাধিক ১,৮০০ হোৱা দৰকাৰ।

  • প্ৰোটিনৰ গাঢ়তা থকা খাদ্য মাছ, মাংস, কণী, দৈ, সৰতোলা গাখীৰ বা দৈৰ ঘোল, গুৰি গাখীৰ, চিজ আৰু দাইল আদি খাব লাগে।
  • জ্বৰ হৈ থাকিলে যিহেতু পাচন তন্ত্ৰ দুৰ্বল হৈ পৰে, সেয়ে সহজে হজম হ’ব পৰা কিণ্বন কৰা খাদ্য (ডোচা, ইড্‌লি, দৈ আদি) গজালি মেলা শস্য আদিহে খোৱা উচিত। জ্বৰ হ’লে বেছি আহঁযুক্ত আৰু বেছি তেলত ভজা খাদ্য খাব নালাগে।
  • জ্বৰৰ ৰোগীৰ কাৰণে বিভিন্ন পুষ্টি কাৰক খাদ্যৰ সংমিশ্ৰিত খাদ্যহে ভাল। একে ধৰণৰ খাদ্যই ৰোগীৰ খাদ্য গ্ৰহণৰ ৰুচি হ্ৰাস কৰিব পাৰে। ভজা খাদ্য, চৰ্বিযিক্ত খাদ্য, মিঠা খাদ্যতকৈ ভাপত সিজোৱা বা সেকা খাদ্যহে জ্বৰৰ ৰোগীক দিব লাগে। আজিকালি মাইক্ৰ’ৱেভ অ’ভেন ব্যৱহাৰ ব্যাপক ভাৱে হৈছে। যাৰ ঘৰত এনে ধৰণৰ আহিলোআ আছে, তেওঁলোকে যিকোনো কম আহঁযুক্ত খাদ্য ভাপত দি সেকি প্ৰস্ত্তত কৰি দিব পাৰে।

জ্বৰত ভোগা বা জ্বৰৰ পৰা উঠা ৰোগীয়ে যথেষত পৰিমাণে পনীয়া খাদ্য (পানী, দৈৰ পানী, ডাবৰ পানী, চাহ আদি) খোৱা উচিত। কিন্ত এনে খাদ্যত কেতিয়াও চেনি নিদিব।

বৃদ্ধ লোকৰ কাৰণে খাদ্য

বৃদ্ধ লোক সকল যিহেতু শাৰীৰিক ভাৱে বেছি সক্ৰিয় নহয়, সেয়ে তেনে লোকৰ বাবে খাদ্যও কমকৈ লাগে। ৬০ বছৰ পাৰ কৰাৰ লগে লগে কেলৰিৰ প্ৰয়োজনীয়তা প্ৰায় এক-তৃতীয়াংশলৈ নমাই আনিব লাগে। অৰ্থাৎ পূৰ্বতে যদি ২,৪০০ কেলৰি খাদ্যৰ প্ৰয়োজন হৈছিল। এতিয়া সেই পৰিমাণ ৮০০ ৰ পৰা ১,০০ ৰ ভিতৰত ৰখা ভাল। কিন্ত বয়স বাঢ়িলে বুলিয়েই খাদ্যৰ অভ্যাস ঘপহকৰে সলনি কৰিব নোৱাৰি কিন্ত খাদ্যৰ পৰিমাণ কমাই আনিব পাৰি।

  • বাৰ্ধক্যত শৰীৰৰ ওজন হ্ৰাস কৰাটো দৰকাৰ। কাৰণ কম ওজনে শৰীৰৰ হাড়ৰ ওপৰত কম হেঁচা দিয়ে। সেয়ে ত’ত-ত’ত পৰি গৈ হাড় ভগাৰ আশংকাও কমে।
  • বাৰ্ধক্য আহিলে কিছুমান লোকৰ দাঁত সৰাটো স্বাভাৱিক কথা। সেয়ে বৃদ্ধ বয়সত কোমল আহাৰহে খাব লাগে। এই বয়সত পাচন তন্ত্ৰ দুৰ্বল হয় আৰু সেয়ে কোষ্ঠ বদ্ধতাই আমনি কৰে। বিশেষকৈ চৰ্বি হজম নহয়। বৃক্ক দুটাও প্ৰায়ে দুৰ্বল হৈ আহে।
  • ভাত, ৰুটি আদি যিমান পৰা যায়, সিমান কোমলকৈ প্ৰস্ত্তত কৰিব লাগে। দাইলে যদি গেছ কৰে, তেনেহ’লে বাদ দিয়াই ভাল। বেছিকৈ আহঁ থকা খাদ্য কমাই দিব লাগে বা সম্ভৱ হ’লে ভালদৰে গুৰি কৰি দিব লাগে। কণী কোমলকৈ সিজাই দিব লাগে। কোমল ফল বা ফলৰ ৰস দিব পাৰি। পাচলিও কোমলকৈ ৰান্ধিব লাগে, কিন্ত ভাজিব নালাগে। মিঠা বস্ত খাবলৈ ইচ্ছা কৰিলেও খোৱাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিব লাগে।
  • দিনটোত কম কমকৈ কেইবাবাৰো খাব লাগে। এনে কৰিলে পাচন তন্ত্ৰ সক্ৰিয় হৈ থাকে। দুপৰীয়া মূল আহাৰ খাই কিছু সময় জিৰণি ল’ব লাগে। ৰাতিৰ সাজত পৰাপক্ষত একাপ গৰম গাখীৰ আৰু সামান্য পাতলীয়া জলপান খোৱাৰ বাহিৰে অন্য একো খাবই নালাগে।

 

আমি খোৱা দানা শস্যবোৰৰ বিষয়ে জানি লওঁ আহক

শস্যৰ নাম

স্বাস্থ্যৰ বাবে উপকাৰী উপাদান

কেলৰি (প্ৰতি ১০০ গ্ৰামত)

ঘেঁহু

(দোকানৰ পৰা আটা কিনাতকৈ ঘেঁহু কিনি ভালদৰে ধুই শুকুৱাই চাকি মিলত খুন্দি আটা বনাই লওক।)

 

এণ্টি অক্সিডেণত প্ৰচুৰ মাত্ৰাত থাকে। ভিটামিন ‘ই’ আৰু ‘বি’ থাকে।

 

৩৪৬ কিলো কেলৰি

চাউল

(ঢেঁকীয়া বনা চাউল খাওক, তেনে চাউলত প্ৰচুৰ আঁহ আৰু ভিটামিন ‘বি’ কমপ্লেক্স থাকে।)

 

প্ৰচুৰ পৰিমাণে কাৰ্বোহাইড্ৰেট থাকে।

 

৩৪৫ কিলো কেলৰি

বাৰ্লি

(গৰমৰ পৰা ৰক্ষা পাবলৈ বাৰ্লি তিয়াই থোৱা পানী খাওক।)

 

প্ৰচুৰ আঁহ, বিটা গ্লুকেন আৰু চেলেনিয়াম থাকে।

 

৩৩৬ কিলো কেলৰি

মাকৈ

(কুমলীয়া মাকৈৰ লগত বিলাহী আৰু কেপচিকাম দি চালাড খাওক।)

স্মৃতি শক্তি বৃদ্ধি কৰিব পৰা থিয়ামিন যথেষ্ট পৰিমাণে থাকে।

৩৪২ কিলো কেলৰি (আটা)

১২৫ কিলো কেলৰি (কেঁচা মাকৈ)

জোৱাৰ

(ইয়াৰ গুৰি ঘেহুঁৰ আটাৰ লাগত মিহলাই ৰুটি বনাই খাওক।)

ফচফৰাচৰ এটি ভাল উৎস। হাড় আৰু দাঁত শক্তিশালী কৰি ৰখাত সহায় কৰে।

৩৪৯ কিলো কেলৰি

যৱ

(কটা ফলৰ লগত মিহলাই খাওক। আহঁৰ পৰিমাণ বৃদ্ধি পাব।)

দ্ৰৱণীয় আঁহৰ পৰিমাণ বেছি। প্ৰচুৰ এষ্টি অক্সিডেণ্ট আছে বাবে বেয়া কলেষ্ট্ৰৰেল কমায় আৰু টাইপ-২ ডায়েবেটিচৰ আশংকা কমায়।

৩৭৪ কিলো কেলৰি

 

লেখক: ডাঃ ৰুবী বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

2.97368421053
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক