অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্যায়াম :

ব্যায়ামৰ বিষয়ে লিখা হৈছে ।

 

সাধাৰণভাৱে সুস্বাস্থ্যৰ অধিকাৰী হ’বৰ কাৰণে খালী হাতেৰে কৰা ব্যায়াম উৎকৃষ্ট। এই ব্যায়ামৰ দ্বাৰাই লাহে লাহে পেশী গঠন আৰু শক্তি অৰ্জন হয়। শৰীৰৰ যিখিনি উন্নতি হয়, সেইখিনি চিৰস্থায়ী হয়।
আনহাতে বাৰবেল, ডাম্বেল আদিৰ দ্বাৰা ব্যৱহাৰ কৰিলে সোনকালে পেশীবহুল সুন্দৰ দেহৰ গৰাকী হোৱা যায়।

কিন্তু ব্যায়াম এৰি দিলে শৰীৰৰ যিখিনি উন্নতি হৈছিল, সেইখিনিও বহুলাংশে নাইকিয়া হৈ যায়। কিন্তু খালী হাতেৰে কৰা ব্যায়ামৰ দ্বাৰা এনে নহয়। যিখিনি শাৰীৰিক উন্নতি কৰা যায় সেইখিনি আজীৱন থাকি যায়।

খালী হাতেৰে কৰা ব্যায়াম অতীজৰ পৰা জনপ্ৰিয় হৈ আহিছে। ইয়াৰ ফল চিৰস্থায়ী। হাতৰ ব্যায়াম অতি জনপ্ৰিয় আৰু সুফলদায়ক। শক্তিৰ পূজাৰীসকলে ডন-বৈঠক অভ্যাস কৰি শক্তি বৃদ্ধি কৰে।

লোকমান্য বালগঙ্গাধৰ তিলকে নিতৌ পাঁচশ বাৰলৈকে ডন-বৈঠক অভ্যাস কৰাৰ কথা শুনিবলৈ পোৱা যায়। শক্তি আৰু চৰিত্ৰ ৰক্ষা কৰাত এই ব্যায়ামৰ গুৰুত্ব সৰ্বজন বিবিদ।

বুকডনে কঁকালৰ তলছোৱাত অৰ্থাৎ কলাফুল, কৰঙণ আদিৰ পেশী মজবুত, সুন্দৰ আৰু শক্তিশালী কৰি এইবিলাকৰ শক্তি বৃদ্ধি কৰে। বৈঠক অভ্যাস কৰিলে ব্ৰহ্মচৰ্য ব্ৰত ৰক্ষাত সহায় হয়।

পুৱা বা গধূলি ঠাই এডোখৰ ব্যায়াম কৰিবৰ কাৰণে নিৰ্দিষ্ট কৰি ল’ব লাগে। যদি মুকলি ঠাইৰ অভাৱ বা ব্যায়াম কৰাত অসুবিধা হয়, তেনেহ’লে কোঠাৰ ভিতৰত দুৱাৰ-খিৰিকি খুলি অৰ্থাৎ বায়ু চলাচল কৰা ঠাইত ব্যায়ামৰ অভ্যাস কৰিব লাগে। ব্যায়াম অভ্যাস কৰোতে অতি স্বাভাৱিকভাৱে উশাহ-নিশাহ হৈ থাকিব লাগে।

ল’ৰা-বুঢ়া-ডেকা সকলোৰে কাৰণে খালী হাতেৰে ব্যায়াম কৰাটো অতি উপযোগী। ইয়াৰ কাৰণে কোনো আহিলা বা সমল নালাগে। কেৱল অকণমান মুকলি ঠাই হ’লেই হ’ল।

ব্যায়াম কৰাৰ নিয়ম -

একেবাৰে ভোকত থকা অৱস্থাত আৰু সম্পূৰ্ণ পেটভৰ্তি কৰি খাই উঠি ব্যায়াম কৰিব নালাগে। অতি ভাগৰত থাকিলেও ব্যায়াম কৰা অনুচিত।

স্বাভাৱিক অৱস্থাত পুৱা পাতল কিবা এটা খাই অথবা নোখোৱাকৈয়ো ব্যায়াম কৰিব পাৰি।

হঠাৎ ব্যায়াম আৰম্ভ কৰি নালাগে। প্ৰথমে শৰীৰটো উত্তপ্ত কৰি ল’ব লাগে। লাহে লাহে জঁপিয়াই হাত-ভৰিবোৰ জোকাৰি, পেশীবোৰ ঢিলা কৰি লৰাই-চৰাই শৰীৰটোত তেজ চলাচলৰ গতি তীব্ৰ কৰি ল’ব লাগে।

এতিয়া প্ৰথমতে ভৰিৰ ফালৰ পৰা ব্যায়াম আৰম্ভ কৰিব লাগে। কলাফুলৰ ব্যায়াম, কৰঙণৰ ব্যায়াম কৰি তাৰ পিছত বৈঠক আৰম্ভ কৰিব লাগে।

*বুকডন মাৰি হাতৰ ফোৰআৰ্ম আৰু বাইচেপসৰ ব্যায়াম কৰি,

*বুকু আৰু পিঠিৰ ব্যায়াম কৰি,

*ডিঙিৰ ব্যায়াম কৰি সামৰণি মাৰিব লাগে।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে শৰীৰৰ তল অংশৰ পৰা ব্যায়াম আৰম্ভ কৰিব লাগে। হঠাতে ওপৰৰ অংশৰ ব্যায়াম আৰম্ভ কৰিব নালাগে।

(খালী হাতৰ ব্যায়াম ৫-৬ বছৰীয়া শিশুৱে যেনেকৈ অভ্যাস কৰিব পাৰে, ঠিক তেনেকৈ ৫০-৬০ বছৰীয়া লোকসকলেও নিয়মিত অভ্যাস কৰিব পাৰে। আন নালাগে ৭০-৮০ বছৰীয়া বৃদ্ধয়ো ব্যায়াম কৰি সুফল লাভ কৰিব পাৰে।)

উপকাৰিতা -

ব্যায়াম কৰাৰ সময়ত আমাৰ উশাহ ঘন আৰু দীঘল হয়। ফলস্বৰূপে বায়ুমণ্ডলৰ পৰা অধিক পৰিমাণৰ অক্সিজেন আমি গ্ৰহণ কৰো। শৰীৰৰ তেজ চলাচল সুচাৰুৰূপে চলে।

শৰীৰৰ ভিতৰত থকা অংগ-প্ৰত্যংগবোৰ দৃঢ় আৰু শক্তিশালী হোৱাৰ লগে লগে শৰীৰৰ বাহিৰৰ পেশীসমূহো দৃঢ়, শক্তিশালী আৰু সুন্দৰ হয়।

ভাল টোপনি আহে। কোষ্ঠ পৰিষ্কাৰ হয় আৰু কোষ্ঠকাঠিন্য কেতিয়াও নহয়, থাকিলেও দূৰ হয়। মনলৈ আনন্দৰ ভাব আহে।

মন উদাৰ হয়। কুভাব মনলৈ নাহে। ৰোগ প্ৰতিষেধক শক্তি বৃদ্ধি পায়। নিৰোগী হৈ দীৰ্ঘ জীৱন লাভ কৰিব পৰা যায়।

ব্যায়াম নং- ১(কলাফুলৰ ব্যায়াম):

পোন হৈ থিয় হওক। কঁকালত দুয়োখন হাত দি লওক। খুঁটা বা খিৰিকিৰ ৰড বা চকী আদিত ধৰি লবও পাৰে।

এতিয়া লাহে লাহে উশাহ লৈ ভৰিৰ আঙুলিৰ ওপৰত ভৰ দি গোৰোহা দুটা যিমান পাৰে ওপৰলৈ তুলি দিয়ক।

ক্ষন্তেক সময় এনেদৰে থাকক, নিশ্বাস এৰাৰ লগে লগে গোৰোহা দুটা লাহে লাহে নমাই মাটিত লগাওক। এইদৰে বিশ-পঁচিশবাৰ কৰক। এই ব্যায়ামৰ দ্বাৰা কলাফুল দৃঢ়, সুন্দৰ আৰু শক্তিশালী হয়।

ব্যায়াম নং- ২(কৰঙণৰ ব্যায়াম):

বেৰত সোঁহাতেৰে ভেজা দি লওক, বাওঁহাত কঁকালত থাকিব। এতিয়া বাওঁভৰি আঁঠুত ভাঙি পিছলৈ আনক। ক্ষন্তেক সময়ো নোৰোৱাকৈ আকৌ পোন কৰক। এইদৰে দহ-পোন্ধৰবাৰ কৰক। লাহে লাহে সপ্তাহত দুই-চাৰিবাৰকৈ বঢ়াই যাব।

এইদৰে এইবাৰ বাওঁহাত, বেৰত, সোঁহাত কঁকালত থৈ, সোঁভৰি দাঙি এইদৰেই দহ-পোন্ধৰবাৰ কোঁচোৱা-মেলা কৰক।

এই ব্যায়ামে কৰঙণৰ শক্তি বৃদ্ধি কৰে, আকাৰ সুন্দৰ কৰে। কঁকালৰ পেশী মজবুত কৰে। লঁকালৰ বিষ হ’বলৈকে নিদিয়ে আৰু থাকিলেও দূৰ কৰে।

ব্যায়াম নং- ৩(বৈঠক):

কঁকালত দুয়ো হাত দি থিয় হওক। উশাহ লোৱাৰ লগে লগে গোৰোহা দাঙি ভৰিৰ পতাৰ ওপৰত নিৰ্ভৰ কৰি বহি পৰক।

গোৰোহা নাদাঙিলেও কথা নাই, এতিয়া উশাহ এৰাৰ লগে লগে থিয় হওক। এইদৰে উশাহ এৰাৰ লগে লগে থিয় হওক। এইদৰে দহ-পোন্ধৰবাৰ উঠা-বহা কৰক।

প্ৰত্যেকবাৰ উঠা-বহা কৰক। প্ৰত্যেকবাৰ উঠা-বহা কৰোতে বুকু ভৰাই দীঘল উশাহ ল’ব আৰু এৰিব।

কঁকালত নধৰি আপুনি কোনো খুঁটা বা লাঠি এডালৰ সহায়ত থিয় হৈ ধৰি, নতুবা খিৰিকিৰ ৰডত ধৰিও এই বৈঠক ব্যায়ামৰ অভ্যাস কৰিব পাৰে।

কেৱল লক্ষ্য ৰাখিব শৰীৰ(মেৰুদণ্ড) যাতে পোন হৈ থাকে। ইয়াৰ দ্বাৰাই কঁকালৰ নিম্নভাগৰ উত্তম ব্যায়াম হয়। সমস্ত পেশী দৃঢ় আৰু শক্তিশালী হয়।

ব্যায়াম নং- ৪(বুকডন):

মাটিত কাপোৰ এখন পাৰি বা দলিচা পাৰি নতুবা শুদা মাটিতে পেট পেলাই শুই পৰক। এতিয়া দুয়োখন হাত সম্প্ৰসাৰিত কৰি দুই হাতৰ তলুৱাত ভৰ দি বুকু আগলৈ কৰি অৱস্থান কৰক। এতিয়া কিলাকুটিৰ হাত কোঁচাই বুকু ফিটফিটীয়া কৰি দিয়ক।

মূৰ পিছলৈ কৰক, যাতে ডিঙিৰ পেশীত জোৰ পৰে। ক্ষন্তেক সময় থাকি পুনৰ আগৰ অৱস্থালৈ ঘূৰি যাওক।

উশাহ-নিশাহ স্বাভাৱিকভাৱে থাকিব। এনেধৰণেও কৰিব পাৰে, মূৰটো ওপৰলৈ উঠাওঁতে উশাহ ল’ব আৰু মূৰটো তললৈ কৰোতে উশাহ এৰিব পাৰে।

আপোনাৰ শক্তি-সাৰ্থকৰ সুবিধা মতে প্ৰথম আৰম্বণিতে প্ৰতিবাৰতে তিনিবাৰ কৰি মুঠ ৯ বাৰ কৰিব। লাহে লাহে প্ৰতি সপ্তাহত এবাৰ বা দুবাৰকৈ বঢ়াই যাব।

প্ৰথম সপ্তাহত আপুনি তিনিবাৰকৈ ৯ বাৰ কৰিলে, দ্বিতীয় সপ্তাহত পাঁচবাৰকৈ পোন্ধৰবাৰ হ’ল আৰু তৃতীয় সপ্তাহত প্ৰতিবাৰতে সাতবাৰকৈ তিনিবাৰত একৈশ বাৰ হ’ল।

এইদৰে প্ৰতি সপ্তাহত আপোনাৰ শক্তি নিৰন্তৰ বৃদ্ধি হৈ গৈ থাকিব। এতিয়া এটা কথা আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে, আপোনাৰ কিমান শক্তি বৃদ্ধিৰ প্ৰয়োজন আছে। চেম্পিয়ন হ’বৰ কাৰণে বা অধিক শক্তিশালী হ’বৰ কাৰণে এই শক্তি আপুনি নিৰন্তৰ বঢ়াই থাকিব পাৰে।

যদি সাধাৰণভাৱে সুস্বাস্থ্যৰ গৰাকী হৈ স্বাস্থ্যবান হৈ থাকিবলৈ বিচাৰে, তেনেহ’লে দিনে মুঠ ত্ৰিশবাৰমান বুকডন কৰিলেই যথেষ্ট।

এই ব্যায়াম কৰি কিছুদিনৰ ভিতৰতে শক্তি বৃদ্ধি কৰাৰ প্ৰমাণ ব্যায়ামকাৰীয়ে নিজেই উপলব্ধি কৰিব পাৰিব।

এই ব্যায়ামৰ দ্বাৰাই-

*হাতৰ পেশী,

*বাউসীৰ পেশী,

*বুকুৰ পেশী আৰু

*পিঠিৰ পেশীসমূহক সুন্দৰ, সুগঠিত আৰু শক্তিশালী কৰে।

*পেটৰ চৰ্বি কমায়,

*বুকু বহল কৰে,

*পাৰবুকুৱাসকলে এই ব্যায়াম কৰি দেহৰ গঠন সুন্দৰ কৰিব পাৰে।

কঁকাল সুগোল আৰু সুন্দৰ কৰে। কঁকালৰ বিষ হ’বলৈকে নিদিয়ে। ভৰিৰ পৰা ডিঙিলৈকে শৰীৰৰ উত্তম ব্যায়াম হয়।

সকলোতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে এই ব্যায়ামৰ দ্বাৰা আমাৰ মেৰুদণ্ডৰ শক্তি আৰু কৰ্মক্ষমতা বাঢ়ে।

শৰীৰৰ সকলো স্নায়ু সতেজ হয়। ভাৰতীয় পালোৱানসকলৰ শক্তি বৃদ্ধিৰ ৰহস্য এই বুকডন ব্যায়ামতে লুকাই আছে।

বৌদ্ধধৰ্মীসকলে বৌদ্ধবিহাৰত বা বুদ্ধদেৱৰ মূৰ্তিৰ ওচৰলৈ সভক্তিৰে কেইবামিটাৰমান দূৰৰ পৰাই এইদৰে মাটিত বুকডন মৰাৰ দৰে গৈ থাকে।

ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে ধৰ্মীয় আচৰণতো এই বুকডন ব্যায়ামৰ সম্পৰ্ক আছে, যাৰ দ্বাৰা শৰীৰৰ উপকাৰ হয়।

শক্তিশালী হ’বৰ কাৰণে, সুন্দৰ আৰু সুঠাম শৰীৰ গঢ়িবৰ কাৰণে আৰু অলাগতিয়াল চৰ্বি শৰীৰৰ পৰা দূৰ কৰিবৰ কাৰণে বুকডন এটা উত্তম ব্যায়াম। এই ব্যায়াম সকলোৱে কৰিব পাৰে।

ব্যায়াম নং- ৫(হাতৰ ব্যায়াম):

পোন হৈ থিয় হওক, উশাহ-নিশাহ স্বাভাৱিক কৰি ৰাখিব। দুয়ো হাতৰ মুঠি সোঁহাতৰ পৰা বাওঁহাতলৈ ঘূৰাই থাকক।

দহ-পোন্ধৰবাৰ ঘূৰাৰ পিছত পুনৰ বাওঁ ফালৰ পৰা সোঁফাললৈ ঘূৰাওক।

এই ব্যায়ামৰ দ্বাৰা হাতৰ ফোৰআৰ্মচৰ আকাৰ ধুনীয়া হয় আৰু শক্তি বৃদ্ধি পায়। দিনে বিছ-পঁচিছবাৰমান কৰিলেই যথেষ্ট। ইচ্ছা কৰিলে সংখ্যা বৃদ্ধি কৰি যাব পাৰে।

ব্যায়াম নং- ৬(বাহুৰ ব্যায়াম):

পোন হৈ থিয় হওক, দুই হাত দুফালে মেলি দিয়ক। এতিয়া হাতৰ মুঠি বন্ধ কৰি কিলাকুটিত ভাঙি বাউসীৰ ওচৰলৈ হাতৰ মুঠি আনক যাতে মুঠিটোৱে বাউসী স্পৰ্শ কৰা-নকৰাৰ অৱস্থাত থাকে। পুনৰ হাত সম্প্ৰসাৰিত কৰক। এইদৰে দহ-পোন্ধৰ্বাৰ কৰক।

প্ৰতি সপ্তাহত সংখ্যা বঢ়াই যাব পাৰে। পিছত নিজৰ প্ৰয়োজন মতে এটা সংখ্যাত স্থিৰ হৈ থাকিব। এই ব্যায়ামৰ দ্বাৰা হাতৰ বাইচেপসৰ আহাৰ বৃদ্ধি পায় আৰু হাতৰ আকাৰ সুন্দৰ-সুঠাম হয়।

ব্যায়াম নং- ৭(ব্যাঘ্ৰাসন):

পোন হৈ থিয় হওক, কঁকালৰ পৰা মূৰলৈ পোন হৈ থাকিলে আঁঠুৰ ওচৰত শৰীৰটো পিছলৈ আনি চকীত বহাৰ দৰে অৱস্থান গ্ৰহণ কৰক, লগে লগে হাত দুখন সন্মুখলৈ সম্প্ৰসাৰিত কৰিব, নহ’লে আপুনি পৰি যাব।

সহজ কথাত ক’বলৈ গ’লে আপুনি পোন হৈ চকী এখনত যেনেকৈ বহি আছে ঠিক সেই অৱস্থানতে আপুনি থাকিব কিন্তু বাস্তৱতে চকীখনৰ অভাৱ থাকিব। অৰ্থাৎ আপুনি শূন্যতে চকীত বহাৰ দৰে অৱস্থাৰ গ্ৰহণ কৰি থাকিব।

এই ব্যায়ামত কৰঙণৰ বহুত জোৰ পৰে, ফলত কৰঙণৰ শক্তি অত্যধিক বৃদ্ধি পায়। এয়া ব্যাঘ্ৰাসনৰ দৰেই অৱস্থান।

বাঘৰ দৰে শক্তি লাভ হয় কাৰণেই এই আসনৰ নাম ‘ব্যাঘ্ৰাসন’। এই অৱস্থাত থাকিয়েই দুয়ো হাত পৰ্যায়ক্ৰমে কিলাকুটিৰ ওচৰত ভাঙি ৰাখি মুষ্টিযোদ্ধাই যেনেদৰে শ্বেড’বক্সিং অভ্যাস কৰে, ঠিক তেনেদৰেই আপুনিও কৰিব।

ভৰিৰ লগে লগে শৰীৰৰ ওপৰ অংশ, হাত, বুকুৰ উত্তম ব্যায়াম আৰু শক্তি বৃদ্ধি হয়।

কুংফু আৰু জুডোৰ অভ্যাসকাৰীসকলে এই ব্যায়ামৰ অভ্যাসৰ দ্বাৰা শৰীৰৰ শক্তি বৃদ্ধি আৰু অটুট কৰি ৰাখিব পাৰে।

ওপৰোক্ত ব্যায়ামকেইটাৰ দ্বাৰাই শৰীৰৰ বাহ্যিক পেশীসমূহো সুন্দৰ, সুগঠিত কৰাৰ লগতে শৰীৰৰ ভিতৰৰ অংগ-প্ৰত্যংগবোৰ, যেনে-

*হৃদযন্ত্ৰ,

*হাওঁফাওঁ,

*লিভাৰ আদিৰো সুস্থ আৰু স্বাভাৱিক গতিকে কাম কৰাত সুবিধা লাভ হয়। ফলস্বৰূপে শৰীৰৰ স্বাস্থ্য সুৰক্ষিত হৈ থাকে।

লেখক: দেৱজিত শৰ্মা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top