মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বৃদ্ধাৱস্থাত ছালৰ সমস্যা আৰু সুৰক্ষামূলক ব্যৱস্থা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৃদ্ধাৱস্থাত ছালৰ সমস্যা আৰু সুৰক্ষামূলক ব্যৱস্থা

বৃদ্ধাৱস্থাত ছালৰ সমস্যা আৰু সুৰক্ষামূলক ব্যৱস্থাৰ বিষয়ে লিখা হৈছে ।

মানৱ দেহাটোক এখন বাহ্যিক আৱৰণে আৱৰি ৰখা আমি দেখিবলৈ পাওঁ । এই আৱৰণখনকে ছাল (Skin) বুলি কোৱা হয় । আমাৰ ছালখন দেখাত এতৰপীয়া যেন লাগিলেও ই কিন্তু দুতৰপীয়া । বাহিৰৰ তৰপক বহি:ত্বক বা এপিডাৰ্মিছ (Epidermis) আৰু ভিতৰৰ তৰপক অন্ত:ত্বক বা ডাৰ্মিছ বুলি কোৱা হয় ।এপিডাৰ্মিছ নামৰ ওপৰৰ তৰপটোত মেলান’ছাইট নামৰ এবিধ বিশেষ কোষ থাকে । ইহঁতে মেলানিন নামৰ এবিধ ডাঠ পিগমেণ্ট তৈয়াৰ কৰি লয় । এই পিগমেণ্টৰ বাবেই ছালৰ ৰং ঈষৎ হালধীয়া হয় । ছালৰ এপিডাৰ্মিছ অংশ পুৰি গ’লে মেলান’ছাইট নামৰ কোষবোৰ পুৰি নষ্ট হোৱাৰ পিছত বগা ৰঙলৈ ৰুপান্তৰিত হৈ পৰে । ফলত পোৰা ছালখন শুকাই  ভাল হ’লেও ইয়াৰ বগা ৰঙৰ পৰিৱৰ্তন নঘটাৰ ফলত পিছলৈ বগা হৈ থাকি যায় ।

এপিডাৰ্মিছৰ তলত থকা ডাৰ্মিছ তৰপটো সংযোগী কলাৰে গঠিত । এই তৰপতে ঘৰ্মগ্ৰন্থি, স্নায়ু, ৰক্তবাহী নলিকা, চেবেচিয়াছ গ্ৰন্থি আৰু নোমৰ গুৰি অংশ সোমাই থাকে । এই অংশৰ লগত সংযুক্ত হৈ থকা চুলি, নোম আৰু নখবোৰ কেৰাটিনজাতীয় কোষেৰে গঠিত । চুলি আৰু নখৰ গঠনত খাদ্য আৰু বহুধৰণৰ হৰম’নে ক্ৰিয়া কৰে বুলি জনা গৈছে ।

ছালখনে সামগ্ৰিকভাৱে আমাৰ অংগ-প্ৰত্যংগবোৰ ঢাকি ৰখাৰ উপৰি শৰীৰৰ ভিতৰত উত্তাপ আৰু পানীৰ সৰবৰাহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মন কৰিব লগা যে আমাৰ ছালখনে গোটেও দেহাটো ঢাকি ৰখাৰ বাবে বাহিৰৰ বীজাণুৱেও সহজে আক্ৰমণ কৰিবলৈ নাপায় । তেনেকৈ দেহৰ ভিতৰত সৃষ্ট উত্তাপ নোমৰ গুৰিৰে বাহিৰ ওলাই দেহক প্ৰশমিত কৰি তোলে । ইয়াৰ বিপৰীতে বাহিৰৰ পৰিৱেশ ঠাণ্ডা অনুভূত হ’লে ছালত থকা পেশীবোৰ সংকুচিত হৈ নোমৰ গুৰিৰ ছিদ্ৰবোৰ বন্ধ কৰি দিয়ে, যাৰ ফলত ভিতৰৰ উত্তাপ বাহিৰ ওলোৱাত বাধা পৰে । এই সকলোৰে উপৰি ছালখন দেহৰ সংবেদী অংগ হোৱাত আমি সহজেই শীত, উত্তাপ, বিষ আদি বিভিন্ন সংবেদন অনুভৱ কৰাটো সম্ভৱ হৈ উঠে ।

আমি সাধাৰণতে দেখা পাওঁ যে বয়স বঢ়াৰ লগে লগে পুৰুষ-মহিলা সকলোৰে ছাল ক্ৰমে খহটা আৰু নিস্তেজ হোৱাৰ উপক্ৰম ঘটে । সময় বাগৰাৰ লগে লগে এনে অৱস্থাৰ অৱনতি ঘটি এটা সময়ত ছাল শোটোৰা-শোটোৰ হৈ পৰাটোও অতি স্বাভাৱিক । অৱশ্যে মহিলাৰ ক্ষেত্ৰত এনে পৰিৱৰ্তন কিছু লেহেমীয়া হোৱা দেখা যায় । তাৰ কাৰণ হৈছে ছালৰ মসৃণতা ৰক্ষাৰ প্ৰতি সজাগতা প্ৰকাশ । সাধাৰণতে নাৰীসকলে তাৰ বাবে ছাল সুৰক্ষক লোচন বা মলম ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ । ইয়াৰ বিপৰীতে পুৰুষৰ বেছিভাগেই এই বিষয়ত উদাসীনতা প্ৰকাশ কৰাৰ সমান্তৰালভাৱে দিনটোৰ বেছিভাগ সময় ৰ’দত থাকিব লগা হোৱাত ছালৰ মসৃণতা, আনকি ৰঙৰ পৰিৱৰ্তন ঘটাটোও সম্ভৱপৰ হৈ উঠাৰ অৱকাশ থাকে । উল্লেখ্য, ছালত উক্ত ধৰণৰ ওপৰোৱা ক্ৰিয়া সংঘটিত হোৱাৰ বাহিৰেও কিন্তু এটা কথা স্পষ্ট যে বয়স বৃদ্ধিৰ লগে লগে ছালৰ তৈলগ্ৰন্থিবোৰ শুকাবলৈ ধৰাৰ ফলত ছালৰ যতন লোৱা হ’লেও এটা বয়সৰ পিছত ছাল খহটা হোৱাটো অৱধাৰিত হৈ পৰে । তেনে সময়ত ছালৰ স্থিতিস্থাপকতা হ্ৰাস পাবলৈ ধৰে, যাৰ ফলশ্ৰুতিত ছালখন কিছু কোঁচ খাবলৈ ধৰে । পিছে ছাল এবাৰ কোঁচ খোৱাৰ পিছত ইয়াক আগৰ অৱস্থালৈ অনাটো অসম্ভৱ হৈ পৰে । তথাপি ছালৰ এনে অৱস্থা কিছু পলম কৰাৰ ইচ্ছা থাকিলে কিছু সহজ উপায় অৱলম্বন কৰা উচিত । তাৰ বাবে সাধাৰণতে গা ধুই উঠাৰ পিছত তেল ঘঁহা অথবা মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিলে সুফল লাভৰ আশা থাকে । তেনেকৈ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ কু-প্ৰভাৱৰ পৰা ৰক্ষা পোৱাৰ বাবেও ছানস্ক্ৰীন লোচন ব্যৱহাৰ কৰা উচিত । তেনে নকৰিলে বিশেষকৈ বাহিৰত ওলাই থকা অংশ, যেনে হাত-ভৰি, কপাল আৰু গা-মুখ অঞ্চলত ছান বাৰ্ন হোৱাটো আৱশ্যম্ভাৱী হৈ পৰে । এইক্ষেত্ৰত বগা ছালৰ অধিকাৰীসকল সহজেই আক্ৰান্ত হোৱাৰ লগতে ছালৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাও থাকে বুলি কোৱা হয় । এইখিনিতে অৱশ্যে গুৰুত্বপূৰ্ণ এটি দিশ এয়ে যে কিছু সময়ৰ বাবে আমাৰ দেহক ৰ’দৰ প্ৰয়োজন অপৰিহাৰ্য হৈ পৰে । কাৰণ ৰ’দত, বিশেষকৈ পুৱাৰ ৰ’দত পোৱা অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱতে আমাৰ ছালৰ ডাৰ্মিছ স্তৰত ভিটামিন-ডিৰ উৎপত্তি ঘটে । এইবিধ ভিটামিন প্ৰধানকৈ হাড়ৰ সুৰক্ষাৰ বাবে অত্যাৱশ্যকীয় । সেয়ে এনে দিশলৈও আমি মনোযোগ দিয়া উচিত ।

বহু সময়ত আকৌ সূৰ্যৰ প্ৰখৰ ৰশ্মিৰ বাবে ছালৰ উপৰিভগত কিছুমান ৰঙা, মুগা আদি বৰণৰ সৰু ফুট ফুট দাগ বা আঁচৰ দৰে লাইন পৰিবও পাৰে । পিছত এইবোৰ কিছু ডাঙৰ হৈ ফুলি উঠে টেমুনাৰ ৰুপ ধৰিব পাৰে । এনে কাৰ্য বোলে ছালত থকা কেৰ’টিনছাইটৰ কোষবোৰ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হোৱাৰ ফলতেই ঘটে । সেয়ে তেনে হোৱা দেখা পোৱা গ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অত্যাৱশ্যকীয় বুলি জ্ঞান কৰা উচিত ।

বৃদ্ধাৱস্থাত ছালৰ অন্য কিছুমান ৰোগ হোৱাও দেখা যায় । সিবিলাকৰ ভিতৰত ছেব’হৰিক কেৰাট’ছিছ, ডাৰ্মাট’ছিছ পেলুলছা নাইগ্ৰা আৰু টাৰ কেৰাট’ছিছ আদিয়েই প্ৰধান বুলি তথ্য পোৱা যায় । ইবিলাক প্ৰথমে ছালৰ উপৰিভাগত ক’লা বা হালধীয়া বৰণৰ সৰু সৰু টোপোলাৰ ৰুপত ওলায় বুলি কোৱা হয় । গতিকে তেনে হোৱা দেখিলে জটিল অৱস্থালৈ যাবলৈ নিদিয়াকৈ প্ৰাৰম্ভতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো আৱশ্যক ।

ছালৰ ওপৰত ঘটিব পৰা উল্লিখিত ক্ৰিয়াসমূহৰ উপৰি কিছুসংখ্যক বৃদ্ধ লোকৰ কপালৰ ছালত অতি স্পষ্ট ৰুপত প্ৰতিভাত হোৱা এক বিশেষ অৱস্থাৰ সন্দৰ্ভত অধ্যয়ন চলাই শেহতীয়াভাৱে এক নতুন তত্ত্ব উদ্ধাৰ কৰাৰ বাতৰি পোৱা গৈছে । আমি সাধাৰণতে প্ৰত্যক্ষ কৰিবলৈ পাওঁ যে বৃদ্ধাৱস্থাত সকলো লোকৰ ছালে মসৃণতা তথা সতেজতা হেৰুৱাই খহটা আৰু নিস্তেজ হৈ পৰাৰ উপৰি শোটোৰা-শোটোৰ হৈ পৰে । ইয়াৰ বিপৰীতে অতি বৃদ্ধাৱস্থা (৮৫ বছৰৰ বয়সত) কিছু লোকৰ কপালৰ ছাল বেছি পৰিমাণে কোঁচ খাই পৰি এনে অৱস্থাপ্ৰাপ্ত হৈ উঠে যে দুই উঠন অংশৰ মাজত নাঙলৰ সীৰলুসদৃশ আঁচ পৰাৰ দৰে হৈ পৰে । তেনে লোকৰ কপালৰ ৰুপ নিৰীক্ষণ কৰি ব্যক্তিজন কিমান পৰিমাণে হৃদৰোগৰ বলি হ’ব পাৰে, সেই সম্বন্ধে আগজাননী প্ৰকাশ কৰাটো সম্ভৱ বুলি শেহতীয়া বিজ্ঞানসন্মত অধ্যয়নৰ দ্বাৰা এচাম বিজ্ঞানীয়ে মন্তব্য কৰাৰ বতৰা পোৱা গৈছে । এনে সীৰলু কোঁচ নথকাৰ অৱস্থাক শূন্য বুলি ধৰি বাকী ব্যাপকতাৰ ভিত্তিত ইবিলাক ক্ৰমে এক, দুই, তিনি আদি অৱস্থাৰ লোক বুলি শ্ৰেণীবদ্ধ কৰি পেলোৱা হৈছে । তাৰে শূন্য অৱস্থাক সন্দেহমুক্ত জ্ঞান কৰি সংখ্যাৰ ক্ৰমবৃদ্ধি অনুসাৰে হৃদৰোগৰ প্ৰৱণতা বৃদ্ধি বা মৃত্যুৰ আশংকা থকাৰ কথাও প্ৰকাশ কৰা হৈছে ।

এইটো জনা যায় যে উল্লিখিত বিষয়ত ফৰাচী দেশৰ চেণ্টাৰ হস্পিটেলিয়াৰ ইউনিভাৰছিটেয়াৰ ড্য টোলজ, (Centre Hospitalier Universitaire de Toulouse) ৰ পৰা ৩,২০০ কৰ্মক্ষম ব্যক্তিৰ কপালৰ সীৰলু নিৰীক্ষণৰ ওপৰত ভিত্তি কৰি সেই লোকসকলৰ কলাজেন প্ৰ’টিন আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ পৰীক্ষামূলক অধ্যয়নৰ দ্বাৰা হৃদৰোগ তথা ধমনী সংকোচনজড়িত কাৰ্ডিঅ’ভাছকুলাৰ ৰোগ (Cordiovascular disease, সংক্ষেপে CVD ) ৰ আগজাননী দিয়াটো সম্ভৱ বুলি অভিমত ব্যক্ত কৰে । এনেধৰণৰ তত্ত্ব উদ্ধাৰৰ বিষয়ে গৱেষণা কেন্দ্ৰটিৰ সহযোগী অধ্যাপক য়েলনভি এছডুৱেইৰলে (Yolende Esquirol) ঘোষণা কৰে যে এনে অধ্যয়নৰ দ্বাৰা আমাৰ দেহৰ ভিতৰত চলি থকা ধমনী সংকোচন সূচোৱাৰ লগতে ৰোগৰ মাত্ৰাৰ বিষয়ে আগতীয়াকৈ জনাটো সম্ভৱ । উল্লেখনীয় যে এনেধৰণৰ তথ্য চালিত বছৰত জাৰ্মানীত অনুষ্ঠিত European Society of Cardiology      অৰ্থাৎ ECS সভাত গৱেষক দলটিৰ ফালৰ পৰা প্ৰকাশ কৰা হয় বুলি বাতৰি পোৱা গৈছিল । বিষয়টো নি:সন্দেহে গুৰুত্বপূৰ্ণ ।

লেখক :- অৰ্পণ দত্ত

উৎস :- জি এনআৰচি স্বাস্থ্য

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top