আমাৰ ব্যৱস্থাপূৰ্ণ সময়ৰ মাজতে সুৰুঙা উলিয়াই তেওঁলোকৰ সৈতে আন্তৰিকতাৰে আমি কথা-বতৰা পাতিব লাগিব।
বয়োজ্যেষ্ঠ লোকৰ গুৰুত্ব যে আমাৰ বাবে এতিয়াও আছে, তেওঁলোকৰ অভিজ্ঞতাক যে আমি আজিও সন্মান কৰো, সেয়া তেওঁলোকক বুজিবলৈ সুবিধা দিব লাগিব।
শৈশৱ, কিশোৰ, যৌৱন, বৃদ্ধাৱস্থা- জীৱনৰ এই প্ৰতিটো স্তৰতেই আছে সুকীয়া সৌন্দৰ্য আৰু মাদকতা। আৰু তাৰ মাজে মাজে লুকাই আছে কিছু সমস্যা আৰু কিছু অসুবিধা।
বিশেষকৈ জীৱনৰ আটাইতকৈ শেষৰ স্তৰ বৃদ্ধাৱস্থা যেন বহুতৰে বাবে হৈ পৰে এক ক’ব নোৱাৰা বোজাস্বৰূপ। সাধাৰণতে বৃদ্ধ বুলি ক’লে ষাঠি/সত্তৰ বছৰ বয়সৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ লোকসকলক বুজোৱা হয়।
এই সময়ছোৱাত বেছিভাগ লোকেই নিজৰ কাম-কাজ, চাকৰি আদিৰ পৰা অৱসৰ গ্ৰহণ কৰে, সাংসাৰিক দায়-দায়িত্ব যেবে- সন্তানৰ বিয়া-বাৰু পতা, নিজৰ বুলি ঘৰ এখন সজা আদি সকলো কাম সম্পাদন কৰা প্ৰায় শেষ হয়গৈ। তেওঁলোকৰ হাতত ৰৈ যায় অফুৰন্ত সময়।
কিন্তু বেছিভাগ বৃদ্ধ লোকৰ ক্ষেত্ৰত এই অৱসৰৰ সময় ব্যৱহাৰৰ বাবে নাথাকে উপলব্ধ সংগ। সংগহীনতাৰ অনুভৱে এই বয়সৰ লোকসকলক মানসিক কষ্ট দিয়ে।
ঘৰৰ বেছিভাগ সদস্যই নিজৰ কেৰিয়াৰ, পঢ়া-শুনা, ব্যৱসায়, ঘৰ পৰিচালনা কৰা আদি কামত ব্যস্ত থকা হেতুকে ঘৰৰ বৃদ্ধ লোকজনক তেওঁ বিচৰা মতে পৰ্যাপ্ত সময় দিবলৈ অপৰাগ হয়।
বহু সময়ত প্ৰজন্মৰ ব্যৱধানৰ বাবে ঘৰৰ সৰু বয়সৰ সদস্যৰ লগত তেওঁৰ মতান্তৰ ঘটে। এনে পৰিস্থিতিত বৃদ্ধ লোক এজনে নিজকে অৱহেলিত বুলি ভাবিবলৈ আৰম্ভ কৰে।
জীৱনৰ বিয়লি স্মৃতিৰ পাত লুটিয়াই পুৰণি এৰি অহা দিনৰ স্মৃতিবোৰে বৃদ্ধ লোক এজনক কাতৰ কৰি তোলে।
বৃদ্ধাৱস্থা যেন শিশু অৱস্থাৰ পুনৰাবৃত্তি। বৃদ্ধ লোক এজনে শিশুৰ দৰেই অভিমান কৰা, ঠেহ পতা, মনোযোগ বিচৰা আদি কথাবোৰ প্ৰায়েই আমি দেখিবলৈ পাওঁ।
তদুপৰি নিজৰ পছন্দৰ খাদ্য বেমাৰৰ বাবে-
পাৰ্কৰ বেঞ্চত অকলশৰে বহি থকা বৃদ্ধ লোক, এপাৰ্টমেন্টৰ খিৰিকীমুখত বহি আলিবাটত চকু আবদ্ধ কৰি ৰখা শুকান, কৰুণ কোঁচখোৱা ছালৰ মুখ একোখন বাৰাণ্ডাৰ চুকৰ আৰামী চকীত বহি কোনোবা আহিলে কথা দু-আষাৰ পাতিব বুলি গেটলৈ অধীৰ আগ্ৰহেৰে চাই ৰৈ থকা বৃদ্ধৰ দুচকু- এইবোৰতেই প্ৰতিফলিত হয় জীৱনৰ বিয়লি বেলাৰ কৰুণ হতাশা আৰু নিঃসংগতাৰ একোখনি নিটোল চিত্ৰ।
বৃদ্ধ বয়সৰ এই একাকিত্বৰ যন্ত্ৰণা আধুনিক সময়ত যেন দিনক দিনে বাঢ়িছে গৈ আছে। এইক্ষেত্ৰত পৰিয়ালৰ লোক আৰু ওচৰ-চুবুৰীয়াৰ নিঃসন্দেহে কিছু কৰণীয়া আছে।
আমাৰ ব্যৱস্তাপূৰ্ণ সময়ৰ মাজতে সুৰুঙা উলিয়াই তেওঁলোকৰ সৈতে আন্তৰিকতাৰে আমি কথা-বতৰা পাতিব লাগিব। বয়োজ্যেষ্ঠ লোকৰ গুৰুত্ব যে আমাৰ বাবে এতিয়াও আছে, তেওঁলোকৰ অভিজ্ঞতাক যে আমি আজিও সন্মান কৰো, সেয়া তেওঁলোকক বুজিবলৈ সুবিধা দিব লাগিব।
ইয়াৰ বাবে দৈনন্দিন বা সামাজিক বিভিন্ন কামত তেওঁলোকৰ পৰা পৰামৰ্শ বিচৰা উচিত আৰু পৰোক্ষভাৱে হ’লেও তেওঁলোকৰ সাধ্য অনুসৰি তেওঁলোকক তেনে কামবোৰত জড়িত কৰা উচিত।
তেওঁলোকক নিজৰ প্ৰিয় একোটা অভ্যাস স্থায়ীভাৱে গঢ়ি তুলিবলৈ উৎসাহিত কৰা উচিত।
তেওঁলোকৰ পুৰণি বন্ধু-বান্ধৱী, প্ৰিয় আত্মীয় আদিৰ সৈতে মাজে-সময়ে লগ হোৱাৰ সুবিধাকণ আমিয়েই কৰি দিয়া উচিত, যাতে পুৰণি দিনবোৰৰ সোঁৱৰণে, সেই আত্মিক অনুভৱে বৃক্কজনৰ মনক সজীৱ কৰি তুলিব পাৰে।
তেওঁলোকৰ বেমাৰ-আজাৰ আদিৰ বিষয়ে আমি সহানুভূতিশীলতাৰে আৰু ধৈৰ্যৰে মন দি শুনা উচিত আৰু প্ৰয়োজন অনসৰি চিকিৎসকৰ ওচৰলৈ লৈ যোৱা উচিত, যাতে তেওঁলোকে অৱহেলিত অনুভৱ নকৰে।
বয়সিয়াল এই লোকসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখিবলৈ তেওঁলোকক ব্যায়াম, যোগ আদি নিয়মিত ৰূপত কৰিবলৈ উৎসাহিত কৰা উচিত।
সামাজিক কাম-কাজ, অনুষ্ঠান আদি যেনে- বিয়া-সবাহ, জ্যেষ্ঠ নাগৰিকৰ ক্লাব, মহিলাৰ অনুষ্ঠান, নামঘৰ আদিলৈ যাবলৈ তেওঁলোকক উৎসাহিত কৰা উচিত, যাতে তেওঁলোকে নিজকে সামাজিকভাৱে বিচ্ছিন্ন অনুভৱ কৰিবলগীয়া নহয়।
অকাল মৃত্যু নঘটিলে বৃদ্ধাৱস্থাই কাকোৱেই ৰেহাই নিদিয়ে আপুনি, মই সকলোৱেই এদিন সন্মুখীন হ’বই লাগিব এই অৱস্থাৰ।
এই সৰু কথাটোকে অনুধাৱন কৰিব নোৱাৰি বহুতো পুত্ৰ-কন্যাই নিজৰ বৃদ্ধ পিতৃ-মাতৃক বোজাস্বৰূপ বুলি গণ্য কৰি পদপথত এৰি থৈ যোৱাৰ দৃশ্যও আমাৰ আধুনিক সমাজৰ আজি তেনেই চিনাকি দৃশ্য।
নিজৰ আপোন হাতেৰে গঢ়া ঘৰখনৰ মায়া এৰি বৃদ্ধাশ্ৰমত থাকিবলৈ বাধ্য হোৱা বা নিজৰ পুত্ৰ-বোৱাৰী, জী-জোঁৱাইৰ সৰু সৰু আধুনিক সংসাৰবোৰত অকণমান ঠাই পাবলৈ সক্ষম নহৈ পদপথত আশ্ৰয় লোৱা বীইদ্ধ লোকসকলৰ মনোকষ্ট আমাৰ কল্পনাতীত।
আহকচোন, অলপ সময় উলিয়াওঁ এনে বৃদ্ধ জ্যেষ্ঠজনৰ বাবে। এতিয়াৰ বৃদ্ধ পিতৃ-মাতৃসকলেই এসময়ত আমাৰ সৰু সৰু অসুখ-বিসুখৰ বাবেই পাৰ কৰিছিল কত উজাগৰী ৰাতি, তেওঁলোকৰ নিজৰ প্ৰিয় বস্তুপদো আমি বিচাৰিলে হেঁপাহেৰে আমালৈ আগবঢ়াই দিছিল সুখ হৈ বৰষিছিল এবাৰ মনত পেলাওঁ আহকচোন এইবোৰ কথা।
এতিয়া সময় আমাৰ। আমাক কৰা তেওঁলোকৰ উপকাৰীৰ ঋণ অলপ হ’লেও পৰিশোধ কৰোচোন আহক- তেওঁলোকৰ সুখ-দুখৰ সমভাগী হৈ, তেওঁলোকৰ স্মৃতিকাতৰতাৰ যাত্ৰাৰ সহচৰ হৈ।
আমাক অনুকৰণ কৰি আমাৰ সন্তানেও আমাৰ বৃদ্ধকালত আমাৰ প্ৰতি অনুভৱ কৰিব পাৰিব একেই আন্তৰিকতা। এনে হ’লেহে বৃদ্ধাৱস্তা কাৰো বাবেই বোজাস্বৰূপ নহৈ হৈ পৰিব জীৱনত এক আনন্দময় মোহনীয় সুৰ।
লেখক: নয়নমণি দত্ত(নিয়মীয়া বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 6/24/2020