মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বিষ নিবাৰক ঔষধৰ বিপদ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিষ নিবাৰক ঔষধৰ বিপদ :

বিষ নিবাৰক ঔষধৰ বিপদৰ বিষয়ে লিখা হৈছে ।

 

বিষ নিবাৰক দৰব সেৱনৰ জৰিয়তে বিষৰপৰা অৱশ্যেই মুক্তি পাব পাৰি, বিপৰীতে আকৌ এনে দৰবে কেতিয়াবা স্থায়ী পীড়াও দি যায়। বিশেষকৈ গৰ্ভাৱস্থাত বিষ নিবাৰক দৰব সেৱন কৰিলে আহিবলগীয়া সন্তানৰ সন্তান জন্ম দিব পৰা ক্ষমতা প্ৰভাৱিত হ’ব পাৰে। কেৱল সেয়ে নহয়, অনাগত কেইবাটাওব প্ৰজন্মৰ সন্তান জন্ম দিব পৰা ক্ষমতা প্ৰভাৱিত হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। অতি শেহতীয়াকৈ কৰা এক অধ্যয়নৰ জৰিয়তে ইউনিভাৰ্ছিটী অব এডিনবাৰ্গৰ গৱেষকৰ এতা দলে এই কথা জানিব পাৰে। গৱেষক গণৰ মতে, গৰ্ভাৱস্থাত বিষ নিবাৰক দৰব সেৱন কৰা মহিলাৰ পুত্ৰ সন্তানৰ শুক্ৰাণু আৰু কন্যা সন্তানৰ ডিম্বানুৰ সংখ্যা বঢ়োৱা কোষৰ সংখ্যা এনে দৰবে ভালেখিনি হ্ৰাস কৰে। যাৰ ফলত এনে সন্তানৰ প্ৰজনন ক্ষমতা প্ৰভাৱিত হোৱাৰ আশংকা বৃদ্ধি পায়। কন্যা সন্তানৰ আগলৈ গৈ ঋতু চক্ৰও প্ৰভাৱিত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। তদুপৰি এনে দৰবে ডি এন এৰ সংৰচনাকো প্ৰভাৱিত কৰে। যাৰ ফলত অনাগত কেইবাটাও প্ৰজন্মৰ প্ৰজনন ক্ষমতা প্ৰভাৱিত হ’ব পাৰে। সেয়ে গৱেষক গণে গৰ্ভৱতী মহিলাক পেৰাচিটামল তথা আইব্ৰুফেন জাতীয় দৰব সেৱনৰপৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে।

উৎস: দৈনিক অসম(চন্দন কুমাৰ কলিতা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top