মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বেছিকৈ ঘমাটো ৰোগৰ লক্ষণ হ’ব পাৰে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বেছিকৈ ঘমাটো ৰোগৰ লক্ষণ হ’ব পাৰে :

বেছিকৈ ঘমাটো ৰোগৰ লক্ষণ হ’ব পাৰে, সেই বিষয়ে লিখা হৈছে ।

 

বিশ্বৰ ১-২ শতাংশ মানুহেই বৰকৈ ঘামে, অৰ্থাৎ তেওঁৰ শৰীৰৰ পৰা অত্যধিক ঘাম নিৰ্গত হয়। অত্যধিকভাৱে ঘাম নিৰ্গত সাধাৰণতে হাতৰ তলুৱা, কাষলতিৰ তল আৰু মুখমণ্ডলৰ পৰা হয়। বহুক্ষেত্ৰত কোনো সামাজিক পৰিৱেশত অত্যধিক ঘমা ব্যক্তি অস্বস্তিত পৰিব লগা হয়। আজিৰ এই আলোচনাত অত্যধিক ঘাম ওলোৱাৰ উপসৰ্গ, কাৰণ, লক্ষণ তথা প্ৰতিকাৰৰ বিষয়ে ক’ব খোজা হৈছে-

বেছিকৈ ঘমা মানে কি?

এই সমস্যাটো সৰ্বসাধাৰণৰ বাবে অস্বস্তিকৰ আৰু আমনিদায়ক সমস্যা। কাষলতিৰ তলৰ ঘাম সচৰাচৰ কৈশোৰ অৱস্থাৰ পৰা আৰম্ভ হয়, কিন্তু হাতৰ তলুৱা আৰু ভৰিৰ তলুৱাৰ ঘাম তাৰ আগতেই শিশু অৱস্থাৰ পৰাই আৰম্ভ হোৱা দেখা যায়। চিকিৎসাৰ ব্যৱস্থা নল’হে এই সমস্যা গোটেই জীৱনজুৰি থাকে।

ঘৰ্ম গ্ৰন্থিৰ দ্বাৰা সৃষ্ট পনীয়া পদাৰ্থ ছালৰ ৰন্ধ্ৰৰে বাহিৰেলৈ ওলাই অহাকেই  ঘাম বোলে। ঘৰ্ম গ্ৰন্থি চুঙা আকৃতিৰ গ্ৰন্থি, যি ছালৰ তলতেই থাকে। এই ঘৰ্ম গ্ৰন্থিয়েই ছালত থকা সৰু সৰু ৰন্ধ্ৰৰ মাজেৰে ছালৰ ওপৰলৈ ঘাম বাহিৰ কৰি দিয়ে। শৰীৰে নিৰ্দিষ্ট পৰিমাণৰ বেছিকৈ ঘাম বাহিৰ কৰি দিয়াকেই ঘমা বুলি কোৱা হয়। সচৰাচৰ ঘামৰ সহায়ত শৰীৰে তাপ নিয়ন্ত্ৰণ কৰে।

বেছিকৈ ঘাম ওলোৱাৰ উপসৰ্গ -

বেছিকৈ ঘমা কাৰ্যটো আমি নিজে পৰিচালন কৰিব নোৱাৰোঁ। ই যিকোনো সময়তেই যিকোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈয়ে দেখা দিব পাৰে, কিন্তু ৰাতি টোপনিত থকা সময়ত নহয়। ঘামৰ পৰিমাণ প্ৰত্যেকৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়।

বেছিকৈ ঘাম ওলোৱাৰ কাৰণ -

বেছিকৈ ঘমাৰ কাৰণ হিচাপে ঘাইকৈ ইয়াক ক’ব পাৰি যে যিসকল লোক বেছিকৈ ঘামে, তেওঁলোকে জন্মতে উত্তৰাধিকাৰী সূত্ৰে এই ৰোগ লগত লৈ আহে, যিয়ে যিকোনো পৰিৱেশত তেওঁলোকক বিৰক্তিত ভোগায়।

বেছিভাগ ঘাম ওলোৱা লোকেই স্বাস্থ্যৱান হোৱা দেখা যায়। বাহিৰৰ পৰিৱেশ গৰম হ’লে বা বেছিকৈ ব্যায়াম কৰিলেও সাধাৰণতে ঘামে। সাময়িকভাৱে বেছিকৈ ঘাম আন কিছুমান কাৰণ যেনে- খং, ভয়, হতাশাগ্ৰস্ত অৱস্থা আদিত বেছিকৈ ওলোৱা দেখা যায়।

বহুতো ৰোগৰ কাৰণ হিচাপে কোনো লোক বেছিকৈ ঘামিব পাৰে। যি লোক বেছিকৈ ঘমা সমস্যাৰ দ্বাৰা আক্ৰান্ত, তেওঁ সকলো সময়তে ঘামি থকা দেখা যায়। ই ।

মনৰ অৱস্থা বা বতৰৰ লগত সম্পৰ্ক নাৰাখে। বেছিকৈ ঘমাৰ লগত সম্পৰ্ক থকা কিছুমান ৰোগ আৰু আন কিছুমান আনুষংগিক কাৰক হ’ল-

*জ্বৰ- টিবি বা যক্ষ্মা ৰোগ

*এইচ আই ভি- ৰজোনিবৃত্তি

*লিউক’মিয়া- টিউমাৰ

*বীজাণুৰ স্বাৰা সংক্ৰমণ- গৰম পৰিৱেশ

*জীৱাণুৰ দ্বাৰা সংক্ৰমণ কিন্তু সুখৰ কথা যে বৰ্তমান সময়ত বিভিন্ন উপায় অৱলম্বন কৰি বেছিকৈ ঘাম ওলোৱাক প্ৰতিৰোধ কৰিব পাৰি।

বেছিকৈ ঘাম নিঃসৰণৰ লগত অনুভূতিশীল স্নায়ুপ্ৰণালী দায়ী, যি এক স্বয়ংক্ৰিয় প্ৰণালী আৰু ইয়াৰ ওপৰত আমাৰ কাৰো হাত নাথাকে। এই স্বয়ংক্ৰিয় স্নায়ুৰ প্ৰণালীয়ে তেজৰ চাপ, হৃদস্পন্দন, উৎকন্ঠাৰ স্তৰ আদি বহুতো কাৰ্য নিয়ন্ত্ৰণ কৰে।

সৰহভাগ লোকৰেই হাত আৰু ভৰিৰ তলুৱা বেছিকৈ ঘামে। অতি কমসংখ্যক লোকৰহে কাষতলিৰ তল আৰু মুখমণ্ডল বেছিকৈ ঘ্মাৰ সমস্যা দেখা যায়।

বেছিকৈ ঘমা হাত -

বেছিকৈ ঘমা অংগৰ ভিতৰত হাতৰ তলুৱা অন্যতম। সাধাৰনতে ডেকাচামৰ মাজত হাতৰ তলুৱা বেছিকৈ ঘমা লক্ষ্য কৰা যায়। ইয়াৰ প্ৰকোপ মানুহ ভেদে ভিন ভিন হ’ব পাৰে। হাতৰ তলুৱা ঘমাৰ লগত পূৰ্বপুৰুষৰ সম্পৰ্ক আছে আৰু ৫০ শতাংশ ৰোগীৰেই পৰিয়ালত হাত ঘমাৰ পৰম্পৰা থকা দেখা পোৱা যায়।

ব্যৱসায় সংক্ৰান্তত বা আন কাৰণত কাৰোবাৰ সৈতে হাত মিলাব(Handshake) লগা হ’লে হাতৰ তলুৱা ঘমা মানুহে ভীষণ লজ্জাবোধ কৰে। অতি বেছিকৈ হাতৰ তলুৱা ঘমা মানুহে আনকি কলম ধৰিবলৈ আৰু গাড়ী চলাবলৈও অসুবিধা পায়।

সচৰাচৰ প্ৰাথমিক পৰ্যায়ত হাতৰ তলুৱা ঘমাটো এক শাৰীৰিক পৰিঘটনা। কিন্তু উদ্বেগপূৰ্ণ মনৰ অৱস্থাত ই বঢ়া দেখা যায়।

মানুহে নিজৰ ইচ্ছা মতে ইয়াৰ সময় আৰু পৰিমাণ কমাব-বঢ়াব নোৱাৰে, কিন্তু কিছুমান পৰিমাণ কমাব-বঢ়াব নোৱাৰে, কিন্তু কিছুমান উপায় যেনে- লোচন, পিল, বনৌষধি, বৈদ্যুতিক সোঁত, আকুপাংচাৰ আৰু অস্ত্ৰোপচাৰ পৰ্যায়লৈ যোৱাৰ আগতে ৰোগীয়ে উপৰিউক্ত যিকোনো অস্ত্ৰোপচাৰৰ বাদে দিয়া প্ৰতিকাৰৰ উপায় নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰি চাব লাগে।

পুৰণিকালত অস্ত্ৰোপচাৰ বহু ব্যয়বহুল আৰু জটিল প্ৰক্ৰিয়া আছিল। কিয়নো অনুভূতিশীল স্নায়ুতন্ত্ৰ বুকুৰ মাজতহে থাকে। ইয়াৰ বাবেই বহুল অৰ্থত এই ধৰণৰ চিকিৎসা সম্ভৱপৰ নাছিল।

কিন্তু বৰ্তমান সময়ত চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে আধুনিক এণ্ডোস্ক’পিক অস্ত্ৰোপচাৰৰ(Endoscopic surgery) দ্বাৰা এইধৰণৰ অস্ত্ৰোপচাৰ সহজ হৈ উঠিছে। আজিকালি তথ্য সৰবৰাহৰ মাধ্যম হিচাপে ব্যৱহৃত ইন্টাৰনেটৰ দ্বাৰা ৰোগীয়ে নিজেই কোনো ৰোগৰ বিষয়ে বিতং তথ্য তথা উপযুক্ত চিকিৎসাৰ বাট নিজেই উলিয়াই ল’বলৈ সক্ষম হৈ উঠিছেফ।

আধুনিক অস্ত্ৰোচপাৰ অতি কম সময়ৰ ভিতৰতে সম্পন্ন হয় আৰু ৰোগীয়ে কেইঘন্টামানৰ ভিতৰতে নিজৰ দৈনন্দিন কৰ্মপ্ৰণালীৰ মাজত বিচৰণ কৰিব পৰা হয়গৈ।

ভৰিৰ তলুৱা ঘমাৰ সমস্যা -

হাতৰ তলুৱা ঘমাৰ দৰে ভৰিৰ তলুৱা ঘমাটোও এক অসহ্যকৰ অনুভূতি। সাধাৰণতে ভৰি ঘমাৰ বাবে সৃষ্টি হোৱা দুৰ্গন্ধ, সঘনাই সলাবলগীয়া জোতা-মোজা আদিৰ বাবে ভৰিৰ তলুৱা ঘমা মানুহ অতিষ্ঠ হৈ পৰে।

আজিকালি ভৰিৰ তলুৱা ঘমাৰ বাবে অস্ত্ৰোপচাৰ সহজলভ্য। এই অস্ত্ৰোপচাৰৰ কাৰ্যকাৰিতা লেখত ল’বলগীয়া। হাতৰ তলুৱা ঘমাৰ অস্ত্ৰোপচাৰতকৈ ইয়াক বেলেগকৈ কৰা হয় আৰু ৰোগী সচৰাচৰ ৰাতিটো থাকিবলগীয়াত পৰে।

কাষলতি ঘমাৰ সমস্যা -

কাষলতিৰ তল ঘমাৰ সমস্যাৰ লগত হাত ঘমাৰ সম্পৰ্ক আছে আৰু ৪০ শতাংশ ৰোগীয়েই এই দুই সমস্যাৰ কথা দোহাৰে।

কাষলতিৰ তলত দুই ধৰণৰ ঘৰ্ম গ্ৰন্থি থাকে- একৰাইন আৰু এপ’ক্ৰাইন গ্ৰন্থি। বৰ্তমান সময়ত অস্ত্ৰোপচাৰ তথা লেজাৰ ৰশ্মিৰ সহায়ত ইয়াক প্ৰতিৰোধ কৰিব পৰা ব্যৱস্থা হৈছে। ই ৮৫-৯০ শতাংশলৈ কাৰ্যকৰী।

মুখমণ্ডল ঘমাৰ সমস্যা -

মুখমণ্ডল ঘমা সমস্যা টীন এজ(Teen age) বয়সৰ শেষৰ ফালৰ পৰা আৰম্ভ হয়, য’ত ঘাম ওলোৱাৰ লগতে মুখমণ্ডল ৰঙা হৈ পৰে। ৰোগীয়ে ঘমাৰ সময়ত মুখমণ্ডলত গৰম অনুভৱ কৰে আৰু মুখৰ ৰং সলনি হয়।

অস্ত্ৰোপচাৰৰ দ্বাৰা ইয়াৰ সমস্যা আঁতৰাবলৈ গ’লে বহুতো পাৰ্শ্বক্ৰিয়া ঘটা দেখা যায়। গতিকে কিছুমান দৰবৰ দ্বাৰা ইয়াৰ চিকিৎসা কৰা হয়।

সামৰণি:

বেছিকৈ ঘাম ওলোৱা মানেই শৰীৰত পানী কমি যোৱা। শৰীৰ নিৰ্জল নহ’বলৈ প্ৰচুৰ পানী খোৱা উচিত। কাষতলি তল বেছিকৈ ঘমা লোকে ঘামৰ দাগ লগা সমস্যা নহ’বলৈ ঘনাই পিন্ধা কাপোৰ ধোৱা উচিত। নহ’লে ঘামৰ লগত বীজাণুৰ সংক্ৰমণ ঘটি চৰ্মৰোগ আৰু দুৰ্গন্ধৰ সৃষ্টি কৰিব পাৰে।

আজিকালি ঘামৰ গোন্ধৰ পৰা দূৰত থাকিবৰ বাবে বহুতো সুগন্ধিযুক্ত প্ৰসাধন বজাৰত উপলব্ধ। সেইবোৰ ব্যৱহাৰ কৰি সমজুৱা স্থানত প্ৰৱেশ কৰিলে নিজৰ অস্বস্তিবোধ নিশ্চয় কম হ’ব।

লেখক: ডাঃ বীৰেন্দ্ৰ নাৰায়ণ শৰ্মা(দেওবৰীয়া সুকন্যা)

3.44444444444
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top