যোৱা ডেৰটা দশকত ভাৰতকে ধৰি প্ৰায় সমগ্র বিশ্বতে দূৰ সংযোগ তথা যোগাযোগৰ মাধ্যমৰ অভাৱনীয় উন্নতি হৈছে। ২০০১ চনত এই লেখকে জীৱিকাৰ তাড়নাত অসম চিকিৎসা মহাবিদ্যালয়লৈ বদলি হৈছিলোঁ। কাকো খাটিৰ-বাতি নকৰাৰ বাবে আজি ডেৰটা দশক উজনিতেই নিঃসংগ জীৱন যাপন কৰিব লগীয়া হৈছোঁহঁক। সেই সময়ত দূৰ সংযোগৰ একমাত্র মাধ্যম আছিল লেণ্ড ফ’ন। তাকে নিজৰ ঘৰত থাকিলেও দূৰণিবটীয়া ঠাইলৈ ফ'ন কৰি খা-খবৰ ল’বলৈ পি চি অ’লৈ যাব লাগে| অসুস্থ বৃদ্ধ পিতৃ-মাতৃৰ স্বাস্থ্যৰ বুজ ল’বলৈকো ডিব্ৰুগড়ত পি চি অ’-ত শাৰী পাতি থিয় হোৱা মনত আছে। এতিয়া যোৰহাট মেডিকেল কলেজৰ (জে এম চি) কেম্পাছস্থিত মোৰ কোৱাৰ্টাৰৰ পৰা ম’বাইল ফ’নৰ জৰিয়তে গুৱাহাটীত থকা মোৰ ঘৰখনৰ মানুহৰ লগত বার্তালাপ কৰিব পাৰোঁ।
আজি আমাৰ এই লেখাত ম’বাইল ফ’নৰ অপৰিমিত ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা সমস্যাৱলীৰ বিষয়ে আলোচনা বিচাৰিছোঁ। সহৃদয় পঢুৱৈসকলে ন’ম’ফবিয়া (Nomophobia) নামটো নিশ্চয় শুনিছে| ই এবিধ ৰোগ| চিকিৎসা বিজ্ঞানত ইয়াক এনেদৰে সংজ্ঞায়িত কৰা হৈছে— ম’বাইল ফ’নৰ অবিহনে জীৱন যাপন কৰিব লগীয়া দিনবোৰৰ প্ৰতি শংকাগ্ৰস্ততা বা স্মার্ট ফ’নৰ প্ৰতি অহেতুক আসক্তি। ই এক ‘প্রথম বিশ্বৰ’ সমস্যা আৰু ই শাম কটাৰ কোনো উম-ঘাম নাই। ইংলেণ্ডৰ ডাকঘৰবোৰৰ উদ্যোগত ২০১০ চনত চলোৱা এটা সমীক্ষাৰ সময়ত পোন প্ৰথমবাৰৰ বাবে এই ‘ন’ম’ফবিয়া’ শব্দটি ব্যৱহাৰ কৰা হৈছিল।
পিছে এতিয়া চিন্তনীয় দিশটো হৈছে— প্রযুক্তি বিদ্যাৰ অগ্ৰগতিৰ আনুষংগিকভাৱে প্রতিদিনেই ন ন ফ’বিয়াৰ (ভীতিগ্ৰস্ততা) সৃষ্টি হৈছে। যাক টেকন’ফবিয়া বা প্রযুক্তিগত ভীতিগ্ৰস্ততা বুলি ক’ব পাৰি। ১৯৮৩ চনতেই পাশ্চাত্যৰ দেশবোৰৰ বজাৰত ম’বাইল ফ’ন সহজলভ্য হৈ পৰিছিল। ২০১২ চনত প্রকাশিত বিজ্ঞানীসকলৰ মতামত অনুযায়ী একৈশ শতিকাত ড্রাগছৰ পাছতেই ম’বাইল ফ’নৰ প্ৰতি থকা আসক্তি লোকৰ সংখ্যা সর্বাধিক। কলেজীয়া ছাত্ৰসকলে নিতৌ ৯ ঘণ্টালৈকে ম’বাইল ফ’ন পিটিক-পাটাক কৰিয়েই সময় অতিবাহিত কৰে। ম’বাইল ফ'ন ব্যৱহাৰে মানুহ কিছু কষ্ট আৰু চিন্তাৰ পৰা মুক্তি লভিছে যদিও ই মানুহক দাসত্বৰ শিকলিৰে বান্ধিছে। ম’বাইলৰ ব্যৱহাৰ উপলব্ধ হ’বলৈ অক্ষমতাজনিত পৰিস্থিতিৰ মুখামুখি হ’লেই এগৰাকী ব্যক্তি ন’ম’ফবিয়াত আক্রান্ত হ’ব পাৰে।
মানসিকতাত কু-প্ৰভাৱৰ উপৰি আন দিশৰ পৰাও লোকজন ক্ষতিগ্রস্ত হ’ব পাৰে— যদিহে তেওঁ অত্যধিক ম’বাইল ফ’নৰ ব্যৱহাৰ কৰে। অন্য ব্যক্তিৰ ম’বাইল ফ’ন হাতেৰে স্পর্শ কৰিলে সেই ফ’নত লাগি থকা বীজাণু সুস্থ ব্যক্তিজনৰ শৰীৰত প্ৰৱেশৰ শংকা আছে। বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে প্রতিপন্ন হৈছে যে কিছুমান বিশেষ বৃত্তিত নিয়োজিত ব্যক্তিৰ ম'বাইল হেণ্ডছেটবোৰ শৰীৰৰ বাবে ক্ষতিকৰ। এনেধৰণৰ ম'বাইল নানা বীজাণুৰ দ্বাৰা সংক্রমিত হৈ থাকে। এনেবোৰ বৃত্তিৰ ভিতৰত উল্লেখনীয় হৈছে— মাছ-মাংসৰ বেপাৰীসকল, চাফাই কর্মচাৰী আৰু চিকিৎসা সেৱাৰ সৈতে জড়িত কর্মীসকল। এই বীজাণুবোৰৰ ভিতৰত কিছুমান অতি বিপজ্জনক। সংগৃহীত তথ্য অনুযায়ী ৯৪.৫ শতাংশ ম'বাইল হেণ্ডছেটত নানা ধৰণৰ বীজাণু লাগি থাকে। গতিকে প্রতিষেধকমূলক ব্যৱস্থা হৈছে চিকিৎসাতকৈ বেছি উত্তম।
আনহাতে ম’বাইল ফ’ন ব্যৱহাৰৰ ফলত মগজুৰ কর্কট ৰোগ হ’ব পাৰে আৰু গৰ্ভধাৰণৰ সময়ত এগৰাকী নাৰীয়ে ব্যৱহাৰ কৰিলে তেওঁৰ অপত্যৰ মানসিকতাত ভৱিষ্যতে কু-প্ৰভাৱ পৰিব পাৰে বুলি থকা ধাৰণাটোৰ কোনো ভিত্তি নাই বুলি বিজ্ঞানীসকল সিদ্ধান্তলৈ আহিছে। আমেৰিকাৰ ইউ এছ এফ ডি এ-ৰ মুখপত্ৰৰ মতে, ম’বাইলৰ পৰা নির্গত ৰশ্মিয়ে মানৱদেহত নেতিবাচক প্ৰভাৱ নেপেলায়। মানুহে যিকোনো কাম কৰি থকা অৱস্থাতে ম’বাইল ফ’নৰ ব্যৱহাৰ কৰিব পাৰে বা কৰিব লগীয়া হয়। অৱশ্যে কেতবোৰ কৰ্মত লিপ্ত হৈ থকাৰ সময়ত এনে কৰিলে বিপদৰ সম্ভাৱনীয়তা বাঢ়ে বা সমস্যাৰ সৃষ্টি হ’ব পাৰে। আমেৰিকাৰ কার্নেগী মেলন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চলোৱা সমীক্ষাত পোৱা তথ্য অনুসৰি— গাড়ী চলাই থকা সময়ত ম'বাইল ফ’নত কথা পাতি থাকিলে চালকৰ মানসিক একাগ্রতা ৩৭ শতাংশ কমি যায়। ইয়াৰ ফলত দুর্ঘটনাত পতিত হোৱাৰ আশংকা বাঢ়ে| আজিকালি সঘনাই দেখিবলৈ পোৱা এটি দৃশ্য হৈছে— খোজকঢ়া বা অন্যান্য প্রাত্যহিক কাম-কাজ কৰাৰ সময়ত মূৰটো বেঁকা কৰি কান্ধৰ ওপৰ অংশেৰে চেপি ম’বাইল ফ’নত বার্তালাপ কৰা এনে কৰিলে সংশ্লিষ্ট ব্যক্তিজনৰ মনোযোগ চৌপাশৰ পৰিৱেশৰ পৰা আঁতৰি যোৱাৰ শংকা থাকে| শিশু আৰু কিশোৰসকলৰ ক্ষেত্ৰত এনে পৰিস্থিতিত দুর্ঘটনাগ্রস্ত হোৱাৰ শংকা বেছি। গৱেষণাৰ জৰিয়তে গম পোৱা গৈছে— খোজ কাঢ়ি গৈ থকাৰ সময়ত ম'বাইল ফ’ন ব্যৱহাৰ কৰিলে শিশুসকলে প্রায় ২০ শতাংশলৈকে মনোযোগ হেৰুৱায়।
ম’বাইল ফ’নৰ ব্যৱহাৰৰ হেতুকে উদ্ভৱ হোৱা আন এটা স্বাস্থ্যজনিত সমস্যা হৈছে ভাইব্ৰেশ্বন| ইয়াৰ দীর্ঘকালীন ব্যৱহাৰে মানুহৰ মানসিকতাত বিৰূপ প্ৰভাৱ পৰে। পৰিস্থিতি এনে এক পর্যায় পায়গৈ যে ভাইব্ৰেশ্বনৰ অনুপস্থিতিতে ইয়াক উপলব্ধ হোৱা বুলি অনুভৱ কৰি ম'বাইল ফ’নটোৰ প্ৰতি মনোযোগৰ মাত্রা বাঢ়ে। জার্মানিৰ ভানডাৰবিল্ট বিশ্ববিদ্যালয়ৰ মানসিক ৰোগ চিকিৎসা বিভাগৰ অধ্যাপক জন ফাছে উল্লেখ কৰা মতে ইয়াৰ ফলত মানৱ দেহত এই ভাইব্ৰেশ্বন ধৰা পেলোৱাৰ এক দক্ষতা গঢ়ি উঠে। ফলত স্নায়ু আৰু মগজুৰ সংযোজক পথবোৰ শক্তিশালী হয়। গতিকে লোকজনে কেতবোৰ ভিন্ন ধৰণৰ আচৰণ প্রদর্শন কৰিব পাৰে।
আনহাতে মে’ছেজ (SMS) মাত্ৰাধিক প্ৰেৰণ কৰাৰ ফলত হাতৰ আঙুলিৰ নানা অস্বাভাৱিকতাৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত হাতৰ আঙুলিৰ জঠৰতা, আঙুলিৰ চৌদিশে উপলব্ধ হোৱা বিষ প্রধান। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ফিজিঅ’থেৰাপিৰ উপৰি সময় সাপেক্ষে অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। ম’বাইল ফ’নৰ ব্যৱহাৰে স্বাস্থ্যলৈ আন এক ভাবুকিও আহে। ম’বাইলত প্রয়োজনতকৈ বেছি তীব্ৰতাত একেলেথাৰিয়ে সংগীত উপভোগ কৰি থাকিলে শ্ৰৱণ শক্তিৰ ক্ষতি হোৱাৰ উপৰি মানসিকতাৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে। ৮৫ ডেচিবেলতকৈ অধিক তীব্রতাযুক্ত শব্দই শ্ৰৱণ শক্তিৰ ক্ষতি সাধে।
ম’বাইল ফ’নৰ অংশবোৰ যিবোৰ ধাতুৰে নিৰ্মিত তাৰে ভিতৰত নিকেল হৈছে অন্যতম। এই ধাতুৰ স্পৰ্শলৈ অহাৰ ফলত ব্যক্তি বিশেষৰ ছালত এলাৰ্জিঘটিত ৰোগৰ সৃষ্টি হয়। চর্মৰোগ চিকিৎসক ডাঃ লিঅ'নেল বার্ক’ভিছৰ মতে, কেতবোৰ ব্যক্তিৰ নিকেলৰ প্ৰতি অতি সংবেদনশীলতা আছে। জার্নেল অব্ কানাডিয়ান মেডিকেল এছচিয়েশ্যনত প্রকাশিত এটা নিবন্ধত প্রকাশ পোৱা অনুসৰি ২২টা বিভিন্ন মডেলৰ ম’বাইল ফ’নৰ ১০টাতে নিকেল আছে। মেনু বুটাম বা লগ’ বা পৰ্দাৰ চৌদিশৰ অংশবোৰত এই ধাতু ব্যৱহাৰ কৰা হয়। মানুহৰ সামাজিক তথা আৱেগিক সম্পর্কবোৰৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছে ম’বাইল ফ’নে। বিজ্ঞানৰ অন্যান্য অৱদানবোৰৰ দৰে ম’বাইল ফ’নৰো পৰিমিত ব্যৱহাৰে মানৱ সমাজৰ কল্যাণ সাধিব।
লেখক: ডাঃ মিহিৰ কুমাৰ গোস্বামী, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পালম’নাৰি (মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক), দৈনিক জনমভূমি।
শেহতীয়া উন্নীতকৰণ: : 1/17/2023