মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বেছিকৈ ভিটামিন নাখাব :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বেছিকৈ ভিটামিন নাখাব :

বেছিকৈ ভিটামিন নাখাব, ৰ বিষয়ে লিখা হৈছে ।

 

দেহৰ শ্ৰীবৃদ্ধিৰ বাবে ভিটামিন খোৱাটো একো বেয়া কথা নহয়। আমি গ্ৰহণ কৰা খাদ্যসমূহৰ পৰা বিভিন্ন ধৰণৰ ভিটামিন পাওঁ। অৱশ্যে ভিটামিন অতিৰিক্ত ভিটামিন গ্ৰহণ কৰাৰ ফলত শৰীৰৰ উপকাৰ হোৱাতো বাদেই অপকাৰহে হ’ব অধিক।

ভিটামিন-এৰ অতিৰিক্ত ব্যৱহাৰৰ ফলত -

*ভোক নোহোৱা,

*বমি বমি ভাব হোৱা,

*ছালখন খহটা হোৱা,

*খজুৱতি,

*চুলি পকিবলৈ ধৰা,

*খিংখিঙীয়া স্বভাৱৰ হোৱা,

*ৰক্তাল্পতা,

*লিভাৰ ডাঙৰ হোৱা,

*ওজন হ্ৰাস হোৱা,

*জিভাত ঘা হোৱা,

*মস্তিষ্কৰ চাপ বৃদ্ধি হৈ মূৰৰ বিষ হোৱা আৰু

*গৰ্ভৱতী মাতৃয়ে বিকলাংগ শিশু জন্ম দিয়া আদি সমস্যাই গা কৰি উঠে।

ভিটামিন-বি-কমপ্লেক্স বেছিকৈ খালে -

*চকু-মুখ ৰঙা হোৱা,

*খজুৱতি,

*ফোঁহা,

*পেটৰ অসুখ,

*পেপটিক আলচাৰ,

*জণ্ডিচ আদি সমস্যাই দেখা দিয়াৰ উপৰি চকুৰো বিভিন্ন ৰোগ হ’ব পাৰে।

ভিটামিন-বি অতিৰিক্ত ব্যৱহাৰৰ ফলত পেটত ঘা হোৱাৰ উপৰি ৰক্তচাপ কম হয় আৰু লিভাৰৰো ক্ষতি হয়। আনহাতে, বি-৬ বেছিকৈ খালে স্নায়ুতন্ত্ৰৰো ক্ষতি হ’ব পাৰে।

ইয়াৰ ফলত পেৰিফেৰেল নিউৰোপেথী হয়। বহুতে চৰ্দি-কাহ আদি হ’লেই ভিটামিন-চি খায়। হাঁচি-কাহত ভিটামিন-চিয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেই সম্পৰ্কে ভেষজ বিজ্ঞানীসকল নিশ্চিত হ’ব পৰা নাই।

অতিৰিক্ত পৰিমাণে ভিটামিন-চি খালে প্ৰস্ৰাৱত অক্সালৰ্টৰ মাত্ৰা বৃদ্ধি পায় আৰু কিডনীৰ ক্ষতি হয়। আনহাতে গৰ্ভাৱস্থাত বেছিকৈ খালে গৰ্ভস্থ শিশু বিকলাংগও হ’ব পাৰে।

পেটৰ বিষ হয় আৰু সঘনাই পায়খানা হয়। ভিটামিন-ডি বেছিকৈ খালে শৰীৰত কেলচিয়ামৰ মাত্ৰা বৃদ্ধি পায়। আনকি অনিয়মীয়া হৃদস্পন্দন হ’ব পাৰে আৰু শিশুৰ শাৰীৰিক আৰু মানসিক বৃদ্ধিত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে।

পেটৰ বিষ, মূৰৰ বিষ হোৱাৰ উপৰি কিডনীত পাথৰ জমা হৈ কিডনীৰ ক্ষতি কৰিব পাৰে। ভিটামিন-ই অতিৰিক্ত পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত মাংসপেশীবোৰ দুৰ্বল হয়, বমি বমি ভাব হয়, ক্লান্তিবোধ হয়, মূৰৰ বিষ আদি সমস্যাই গা কৰি উঠে।

কিছুমানৰ দৃষ্টিশক্তিৰ সমস্যায়ো দেখা দিব পাৰে। আনহাতে, ভিটামিন-কে অতিৰিক্ত মাত্ৰাত খালে তেজত বিলিৰুবিনৰ পৰিমাণ বৃদ্ধি হৈ জণ্ডিচ হ’ব পাৰে।

তদুপৰি লিভাৰ ক্ষতিগ্ৰস্ত হয় আৰু ৰক্তাল্পতাই দেখা দিয়ে। স্নায়ুৰ অসুখ হোৱাৰ আশংকাও নুই কৰিব নোৱাৰি।

উৎস: নিয়মীয়া বাৰ্তা

2.71428571429
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top