অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্যায়াম কৰো আহক :

ব্যায়ামৰ বিষয়ে লিখা হৈছে ।

স্বাস্থ্যৱান হৈ থাকিবৰ বাবে ব্যায়াম জৰুৰী। কিন্তু কিয় আৰু কেনেদৰে ব্যায়ামে স্বাস্থ্য অটুট ৰাখে, তাক আমি জনা উচিত। আমি ব্যায়াম কিয় কৰিব লাগে এইটো এটা ডাঙৰ প্ৰশ্ন। আচলতে গাড়ী এখনৰ বাবে যেনেদৰে ছাৰ্ভিচিং প্ৰয়োজনীয়, তেনেদৰে মানুহৰ শৰীৰৰো ছাৰ্ভিচিঙৰ প্ৰয়োজন হয়। ব্যায়াম মানুহৰ শৰীৰৰ ছাৰ্ভিচিং বুলি ক’ব পাৰি। যেনেদৰে কেৱল তেল ভৰালেই গাড়ীখন সদায় চলি নাথাকে, সময়ে সময়ে ম’বিল সলনি, গেয়াৰ অইল সলনি আদিও কৰিবলগীয়া হয়, তেনেদৰে কেৱল খাদ্য খাই থাকিলেই স্বাস্থ্য সদায় অটুট নাথাকে। দেহৰ চলাচলৰ বাবে মাংসপেশী শক্তিশালী হ’ব লাগিব। আমাৰ দেহৰ জোৰাবোৰ সঞ্চালন কৰে মাংসপেশীয়ে। উদাহৰণস্বৰুপে হাতখন ভাঁজ কৰিব পাৰো। মাংসপেশীৰ জৰিয়তে আৰু মাংসপেশীত জোৰ থাকিবৰ বাবে ব্যায়ামৰ প্ৰয়োজন। যদি আমি ব্যায়াম নকৰো, তেনেহ’লে লাহে লাহে মাংসপেশী দুৰ্বল হৈ পৰে। ফলত শৰীৰৰ ওজন জোৰাবোৰে ল’বলগীয়া হয়। ইয়াৰ ফলত আৰম্ভ হয় বিষ। আজিকালি সততে হোৱা কান্ধৰ বিষ, আঁঠুৰ বিষ, বেক পেইন আৰু ছাৰভাইকেল পেইন- এই চাৰিটা ৰোগৰ কাৰণ মুলত: মাংসপেশীৰ জোৰ হ্ৰাস পোৱা। আধুনিক জীৱনযাত্ৰাত বৰ্তমান এনেবোৰ ৰোগত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা বৃদ্ধি পাইছে। তদুপৰি ব্যায়াম কৰাৰ ফলত আজিকালি সততে হোৱা ৰোগবোৰ, যেনে-ডায়েবেটিছ, ষ্ট্ৰেছ, প্ৰেছাৰ, কলেষ্ট্ৰৰেল আৰু থাইৰয়ডৰ সমস্যাৰ পৰাও বহু পৰিমাণে আঁতৰত থ্যাকিব পাৰে। বহুতে ভবাৰ দৰে বংশগত কাৰনত ডায়েবেটিছ হ’বই বুলি কথা নাথাকে। বংশগত কাৰণত অসুখ হ’ব পাৰে। কিন্তু আপুনি যদি ব্যায়াম কৰি আছে, কিছু পলমকৈ হ’ব। অৰ্থাৎ বংশত কাৰোবাৰ ডায়েবেটিছ থাকিলে আপোনাৰো কেতিয়াবা হ’ব পাৰে। কিন্তু যদি আপুনি ব্যায়াম কৰি থাকে তেনেদৰে ৪০ বছৰত হ’বলগীয়া ৰোগটো ৬০ বছৰত হ’ব। ইয়াৰো এটা কাৰণ আছে। ব্যায়াম কৰাৰ ফলত শৰীৰত ইনছুলিন উৎপন্ন হ’ব। অৰ্থাৎ যিটো ইনছুলিন আপুনি বেজীৰ সহায়ত লয়, নিয়মিত ব্যায়াম কৰাৰ ফলত শৰীৰে নিজেই তাক উৎপন্ন কৰিব। নিয়মমাফিক ব্যায়ামৰ উপকাৰিতাৰ ই এটা মাত্ৰ উদাহৰণহে।

হৃদযন্ত্ৰৰ সুস্থ সঞ্চালন, মাংসপেশীৰ সক্ৰিয়তা, মানসিক স্বাস্থ্য , পৰিপাক ক্ৰিয়া অটুট ৰাখি স্বাস্থ্যৱান কৰি ৰখাৰ লগতে সঠিক ব্যায়ামে মানুহৰ শৰীৰ সুগঢ়ি কৰি তোলে। শৰীৰ শক্তিশালী কৰে। ব্যায়ামৰ প্ৰকৃততে ৯৯ শতাংশই ইতিবাচক দিশ আছে। বিজ্ঞানসন্মত , নিয়মমাফিক ব্যায়াম মানুহৰ জীৱনৰ সঞ্জীৱনী বুলি ক’ব পাৰি। মনৰ সক্ৰিয়তা অটুট ৰাখে ব্যায়ামেই। স্বাস্থ্যৱান হৈ থকাৰ বাবে সঠিক ব্যায়াম প্ৰকৃততেই অতি প্ৰয়োজনীয়।

ব্যায়াম কৰাৰ বয়স -

৮ বছৰ বয়সলৈকে প্ৰায় সকলো শিশুৱেই খেলা- ধুলা কৰে। ৬ ৰ পৰা ৯ বছৰ বয়সৰ পৰআ যিমান বয়সলৈ সম্ভৱ, সিমানলৈ ব্যায়াম কৰিব পাৰে। অৰ্থাৎ ব্যায়ামৰ কোনো বয়স নাই।

ব্যায়াম কৰাৰ সময় -

সাধাৰণতে ৪৫ মিনিটতকৈ বেছি সময় মানুহে ব্যায়াম কৰিব নোৱাৰে। খোজকঢ়াটোও ভাল ব্যায়াম । কিন্তু নিয়মত। সকলো ক্ষেত্ৰতে মানুহক একাগ্ৰতা লাগে। খোজকাঢ়িবলৈ গৈ ৰাস্তাত ৰৈ বা কাৰোবাৰ লগত কথা-বতৰা পাতি লাহে-ধীৰে খোজ কাঢ়িলে কিন্তু সুফল পোৱা নাযায়।

ব্যায়াম ক’ত কৰিম -

আপুনি যেতিয়া কোনো ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসক এজন ওচৰলৈ যায়, তেতিয়া চিকিৎসজনৰ বিষয়ে কিছু কথা নিশ্চয় অৱগত হোৱাৰ পিচতহে যায়। কিবা এটা অসুখৰ চিকিৎসাৰ বাবে আমি যেতিয়া দিল্লীলৈ যাওঁ, সেই নিৰ্দিষ্ট চিকিৎসকজনৰ বিষয়ে অৱগত হৈয়ে যাওঁ। তেনেদৰে জিম বা য’তেই আপুনি ব্যায়াম কৰিবলৈ যায়, সেই প্ৰশিক্ষকজনৰ বিষয়ে আপুনি জ্ঞাত হোৱা উচিত। সেয়া আপোনাৰ অধিকাৰ। মনত ৰখা উচিত মানুহৰ উদ্দেশ্য ভেদে ব্যায়ামৰ প্ৰকাৰ সলনি হয়। এজন ব’ডি বিলডাৰৰ সৈতে, পেটৰ চৰ্বি হ্ৰাসৰ উদ্দেশ্যৰে যোৱা মানুহ এজনৰ ব্যায়ামবোৰ একে নহয়।

উৎস: দেওবৰীয়া সম্ভাৰ

 

2.92857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top