অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব হাস্য দিৱস

বিশ্ব হাস্য দিৱসৰ বিষয়ে লিখা হৈছে

 

প্রতিবছৰে মে’ মাহৰ প্ৰথম দেওবাৰটোত পালন কৰা হয় ‘বিশ্ব হাস্য দিৱস’ (ৱৰ্লড লাফটাৰ ডে’)। সেই হিচাপে এইবছৰ (২০১৭ চনত) এই দিৱসটো উদযাপিত হ’ব, ৭ মে’ৰ দিনা।  ১৯৯৮ চনত ‘ৱৰ্ল্‌দ ৱাইড লাফ্‌টাৰ যোগা মুভমেণ্ট’ৰ প্রতিষ্ঠাপক ড° মদন কটাৰিয়াই “বিশ্ব হাস্য দিৱস”ৰ আৰম্ভণি কৰিছিল। বিশ্ব হাস্য দিৱস প্রথম বাৰৰ বাবে ১৯৯৮ চনৰ ১১ জানুৱাৰীত মুম্বাইত অনুষ্ঠিত হৈছিল। সকলো দিশৰ পৰা উপশম দিব পৰা বাবে হাঁহিক মানুহৰ সকলোতকৈ শক্তিশালী অনুভূতি বুলি কোৱা হয়। ইয়াত সুস্থ জীৱনৰ বাবেও সকলো উপাদান থাকে। হাঁহিয়ে সলনি কৰিব পাৰে মানুহৰ মানসিক অৱস্থা। ই কেৱল হাঁহি থকা লোকজনৰে নহয়, তেওঁৰ ওচৰে-পাজৰে থকা লোকসকলৰ মানসিক অৱস্থাকো প্ৰভাৱিত কৰিব পাৰে। উক্ত ধাৰণাবিলাকৰ ওপৰত ভিত্তি কৰিয়ে বিশ্বজুৰি ‘লাফটাৰ যোগা’ৰ পৰিচয় ঘটোৱা হৈছিল আৰু এই অগতানুগতিক থেৰাপিৰ দ্বাৰা লাভান্বিত হৈছিল অনেক লোক।

পৰৱৰ্তী সময়ত অপ্ৰত্যাশিতভাৱে সঁহাৰি লাভ কৰি ‘লাফটাৰ যোগা’ বিশ্বজুৰি জনপ্ৰিয় হৈ পৰে। ইয়াৰ ফলত বিশ্বজুৰি পাঁচখন মহাদেশত ৬০০০ ‘লাফটাৰ ক্লাব’ৰ সৃষ্টি হয়।

বিশ্ব হাস্য দিৱসে ‘লাফটাৰ থেৰাপি’ বা ‘হাস্য চিকিৎসা’ৰ জনপ্রিয়তাৰ পৰিচয় দিয়ে। বিশ্বজুৰি

সকলো লোকৰে মাজত বিশ্ব শান্তি, ভাতৃত্ব বিয়পোৱাৰ লক্ষ্যৰে বিশ্ব হাস্য দিৱস পালন কৰা হয়। এই দিৱসে সমাজখনক সোঁৱৰাই দিয়ে যে আধুনিক যুগৰ আত্মকেন্দ্ৰিক আৰু যান্ত্ৰিক জীৱনশৈলীৰ ভয়াৱহতা আতঁৰ কৰাৰ বাবে সকলোতকৈ উত্তম উৎস হৈছে হাঁহি। বিভিন্ন স্তৰৰ মানুহে সেয়েহে ‘বিশ্ব হাস্য দিৱস’ পৰম উৎসাহেৰে সামাজিক, পেচাদাৰী আৰু ব্যক্তিগত বাধাসমূহ আঁতৰ কৰি পালন কৰে। বিভিন্ন লাফটাৰ ক্লাবে বিশ্ব হাস্য দিৱসৰ দিনা সমূহীয়া হাস্য বংগৰ অনুষ্ঠান, শান্তি সমদল, ৰক্তদান শিবিৰ, উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ বিনামূলীয়া পৰীক্ষা, কৌতুক আৰু হাঁহিৰ সৈতে জড়িত বিভিন্ন প্ৰতিযোগিতা আদিৰ প্ৰয়োজন কৰি দিনটো উদযাপন কৰে।

‘লাফটাৰ যোগা’ই কি কয়

 

লাফটাৰ যোগাই কয় যে, হাঁহি হৈছে এক যোগাত্মক আৰু শক্তিশালী আবেদন। এজন ব্যক্তিক নিজৰ লগতে তেওঁৰ চৌদিশৰ পৃথিৱীখনক শান্তিপূর্ণভাৱে আৰু যোগাত্মকভাৱে সলনি কৰাৰ প্ৰয়োজনীয় সকলো উপাদান হাঁহিৰ মাজতে নিহিত থাকে।

ইতিহাস

 

১৯৯৮ চনত ‘বিশ্ব হাস্য দিৱস’ৰ পাতনি মেলে ডাঃ মদন কটাৰিয়াই। ফেচিয়েল ফিডবেক হাইপ’থেচিছ'ৰ দ্বাৰা তেওঁ অনুপ্রাণিত হৈ “লাফটাৰ যোগা” আন্দোলন আৰম্ভ কৰিছিল। ফেচিয়েল ফিডবেক হাইপ’থেচিছ'ৰ ধাৰণা অনুসৰি মানুহ এজনৰ মুখৰ অভিব্যক্তিয়ে তেওঁৰ আবেগক প্রভাৱিত কৰিব পাৰে। বিশ্ব হাস্য দিৱস উদ্‌যাপন হৈছে – বিশ্ব শান্তিৰ যোগাত্মক প্রকাশ, আৰু ইয়াৰ উদ্দেশ্য হৈছে- হাঁহিৰ জৰিয়তে ভাতৃত্ব আৰু বন্ধুত্বৰ বিশ্বজনীন সজাগতা সৃষ্টি কৰা। এই দিৱসটো সাধাৰণতে ৰাজহুৱা স্থানত হঁহাৰ উদ্দেশ্যে মানুহ একত্ৰিত হৈ পালন কৰে।

বিশ্ব হাস্য দিৱসৰ তাৎপর্য

 

ডাঃ কাটাৰিয়াৰ “লাফটাৰ যোগা’ৰ উদ্দেশ্যবিলাকৰ ভিতৰত হাঁহিৰ জৰিয়তে শান্তি বিয়পোৱাটো অন্যতম। কিছু লোকে এই ধাৰণাটো কল্পনাপ্ৰৱণ বুলি ক’ব খোজে। পিছে আবেগৰ বিজ্ঞান আৰু আবেগৰ সংক্ৰমণ কি, সেই কথা বুজি পালে, হাঁহিৰ জৰিয়তে শান্তি কেনেকৈ বিয়পে, সেই কথাও জানিব পাৰি। লাফটাৰ যোগাৰ অভ্যাসৰ ফলত শৰীৰৰ পৰা ‘মন ভাল লগা’ হৰমোন ‘এণ্ডৰফিল’ নি:সৰিত হয়। ৰক্ত প্ৰবাহত নি:সৰিত এই হৰমোন হৈছে আনন্দ, নি:স্বাৰ্থ ভালপোৱা, একতা, সহিষ্ণুতা, ক্ষমা, উদাৰতা আৰু সহানুভূতিৰ উৎস। শৰীৰত এইবিধ হৰমোনৰ উপস্থিতিয়ে হিংসা, ভয়, ঘৃণা, ঈর্ষা, উত্তেজনা আৰু যুদ্ধ তথা শোষণৰ সৈতে জড়িত অনুভূতিবোৰ সৃষ্টি হোৱাত বাধা দিব পাৰে।

একোটা দলত লাফটাৰ যোগা অনুশীলন কৰাৰ বিভিন্ন সুফল থাকে। লাফটাৰ যোগা অনুশীলনত অংশগ্রহণ কৰি ওলাই যোৱাৰ পিছত লোকসকলে নিজৰ প্রতিবেশী বা চিনাকি লোকসকলৰ সৈতে যোগাযোগ কৰে। সেই লোকসকলো লাহে লাহে “লাফটাৰ যোগা”ত অংশগ্রহণকাৰী সদস্যসকলৰ আনন্দময় তথা শক্তিশালী অনুভৱৰ দ্বাৰা প্রভাৱিত হয়। পিছত এই প্রভাৱিত লোকসকলে আন লোকক প্রভাৱিত কৰে আৰু এনেকৈ আনন্দৰ এক শৃংখলা গঢ়ি উঠে। এটা লাফটাৰ যোগা অনুশীলনত অংশগ্রহণ কৰিলে আপুনি কেৱল বন্ধু-বান্ধৱ তথা পৰিয়াললৈ এই আনন্দ বিয়পি পৰিব পাৰে। প্ৰকৃততে এনে এটা অনুশীলনৰ পিছত আপোনাৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোকেই আপোনাৰ অনুভৱৰ প্ৰভাৱত আনন্দৰ অনুভূতিৰ অভিজ্ঞতা লাভ কৰিব। পৃথিৱীৰ চুকে-কোণে সহস্রাধিক এনে লাফটাৰ ক্লাব গঢ়ি উঠাৰ ফলত চৌপাশে এক যোগাত্মক এনাৰ্জিৰ চক্ৰ গঢ়ি উঠে আৰু পৃথিৱীখনলৈ এক ভাল পৰিৱৰ্তন আনিব পাৰে। এই সন্দৰ্ভত ডাঃ মদন কাটাৰিয়াই কয়—

“আপুনি যেতিয়া হাঁহে, আপুনি সলনি হয় আৰু আপুনি যেতিয়া সলনি হয়, আপোনাৰ চৌপাশৰ পৃথিৱীখনেই সলনি হয়। বর্তমান সময়ত মানুহ যথেষ্ট মানসিক আৰু শাৰীৰিক সংগ্ৰামত অৱতীৰ্ণ হয়। হাঁহি হৈছে এক যোগাত্মক আৰু শক্তিশালী অনুভূতি, যি মানুহক নিজৰ লগতে পৃথিৱীখনকো এক যোগাত্মক দিশত পৰিৱৰ্তন কৰাত সহায় কৰে। হাঁহি হৈছে এক বিশ্বজনীন ভাষা, যাৰ মানৱতাক একত্রিত কৰাৰ সামর্থ থাকে। ই বিভিন্ন ধৰ্মৰ মাজত এজন উমৈহতীয়া সূত্র গঢ়ি তোলে আৰু এটা নতুন কক্ষপথৰ সৃষ্টি কৰে।

গঠন

 

বিশ্ব হাস্য দিৱস উদ্‌যাপনৰ সাধাৰণ নিয়ম অনুসৰি উক্ত দিনটোত লাফটাৰ ক্লাবৰ সদস্যসকলে পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে চহৰৰ কোনো এক গুৰুত্বপূর্ণ স্থান, যেনে-আহল-বহল, যান-বাহন আৰু মানুহৰ ভিৰ বিহীন চাৰিআলি বা ৰাজহুৱা উদ্যান অথবা প্রেক্ষাগৃহ আদিত লগ হৈ একেলগে হাঁহে। সেইদিনা তেওঁলোকে বিশ্বশান্তিৰ বাবে প্ৰাৰ্থনা কৰে আৰু ডাঃ কটাৰিয়াৰ বার্তা পঢ়ে।

ভাৰতত ‘বিশ্ব হাস্য দিৱস’ৰ দিনা লাফ্‌টাৰ ক্লাবৰ সদস্যসকলে ৰাজহুৱা উদ্যানসমূহত লগ হয় আৰু এক শোভাযাত্রা নাইবা শান্তি সমদল উলিয়ায়। তেওঁলোকে বিভিন্ন বেনাৰ আৰু প্লে’কাৰ্ড উলিয়ায়। যেনে—

“হাঁহিৰ জৰিয়তে বিশ্ব শান্তি|”

‘সমগ্র বিশ্ব এক বিস্তৃত পৰিয়াল’।

‘হাঁহক আৰু আনকো হাঁহুৱাওক।”

লাফটাৰ ক্লাবত যোগদান কৰক— ই বিনামূলীয়া আদি।

সমদল বাহিৰ কৰাৰ সময়ত সকলোৱে হে, হেঃ, হো, হা’ আৰু ভেৰি গুড, ভেৰী গুড, য়েহ’ আদি উচ্চাৰণ কৰে, চাপৰি বজাই নাচে। কিছুদূৰ বাট আগুৱাই যোৱাৰ পিছত তেওঁলোকে এঠাইত ৰৈ কিছু ‘লাফটাৰ যোগা’ অনুশীলন কৰে আৰু ইয়াৰ পিছত পুনৰ আগবাঢ়ি যায়। সমদলটোৰ শেষত তেওঁলোকে এখন মঞ্চত লগ হয়, য’ত লাফটাৰ লীভাৰসকলে দহ মিনিটৰ এক চমু হাঁহিৰ অনুশীলন অনুষ্ঠিত কৰে। ইয়াৰ পিছতে ডাঃ কাটাৰিয়াৰ বিশ্বশান্তিৰ বার্তা পাঠ কৰা হয়। এই কাৰ্যসূচীবিলাকৰ পিছত সংগীত, নৃত্যু আৰু হাস্য প্রতিযোগিতাৰ দৰে বিভিন্ন মনোৰঞ্জনমূলক অনুষ্ঠান অনুষ্ঠিত হয়। এই দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা প্রতিযোগিতাবিলাকৰ খিতাপ এনেধৰণৰ হ’ব পাৰে— শ্ৰেষ্ঠ হাস্য পূৰষ/মহিলা/শিশু/জ্যেষ্ঠজন আৰু বীভৎস সংগীত প্ৰতিযোগিতা আদি। বিজয়ীসকল হয়, যিজনে সকলোতকৈ বেছিকৈ হহুৱাব পাৰে, স্বাভাৱিকভাৱে আৰু কোনো জোৰ নিদিয়াকৈ বিনা কাৰণতে হাঁহিব পাৰে।

লিখক: ডা: উমেশ চন্দ্ৰ ডাকুৱা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

 

2.90909090909
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top