মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বিয়াৰ যোটকৰ দৰেই গুৰুত্বপূৰ্ণ তেজ পৰীক্ষাও
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিয়াৰ যোটকৰ দৰেই গুৰুত্বপূৰ্ণ তেজ পৰীক্ষাও

বিয়াৰ যোটকৰ দৰেই গুৰুত্বপূৰ্ণ তেজ পৰীক্ষাও, সেই বিষয়ে লিখা হৈছে ।



সাধাৰণতে বিয়া এখন বন্দৱস্ত কৰাৰ সয়য়ত যোটক বিচাৰৰ ওপৰত অধিকগুৰুত্ব আৰোপ কৰা হয় ।
স্বামী আৰু স্ত্ৰীৰ তেজৰ গ্ৰুপৰ সামঞ্জস্যতাৰ ওপৰত নিৰ্ভৰ কৰিহে সুস্থ সবল সন্তান জন্ম হয়। সেয়েহে বিয়াৰ আগতে বৰ আৰু কন্যাৰ তেজ পৰীক্ষা কৰি তেজৰ গ্ৰুপ আৰু আৰ এইচ ফেক্টৰ মিলাই চাব লাগে।তলত উপযুক্ত আৰু অনুপযুক্ত বিয়াৰ তেজৰ গ্ৰুপ উল্লেখ কৰা হ'ল ।
উপযুক্ত বিয়াৰ তেজৰ গ্ৰুপ
(Blood group of compatible marriage)
বৰ কন্যা
A. A , AB
B. B , AB
O. O , A , B , AB
AB. AB
Rh (+ve ) Rh (+ve)
Rh (-ve) Rh (-ve)
অনুপযুক্ত বিয়াৰ তেজৰ গ্ৰুপ
(Blood Group of incompatible marriage)
বৰ কন্যা
A. O , B
B. O , A
AB. O , A , B
Rh (+ve) Rh(-ve)
Rh (-ve) Rh(+ve)
তেজৰ গ্ৰুপৰ সামঞ্জস্য থকাৰ দৰে বৰ আৰু কইনাৰ Rh ফেক্টৰৰ মিল থাকিব লাগিব। Rhesus Monkey নামৰ বান্দৰৰ তেজত প্ৰথমে এই প্ৰতিজনক (এন্টিজেন) আবিষ্কাৰ কৰা হৈছিল বাবে Rh ফেক্টৰ বোলা হয়। বিয়াৰ আগতে বৰ আৰু কইনাৰ Rh ফেক্টৰ পৰীক্ষা কৰি লোৱা উচিত। বৰ আৰু কইনাৰ Rh ফেক্টৰ একে হ'লেহে বিয়া পাতিব লাগে। এজনৰ Rh ফেক্টৰ পজিটিভ আৰু আনজনৰ নিগেটিভ হ'লে কেতিয়াও বিয়া পাতিব নালাগে। যদি দেউতাকৰ Rh ফেক্টৰ পজিটিভ আৰু মাকৰ নিগেটিভ হয় তেন্তে সন্তানৰ Rh ফেক্টৰ পজিটিভ হব। সন্তান গৰ্ভত থকা অৱস্থাত প্লেছেন্তা নাড়ীৰে মাকৰ তেজ সন্তানৰ শৰীৰৰলৈ সঞ্চালক হোৱাৰ পিছত সন্তানৰ তেজৰ লগত মাকৰ তেজ মিলিত হয় বাবে সন্তানৰ তেজৰ ৰক্তকণিকা (RBC) গোট মাৰিবলৈ আৰম্ভ কৰে। ইয়াৰ দ্বাৰা সন্তানৰ অশেষ খতিসাধন হয় আৰু তেতিয়া গৰ্ভৱতীৰ গৰ্ভস্ৰাৱ হয় নাইবা সন্তানৰ মৃত্যু হয়। সেয়েহে বৰ আৰু কইনাৰ Rh ফেক্টৰৰ মিল নাথাকিলে কেতিয়াও বিয়া নাপাতিব।
তেজৰ গ্ৰুপ অনূপযূক্ত হলে অভিজ্ঞ স্ত্ৰীৰোগ বিশেষগ্যৰ পৰামৰ্শ লব । ইয়াৰ প্ৰতিকাৰ আছে । ভয় নাখাব ।
ডা: মনোজ কুমাৰ শইকীয়া
ফোন নং- 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top