মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ভৰি দুখন ভালে ৰাখিবলৈ কি কৰিব :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভৰি দুখন ভালে ৰাখিবলৈ কি কৰিব :

ভৰি দুখন ভালে ৰাখিবলৈ কি কৰিব, সেই বিষয়ে লিখা হৈছে ।

 

*প্ৰতিদিনে শোৱাৰ পূৰ্বে পৰিষ্কাৰকৈ ধুব। কোমল কাপোৰেৰে মচিব আৰু ভৰিৰ পতা দুখনত ঘা লাগিছে নেকি চাব।

*ঢিলা জোতা পিন্ধিব। জোতাৰ ভিতৰত যাতে গজাল বা শিলৰ টুকুৰা নাথাকে চাই ল’ব। জোতা সদায় পিছবেলাহে কিনিব আৰু চিলাই থকা মোজা নিপিন্ধিব।

*জুই বা হিটাৰৰ তাপ লওঁতে সাৱধান ল’ব, ভৰিত গৰম পানীৰ বেগ লৈ নুশুব। প্ৰতিদিনেই কুহুমীয়া গৰম পানীৰ সেক ল’ব।

*পাৰ্যমানে ভৰি দুখনক আঘাতৰ পৰা নিৰাপদে ৰাখিব। নখ কাটোতে সাৱধান হ’ব ব্লেডৰ সলনি নেইল কাটাৰ ব্যৱহাৰত অগ্ৰাধিকাৰ দিব। কৰ্ন কেপ লগাব লগা হ’লে চিকিৎসকক সুধি ল’ব। ভৰিত ফোঁহা বা ঘা লাগিলে চিকিৎসকক অৱগত কৰাব।

*নিয়মীয়াকৈ ভৰিৰ ব্যায়াম কৰিব। ব্যায়ামে ভৰিৰ ৰক্ত চলাচল প্ৰক্ৰিয়াক স্বাভাৱিক ৰখাত সহায় কৰে।

উৎস: নিয়মীয়া বাৰ্তা

3.55555555556
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top