মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ভূলবোৰ চালি জাৰি চাওঁ আহক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভূলবোৰ চালি জাৰি চাওঁ আহক :

ভূলবোৰ চালি জাৰি চাওঁ আহক, সেই বিষয়ে লিখা হৈছে ।

 

ৰোগাগ্ৰস্ত ব্যক্তি এজন যেতিয়া আমাৰ ওচৰলৈ আহে তেতিয়া আমি প্ৰয়োজনীয় চিকিৎসাখিনি দিয়াৰ লগতে খাদ্যবস্তু সম্বন্ধেও সম্যক ধাৰণা দিয়াটো উচিত| কাৰণ বহু সময়ত দেখা গৈছে যে ভালদৰে চিকিৎসা লোৱাৰ পিছতো আশানুৰুপ ফলাফল পোৱা নাযায়| আজি এনে কিছুমান বিষয়, কিছুমান ভুলধাৰণাৰ বিষয়ে আলোচনা কৰিম:

১)ভূল ধাৰণা:

আঘাতপ্ৰাপ্ত ব্যক্তিয়ে মাছ, মাংস, কণী, টেঙাজাতীয় ফলমূল খাব নালাগে।

সত্যতা:

আঘাত প্ৰাপ্ত ব্যক্তিয়ে পৰ্যাপ্ত পৰিমাণে মাছ, মাংস, গাখীৰ, কণী খোৱা উচিত| কাৰণ এইবোৰ খাদ্যত থকা প্ৰ'টিন, ভিটামিন আৰু খনিজ তত্বই আঘাতপ্ৰাপ্ত অংশটি সোনকালে ভৰি অহাত সহায় কৰে| গাখীৰ আৰু কণীত থকা কেলচিয়ামে অস্থিভগ্নত(fractureৰ নিৰাময়ত সহায় কৰে|

আয়ুৰ্বেদত এই কথাখিনিক সৰলভাষাত কৈছে যে:

"সামান্যম্ হি বৃদ্ধি কাৰণম্”

অৰ্থাত কোনো বস্তুৰ বৃদ্ধিৰ বাবে সমগুণসম্পন্ন বস্তুহে লব লাগে| যেনেদৰে ৰক্তাল্পতা হ'লে পোনপটীয়াকৈ তেজ লোৱা হয় ঠিক সেইদৰে যিহেতু আঘাতৰ ফলত মাংস(প্ৰ'টিন)ৰ ক্ষতি হৈছে গতিকে প্ৰ'টিনজাতীয় খাদ্য খোৱাটো প্ৰয়োজন| টেঙাজাতীয় ফলমূল(নেমু, কমলা, মৌচুমী, মধুৰিআম ইত্যাদি)ত থকা ভিটামিন চি তত্বই সংযোজক কলা(connective tissue) আৰু তৰুণাস্থি (cartilage)ৰ পুণৰ্গঠনত সহায় কৰে আৰু ক'লাজেন তন্তুৰ গঠন কৰে| ভিটামিন C এ ছাল আৰু মাংপেশীৰ পুণঃগঠনত সহায় কৰে|

বিভিন্ন ফলমূল, পাচলিত থকা ভিটামিন A জাতীয় তত্বই তেজৰ শ্বেতৰক্ত কণিকাৰ পুনৰ নিৰ্মাণত সহায় কৰে, যিয়ে আঘাত হোৱা অংশটিক বীজাণু সংক্ৰমণৰ পৰা ৰক্ষা কৰে|

২)ভূলধাৰণা:

আই (chicken pox etc.) ওলালে ঔষধ খাব নালাগে/নাপায়।

সত্যতা:
এইটো এটা ভাইৰাছজনিত self limiting ৰোগ| পৰাপক্ষত সাধাৰণ পৰিষ্কাৰ পৰিচ্ছন্নতাই যথেষ্ট| কিন্তু বিভিন্ন আনুষংগিক উপসৰ্গ যেনে জ্বৰ, কাহ, অৰুচি তথা সাম্ভাব্য বেক্টেৰিয়াজনিত সংক্ৰমণ(secondary bacterial superinfection) ৰোধৰ বাবে চিকিৎসা কৰা অতি প্ৰয়োজন|

৩)ভূল ধাৰণা:

জণ্ডিচ হ'লে জৰা-ফুকা কৰিব লাগে, ডাক্তৰি চিকিৎসা নাই।

সত্যতা:

এইবিধো এবিধ ভাইৰাছজনিত ৰোগ, যিটো ৰোগ বিশেষকৈ অপৰিশোধিত পানী খোৱাৰ ফলত হয়(জণ্ডিচৰ বিভিন্ন প্ৰকাৰ আছে যদিও সাধাৰণতে দেখা ৰোগবিধক hepatitis A বোলা হয়)| ইও এক স্বসীমিত ৰোগ যদিও সাম্ভাব্য উপদ্ৰৱ ৰোধৰ বাবে চিকিত্সা নিশ্চয় কৰিব|

৪)ভূলধাৰণা
কুকুৰ, মেকুৰীয়ে কামুৰিলেহে বেজী(Anti rabis vaccine, ARV) ল'ব লাগে, আচুৰিলে নালাগে।

সত্যতা:

সাধাৰণতে Rabis ভাইৰাছটো কুকুৰ, মেকুৰী আদি জন্তুৰ লালটিত থাকে যদিও আচুৰিলেও ARV লোৱাটো সমানেই প্ৰয়োজনীয়| কাৰণ এই জন্তুবোৰে জিভাৰে নিজৰ বা স্বগোষ্ঠীৰ হাতোৰা চেলেকি থকা সততে দেখা যায়, যাৰ ফলত বিজাণুটো নখলৈ বিয়পাটো অসম্ভৱ নহয়| সেয়ে আচুৰিলেও ARV ল'বলৈ অৱহেলা নকৰিব| এমাহৰ ভিতৰত ৫টা ARV বেজী ল'ব লাগে(কামোৰা বা আচোৰাৰ দিনা 0 day, ৩ দিনত, ৭ দিনত, ১৪ দিনত আৰু ২৮ দিনত)।

৫)ভূল ধাৰণা

প্ৰসূতি মাতৃয়ে মাছ, মাংস, গাখীৰ খোৱা অনুচিত, কেৱলমাত্র সিদ্ধ বস্তু খাব লাগে।

সত্যতা:
স্বাভাৱিকভাৱে হোৱা প্ৰসৱত নিৰ্দিষ্ট কোনো বাধা নাই| বৰং এই সময়ছোৱাত মাতৃগৰাকীক ভালদৰে আলপৈচান ধৰাটো প্ৰয়োজন| কাৰণ মাতৃগৰাকীয়ে যিমানে পুষ্টীকৰ খাদ্য খাব সিমান ভালকৈ শিশুটিয়ে স্তনদুগ্ধ পাব, লগতে দুগ্ধৰ গুণগত মানো উন্নত হ'ব| দুগ্ধপোষ্য শিশুৰ মাতৃয়ে পৰ্যাপ্ত পৰিমাণে কেলচিয়াম জাতীয় খাদ্য খোৱা উচিত| অৱশ্যে চিজাৰীয়ান প্ৰসৱৰ ক্ষেত্রত যাতে কোষ্ঠকাঠিন্য নহয় তাৰ বাবে খাদ্যবস্তুৰ বিষয়ত চিকিৎসকৰ পৰামৰ্শ মানি চলাটো দৰকাৰ|

লেখক: ডাঃ মেদিনী বৰ্মন

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top