মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ভিতৰলৈ বাঢ়ি যোৱা ভৰিৰ নখৰ যতন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভিতৰলৈ বাঢ়ি যোৱা ভৰিৰ নখৰ যতন :

ভিতৰলৈ বাঢ়ি যোৱা ভৰিৰ নখৰ যতনৰ বিষয়ে লিখা হৈছে ।

ভৰিৰ নখ ভিতৰলৈ বাঢ়িলে যথেষ্ট বিষ হয়। জোতা পিন্ধিলেও বেদনা পোৱা যায়। ভুল দিশত ভৰিৰ নখ বাঢ়ি মঙহৰ দিশে গতি কৰে। বিষৰ লগতে এনে নখৰ কাৰণে সংক্ৰমণ হোৱাৰো সম্ভাৱনা বাঢ়ে। এনে হোৱাৰ কাৰণ বংশগত আৰু অতি টান জোতা পৰিধান অথবা আঘাতো হ’ব পাৰে।

চিকিৎসা আৰু প্ৰতিৰোধ -

১) কপাহৰ বলেৰে কৰিব পৰা যত্ন:

* প্ৰথমেই ভৰি সহ্য কৰিব পৰা গৰম পানীৰ বাচনত পটাছিয়াম পাৰমাংগানেট দি ২০ ৰ পৰা ৩০ মিনিটলৈ ভৰি ডুবাই ৰাখিব। ভৰি তিয়াই ৰখাৰ ফলত কোমল হয়। আৰু বেক্টেৰীয়া সৃষ্টিত বাধা ওপজে।

* সাৱধানেৰে নখ ট্ৰিম কৰিব। নখ যাতে ধেনুভিৰীয়া নহয় তাৰ প্ৰতি ধ্যান ৰাখিব। ধেনুভিৰীয়া নখ বেছিকৈ ভিতৰলৈ বাঢ়ে।

*  এডাল টুইজাৰৰ সহায়ত ভিতৰলৈ বাঢ়ি যোৱা অংশত কপাহৰ বল সুমুৱাই দিব যাতে নখ ওপৰলৈ উঠে।

* বেক্টেৰিয়া নহ’বলৈ প্ৰতিদিনে বলটো সলনি কৰিব।

*  যদি ভৰিৰ আঙুলিত সংক্ৰমণ হয়, তেতিয়া সংক্ৰমণ ৰোধ কৰা মলম (যেনে নিঅ’স্পৰীণ) আক্ৰান্ত অংশত লগাই বেণ্ডেজ কৰিব। ঘৰত থাকোঁতে মোজ অথবা জোতা পৰিধানৰ পৰা বিৰত থাকিব। কাৰণ আক্ৰান্ত অংশটোৱে বতাহ বিচাৰে।

২) নেমু ব্যৱহাৰ কৰক:

*এটুকুৰা পাতলকৈ কটা নেমু আঙুলিটোত গোটেই ৰাতি বেণ্ডেজেৰে মেৰিয়াই বান্ধি থ’ব। নেমুৰ স্বাভাৱিক এচিডিটিয়ে সংক্ৰমণ বাধা দিয়ে।

*চাহ গছৰ তেল বা বেবী অইল নামৰ আক্ৰান্ত অংশত ব্যৱহাৰ কৰিব। ফলত নখত হেঁচা কমাই বিষ হ্ৰাস হোৱাতো সহায় কৰিব।

*ভিতৰলৈ বাঢ়ি যোৱা নখ থাকিলে পেডিকিউৰ নকৰিব। এনে কৰিলে সংক্ৰমণ কৰিব। অত্যধিক টান জোতা নিপিন্ধিব।

*যদি আঙুলিত সংক্ৰমণ হৈ ফুলি যায় আৰু পুঁজ জমা হয় তেতিয়া ত্ৎক্ষণাৎ চিকিৎসকৰ কাষ চাপক।

উৎস: দেওবৰীয়া সুকন্যা

 

2.88235294118
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top