মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ব্যায়াম আৰু মানৱ স্বাস্থ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্যায়াম আৰু মানৱ স্বাস্থ্য

ব্যায়াম আৰু মানৱ স্বাস্থ্য

পোনতেই উল্লেখ কৰাটো সমীচীন হ’ব যে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো বয়সৰে মানুহে ব্যায়াম কৰিব লাগিব| তেতিয়াহে সু-স্বাস্থ্য অটুট থাকিব| বিভিন্ন সূত্ৰৰ পৰা সংগৃহীত তথ্য অনুযায়ী প্ৰতিদিনে ন্যূনতম যিখিনি ব্যায়াম কৰিব লাগে তাৰে তালিকা খনৰ বৰ্ণনা এনে ধৰণৰ-প্ৰতিদিনে অন্ত:ত ১০,০০০ টা খোজকাঢ়িব লাগিব বা অন্ত:ত ১০ মিনিট খট্‌খটী বা চিৰি বগাব লাগিব বা ৩০-৪০ মিনিটৰ বাবে হাওঁফাওঁৰ বাবে উপযোগী ধৰণৰ ব্যায়াম কৰিব লাগিব| অৰ্থাৎ ক’ব গলে নিতৌ প্ৰতিবাৰতে কৰা ব্যায়ামৰ জৰিয়তে দেহৰ শক্তি ৪০০ কেলৰি পুৰিব লাগিব| তদুপৰি সপ্তাহত অন্ত:ত এদিনকৈ হ’লেও ইয়াৰে দুগুণ শক্তি পুৰিব লাগিব| কোনো ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলগীয়া ন’হলে প্ৰয়োজনীয় এই গোটেই খিনি ব্যায়াম একে লেথাৰিয়ে নকৰি দিন্টোৰ বিভিন্ন সময়ত বিভক্ত কৰিব পাৰি| পাছে চিন্তনীয় দিশটো হৈছে যে বহুটো মানুহে নিয়মীয়া ভাৱে ব্যায়াম কৰা স্বত্তেও ভালেমান মানুহৰ ‘ফিটনেছ’ আশানুৰুপ ধৰণৰ নহয়| সাম্প্ৰতিক কালত ‘ডেস্ক জব’ত ব্যস্ত হৈ থকা মানুহৰ সংখ্যা দ্ৰুত গতিত বাঢ়ি গৈছে| আধুনিকতাৰ প্ৰভাৱত পৰিৱৰ্তিত জীৱন-যাত্ৰা যাপন কৰা হেতুকে কপালৰ ঘাম মাটিত পেলাই শাৰীৰিক শ্ৰমজীৱি মানুহৰ নাতি-নাতিনীৰ কথা বাদেই দিলো-পুত্ৰ-কন্যাও শীত-তাপ নিয়ন্ত্ৰিত কোঠালিত বহি পুৱা ন বজাৰ পৰা আবেলি পাঁচ বজালৈকে আৰাম দায়ক চাকৰিত নিযুক্ত হৈ আছে আৰু লেপটপৰ আগত বহি নিজৰ কাম-কাজ সম্পন্ন কৰিছে| এনেদৰে বাধ্যবাধকতা মুলক ভাৱে বহি কাম কৰা বৃত্তি বোৰৰ ভিতৰত উল্লেখনীয় হৈছে-তথ্য প্ৰযুক্তি উদ্যোগ(IT), বেংক আৰু কৰ্প’ৰেট খণ্ডত কৰ্মৰত হৈ থকা ব্যক্তি সকল| তদুপৰি টিভি ছেটটোৱে আমাৰ দৈনন্দিক জীৱন-যাত্ৰাত এক গুৰুত্ব পুৰ্ণ স্থান দখল কৰিছে আৰু বহুতৰে জীৱনৰ এক বুজন পৰিমাণৰ সময় টিভিৰ সম্মুখত বহি কটোৱা দেখা যায়| গতিকে অৱধাৰিত্ভাৱেই এনে ধৰণৰ নিস্কৰ্মা জীৱন-যাত্ৰা অবাঞ্ছনীয় হ’লেও বহুতৰে বাবে অভ্যাসত পৰিণত হয়| ফলত খোজ কঢ়াতকৈ সহকৰ্মীক ফোন কৰি কাৰ্যালয়ৰ যাৱতীয় কাম-কাজ কৰা বা কম্পিউটাৰত ছেটিং কৰা বেছি উজু যেন অনুভুত হয়| ভালেমান বিলডিং, ফ্লেট বা এনে ব্যক্তিগত বাসভৱনত লিফ্‌টৰ সুবিধা উপলব্ধ হৈছে| গতিকে চিৰিয়েদি বগোৱা কাম ফেৰা আজিকালি অলাগতিয়াল তথা ভাগৰ সৃষ্টি কৰা কাম বুলিহে বহুতে গণ্য কৰে| আনকি শিশু বোৰকো অযথা  উৎপতীয়া বালসুলভ কামবোৰ কৰাৰ পৰিবৰ্ত্তে মনে মনে টিভিৰ আগত বহি প্ৰগ্ৰেম উপভোগ কৰিবলৈহে যেন অভিভাৱক সকলে উৎসাহিত কৰে| আহাৰৰ জৰিয়তে গ্ৰহণ কৰা খাদ্য খিনি শৰীৰে সদ্‌ব্যৱহাৰ কৰিবলৈ অক্ষম হয়| তেজত ছুগাৰৰ মাত্ৰা বাঢ়ে| অতিৰিক্ত বা প্ৰয়োজনাধিক ছুগাৰ খিনি চৰ্বিলৈ ৰুপান্তৰিত হয়| এই চৰ্বি তেজলৈ বিয়পে আৰু তেজৰ জৰিয়তে কলিজা আৰু লিভাৰৰ দৰে বিভিন্ন অংগত জমা হয়| ৰক্তচাপো বাঢ়িবলৈ ধৰে| কলিজাৰ ৰোগ বহুমূত্ৰ আৰু অন্যান্য অস্বাভাৱিকতাত ভুগি মৃত্যুবৰণ কৰাৰ শংকা ১০০ শতাংশ বাঢ়ে| গতিকে ‘ডেস্ক জব’ত থকা হেতুকে মাত্ৰাধিক পৰিমাণে বহিবলগীয়া হোৱাৰ ফলত স্থুলতাত ভুগি বহুমূত্ৰ ৰোগত আক্ৰান্ত আৰু সময়তকৈ পুৰ্বেই মৃত্যু হোৱাৰ শংকা ভালেখিনি বাঢ়ে| গোটেই দিনটো কাম-কাজ কৰি থাকিলে দেহৰ ইনছুলিন নি:সৰণৰ মাত্ৰা বাঢ়ে| আনুষংগিক ভাৱে জৈৱিক দৃষ্টিকোণৰ পৰা সক্ৰিয় হৰমনবোৰৰ মাত্ৰাও টুটে| ইয়াৰ ফলত শৰীৰৰ এনেবোৰ স্থানত হ’ব পৰা কৰ্কট ৰোগৰ শংকা টুটে-প্ৰোষ্টেট, জৰায়ু, ডিম্বাশয় আৰু স্তনত| দৈহিক সুৰক্ষা ব্যৱস্থা সামগ্ৰিক ভাৱে বেছি শক্তিশালী হয়| ইয়াৰ ফলত সংক্ৰমণৰ সময়সীমা টুটে আৰু যাৰ ফলত ৰুগ্নাৱস্থাত আৱদ্ধ হৈ থকিবলগীয়া হোৱা সময়ৰ পৰিমাণো কমে| ব্যায়ামৰ হেতুকে শৰীৰত এক মালভূমি সদৃশ প্ৰভাৱ পৰে| যিসকলে নিয়মিত প্ৰতিদিনে এঘণ্টাতকৈ বেছি সময় ব্যায়াম কৰে তেওঁলোকৰ অকালতে মৃত্যু বৰণ কৰাৰ শংকা ৪০% শতাংশ কমি যায়| অৱশ্যে এটা কথা অনস্বীকাৰ্য যে ইয়াতকৈ বেছি সময় ব্যায়াম কৰিলে স্বাস্থ্যৰ সামগ্ৰিক উন্নতিৰ আশা আৰু মৃত্যুৰ শংকা নাবাঢ়ে| গতিকে ডেকাই হওক বা বুঢ়াই হওক যিসকলে মাত্ৰাধিক সময়ৰ বাবে জিমনাছিয়াত ব্যায়াম কৰে তেওঁলোকে প্ৰতিযোগীতাত ভাল পাৰদৰ্শিতা দেখুওৱাৰ বাবে দৈহিক দৃষ্টিকোণৰ পৰা বিশেষ ভাৱে লাভান্বিত নহয়| আনহাতে বিপৰীত ক্ৰমে দৈহিক আঘাত প্ৰাপ্তিৰ শংকা বাঢ়ে| এষাৰ কথা স্মৰ্তব্য যে ভালেই হওক বা বেয়াই হওক কোনো কামে মাত্ৰাধিক পৰিমাণে কৰা অনুচিত| চমু নিবন্ধটিৰ শেষত মই মানৱ স্বাস্থ্যৰ ওপৰত ব্যায়ামৰ প্ৰভাৱ সম্বন্ধীয় দুটামান তথ্য উল্লেখ কৰিব খুজিছোহক-

১) যিসকল ব্যক্তিয়ে মুঠেই ব্যায়াম নকৰে বা নিচেই সমান্য মাত্ৰাতহে ব্যায়াম কৰে তেওঁলোকৰ অকাল মৃত্যুৰ শংকা অতি বেছি|

২) যিসকলে প্ৰতি সপ্তাহত অন্ত:ত ১৫০ মিনিটৰ ( অৰ্থাৎ নিতো ২০-২৫ মিনিটকৈ) বাবে গড় হিচাপত ব্যায়াম কৰে তেওঁলোকৰ মৃত্যুৰ শংকা ব্যায়াম নকৰাকৈ থকা মানুহৰ তুলনাত ৪০ শতাংশ কম হয়|

৩) দৈহিক নিষ্ক্ৰিয় অৱস্থাৰ হেতুকে অকালতে মৃত্যু বৰণ কৰাৰ শংকা ৭ শতাংশ বাঢ়ে|

৪) যিসকলৰ শাৰীৰিক স্থুলতা বা মেদ বহুলতাৰ মাত্ৰা অতি বেছি (যদিহে বি এম আইৰ পৰিমাণ ৩০তকৈ বা বাঢ়ে) তেনেহ’লে মৃত্যুৰ শংকা ৪ শতাংশ বৃদ্ধি হয়| অৱশ্যে এই শেহোক্ত পৰিসংখ্যাটিত নিম্ন উল্লেখিত কাৰকবোৰে তেনে কোনো ধৰণৰ প্ৰভাৱ নেপেলায়-মদ্যপান, ধুমপান, লিংগ আৰু শিক্ষা-দীক্ষাৰ প্ৰভাৱ| গতিকে আমি সকলোৱে ব্যায়াম কৰাটো হৈছে যুগৰ আহ্বান|

ডা: মিহিৰ কুমাৰ গোস্বামী।

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top