মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ব্যায়ামৰৰ দ্বাৰা বেক পেইন নিয়ন্ত্ৰণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্যায়ামৰৰ দ্বাৰা বেক পেইন নিয়ন্ত্ৰণ :

ব্যায়ামৰৰ দ্বাৰা বেক পেইন নিয়ন্ত্ৰণৰ বিষয়ে লিখা হৈছে ।

 

*মহিলাসকলে ভোগা এটা সমস্যা হ’ল ‘বেক পেইন’(কঁকালৰ পিছফালৰ বিষ)। দীৰ্ঘদিন গধুৰ বস্তু কঢ়িওৱা, পানী বাল্টি তোলা, চাপৰি কাম কৰা আদিৰ বাবে পাছলৈ বেক পেইন আৰম্ভ হয়। দিনটোৰ ভিতৰত পাঁচ-ছবাৰমান ২-৩ মিনিটকৈ দীঘল দি শুই থকাৰ চেষ্টা কৰক।

*গোটেই দিনটোৰ কাম-কাজৰ পাছত আবেলি বা সন্ধিয়া চকীত বহি ৰিলেক্স কৰাতকৈ পিঠি পেলাই বিছনাত খন্তেক জিৰণি লোৱাহে উচিত।

*অফিচত কাম কৰাসকলে ৭-৮ ঘন্টা একেলগে চকীত বহি থাকিলে বেক পেইন বঢ়াৰ সম্ভাৱনা। দুঘন্টামানৰ পাছত ২-৩ মিনিটৰ বাবে কিছু খোজ কঢ়া আৱশ্যকীয়।

*বেক পেইনৰ সমস্যা থাকিলে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ ল’ব। চিকিৎসকে অনুমতি দিলে ফিটনেছ এক্সপাৰ্টৰ পৰা এক্সাৰচাইজৰ সঠিক নিয়ম শিকি ল’ব পাৰে।

*বেক পেইন হ’লেই নিয়মিত কৰা কাম-কাজবোৰ বন্ধ কৰি দিব নালাগে। এক্টিভ হৈ থাকিব লাগে। ইয়াৰ দ্বাৰা বেক পেইন বাঢ়ি নাযায়, বৰঞ্চ শৰীৰ ঠিকে থাকে।

*বেক পেইন নিয়ন্ত্ৰণত ৰাখিবৰ বাবে ষ্ট্ৰেচিং এক্সাৰচাইজ কৰিব লাগে। ফিটনেছ এক্সপাৰ্টৰ পৰা এই ব্যায়াম শিকি ল’ব লাগে। নিজৰ ঘৰতেই, নিজৰ বিছনাখনতেই ষ্ট্ৰেচিং এক্সাৰচাইজ কৰিব পাৰে।

*বেক পেইন কমাবৰ বাবে বা নোহোৱা কৰিবৰ বাবে ভুজঙ্গাসন কৰিলে উপকাৰ পাব।

*বেক পেইন আৰম্ভ হ’লে গধূৰ বস্তু দঙা, কঢ়িওৱা, চাপৰি কাম কৰাটো বন্ধ কৰিব।

উৎস: অসম বাণী

3.07142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top