মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বিষ আৰু যন্ত্ৰণা এক ঐতিহাসিক অৱলোকন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিষ আৰু যন্ত্ৰণা এক ঐতিহাসিক অৱলোকন

বিষ আৰু যন্ত্ৰণা এক ঐতিহাসিক অৱলোকনৰ বিষয়ে লিখা হৈছে ।

বিষ বা যন্ত্ৰণাক সৰ্ব্বকালৰ এক অপ্ৰিয় অনুভূতি হিচাপে গণ্য কৰি আহিছে৷ বাস্তৱত শাৰীৰিক আৰু মানসিক যন্ত্ৰণাক যদিও পৃথক পৃথক ভাবে বিশ্লেষণ কৰা হয়, বৈজ্ঞানিক ধাৰণা মতে কিন্তু দুয়োটা প্ৰায় একেই অপ্ৰিয় অনুভূতি৷ এই বিষ যন্ত্ৰণা কাৰো কাম্য নহয়৷ সেয়েহে বোধহয় এৰিষ্ট’টোলে কৈছিল, “ জ্ঞানী জনৰ লক্ষ্য সুখ বা আনন্দক সুৰক্ষিত কৰা নহয় দুখ বা যন্ত্ৰনাক আঁতৰাই ৰখাটোহে“ (The aim of the wise is not to secure pleasure, but to avoid pain….. Aristotle)৷

প্ৰাচীন কালৰে পৰাই প্ৰতিজন চিন্তাবিদ, কবি, সাহিত্যিক, দাৰ্শনিক, বিজ্ঞানীৰো মাথোঁ একেটাই উদ্দেশ্য, কেনেকৈ এই বিষ যন্ত্ৰাণাৰ পৰা মানুহক মুক্ত কৰিব পাৰি৷

হোমেন বৰগোঁহাঞিদেৱে যন্ত্ৰাণাৰ বিষয়ে কোনোবা এক প্ৰবন্ধত লিখিছিল, “মানুহে দৰ্শন বিজ্ঞান সাহিত্য সংগীত ঈশ্বৰ আদি বিষয়ক লৈ যিমানেই ব্যস্ত নাথাকক কিয় তীব্ৰ শাৰীৰিক যন্ত্ৰণাৰ সময়ত তেওঁ সেই সকলো পাহৰি যাবলৈ বাধ্য হয়৷ “ এই যন্ত্ৰণাৰ উৎপত্তি দেহত কেনেকৈ হয়? ইয়াৰ নিৰাময়ৰ উপায় কি? এই দুটা মৌলিক প্ৰশ্নই অতীজৰে পৰাই দাৰ্শনিক, চিকিৎসক, আৰু গবেষক সকলক খেদি ফুৰিছে৷

দাৰ্শনিক সকলে বিষ আৰু মানসিক যন্ত্ৰণাক পৃথক পৃথক ভাবে বিশ্লেষণ নকৰি সামগ্ৰিকভাৱে মানুহৰ “কষ্ট“( Suffering) হিচাপে বিশ্লেষণ আগ বঢ়াইছে৷ জেৰেমি বেন্থাম (Jeremy Benthum) এজন ওঁঠৰ শতিকাৰ ব্ৰিটিছ দাৰ্শনিক আৰু সমাজ সংস্কাৰক আছিল৷ তেওঁক উপযোগীতাবাদৰ (Utilitarianism) পৃষ্ঠপোষক বুলিও ধৰা হয়৷

উপযোগীতাবাদ হ’ল এক নৈতিক তত্ত্ব -

(ethical theory) তেওঁৰ মতে যিটো ভাল বা সুখদায়ক সেইটোহে উপযোগী, ওলোটাকৈ যিটো উপযোগী সেইটো ভাল বা সুখদায়ক হবই লাগিব৷ যিকোনো ক্ৰিয়াৰ ফলাফল এশ শতাংশ সুখদায়ক বা পীড়াদায়ক নহয়৷

এতিয়া ফলাফলৰ সুখদায়ক খিনিৰ পৰা পীড়াদায়কখিনি বাদ যি ৰয়গৈ সেয়াই “উপযোগী“ বুলি কোৱা যায়৷ এই ধাৰণাটোকে বোধহয় পাছৰ ফালে স্বাস্থ্যৰ মানদণ্ড হিচাপে ব্যৱহাৰ হৈছিল৷ প্ৰতিবন্ধকতা ৰহিত জীৱন (Disability adjusted life years) এনেকুৱা এক মাপনী যাৰ দ্বাৰা সমাজত বেমাৰৰ বোজা জোখা হয়৷

বেমাৰৰ বিষ যন্ত্ৰাণা নোহোৱাকৈ জীয়াই থকাটোৱেই মানুহৰ কাৰ্য্যক্ষম আৰু উৎপাদনশীলতা সূচায়৷ বেন্থেমৰ এই তত্ত্বটোক বিষ বা যন্ত্ৰণাক এক নেতিবাচক ধাৰণা হিচাপে প্ৰতিষ্ঠা কৰিছিল৷ প্ৰায় একে সময়তেই ফ্ৰান্সৰ দাৰ্শনিক লেখক মাৰকুইচ্ ডি ছেদে (Marquise de sade) বিষ বা যন্ত্ৰণাক অলপ ওলোটাকৈ প্ৰতিষ্ঠা কৰে৷ তেওঁৰ মতে বিষ বা যন্ত্ৰণাৰো নৈতিকতা আছে৷

যন্ত্ৰণাই কেতিয়াবা সুখো কঢ়িয়াই আনিব পাৰে৷ মাৰকুইচ্ ডি ছেদেৰ লিখনি সমূহ আছিল উচ্ছৃঙ্খল যৌনতাৰ(Libertine sexuality) সমৰ্থনত লিখা, গতিকে ধাৰণাটো কিছুমান বিকৃত যৌনাচাৰ আৰু প্ৰতিশোধ প্ৰবণতাৰ লগত সংগতি ৰাখি কৈছিল৷

কাৰোবাক যন্ত্ৰণা দি পৰিতৃপ্তি পোৱাটো, প্ৰতিশোধ লোৱা আৰু দোষীক যন্ত্ৰণা (শাস্তি) দি ন্যায় দিয়াটো মাৰকুইচৰ দৰ্শনৰে ফলশ্ৰুতি বুলি কব পাৰি৷

আনহাতে এৰিষ্টটোল আৰু প্লেট’ৱে বিষ আৰু যন্ত্ৰণাক ইন্দ্ৰিয়ানুভুতি বুলি গণ্য নকৰি সুখ আৰু দুখক কেৱল এক আবেগ বুলিহে গণ্য কৰিছিল৷ দাৰ্শনিক ধাৰণাই কেৱল আমাক যন্ত্ৰণাৰ সৈতে সমিল মিলেৰে জীয়াই থাকিব শিক্ষা দিয়ে৷

যন্ত্ৰণাক শৰীৰৰ পৰা দূৰ কৰিবলৈ প্ৰথমে যন্ত্ৰণা বা বিষৰ উৎপত্তি সম্বন্ধে বিশদভাৱে জনাৰ দৰকাৰ তাৰ পাচত এক বৈজ্ঞানিক পদ্ধতিৰে নিৰাময়ৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন৷

বিষ আৰু যন্ত্ৰনাৰ বিষয়ে বৈজ্ঞানিক ধাৰণা বা বৈজ্ঞানিক চিন্তা চৰ্চা কিন্তু বহু আগতেই আৰম্ভ হৈ গৈছিল৷ খ্ৰীষ্টপূৰ্ব ৫০০০ বছৰ আগতে প্ৰত্মতত্ত্ব বিভাগৰ তথ্যত পোৱা যায় যে দুখ যন্ত্ৰণাৰ পৰা অব্যাহতি পাবলৈ কৃষক সকলে অপিয়ামৰ খেতি তথা সেৱন কৰিছিল৷

গ্ৰীক কবি হোমাৰে খ্ৰীষ্টপূৰ্ব ৮০০ বছৰ আগতেই ৰচনা কৰা ওডিচিত টেলিমাৰ্কাচে নিজৰ বিৰহ যন্ত্ৰণা নিবাৰণৰ বাবে অপিয়াম সেৱন কৰাৰ কথা উল্লেখ কৰিছে৷ এই বিৰহ বেদনাৰ উৎপত্তিৰ কাৰণ হ’ল তেওঁৰ পিতৃ ওডিছাচে ট্ৰজান যুদ্ধৰ পৰা উভতি নহাটো৷

খ্ৰীষ্টপূৰ্ব ৪০০ মানত চিকিৎসা বিজ্ঞানৰ পিতৃ স্বৰূপ হিপ্পোক্ৰেটচে যন্ত্ৰনা সম্বন্ধে পোন প্ৰথমবাৰৰ বাবে এক বৈজ্ঞানিক ধাৰণা আগবঢ়ায়৷ তেওঁৰ মতে দেহ ৰসত বিসংগতি বা তাৰতময ঘটাৰ ফলত বিষ উৎপন্ন হয় আৰু সেয়াই হৈছে যন্ত্ৰণাৰ কাৰণ৷

সেই সময়ত স্নায়ু কোষ দূৰৰ কথা আমাৰ সকলো অনুভূতি যে মগজুত সংসাধন হয় সেয়াও গম পোৱা নাছিল৷ লাহে লাহে মানুহৰ বিষ সম্বন্ধে ধাৰণা সলনি হয় আৰু এঘাৰ শতিকাৰ মাজ ভাগলৈ বিষ বা যন্ত্ৰণাক এক অনুভূতি বুলি গণ্য কৰা হ’ল৷

যদিওঁ হিপ্পোক্ৰেটচে বহু আগতেই বিষৰ উৎপত্তিৰ এক ধাৰণা দি থৈ গৈছিল ষোল্ল শতিকালৈ কিন্তু মানুহে বিষ যন্ত্ৰাণাক ঈশ্বৰ প্ৰদত্ত বুলি বিশ্বাস কৰিছিল৷

আৰু এই বিষ যন্ত্ৰাণাৰ উপশমৰ বাবে ঈশ্বৰৰ স্তুতি আৰধনাৰ বাদে আন উপায় নাই বুলি বিশ্বাস কৰিছিল৷ ১৬৬৪ খ্ৰীষ্টাব্দত ফ্ৰান্সৰ ৰেনেই ডেকাৰ্টজে (Rene Descartes) মতবাদ আগবঢ়ায় যে দেহটো এটা যন্ত্ৰৰ দৰে বিষ বা যন্ত্ৰণা হ’ল এক দেহৰ বিসংগতি৷

আৰু এই বিসংগতি মগজুলৈ পৰিবহণ হয়৷ ডেকাৰ্টজৰ এই ধাৰণাটোৱে অন্য নহলেও বিষ যন্ত্ৰাণাত ঈশ্বৰৰ হাত থকা বিশ্বাসক নাস্যাৎ কৰি এক বৈজ্ঞানিক ৰূপ দিয়ে৷

এইটোও প্ৰতীয়মান কৰে যে যন্ত্ৰনাৰ উদ্দীপনা শৰীৰৰ যিকোনো অংশত উৎপন্ন হয় আৰু ই কিছুমান পৰিবাহীৰে মগজুলৈ যায় আৰু তেতিয়াই বিষ বা যন্ত্ৰনা অনুভৱ হয়৷ ডেকাৰ্টজেই প্ৰথম স্নায়ু তন্ত্ৰৰ ক্ৰিয়া কালাপ সম্বন্ধে এক শুদ্ধ ধাৰণা দিয়ে৷

চাৰ্লছ বেল (Charls Bell) এজন স্কটলেণ্ডৰ শৰীৰতত্ত্ববিদ আছিল৷ তেওঁৰ গবেষণা সমূহ ছৱি আৰু লিখনিৰ সহায়ত প্ৰকাশ কৰিব পৰা অসাধাৰণ প্ৰতিভাৰ গৰাকী আছিল৷ তেওঁ ব্যৱচ্ছেদন (Dissection) কৰি পোৱা তথ্য সমূহৰ সুন্দৰকৈ ছবি আঁকিছিল আৰু লিখনিৰ সহায়েৰে প্ৰকাশ কৰিছিল৷

১৮১১ খ্ৰীষ্টাব্দত তেওঁ প্ৰকাশ কৰে যে শৰীৰত বিভিন্ন ধৰণৰ স্নায়ৱিক সংবেদন গ্ৰাহক (receptor) থাকে যাৰ সহায়ত উত্তেজনা মেৰুদণ্ডৰ মাজেৰে মগজুলৈ গতি কৰে৷ চাৰ্লছ বেলে ইয়োকো ব্যাখ্যা কৰে যে মগজুৰ কেইবাটাও অংশ আছে এই বেলেগ বেলেগ উত্তেজনাবোৰ প্ৰক্ৰিয়াকৰণ মগজুৰ বেলেগ বেলেগ অংশত হয়৷

বেলৰ গবেষণাই “যন্ত্ৰণাক“ এক বৈজ্ঞানিক মাত্ৰা প্ৰদান কৰে আৰু সমকালীন জৈব বিজ্ঞানী সকলৰ মাজত গবেষণাৰ এক বিশেষ বাতাবৰণৰ সৃষ্টি কৰে৷

সেই অনুপ্ৰেৰণাতে জোহান্স মূলাৰ (Johannes Muler) নামৰ এজন জাৰ্মান দেহতত্ত্ব বিদে (physiologist) আন এক নতুন ধাৰণা আগবঢ়ায়৷ তেওঁ মতবাদ আগবঢ়ায় যে মগজজুৱে অনুভূতি এটা কি ধৰণে গ্ৰহণ কৰে সেয়া নিৰ্ভৰ কৰে কিমান শক্তিৰে তাক উত্তেজিত কৰা হয়?

অৰ্থাৎ যদি শক্তিশালী উদ্দীপনা এটাই তীব্ৰ বিষ বা যন্ত্ৰণাৰ সৃষ্টি কৰে আনহাতে অতি সামান্য শক্তিৰ উদ্দীপনা এটাই কেৱল এক মৃদু পৰশ অনুভৱ কৰোৱাব পাৰে৷ মূলাৰৰ এই ধাৰণাই সেই সময়ৰ প্ৰচলিত ধাৰণাক ওফৰাই পেলাব সক্ষম হৈছিল, য’ত কোৱা হৈছিল যে প্ৰতিটো অনুভূতিৰ বাবে বেলেগ বেলেগ স্নায়ু থাকে৷

উনৈশ শতিকাৰ শেষৰ ফালে বিভিন্ন ধৰণৰ সংবেদন গ্ৰাহক আৱিষ্কাৰ হয়৷ এই ক্ষেত্ৰত কেমিল্লো গল্গিৰ (Camillo Golgi) অৱদান মন কৰিবলগীয়া৷ কেমিল্লো গল্গি আছিল এজন ইটালীৰ চিকিৎসা বিজ্ঞানী তথা পেথ’লোজিষ্ট (বিকাৰগ্ৰস্ত শৰীৰবিদ)৷

সেই সময়ত স্নায়ু কোষ অনুবীক্ষণ-যন্ত্ৰৰ সহায়ত চিনাতো যথেষ্ট কষ্টকৰ আছিল৷ ১৮৭৩ চনত তেওঁ আৱিষ্কাৰ কৰা কৃষ্ণ বিক্ৰিয়া পদ্ধতিৰে (black reaction Technique) সহায়ত স্নায়ু কলা সমূহৰ বিতং তথ্য অনুবীক্ষণ-যন্ত্ৰৰ সহায়ত সহজেই ধৰা পেলাব পাৰিছিল৷

গল্গিৰ এই আৱিষ্কাৰে এক যুগান্তকাৰী দিশৰ সূচনা কৰে আৰু স্নায়ু তন্ত্ৰ সম্বন্ধে সবিশেষ জ্ঞান আহৰণ পথ সুচল কৰে৷

গল্গিৰ এই মহত্ত্বপূৰ্ণ অৱদানৰ বাবে কেমিল্লো গল্গি (camillo Golgi) আৰু তেওঁৰ সমসাময়িক স্পেইনৰ চেণ্টিয়াগো ৰামওন কাজাল (Santiago Ramón y Cajal) ক ১৯০৬ চনত নোবেল বঁটাৰে পুৰস্কৃত কৰে৷

উনৈশ শতিকাৰ শেষৰ ফালে আৰু কুৰি শতিকাৰ মাজ ভাগলৈ বিষ যন্ত্ৰাণাৰ সম্বন্ধে যদিওঁ বিভিন্ন পৰীক্ষা নিৰীক্ষা চলিছিল কোনো যুগান্তকাৰী আৱিষ্কাৰ হোৱা নাছিল৷ বিষ যন্ত্ৰাণা সম্বন্ধে সেই সময়ত প্ৰচলিত ধাৰণাবোৰ কেইটামান ভাগত বিভক্ত হৈ পৰিল৷

কিন্তু দুৰ্ভাগ্যজনক ভাবে কোনো এটা ধাৰণাই সম্পূৰ্ণৰূপে শুদ্ধ বা ভুল বুলি প্ৰমাণ কৰিবলৈ বৈজ্ঞানিক যুক্তিৰ অভাৱ পৰিলক্ষিত হৈছিল৷ প্ৰথম তত্ত্বটো আছিল “ নিৰ্দিষ্টতাৰ তত্ত্ব“ (specificity theory) য’ত কোৱা হৈছিল বিষ যন্ত্ৰাণা হ’ল এটা বিশেষ অনুভূতি৷ দেহতত্ত্ববিদ (physiologist) সকলে এই তত্ত্বটো পূৰ্ণ সমৰ্থন কৰিছিল৷

সেই তত্ত্বৰ বিপৰীতে থিয় দিয়া তত্ত্বটো হ’ল “তীব্ৰতাৰ তত্ত্ব“ (intensive theory) যত কোৱা হৈছিল বিষ যন্ত্ৰাণা একো বেলেগ অনুভূতি নহয় যি কোনো উদ্দীপনা যদি তীব্ৰ হয় সি বিষলৈ ৰূপান্তৰিত হয়৷

মনস্তত্ত্ব বিদ (psychologist সকলে এই তত্ত্বটোৰ পূৰ্ণ সমৰ্থন আগবঢ়োৱা দেখা গৈছিল৷ কুৰি শতিকাৰ শেষৰ ফালে আন এটা মতবাদে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷

তাক যন্ত্ৰণাৰ “জপনা নিয়ন্ত্ৰণ তত্ত্ব“ ইংৰাজীত গ্যেট কণ্ট্ৰোল থিয়ৰি (gate control theory) বুলি কয়৷ এই তত্ত্বটো আগবঢ়াইছিল ১৯৬৫ চনত কানাডাৰ মনোবিজ্ঞানী ৰোনাল্ড মেলযাক (Ronald Melzack) আৰু ব্ৰিটেইনৰ স্নায়ু বিজ্ঞানী পেট্ৰিক ডেভিড ৱাল (Patrick Devid wall) তেওঁলোকৰ মতে বিষ বা যন্ত্ৰণা কেইবাটাও পৰিসৰৰ লগত সংলিপ্ত হৈ থাকে ইয়াক কেৱল শাৰীৰিক মাত্ৰাৰে নিৰ্ণয় কৰাটো অনুচিত৷ ইয়াৰ এটা আবেগিক পৰিসৰো আছে৷

সেয়েহে একে ধৰণৰ যন্ত্ৰণা ভিন্ন জনৰ মনত ভিন্ন ভাবে অনুভুত হয়৷ যন্ত্ৰণাৰ সৃষ্টি হয় শৰীৰত বিনষ্ট হব ধৰা কলা সমূহৰ পৰা৷ এই অনুভূতি বিভিন্ন ধৰণৰ ব্যাসাৰ্ধৰ স্নায়ুৰ যোগেদি বিভিন্ন অনুপাতত মগজুলৈ কঢ়িয়াই লৈ যায়৷ সৰু ব্যাসাৰ্ধৰ স্নায়ু সমূহৰ পৰিবহণ ক্ষমতা কম৷

এই সৰু ব্যাসাৰ্ধৰ স্নায়ুৰ জৰিয়তে বিষৰ অনুভৱ মগজুলৈ কঢ়িয়াই নিয়ে৷ আনহাতে ডাঙৰ ব্যাসাৰ্ধৰ স্নায়ুৰ পৰিবহণ ক্ষমতা অতি ক্ষিপ্ৰ যদিওঁ কিছুমান মধ্যৱৰ্ত্তী স্নায়ু কোষ (intermediate neuron) উত্তেজিত কৰি তোলে এই উত্তেজিত স্নায়ু বোৰে কিন্তু ওলোটা কাম হে কৰে অৰ্থাৎ বিষ যন্ত্ৰাণাৰ উত্তেজনা মগজুলৈ যোৱাত বাধা প্ৰদান কৰে এক কথাত কবলৈ হলে নিয়ন্ত্ৰণ দৰ্জা এখনৰ দৰে কাম কৰে৷

এই মধ্যৱৰ্ত্তী স্নায়ুবোৰে কাম ফেৰা ৰাজহাড়তেই (spinal cord) কৰে মগজুটো বিষ যন্ত্ৰাণাৰ পৰা মুক্ত কৰি ৰাখে৷ সেয়েহে এই তত্ত্বটোক “গ্যেট কণ্ট্ৰোল থিয়ৰি“ বুলি কয়৷ বৰ্তমান সময়ত বিষ বা যন্ত্ৰণাক এটা নিৰ্দিষ্ট কাৰকৰ লগত সংযুক্ত নাৰাখি এক বহল গণ্ডীৰ মাজত বিচাৰ কৰা হয়৷

১৯৭৫ চনত যন্ত্ৰণা অধ্যয়নৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাই (international association for study of pain) সকলো চিকিৎসা বিজ্ঞানীৰ সৰ্ব্ব সন্মতি ক্ৰমে বিষ যন্ত্ৰাণাৰ এক সংজ্ঞা আগবঢ়ায়৷ ইয়াৰ মতে… “বিষ যন্ত্ৰণা হ’ল এক অপ্ৰিয় চেতনা আৰু মানসিক অভিজ্ঞতা যিটো সম্ভাব্য বা প্ৰকৃততে বিনষ্ট হোৱা কলাৰ পৰা বা যাক বিনষ্ট বা ক্ষতিৰ দ্বাৰা ব্যাখ্যা কৰা হয়৷

“ (an unpleasant sensory and emotional experience associated with actual or potential tissue damage, or described in terms of such ’damage’ )৷ সংজ্ঞাৰ পৰা এইটো স্পষ্ট যে বিষ যন্ত্ৰাণাক কেৱল এক শাৰীৰিক পীড়া হিচাপে গণ্য নকৰি এক সামগ্ৰিক অভিজ্ঞতা হিচাপে গণ্য কৰা হয়৷

আৰু এই “সামগ্ৰিক অভিজ্ঞতা“টো মন মগজুত গঢ় লৈ উঠোতে ৰোগীৰ শাৰীৰিক পীড়াৰ লগতে ৰোগীৰ বুদ্ধিমত্তা, বিষ সম্বন্ধে থকা সাধাৰণ ধাৰণা, পূৰ্ব অভিজ্ঞতা আৰু ৰোগীৰ মানসিক স্থিতিয়ে মনত এক বিষ যন্ত্ৰাণাৰ অবয়ব সৃষ্টি কৰে৷

সেয়েহে ৰোগী ভেদে একে ধৰণৰ আঘাতে ভিন্নজনৰ ক্ষেত্ৰত ভিন্ন ধৰণৰ বিষ সৃষ্টি কৰে৷ মানসিক পৰিঘটনাখিনি বাদ দিলে আধুনিক চিকিৎসা বিজ্ঞানে বিষ যন্ত্ৰাণা চাৰিটা পৰ্য্যায়ত বিবেচনা কৰিছে৷

প্ৰথম পৰ্য্যায়টোক ইংৰাজীত ট্ৰেন্সডাকচন (transduction) (পাৰগমন? ) বুলি কয়৷ এই পৰ্য্যায়ত দেহত সৃষ্টি হোৱা ক্ষতিকাৰ উদ্দীপনা সমূহ স্নায়ুবোৰে নিজস্ব যন্ত্ৰনা সংবেদকৰ (Nociceptor) জৰিয়তে নিজস্ব উত্তেজনালৈ পৰিৱৰ্তন কৰি মগজুলৈ প্ৰেৰণ কৰে৷ শৰীৰৰ যি যি অংগত এই যন্ত্ৰনা সংবেদক নাথাকে সেইবোৰ অংগ কটা-ছিঙা কৰিলেও দুখ নাপাওঁ৷

উদাহৰণ স্বৰূপে চুলি, নখ কাটিলে দুখ নাপাওঁ৷ এতিয়া কথা হ’ল ক্ষতিকাৰক উদ্দীপনা (noxious stimulus) ৰ উৎপত্তি দেহত কেনেদৰে হয় সেয়াও এক জ্যটিল প্ৰশ্ন৷ সাধাৰণতে তিনি প্ৰকাৰৰ উৎসৰ পৰা এই ক্ষতিকাৰক উত্তেজনা সমূহ যন্ত্ৰণা সংবেদকে লাভ কৰে৷

প্ৰথমতে, যান্ত্ৰিক উৎস যেনে বাঢ়ি অহা টিউমাৰ বা বিষ ফোঁহা এটাই যেতিয়া কাষৰ কলা সমূহক হেঁচা মাৰি ধৰে, কটা-ছিঙা হলে, বা কিবা অন্য কাৰণত স্নায়ু এডাল হেঁচা খাই থকে৷

দ্বিতীয়তে, তাপীয় কাৰণ গৰম বা ঠাণ্ডা যেনে জুয়ে পোৰা, বৰফৰ দৰে ঠাণ্ডাত অংগ নষ্ট হ’লে৷

তৃতীয়তে, জৈৱ ৰাসায়নিক উৎস, যেতিয়া বিপাকীয় ক্ৰিয়াত কিছুমান বিষাক্ত পদাৰ্থৰ সৃষ্টি হয় আৰু সময়ত তেজৰ চলাচলৰ যোগেদি নিস্কাসন নহয় বা তেজৰ নলীৰ বেমাৰৰ বাবে পৰ্য্যাপ্ত পৰিমাণৰ তেজৰ চলাচল হব নোৱাৰিলে (ischemia)৷ দেহৰ বিপাকীয় ক্ৰিয়া বিষ যন্ত্ৰাণাৰ এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া৷

দেহৰ কোষবোৰে সাধাৰণতে মুক্ত অক্সিজেনৰ সহায়ত শৰ্কৰাৰ(glucose) অণু ভাঙি শক্তি আহৰণ কৰে৷ এই শক্তি ATP (adenine Triphosphate) নামৰ যৌগ এটাত সঞ্চিত হৈ থাকে৷ প্ৰয়োজনত ATP ADPলৈ ৰূপান্তৰিত হয় আৰু সঞ্চিত শক্তি কোষটোৱে ব্যৱহাৰ কৰে৷

কিন্তু কিছুমান ক্ষেত্ৰত কোষৰ শক্তিৰ প্ৰয়োজন এইদৰে পুৰাব নোৱাৰে৷ ফলত অক্সিজেন অবিহনে শৰ্কৰাৰ অণু ভাঙি শক্তি লাভ কৰে উদাহৰণ স্বৰূপে অত্যধিক পৰিশ্ৰম, বাঢ়ি অহা টিউমাৰ, তেজৰ চলাচলৰ অভাৱত অক্সিজেন কমি গলে ইত্যাদি৷

যেতিয়া অক্সিজেনৰ অভাৱত গ্লুক’জ ভাঙি শক্তি আহৰণ কৰে তেতিয়া দেহত অম্লৰ সৃষ্টি হয়৷ এই অম্লতাই হল বিষ যন্ত্ৰাণাৰ কাৰণ৷

ইয়াৰ উপৰিও বিকল্প বিপাকীয় ক্ৰিয়াত কেতবোৰ জৈব হৰ্ম’ণ জাতায় পদাৰ্থৰ সৃষ্টি হয় (prostaandin, bradykinin, serotonin, substance – p, Histamine etc.) যিবোৰে এই যন্ত্ৰণাৰ সংবেদক বোৰ উত্তেজিত কৰি তোলে৷

দ্বিতীয় পৰ্য্যায়টো হ’ল transmission বা পৰিবহণ৷ এই পৰ্য্যায়ত যন্ত্ৰনাৰ উদ্দীপনা বিশেষ কিছুমান স্নায়ুৰে মগজুলৈ গতি কৰে৷ স্নায়ুডাল যিটো দেহৰ অংশৰ পৰা উদ্দীপনা কঢ়িয়াই লৈ যায় মগজুৱে সেই অংশৰ পৰা বিষ বা যন্ত্ৰণাৰ উৎপত্তি হোৱা বুলি ঠাঁৱৰ কৰে৷ কেতিয়াবা এনেকুৱা হব পাৰে যে একেডাল স্নায়ুৱে বেলেগ বেলেগ দেহাংশক মগজুৰ লগত জড়িত কৰে৷

তেনে ক্ষেত্ৰত কেতিয়াবা মগজুৱে প্ৰকৃততে অসুখ হোৱা অংগৰ যন্ত্ৰণাৰ সলনি ভালে থকা আন অংশৰ বিষ হোৱা বুলি ভুলকৈ অনুভৱ কৰে৷ উদাহৰণ স্বৰূপে হৃদযন্ত্ৰৰ বিষ কেতিয়াবা পেটৰ গেছট্ৰাইটিছ হোৱা বুলি অনুভৱ হয় বা বাওঁ হাতৰ বিষ হিচাপে ধৰা দিয়ে৷

ছালত সাধাৰণতে চেতনা গ্ৰাহকৰ সংখ্যা বহুত বেছি থাকে বাবে যন্ত্ৰণাৰ উৎপত্তি স্থল মগজুৱে যথাযথ ভাবে নিৰূপণ কৰিব পাৰে৷ কিন্তু দেহৰ আভ্যন্তৰীণ অংগবোৰত চেতনা গ্ৰাহক খুব কম থাকে বাবে বহু ক্ষেত্ৰত মগজুৱে প্ৰকৃত কোনটো স্থানৰ যন্ত্ৰণা ধৰিব নোৱাৰে৷

ইয়াৰ পিচৰ পৰ্য্যায়টো হ’ল Perception বা প্ৰমা৷ উল্লেখযোগ্য যে মগজুত বিষ যন্ত্ৰাণা প্ৰক্ৰিয়াকৰণ কৰাৰ বাবে কোনো নিৰ্দিষ্ট অংশ নাই৷

সেয়েহে মগজুৰ যি যি অংশলৈ বিষ যন্ত্ৰাণাৰ অনুভূতি পৰিবহণ হয় সেইবোৰ অংশত এই উদ্দীপনাক এক অপ্ৰিয় অনুভূতি হিচাপে গ্ৰহণ কৰে৷ এইখিনিতে এটা কথা উল্লেখ কৰা ভাল যে মগজুৰ প্ৰতিটো অংশৰ কাম বেলেগ বেলেগ৷

সেয়েহে এই অনুভূতিৰ চেতনাও ভিন্ন লগতে প্ৰতিক্ৰিয়াও ভিন্ন হয়৷ সাধাৰণতে তিনিটা মুখ্য অংশলৈ যন্ত্ৰণাৰ অনুভূতি পৰিবহণ হয়৷ প্ৰথমটো অংশক ৰেটিকুলাৰ ফৰ্মেচন (Reticular formation) (জলীয়া বিন্যাস) এই অংশটোৰ গঠন জাল এখনৰ দৰে৷ এই অংশই মগজুটোক বাস্তৱ জগতৰ লগত সংযোগ স্থাপন কৰি ৰাখে৷ গতিকে বাস্তৱ জগতৰ যিকোনো অপ্ৰিয় উত্তেজনা বা উদ্দীপনাৰ পৰা দেহটোক বচাই ৰাখে৷

উদাহৰণ স্বৰূপে অসাৱধান বশতঃ কেতিয়াবা যদি হাতখন যদি খুব তপত বস্তু এটাত লাগে আমি হাতখনত কি হ’ল বুলি চিন্তা কৰাৰ আগতেই কোঁচাই লৈ আনো৷

এই কামটো এই “জলীয়া বিন্যাস“ অংশৰ বাবেহে সম্ভৱ৷ দ্বিতীয় অংশক দৈহিক চেতনা পৃষ্ঠ বা চোমাট’ চেনচোৰি কৰ্টেক্স (somato sensory cortex)৷ এই অংশটোত শৰীৰৰ বিভিন্ন সংবেদনাৰ উদ্দীপনা সমূহৰ বিশ্লেষণ আৰু প্ৰক্ৰিয়াকৰণ হয়৷

যাৰ ফলত বিষ যন্ত্ৰানাৰ উৎপত্তি স্থান, প্ৰকাৰ, গভীৰতাৰ উপৰিও স্মৃতি আৰু মানসিক প্ৰক্ৰম (cognition) নিৰূপণ হয়৷

এবাৰ এই অংশই যন্ত্ৰণাৰ চৰিত্ৰ নিৰ্ণয় কৰাৰ পাচত আমি দেহটোৰ ক’ত কি হৈছে গম পাওঁ৷ মগজুৰ যন্ত্ৰনা অনুভূতিৰ তৃতীয়টো অতি গুৰুত্বপূৰ্ণ অংশ হ’ল লিম্বিক চিষ্টেম (Limbic system)৷

এই অংশই সাধাৰণতে শাৰীৰিক পৰিঘটনা সমূহ আৰু মানসিক স্থিতিৰ লগত এক যোগ সূত্ৰ স্থাপন কৰে৷ মানুহৰ আবেগ অনুভূতি, আচৰণ, শিকন আদি গুৰুত্বপূৰ্ণ বিষয় সমূহ এই অংশৰ দ্বাৰা নিয়ন্ত্ৰিত হয়৷

যেতিয়া বিষ বা যন্ত্ৰণাৰ এই অপ্ৰিয় অনুভূতি সমূহ লিম্বিক চিষ্টেম অংশলৈ পৰিবহণ হয় তেতিয়া তাৰ প্ৰতিক্ৰিয়া হিচাপে মানুহ জনৰ আচৰণত ধৰা দিয়ে৷ সেয়েহে বিষত কেঁকাই থকা এজন মানুহৰ আচাৰ ব্যৱহাৰ অসংযত আৰু বিসংগতি পূৰ্ণ হয়৷

বিষ যন্ত্ৰাণাৰ চতুৰ্থ পৰ্য্যায়টো হ’ল Modulation বা পৰিৱৰ্তন৷ শৰীৰৰ এক নিজস্ব প্ৰণালীৰ সহায়ত মেৰুদণ্ড আৰু মগজুত বিষ যন্ত্ৰানাৰ তীব্ৰতা তথা পৰিবহণ হ্ৰাস কৰে৷

ইয়াৰ বাবে কিছুমান জৈবিক পদাৰ্থ মগজুৱে সৃষ্টি কৰে৷ এইবোৰে মগজুত বিষৰ উত্তেজনা পৰিবহণ কৰা স্নায়ুবোৰত এক বাধাৰ সৃষ্টি কৰে নাইবা মগজুটোক ক্ষণিক ভাবে নিস্ক্ৰিয় কৰি তোলে৷

এইবোৰৰ ভিতৰত কিছুমান জৈৱ ৰাসায়নিক পদাৰ্থ মগজুত সৃষ্টি ঔষধৰ দৰে কাম কৰে৷ এই যৌগ বোৰৰ ভিতৰত এনকেফালিন (enkephalin) এণ্ডৰফিন(endorphin) কে আদিকৰি কেইবাবিধো স্নায়ু পৰিবাহক(neuro transmitter) যৌগ আছে যিবোৰে বিষ যন্ত্ৰাণাৰ দৰে অপ্ৰিয় অনুভূতি পৰিবহণত বাধা দিয়ে৷

বিষৰ কাৰণ -

আধুনিক চিকিৎসা বিজ্ঞানে কয় যে প্ৰত্যেক বিষৰ একো একোটা কাৰণ আছে৷ সেই কাৰণটো নিৰ্মূল কৰিব পাৰিলেহে বিষ নিৰাময় সম্ভৱ৷ তথাপিও যন্ত্ৰণা মুক্ত জীৱন এটাই ৰোগীৰ মনলৈ আশা তথা ইতিবাচক বতৰা কঢ়িয়াই আনে৷ ইয়াৰ ফলত ৰোগীৰ উৎপাদনশীলতা বৃদ্ধি পায়৷ সেয়েহে যন্ত্ৰণাৰ নিৰাময়ৰ (কাৰণ লাগিলে যিয়েই নহওক) বাবে চিকিৎসক তথা চিকিৎসা বিজ্ঞানী সকলে অহৰহ চেষ্টা চলাই আছে৷ এতিয়া যন্ত্ৰণাৰ নিৰাময় এটা বিশেষ শাখা ৰূপে প্ৰতিষ্ঠা কৰা হৈছে৷

এই যন্ত্ৰণা নিৰাময় মুখ্যতঃ কৰ্কট ৰোগী সকলক সাঙুৰি লোৱা হৈছে৷ য’ত কেৱল ঔষধ প্ৰয়োগেই নহয় প্ৰয়োজন বশতঃ যন্ত্ৰণা পৰিবহণ কৰা স্নায়ু সমূহ বিভিন্ন স্তৰত অস্ত্ৰোপচাৰ বা ৰাসায়নিক দ্ৰব্যৰ যোগেদি ধ্বংস কৰি এক বিষ মুক্ত জীৱন দিয়াৰ ব্যবস্থা কৰা হয়৷

এতিয়াও বিষ যন্ত্ৰাণাৰ আনৱিক স্তৰত বহুতো কথা জানিবলৈ বাকী আছে৷ অনাগত দিনত হয়টো ন’ ন’ গবেষণাই মানুহক এক যন্ত্ৰনা বিহীন জীৱন উপলব্ধ কৰাব পাৰিব৷

লেখক:- ডাঃ হিতেশ্বৰ শৰ্মা(সাহিত্য.অৰ্গ)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top