অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্ৰেইন জিম :

ব্ৰেইন জিমৰ বিষয়ে লিখা হৈছে ।

 

যদিহে মানৱ জাতিৰ এটা অতি গুৰুত্বপূৰ্ণ অঙ্গৰ কথা আমি ভাবো, তেন্তে নিশ্চয় এটা সক্ৰিয় আৰু উন্নত মানৰ মগজু (Brain) ৰ কথাই আহিব । যিটো অঙ্গৰ বাবে আজি মানৱ জাতি আন সকলো জীৱতকৈ পৃথক । এটা উন্নত মগজুৰ বাবেই মানৱ জাতিয়ে আজি উন্নতিৰ জখলাত দোপত-দোপে আগুৱাই গৈ এক অতি উন্নত মানৱ সভ্যতাৰ চূড়ান্ত শিখৰত উপনীত হ’বলৈ সক্ষম হৈছে । কিন্তু মানৱ দেহৰ এই গুৰুত্বপূৰ্ণ অঙ্গটোৰ সুৰক্ষাৰ বাবে হয়তো মানুহে অতি কমকৈ ভাবে । মগজু হৈছে মানৱ দেহৰ সকলো অঙ্গ-প্ৰত্যঙ্গৰ প্ৰশাসক আৰু নিয়ন্ত্ৰক । ইয়াৰ অবিহনে যেন জীৱন অসাৰ । সেয়েহে মগজুৰ ৰোগবোৰ, যেনে-ডিমেনচিয়া,  ব্ৰেইন ষ্ট্ৰ’ক বা মানসিক ভাৰসাম্যহীনতা আদি ৰোগত অতি ভয়ঙ্কৰ । আমি যেনেদৰে শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবৰ বাবে নিত্য-নৈমিত্তিকভাৱে ব্যায়াম বা জিম ৰ অভ্যাস কৰো, ঠিক সেইদৰে মগজুৰ ৰোগ প্ৰতিৰোধ কৰি ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ মগজুৰ ব্যায়াম বা ব্ৰেইন জিমৰ অভ্যাস কৰিব লাগে ।

মগজুৰ কথা ক’লেই স্মৃতিশক্তি বা Memory  ৰ কথা আহে । অৰ্থাৎ মগজুটো হ’ল আমাৰ কথা বা ঘটনা-পৰিঘটনা বা জীৱনৰ অভিজ্ঞতাক সংৰক্ষণ কৰি ৰাখি থ’ব পৰা এক স্থান । চমুকৈ ক’বলৈ গ’লে- ‘স্মৃতিয়েই জীৱন আৰু জীৱনেই স্মৃতি’ । স্মৃতিশক্তি অবিহনে এজন মানুহৰ জীৱন অসাৰ হৈ পৰে, সেয়া এজন ‘ডিমেনচিয়া’ ৰোগগ্ৰস্ত মানুহক দেখিলেই গম পোৱা যায় । মগজুৰ কাৰ্যক্ষমতা সঠিক সময়ত সঠিক তথ্য বা স্মৃতি মনত পেলোৱাৰ ওপৰতেই নিৰ্ভৰশীল । এই সঠিক সময়ত সঠিক স্মৃতি বা তথ্য উপস্থাপন কৰিব নোৱাৰাকে পাহৰি যোৱা বা স্মৃতিশক্তিৰ সমস্যা বুলি কোৱা হয় । মানুহৰ মগজুটোৰ কাৰ্যপ্ৰণালী এটা কম্পিউটাৰৰ দৰেই যদিও মগজুটোৰ স্মৃতি ৰাখি থ’ব পৰা ক্ষমতা অপৰিসীম । কিন্তু আমি এই অপৰিসীম স্মৃতিশক্তিৰ ব্যৱহাৰ পূৰ্ণাংগ ৰুপত কৰিব নোৱাৰো । স্মৃতিশক্তিৰ ব্যৱহাৰ কমকৈ কৰা বা অত্যধিকভাৱে কৰা বা সঠিক উপায়ে নকৰা এই কাৰককেইটাৰ বাবেই আমাৰ মগজুৱে ভালদৰে কাম কৰাৰ বাবে অসমৰ্থ হয় । এই তিনিটা কাৰকৰ ভিতৰত স্মৃতিশক্তিৰ ব্যৱহাৰ সঠিক পদ্ধতিৰে নকৰাটোৱেই মুখ্য কাৰক বুলি ক’ব পাৰি । গতিকে ভাল স্মৃতিশক্তি বা বেয়া স্মৃতিশক্তি বুলি কোনো কথা নাই । কাৰণ যদি কোনো এজন মানুহে পঢ়া-শুনাৰ কথাবোৰ মনত ৰাখিব  নোৱাৰে, কিন্তু চিনেমা এখনৰ কথাবোৰ ভালদৰে মনত ৰাখিব পাৰে । কোনো এজন ছাত্ৰই পদাৰ্থবিজ্ঞানৰ সূত্ৰ এটা মনত ৰাখিব নোৱাৰে, কিন্তু ক্ৰিকেট খেলোতে সেই সূত্ৰটোৰ ব্যৱহাৰ কৰি থাকে । গতিকে স্মৃতিশক্তি বা কথাটো মনোযোগৰ ওপৰত নিৰ্ভৰ কৰে । কিন্তু মগজুৰ ক্ষিপ্ৰতা বা বুদ্ধিমত্তা সকলোৰে ক্ষেত্ৰত সমান নহয় । ইয়াক বুদ্ধিমত্তাৰ পৰীক্ষা বা Inteligence test (IQ test) ৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰি । এই বুদ্ধিমত্তাৰ সূচ্যাংকৰ দ্বাৰা কোনো এজন ব্যক্তিৰ মগজু কিমান ক্ষিপ্ৰ তাক বুজোৱা হয় । ইয়াৰ ওপৰতে ব্যক্তি এজনৰ বুদ্ধিমত্তা নিৰ্ভৰ কৰে । সেয়েহে স্মৃতিশক্তি সমান হ’লেও বুদ্ধিমত্তাৰ ভিন্নতাৰ বাবে ব্যক্তি এজনৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা বেলেগ বেলেগ হ’ব । বুদ্ধিমত্তা বেছি থকা ব্যক্তি এজনে তেওঁৰ স্মৃতিশক্তিক অধিক ক্ষিপ্ৰতাৰে আৰু সঠিক ঠাইত প্ৰয়োগ কৰিবলৈ সক্ষম হ’ব । ব্ৰেইন জিম বা মগজুক সক্ৰিয় কৰা প্ৰণালীৰে ব্যক্তি এজনৰ মগজুক অধিক কাৰ্যক্ষম কৰিব পাৰি ।

ব্ৰেইন জিম হ’ল মগজুক অধিক কাৰ্যক্ষম কৰিবলৈ কৰা প্ৰণালীবদ্ধ ব্যায়াম । শিশু অৱস্থাৰ পৰাই এই ব্যায়াম বা প্ৰণালীবদ্ধ প্ৰশিক্ষণত অভ্যস্ত কৰালে সেই শিশুৰ মনোযোগ আৰু পঢ়া-শুনাৰ পাৰদৰ্শিতা বৃদ্ধি হয় । বিশেষকৈ স্মৃতিশক্তি সঠিকভাৱে কামত লগাবৰ বাবে মনোযোগৰ অধিক প্ৰয়োজনীয় ।

আনহাতে আমি কথা পাহৰি যোৱাটোও এটা ভাল গুণ । যদিহে ভগৱানে মানুহক পাহৰি যোৱা Forgetfulness গুণটো নিদিলহেঁতেন, তেনেহ’লে মানুহৰ জীৱন ধাৰণ কৰাটোৱেই অসম্ভৱ হ’লহেঁতেন । বেদনাদায়ক স্মৃতিবোৰে সদায় আমনি কৰিলহেঁতেন আৰু জীৱনটো দুৰ্বিষহ হৈ পৰিলহেঁতেন । সেয়েহে কোনবোৰ কথা মনত ৰাখিবলগীয়া তাৰ সঠিক নিৰ্ণয়ৰ দ্বাৰাই জীৱনৰ সুখ বা দুখ নিৰ্ভৰ কৰে । বেছিভাগ মানসিক ৰোগৰে কাৰক হ’ল কিছুমান অপ্ৰয়োজনীয় কথা পাহৰিব নোৱাৰাটো ।

মানুহে সদায় ধনাত্মক চিন্তাৰে জীৱন ধাৰণ কৰিব লাগে । ঋণাত্মক চিন্তাক জীৱনৰ পৰা বিদায় দিব লাগে । যদিহে আমি শিশু অৱস্থাৰে পৰা ধনাত্মক চিন্তাবোৰ বা কথাবোৰ মনত ৰখা আৰু ঋণাত্মক চিন্তাবোৰ পাহৰি পেলোৱা আৰম্ভ কৰো, তেন্তে জীৱনটোত অধিক সুখী হ’ব পাৰিম । মূলত: যিবোৰ কাৰকে স্মৃতিশক্তি বা মগজুৰ সক্ৰিয়তা বৃদ্ধি কৰে সেইবোৰ হ’ল- মনোযোগ, অভ্যাস, জিৰণি, মানসিক স্থিৰ অৱস্থা, পুনৰ অভ্যাসকৰণ ইত্যাদি ।

বৰ্তমান সময়ত কেইবাটাও সংস্থাই ব্ৰেইন জিমৰ প্ৰশিক্ষণৰ দ্বাৰাই শিশু অৱস্থাৰে পৰা এই গুণবোৰ এক প্ৰণালীবদ্ধ পদ্ধতিৰে শিশুসকলক অভ্যাস কৰাবলৈ চেষ্টা কৰিছে । ই এক শুভ লক্ষণ । কিন্তু প্ৰাপ্তবয়স্ক লোকসকলেও নিজৰ মগজুক সঠিক আৰু ধনাত্মক চিন্তাৰে অভ্যাসৰ দ্বাৰা বহু পৰিমাণে সক্ৰিয় কৰি ৰাখিব পাৰে । আৰু জীৱনৰ বাবে স্মৃতিশক্তি ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় ।

লেখক :- হেমন্ত কলিতা

উৎস :- জি এনআৰচি স্বাস্থ্য

2.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top