ভাং বা গাঞ্জা ( বনস্পতীয় নাম -cannabis ) এবিধ নিষিদ্ধ নিচাজাতীয় সামগ্ৰী হোৱা হেতুকে ইয়াৰ বিষয়ে বেচিকৈ লিখিবলৈ নাযাও । মই মাত্ৰ ইয়াক সেৱন কৰা লোকৰ জ্ঞাতাৰ্থে কিছু স্বাস্থ্যবিষয়ক লাভ ক্ষতি সম্পৰ্কে দুআষাৰ লিখিবলৈ ওলাইছোঁ । ভাৰতীয় হিন্দু ধৰ্মত শিৱভক্ত সকলৰ মতে ভাঙক ভগৱানৰ প্ৰসাদ হিচাবে বহু হেজাৰ বছৰ প্ৰাচীন কালৰে পৰা গ্ৰহন কৰি অহা হৈছে । তিনিৰ পৰা আঠ ফুট পৰ্যন্ত ওখ শিৰলা শিৰলী পাতযুক্ত দক্ষিন এচিয়াৰ সৰ্বত্ৰে উপলব্ধ ভাঙৰ গছজুপী প্ৰায়ভাগেই চিনি পায় , আৰু মহাদেৱৰ প্ৰসাদেই হওঁক বা নিচাজাতীয় দ্ৰব্য বুলিয়েই হওক ইয়াৰ চাহিদা ভুক্তভোগীয়েহে বুজি পায় । ধুমপান হিচাবেই হওক বা পানীয় -ঘোটা, ক্ষীৰ,চাহ, চৰৱত, লাড়ু আদি বনাই যিয়ে যেনেকৈয়ে নাখাওক অন্নান্য মদ, কানি , ড্ৰাগ্ চ আদি নিচাজাতীয় দ্ৰব্যৰ তুলনাত ভাং বা গাঞ্জা কোনো গুণে কম নহয় । বৰং কুমলীয়া বয়সৰ লৰা ছোৱালীৰ পৰা বিভিন্ন বয়সৰ লোকে বা চোৰাংকৈ হলেও উচ্চ নিম্ন বিভিন্ন স্তৰৰ লোকে উৎসৱে পাৰ্ৱনে বা যেতিয়াই তেতিয়াই য'তে ত'তে সেৱন কৰা লোকৰ সংখ্যা দিনক দিনে বাঢ়িহে আছে । আয়ুৰ্ব্বেদ শাস্ত্ৰমতে ভাং এবিধ উৎকৃষ্ট বনৌষধী । অন্যহাতে ঔদ্যোগিক ক্ষেত্ৰত সুতা, ৰচী,ফাইবাৰ আদি নিৰ্মানৰ পণ্যদ্ৰব্য(raw meterials)হিচাবে ব্যৱহৃত হয় । চিকিৎসা ক্ষেত্ৰত ইয়াৰ বীজৰ পৰা উলিওৱা তেল বিষনাশক । পাতৰ ৰসৰ বাহ্যিক প্ৰয়োগত ঘা, ফোহা ,খজুৱতি , অনিদ্ৰা, কানৰ বিষ,মুৰৰ বিষ ,ওকণী মৰা ,পোক মৰা,অন্ড দোষ , যোনীদোষ আদিৰ বাহিৰেও শৰীৰৰ নানাবিধ জটিল ৰোগ - কৰ্কট, বহুমুত্ৰ, মুত্ৰকৃচ্ছ, নপুংশতা,এজমা,কাহ, মানসিক ৰোগ, যৌনৰোগ,অভোক, অতিসাৰ আদি ৰোগত প্ৰাচীন আয়ুৰ্বেদ চিকিৎসকে (বৈদ্য) সঠিক মাত্ৰা আৰু উপাদানেৰে ইয়াক ব্যৱহাৰ কৰিছিল । কালক্ৰমত নিচাগুণৰ তাৰনাত ইয়াৰ ভুল মাত্ৰা সেৱন কৰি হব পৰা পাৰ্শ্বক্ৰিয়াৰ বাবে বহল ভিত্তিত এই চিকিৎসাৰ প্ৰসাৰ শিথিল হয়।বৰ্তমান আধুনিক চিকিৎসা গৱেষকে ভাঙৰ বিভিন্ন প্ৰজাতিৰ পৰা নানা ধৰনৰ ঔষধ প্ৰস্তুত কৰাটো সৌভাগ্যৰ বিষয়।
ভাঙৰ উপকাৰিতা:-
ভগৱান শিৱৰ প্ৰসাদ বা অন্য যি ধৰনেই নাখাওক ইয়াৰ সেৱনত উপকাৰতকৈ অপকাৰহে বেছি।অপ্ৰয়োজনত বা মাত্ৰাধিক জীৱনদায়ী ঔষধ সেৱন বিষ হৈ পৰাৰ নিচিনা অভ্যাসগত বা পৰ্ব দিনত মাত্ৰাধিক ভাং বা ভাঙেৰে প্ৰস্তুত সামগ্ৰী খোৱাৰ ফলত বিষতুল্য হব পাৰে
১। মগজুৰ ক্ষতি:- শীতল নিচাযুক্ত যদিও ভাঙৰ নিচাই অধিক সময়লৈ মগজুৰ কোষত যথেস্থ আঘাত কৰে যাৰ ফলত অধিক হঁহা,কন্দা ভুল সিদ্ধান্ত কৰা , চকু মেলি শোৱা, ওপৰলৈ যোৱা বা তললৈ সৰি পৰা অনুভৱ হোৱা, আদি বিকৃতি হয় ।
২। মগজুৰ লাহে লাহে কমি আহে স্মৃতি শক্তি কমে লগতে দেহৰ সকলো স্নায়ু,ৰক্তকোষ আৰু ইন্দ্ৰীয়বোৰৰ ক্ষতিসাধন হয় ।
৩। মানসিক ৰোগ :- মাত্ৰাধিক সেৱনত স্থায়ীভাৱে মানসিক ৰোগ গ্ৰস্ত বা পাগল হব পাৰে
৪। এলেহুৱা সময়ৰ মূল্য নুবুজা আৰু দায়িত্বজ্ঞানহীন হব পাৰে ।
৫। গৰ্ভৱতী মহিলাৰ সন্তানৰ আঘাত বা মস্তিস্কহীন অবিবেকী সন্তান জন্ম হব পাৰে ।
৬। পুৰুষৰ শুক্ৰকীট নষ্ট হব পাৰে নিসন্তান বা নপুংশক হব পাৰে ।
৭। আতিমাত্ৰা সেৱনত ৰক্তচ্চাপ বহুমুত্ৰ কেঞ্চাৰ থায়েৰইদ,এজমা মগজু আৰু স্নায়ুদৌৰ্বল্য ,মানসিক ৰোগ আদিৰ বাহক হব পাৰে ।
৮। মহিলা আৰু লৰাছোৱালীৰ বাবে অত্যন্ত হানিকাৰক ।
৯। ছাত্ৰ ছাত্ৰীৰ আৰু মানসিক স্বাস্থ্য দুৰ্বল হোৱাৰ লগতে মনোযোগ আৰু স্মৃতিশক্তি দুৰ্বল হৈ আহে। দায়িত্যবোধ কমে আৰু খঙাল হব ধৰে । হতাশাগ্ৰস্ত হব পাৰে ।
১০। খালিপেটত ভাং খোৱাটো দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক।
লেখক: যতীন দাস
শেহতীয়া উন্নীতকৰণ: : 5/20/2020