অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিৰুদ্ধ আহাৰ

বিৰুদ্ধ আহাৰৰ বিষয়ে লিখা হৈছে

 

আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে আহাৰ গ্ৰহণ কৰাটো এটা নিত্য অপৰিহাৰ্য কাৰ্য।আয়ুৰ্বেদত কিছুমান আহাৰৰ মিশ্ৰণ,ইহঁতৰ সোৱাদ,বীৰ্য,খোৱা সময়,স্বাস্থ্যৰ অৱস্থা,অঞ্চল,শৰীৰৰ প্ৰকৃতি,পাচন শক্তি,ৰন্ধন প্ৰণালী,পৰিমাণ,সেৱন বিধি সঠিকভাৱে পালন নকৰিলে শৰীৰৰ বাবে হানিকাৰক বা নিৰাপদ নহয় বুলি কোৱা হৈছে আৰু ইয়াকে বিৰুদ্ধ আহাৰ হিচাপে উদাহৰণসহ বৰ্ণনা কৰা হৈছে।কিন্তু বৰ্তমান আধুনিক যুগত খুব কমেইহে আমি এই আহাৰ নিয়মসমুহ মানি চলোঁ।নিয়মিত বিৰুদ্ধ আহাৰ গ্ৰহণৰ ফলত আমাৰ শৰীৰৰ জঠৰাগ্নিৰ বিস্ংগতিয়ে দেখা দিয়ে।ফলস্বৰুপে বিভিন্ন ধৰণৰ বেমাৰৰ উৎপত্তি হয়।

আয়ুৰ্বেদত স্পষ্টভাৱে উল্লেখ আছে যে কোনো আহাৰ বা আহাৰৰ মিশ্ৰণ সেৱন কৰাৰ ফলত যদি শৰীৰত কু-প্ৰভাৱ পৰে,যেনে আমাৰ শৰীৰ বৰ্ধনত বাধাৰ সৃষ্টি কৰে বা শৰীৰৰ কোষবিলাকৰ বিপৰীতধৰ্মী হিচাপে ক্ৰিয়া কৰে,তেনেহ’লে সেই আহাৰক বিৰুদ্ধ আহাৰ বুলি কোৱা হয়।

ভিন্ন প্ৰকাৰৰ বিৰুদ্ধ আহাৰ-

 

আয়ুৰ্বেদত মুঠতে ওঠৰ প্ৰকাৰৰ আহাৰৰ বিষয়ে উদাহৰণৰ সৈতে বৰ্ণনা কৰা হৈছে।

(১)দেশবিৰুদ্ধ:মৰুভুমিত বসবাস কৰা লোকে শুকান আৰু তীক্ষ্ণ খাদ্য পদাৰ্থ সেৱন কৰা অনুচিত।তেনেদৰে জলাহ বা পিটনিৰে আবৃত ঠাইবিলাক,য’ত পানীৰ পৰিমাণ বেছি,সেই ভুমিত বসবাস কৰা লোকসকলে চৰ্বিজাতীয়,স্নিগ্ধ,ঠাণ্ডা পদাৰ্থৰ সেৱন কৰাটো দেশবিৰুদ্ধ।

(২)কালবিৰুদ্ধ:শীত কালত যদি শুকান আৰু ঠাণ্ডা খাদ্য বেছিকৈ গ্ৰহণ কৰা হয় আৰু গৰম কালত গৰম আৰু জলা খাদ্য,তেন্তে তাক কালবিৰুদ্ধ বুলি কোৱা হয়।বতৰ বা ঋতু পৰিৱৰ্তনৰ লগে লগে সেই বতৰ বা ঋতুৰ বিপৰীতধৰ্মী খাদ্য সেৱন কৰা উচিত।যেনে-শীতকালত গৰম খাদ্য আৰু গৰম কালত শীতল খাদ্য সেৱন কৰিব লাগে।

আয়ুৰ্বেদত খোৱা খাদ্যক-মানুহ এজনৰ বয়স,মানুহজনৰ প্ৰকৃতি অৰু দিন-ৰাতিৰ হিচাপত ভাগ কৰি দিয়া হৈছে-

 

মানুহজনৰ জীৱন কাল বা বয়স:মানুহৰ বয়স অনুপাতে খোৱা খাদ্যৰ ধৰণো ভিন ভিন হয়।যেনে-শিশু কালত কফ দোষৰ বেছি প্ৰাধান্য থাকে।কফ গুণযুক্ত আহাৰ যেনে-শীতল,গৰিষ্ঠ, স্নিগ্ধ বা বেছি চৰ্বিজাতীয় আহাৰ বেছিকৈ খাব দিয়াটো ঠিক নহয়।আনহাতে,বৃদ্ধ কালত বাত দোষৰ প্ৰাধান্য বেছি থাকে।গতিকে বাত দোষপ্ৰধান আহাৰ যেনে-তীক্ষ্ণ,উষ্ণ, ৰুক্ষ,শুকান আহাৰ বেছিকৈ সেৱন কৰা অনুচিত।

দিন-ৰাতিৰ হিচাপে:ৰাতিপুৱা সময়ত আমাৰ শৰীৰত কফ দোষৰ প্ৰকোপ থাকে,গতিকে এইখিনি সময়ত কফ প্ৰকোপক আহাৰ সেৱন কৰা অনুচিত।তেনেদৰে গধুলি সময়ত বাত দোষৰ প্ৰকোপ থাকে,গতিকে বাত প্ৰকোপক আহাৰ সেৱন কৰা অনুচিত।আনহাতে,গধুলি বা ৰাতি খোৱা খাদ্যৰ পৰিমাণ একেবাৰে কম হ’ব লাগে।ৰাতি দৈ আৰু বুটৰ গুড়িৰে বনোৱা সাত্তু সেৱন কৰা অনুচিত কাৰণ ই কালবিৰুদ্ধ।

অগ্নি বিৰুদ্ধ:শৰীৰত মন্দাগ্নি বা পাচন শক্তি দুৰ্বল হৈ থকা অৱস্থাত গৰিষ্ঠ আৰু বেছি চৰ্বিজাতীয় খাদ্য,তীক্ষ্ণাগ্নি বা শৰীৰৰ পাচক শক্তি তীব্ৰ হৈ থকা অৱস্থাত লঘু আহাৰ আৰু শৰীৰত সমাগ্নি বা পাচক শক্তি স্বাভাৱিক হৈ থকা অৱস্থাত অনিয়মিত খাদ্য সেৱন কৰাক অগ্নি বিৰুদ্ধ বুলি কোৱা হয়।

মাত্ৰাবিৰুদ্ধ:কিছুমান খাদ্য পদাৰ্থ কিছুমান নিৰ্দিষ্ট মাত্ৰাত সেৱন কৰাটো শৰীৰৰ বাবে সুৰক্ষিত নহয়।যেনে-ঘি আৰু মৌ সম পৰিমাণত বা অনুপাতত সেৱন কৰা অনুচিত আৰু ইয়াকে কোৱা হয় মাত্ৰাবিৰুদ্ধ আহাৰ।

সাত্মবিৰুদ্ধ:কোনো এজন লোকক কিবা খাদ্য খোৱাৰ পৰামৰ্শ দিয়াৰ আগতে সেই মানুহজনৰ খাদ্য খোৱাৰ অভ্যাসটো জনা অত্যন্ত জৰুৰী।যেনে-মিঠা আৰু শীতল খাদ্য গ্ৰহণৰ অভ্যাস থকা মানুহজনক তিতা আৰু গৰম বস্তু গ্ৰহণ কৰিবলৈ দিয়াটো সাত্মবিৰুদ্ধ।

দোষবিৰুদ্ধ:কোনো মানুহক তেখেতৰ প্ৰকৃতিগত গঠনৰ সমতুল্য খাদ্য সেৱন কৰিবলৈ দিয়াটো দোষবিৰুদ্ধ।কাৰণ মানুহ এজন বাতিক,পৈত্তিক বা কফজ যি প্ৰকৃতিৰ হয়,তেনে লোকক একে প্ৰকৃতিৰ খাদ্য গ্ৰহণ কৰিবলৈ দিলে তেনে লোকৰ সেই দোষটো প্ৰকোপিত হৈ বেমাৰৰ সৃষ্টি কৰিব।উদাহৰণস্বৰুপে বাত দোষ প্ৰকোপিত কৰা খাদ্য যেনে-শুকান,ঠাণ্ডা,লঘু আহাৰ অত্যধিক শাৰীৰিক পৰিশ্ৰম কৰা লোক এজনক গ্ৰহণ কৰিবলৈ দিলে তেনে লোকৰ বাত দোষ প্ৰকোপিত হয়।

সংস্কাৰবিৰুদ্ধ:কিছুমান বিশেষ অৱস্থাত যদি কোনো খাদ্য পদাৰ্থ কিছুমান বিশেষ পদ্ধতিত বনোৱা হয়,তেন্তে সেই খাদ্য পদাৰ্থ বিষতুল্য হ’ব পাৰে।যেনে-(১)দৈক উতলাই বা গৰম কৰি সেৱন কৰা হয়।

(২)মৌক যদি অতি উষ্ণ তাপত উতলোৱা বা ৰন্ধা হয়,তেন্তে ই শৰীৰৰ বাবে বিষ তুল্য হয়।

বীৰ্যবিৰুদ্ধ:গৰম আৰু ঠাণ্ডা খাদ্য পদাৰ্থ একেলগে সেৱন কৰাটো বীৰ্যবিৰুদ্ধ।যেনে-(১)ঠাণ্ডা ফলৰ ৰস গৰম চাহ বা কফীৰ লগত সেৱন কৰিব নালাগে।

(২)মাছ আৰু গাখীৰ একেলগে সেৱন কৰিব নালাগে।

কোষ্ঠবিৰুদ্ধ: ক্ৰুৰ কোষ্ঠ বা যি মানুহৰ পায়খানা অত্যন্ত কঠিন তেনে মানুহক মৃদু বিৰেচন (purgative)যুক্ত ঔষধ বা খাদ্য আৰু কম পৰিমাণে দিয়াটো কোষ্ঠবিৰুদ্ধ।তেনেদৰে যি মানুহৰ পায়খানা খোলোচা,তেনে মানুহক তীব্ৰ বিৰেচক ঔষধ বা খাদ্য দিয়াটো অনুচিত।

অৱস্থাবিৰুদ্ধ:যি মানুহে অতিপাত শাৰীৰিক পৰিশ্ৰম,ব্যায়াম কৰে,তেনে মানুহক বাত প্ৰকোপক শুকান,শীতল,ৰুক্ষ খাদ্য খাবলৈ দিয়াটো অৱস্থাবিৰুদ্ধ।তেনেদৰে শুই-বহি খোৱা এলেহুৱা লোক এজনৰ বাবে কফ প্ৰকোপক আহাৰ যেনে-গৰিষ্ঠ,শীতল, চৰ্বিজাতীয় খাদ্য দিয়াটোও বিৰুদ্ধ।

ক্ৰমবিৰুদ্ধ :মল মুত্ৰ ত্যাগ কৰাৰ আগতে খাদ্য সেৱন কৰাটো ক্ৰমবিৰুদ্ধ।তেনেদৰে আগতে খোৱা খাদ্যবস্তু হজম হোৱাৰ আগতে পুনৰ খাদ্য গ্ৰহণ কৰাটো আৰু অতিশয় ভোক লগা অৱস্থাত খাদ্য গ্ৰহণ নকৰি ভোক কমি গ’লে খাদ্য গ্ৰহণ কৰাটোও ক্ৰমবিৰুদ্ধ বুলি কোৱা হয়।

পৰিহাৰবিৰুদ্ধ:গাহৰিৰ মাংস খোৱাৰ পিছত কোনো গৰম খাদ্য সেৱন কৰা আৰু ঘি সেৱনৰ পিছত কোনো ঠাণ্ডা বস্তুৰ সেৱন পৰিহাৰবিৰুদ্ধ।

উপচাৰবিৰুদ্ধ:যি সেৱনৰ পিছত ঠাণ্ডা পানী বা ঠাণ্ডা খাদ্য খোৱাটো উপচাৰ বিৰুদ্ধ বুলি কোৱা হয়।

পাকবিৰুদ্ধ:পচি যোৱা বা দুৰ্গন্ধযুক্ত খাদ্য,আধা সিজা,পুৰি যোৱা বা বেছিকৈ সিজোৱা খাদ্য গ্ৰহণ কৰাটো পাকবিৰুদ্ধ।

সংযোগবিৰুদ্ধ:গাখীৰৰ লগত টেঙা বস্তুৰ সেৱন বা গাখীৰৰ লগত টেঙা মিহলাই খোৱাটো সংযোগবিৰুদ্ধ।ইয়াৰ ফলত ছালৰ বিভিন্ন বেমাৰ যেনে-ছৰিয়াছিছ ইত্যাদি হ’ব পাৰে।

বিধিবিৰুদ্ধ:আয়ুৰ্বেদত খাদ্য গ্ৰহণৰ বিভিন্ন নিয়মাৱলীৰ বিষয়ে কোৱা আছে।সেই নিয়মাৱলী পালন নকৰি খাদ্য সেৱন কৰাটোও বিধি বিৰুদ্ধ বুলি কোৱা হয়।যেনে-কোনো ৰাজহুৱা স্থানত লেতেৰা পৰিৱেশত খাদ্য গ্ৰহণ কৰা ।

লেখক:ডা:মুকুল শৰ্মা (নিয়মীয়া বাৰ্তা)

2.73684210526
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top