পোনতেই উল্লেখ কৰাটো সমীচীন হ’ব যে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো বয়সৰে মানুহে ব্যায়াম কৰিব লাগিব। তেতিয়াহে সু-স্বাস্থ্য অটুট থাকিব। বিভিন্ন সূত্ৰৰ পৰা সংগৃহীত তথ্য অনুযায়ী প্ৰতিদিনে ন্যূনতম যিখিনি ব্যায়াম কৰিব লাগে তাৰে তালিকাখনৰ বৰ্ণনা এনে ধৰণৰ- প্ৰতিদিনে অন্ততঃ ১০,০০০ টা খোজকাঢ়িব লাগিব বা অন্ততঃ ১০ মিনিট খটখটী বা চিৰি বগাব লাগিব বা ৩০-৪০ মিনিটৰ বাবে হাওঁফাওঁৰ বাবে উপযোগী ধৰণৰ ব্যায়াম কৰিব লাগিব। অৰ্থাত্ কব গ’লে নিতৌ প্ৰতিবাৰতে কৰা ব্যায়ামৰ জৰিয়তে দেহৰ শক্তি ৪০০ কেলৰি পুৰিব লাগিব। তদুপৰি সপ্তাহত অন্ততঃ এদিনকৈ হ’লেও ইয়াৰে দুগুণ শক্তি (অৰ্থাত্ ৮০০-১০০০ কেলৰি) পুৰিব লাগিব। কোনো ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া নহ’লে প্ৰয়োজনীয় এই গোটেইখিনি ব্যায়াম একে লেথাৰিয়ে নকৰি দিনটোৰ বিভিন্ন সময়ত বিভক্ত কৰিব পাৰি। পাছে চিন্তনীয় দিশটো হৈছে যে বহুতো মানুহে নিয়মীয়াভাৱে ব্যায়াম কৰা স্বত্বেও ভালেমান মানুহৰ ফিটনেছ আশানুৰূপ ধৰণৰ নহয়।
সাম্প্ৰতিক কালত ‘ডেস্ক জব’ত ব্যস্ত হৈ থকা মানুহৰ সংখ্যা দ্ৰুত গতিত বাঢ়ি গৈছে। আধুনিকতাৰ প্ৰভাৱত পৰিৱৰ্তিত জীৱন-যাত্ৰা যাপন কৰা হেতুকে কপালৰ ঘাম মাটিত পেলাই শাৰীৰিক শ্ৰমজীৱী মানুহৰ নাতি-নাতিনীৰ কথা বাদেই দিলো- পুত্ৰ-কন্যাও শীত-তাপ নিয়ন্ত্ৰিত কোঠালিত বহি পুৱা ৯ বজাৰ পৰা আবেলি ৫ বজালৈকে আৰামদায়ক চাকৰিত নিযুক্তি হৈ আছে আৰু লেপটপৰ আগত বহি নিজৰ কাম-কাজ সম্পন্ন কৰিছে। এনেদৰে বাধ্যবাধকতামূলকভাৱে বহি কাম কৰা বৃত্তিবোৰৰ ভিতৰত উল্লেখনীয় হৈছে- তথ্য প্ৰযুক্তি উদ্যোগ, বেংক আৰু কৰ্প’ৰেট খণ্ডত কৰ্মৰত হৈ থকা ব্যক্তিসকল। তদুপৰি টিভি ছেটটোৱে আমাৰ দৈনন্দিন জীৱন-যাত্ৰাত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে আৰু বহুতৰে জীৱনৰ এক বুজন পৰিমাণৰ সময় টিভিৰ সন্মুখত বহি কটোৱা দেখা যায়। গতিকে অৱধাৰিতভাৱেই এনে ধৰণৰ নিষ্কৰ্মা (নে নিষ্ক্ৰিয় ?) ধৰণৰ জীৱন-যাত্ৰা অবাঞ্ছনীয় হ’লেও বহুতৰে বাবে অভ্যাসত পৰিণত হয়। ফলত খোজকঢ়াতকৈ সহকৰ্মীক ফোন কৰি কাৰ্যালয়ৰ যাৱতীয় কাম-কাজ কৰা বা কম্পিউটাৰত ছেটিং কৰা বেছি উজু যেন অনুভূত হয়। ভালেমান বিল্ডিং, ফ্লেট বা এনে ব্যক্তিগত বাসভৱনত লিফ্টৰ সুবিধা উপলব্ধ হৈছে। গতিকে চিৰিয়েদি বগোৱা কামফেৰা আজিকালি অলাগতিয়াল তথা ভাগৰ সৃষ্টি কৰা কাম বুলিহে বহুতে গণ্য কৰে। এনেকি শিশুবোৰকো অযথা (?) উত্পতীয়া বালসুলভ কামবোৰ কৰাৰ পৰিৱৰ্তে মনে মনে টি ভিৰ আগত বহি প্ৰগ্ৰাম উপভোগ কৰিবলৈহে যেন অভিভাৱকসকলে উত্সাহিত কৰে।
আহাৰৰ জৰিয়তে গ্ৰহণ কৰা খাদ্যখিনি শৰীৰে সদ্ ব্যৱহাৰ কৰিবলৈ অক্ষম হয়। তেজত ছুগাৰৰ মাত্ৰা বাঢ়ে। অতিৰিক্ত বা প্ৰয়োজনাধিক ছুগাৰখিনি চৰ্বিলৈ ৰূপান্তৰিত হয়। এই চৰ্বি তেজলৈ বিয়পে আৰু তেজৰ জৰিয়তে কলিজা আৰু লিভাৰৰ (ফেটী লিভাৰ) দৰে বিভিন্ন অংগত জমা হয়। ৰক্তচাপো বাঢ়িবলৈ ধৰে। কলিজাৰ ৰোগ, বহুমূত্ৰ আৰু অন্যান্য অস্বাভাৱিকতাত ভুগি মৃত্যুবৰণ কৰাৰ শংকা ১০০ শতাংশ বাঢ়ে। গতিকে ডেস্ক জবত থকা হেতুকে মাত্ৰাধিক পৰিমাণে বহিবলগীয়া হোৱাৰ ফলত স্থূলতাত ভুগি বহুমূত্ৰ ৰোগত আক্ৰান্ত আৰু সময়তকৈ পূৰ্বেই মৃত্যু হোৱাৰ শংকা ভেলেখিনি বাঢ়ে।
গোটেই দিনটো কাম-কাজ কৰি থাকিলে (এনেকি থিয় হৈ থাকিলেও) দেহৰ ইনছুলিন নিঃসৰণৰ মাত্ৰা বাঢ়ে। আনুষংগিকভাৱে জৈৱিক দৃষ্টিকোণৰ পৰা সক্ৰিয় হৰম’নবোৰৰ মাত্ৰাও টুটে। ইয়াৰ ফলত শৰীৰৰ এনেবোৰ স্থানত হ’ব পৰা কৰ্কট ৰোগৰ শংকা টুটে- প্ৰোষ্টেট, জৰায়ু, ডিম্বাশয় আৰু স্তনত। দৈহিক সুৰক্ষা ব্যৱস্থা সামগ্ৰিকভাৱে বেছি শক্তিশালী হয়। ইয়াৰ ফলত সংক্ৰমণৰ সময়সীমা টুটে আৰু ফলত ৰুগ্নাৱস্থাত আৱদ্ধ হৈ থাকিবলগীয়া হোৱা সময়ৰ পৰিমাণো কমে।
ব্যায়ামৰ হেতুকে শৰীৰত এক মালভূমি সদৃশ প্ৰভাৱ পৰে। যিসকলে নিয়মিত প্ৰতিদিনে এঘণ্টাতকৈ বেছি সময় ব্যায়াম কৰে তেওঁলোকৰ অকালতে মৃত্যুবৰণ কৰাৰ শংকা ৪০ শতাংশ কমি যায়। অৱশ্যে এটা কথা অনস্বীকাৰ্য যে ইয়াতকৈ বেছি সময় ব্যায়াম কৰিলে স্বাস্থ্যৰ সামগ্ৰিক উন্নতিৰ আশা আৰু মৃত্যুৰ শংকা নাবাঢ়ে। গতিকে ডেকাই হওক বা বুঢ়াই হওক যিসকলে মাত্ৰাধিক সময়ৰ বাবে জিমনাছিয়ামত ব্যায়াম কৰে তেওঁলোকে প্ৰতিযোগিতাত ভাল পাৰদৰ্শিতা দেখুওৱাৰ বাবে দৈহিক দৃষ্টিকোণৰ পৰা বিশেষভাৱে লাভান্বিত নহয়। আনহাতে বিপৰীত ক্ৰমে দৈহিক আঘাত প্ৰাপ্তিৰ শংকা বাঢ়ে। এষাৰ কথা স্মৰ্তব্য যে ভালেই হওক বা বেয়াই হওক কোনো কাম মাত্ৰাধিক পৰিমাণে কৰা অনুচিত। চমু নিৱন্ধটিৰ শেষত মই মানৱ স্বাস্থ্যৰ ওপৰত ব্যায়ামৰ প্ৰভাৱ সম্বন্ধীয় দুটামান তথ্য উল্লেখ কৰিব খুজিছোহক-
(১) যিসকল ব্যক্তিয়ে মুঠেই ব্যায়াম নকৰে বা নিচেই সামান্য মাত্ৰাতহে ব্যায়াম কৰে তেওঁলোকৰ অকাল মৃত্যুৰ শংকা অতি বেছি।
(২) যিসকলে প্ৰতি সপ্তাহত অন্ততঃ ১৫০ মিনিটৰ (অৰ্থাত্ নিতৌ ২০-২৫ মিনিটকৈ) বাবে গড় হিচাপত ব্যায়াম কৰে তেওঁলোকৰ মৃত্যুৰ সংখ্যা ব্যায়াম নকৰাকৈ থকা মানুহৰ তুলনাত ৪০ শতাংশ কম।
(৩) দৈহিক নিষ্ক্ৰিয় অৱস্থাৰ হেতুকে অকালতে মৃত্যুৰণ কৰাৰ শংকা ৭ শতাংশ বাঢ়ে।
(৪) যিসকলৰ শাৰীৰিক স্থূলতা বা মেদবহুলতাৰ মাত্ৰা অতি বেছি (যদিহে বি এম আই-ৰ পৰিমাণ ৩০-তকৈ বাঢ়ে) তেনেহলে মৃত্যুৰ শংকা ৪ শতাংশ বৃদ্ধি হয়। অৱশ্যে এই শেহোক্ত পৰিসংখ্যাটিত নিম্ন উল্লেখিত কাৰকবোৰে তেনে কোনো ধৰণৰ প্ৰভাৱ নেপেলায়- মদ্যপান, ধূমপান, লিংগ আৰু শিক্ষা-দীক্ষাৰ প্ৰভাৱ। গতিকে আমি সকলোৱেই ব্যায়াম কৰাটো যুগৰ আহ্বান।
লেখকঃ ডাঃ মিহিৰ কুমাৰ গোস্বামী
উত্সঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 3/6/2020