মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ভস্ত্ৰিকা প্ৰাণায়াম :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভস্ত্ৰিকা প্ৰাণায়াম :

ভস্ত্ৰিকা প্ৰাণায়ামৰ বিষয়ে লিখা হৈছে ।

 

পদ্ধতি:

*প্ৰথমে যিকোনো ধ্যানাসন(যেনে- পদ্মাসন, সিদ্ধাসন আদি) এটাত বহি ল’ব।

*মেৰুদণ্ড পোন কৰি দুয়ো হাতত জ্ঞান মুদ্ৰা(বা আন মুদ্ৰা) ধাৰণ কৰি দুয়ো হাত আঁঠুৰ ওপৰত ৰাখক।

*এতিয়া দুয়ো চকু বন্ধ কৰি মন আজ্ঞা চক্ৰ(কপালত ফোঁট লোৱা স্থান)ত প্ৰতিষ্ঠাপিত কৰি দীঘলীয়াকৈ গভীৰভাৱে উশাহ লওক আৰু দীঘলীয়াকৈ নিশাহ এৰি দিয়ক। এইদৰে উশাহ লোৱা আৰু নিশাহ এৰা প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰি থাকক।

*প্ৰতিবাৰ উশাহ-নিশাহৰ মাজত ৫ ছেকেণ্ড সময়-ব্যৱধান ৰাখিব, যাতে প্ৰতি মিনিটত উশাহ-নিশাহৰ সংখ্যা ১২ বাৰ হয় বা তাতকৈ কম হয়।

*এইদৰে প্ৰক্ৰিয়াটো ৫-১৫ মিনিট সময় একেৰাহে অভ্যাস কৰিব।

বৈজ্ঞানিক ব্যাখ্যা:

ভস্ত্ৰিকা প্ৰাণায়াম প্ৰথমে শ্বাসতন্ত্ৰৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। শ্বাসতন্ত্ৰৰ প্ৰধান অংগ হাঁওফাঁও। আমাৰ শৰীৰৰ হাঁওফাঁও দুটাত অসংখ্য বায়ুকোষ থাকে। সাধাৰণ অৱস্থাত এই আটাইবোৰ কোষে কাৰ্য কৰি নাথাকে। প্ৰায় আধাসংখ্যক বায়ুকোষেহে কাৰ্য কৰি থাকে। কিন্তু ভস্ত্ৰিকা প্ৰাণায়ামে অক্ষম বায়ুকোষবোৰক কম সময়ৰ ভিতৰত কাৰ্যক্ষম কৰি তোলে।

যাৰ ফলত হাঁওফাঁওৰ বায়ুধাৰণ ক্ষমতা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে। হাঁওফাঁওৰ বায়ু ধাৰণ ক্ষমতা যিমানে বৃদ্ধি পায় সিমানে তেজত অক্সিজেনৰ পৰিমাণ বাঢ়ি যায়। শৰীৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি হ’লে প্ৰতিটো অংগৰ কোষসমূহ সক্ৰিয় আৰু সবল হৈ উঠে।

কোষীয় শ্বসন প্ৰক্ৰিয়া সহজতে ঘটে। এই প্ৰক্ৰিয়াত কোষৰ ভিতৰত খাদ্যবস্তুৰ উপাদানবোৰ জাৰণ ঘটি শক্তি, তাপ আৰু দূষিত পদাৰ্থ কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন হয়। উৎপন্ন হোৱা শক্তি আৰু তাপ শৰীৰে বিভিন্ন কামত ব্যৱহাৰ কৰে। কাৰ্বন-ডাই-অক্সাইডবোৰ কোষৰ পৰা তেজৰ মাধ্যমেৰে হাঁওফাঁওলৈ আহে আৰু ইয়াক হাঁওফাঁওৱে নিশাহত দেহৰ বাহিৰলৈ এৰি দিয়ে।

এজন স্বাস্থ্যৱান মানুহৰ সাধাৰণতে প্ৰতি মিনিটত ১৪-২০ বাৰ পৰ্যন্ত শ্বাস-প্ৰশ্বাস ঘটে। এনে অৱস্থাত মানুহজনৰ হাঁওফাঁওলৈ প্ৰায় আধা লিয়াৰ বায়ু সোমোৱা-ওলোৱা হয়। কিন্তু দীঘলীয়া শ্বাস-প্ৰশ্বাসত(ভস্ত্ৰিকা প্ৰাণায়ামত মিনিটত ১২ বাৰ তাতকৈ কম) প্ৰতি মিনিটত প্ৰায় ৩-৫ লিটাৰ বায়ু হাঁওফাঁওৱে সজহে বিনিময় কৰিব পাৰে।

আমাৰ বায়ুমণ্ডলত ২০.৯৬ শতাংশ ভাগ অক্সিজেন গেছ আছে। আমি লোৱা প্ৰতিটো উশাহত হাঁওফাঁওৱে প্ৰায় ৪.৯৪ শতাংশ ভাগ অক্সিজেন আমাৰ শৰীৰত বিলাই দিব পাৰে। আনহাতে, দেহত উৎপন্ন হোৱা ৪.৯৪ শতাংশ ভাগ কাৰ্বন-ডাই-অক্সাইড নিশাহত এৰি দিব পাৰে। ইয়াৰ বিপৰীতে ভস্ত্ৰিকা প্ৰাণায়ামে অক্সিজেন আহৰণ আৰু কাৰ্বন-ডাই-অক্সাইড বৰ্জনৰ শতকৰা পৰিমাণ বঢ়াব পাৰে।

আধুনিক চিকিৎসা বিজ্ঞানে প্ৰমাণ কৰিছে যে দীঘলীয়া আৰু গভীৰ উশাহ-নিশাহে মানুহৰ জীৱনীশক্তি(জীয়াই থকা শক্তি, দীৰ্ঘায়ু) বৃদ্ধি কৰে। এনে দীঘলীয়া আৰু গভীৰ উশাহ-নিশাহৰ বাবে যোগশাস্ত্ৰই ভস্ত্ৰিকা প্ৰাণায়ামক প্ৰাধান্য দিছে।

উপকাৰ:

শৰীৰত বিশুদ্ধ অক্সিজেনৰ পৰিমাণে বৃদ্ধি কৰে। মগজুৰ কোষবোৰ সবল কৰে আৰু স্মৃতিশক্তিৰ বিকাশ ঘটায়। মগজুৰ তথ্য সংগ্ৰহ, সংৰক্ষণ আৰু বিশ্লেষণ ক্ষমতা বৃদ্ধি পায়। চৰ্দি, এলাৰ্জী, শ্বাসৰোগ, হাপানী, ছাইনাচ, কফ, স্নায়ুজনিত সমস্যা, ভাগৰ লগা, সকলো সময়তে টোপনিৰ ভাব অহা, মগজু গধুৰ লগা আদি ৰোগ আৰোগ্য হয়।

গোটেই শ্বাসতন্ত্ৰটো পৰিষ্কাৰ কৰি হয়। গোটেই শ্বাসতন্ত্ৰটো পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।  ভস্ত্ৰিকা প্ৰাণায়ামে ত্ৰিধাতু বায়ু, পিত্ত আৰু কফ শৰীৰত সন্তুলন(সুষম) কৰি ৰাখে।

ত্ৰিধাতু শৰীৰত সুষমভাৱে থাকিলে কোনো ৰোগৰ বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে।

সাৱধানতা:

উচ্চ ৰক্তচাপ, হাপানী আৰু হৃদৰোগ থাকিলে ভস্ত্ৰিকা প্ৰাণায়াম তীব্ৰ গতিত নকৰিব। খুব লাহে লাহে কৰিব।

উৎস: নিয়মীয়া বাৰ্তা

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top