মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মোক চেনি নিদিয়া চাহ একাপ দিব পাৰিবনে ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মোক চেনি নিদিয়া চাহ একাপ দিব পাৰিবনে ?

মোক চেনি নিদিয়া চাহ একাপ দিব পাৰিবনে ?

পাঁচ-ছয়জন আলহী একেলগে আহিব, চাহ দিবলৈ আহিছে-দিলেই নহয়কৈ এজনে ওপৰৰ বাক্যটো। আকৌ দৌৰ মাৰি যাওঁক-কেটলী বহাওঁক চেনি নিদিয়া চাহ বনাওঁক!!! বেমাৰে বেমাৰীকহে অশান্তি দিয়াটো উচিত-আনক নহয়। কথাটো সঁচা দিয়কচোন-এনে ঘটনাই আপোনাৰ মনত বিৰক্তিৰ জন্ম দিলেও প্ৰকাশ নকৰে। অৱশ্যে এটা কথা, আজিকালি লক্ষ্য কৰিবচোন-বেছিভাগ লোকেই চাহত চেনি নাখায়। আপুনিও নেকি? ডায়েবেটিছ থকা সকলতো বাদেই, নথকা কিছুসংখ্যক উচ্চ মধ্যবিত্তৰ আৰু ধনী লোকৰ বাবে ডায়েবেটিছ হোৱাটো অথবা চেনি নিদিয়া চাহ খোৱা, মিঠাই নোখোৱা আদিবোৰ ‘ফেশ্বন’ হৈ পৰিছে। মানে কথাটো এনেকুৱা যে, মোৰ লগৰ জনৰ যদি ডায়েবেটিছ থাকিব পাৰে-মোৰনো নহব কিয়! টকা-পইচাৰ ফালৰ পৰা মইতো তেওঁতকৈ কোনো গুণেই কম নহয়! অৱশ্যে ইয়াৰ মাজতে কিছুসংখ্যক আছে যিয়ে বেছি মিঠা খালেই ডায়েবেটিছ হ’ব বুলি ভাবে। ফেশ্বন হিচাপে লোৱা বা ৰোগ নহওঁতেই নিৰাময়ৰ বাবে যত্ন লোৱা এনে অবিজ্ঞানসন্মত মানসিকতা থকাসকলে দেখুৱাই চেনি নিদিয়া চাহ খোৱা, মিঠা নোখোৱা এইবোৰ কৰিলেও-ড্ৰিংকছ ঠিকেই কৰে, পকা কল, আপেল, আঙুৰ ঠিকেই খায়।পিছে, যিসকলে সঁচাই এই ৰোগত ভুগিছে তেওঁলোকেও এইসকলৰ পাল্লাত পৰি নাখাবলগীয়া বস্তু খাই এফালে যেনেদৰে ডায়েবেটিছ ‘কণ্ট্ৰল’ কৰিছে, আনপিনে ‘মিঠা’ বস্তু বা ডায়েবেটিছ বঢ়াব পৰা বস্তু (শ্বেতসাৰ/শৰ্কৰা) খাই থাকে। ৰোগ নোহোৱাসকলে কেৱল আভিজাত্যৰ বাবে নিজৰ দেহক প্ৰয়োজনীয় শৰ্কৰাজাতীয় খাদ্যৰ পৰা বঞ্চিত কৰিছে। ৰোগ হোৱাসকলেও তেওঁলোকৰ সীমিত জ্ঞানেৰে সেইবোৰ খাই অধিক বেমাৰী হৈছে।এসময়ত ৰোগ, ৰোগ আছিল। পিছে আজিকালি ৰোগ আভিজাত্যৰ যেন মাপকাঠি হৈছে। বন্ধু এজনে সেয়ে ৰসিকতা কৰি কৈছিল, ‘ডায়েবেটিছ হ’লে জানিবি ধনী মানুহ আৰু এই যে গেষ্টিক হয় আমাৰ দৰে সৰু সৰু মানুহবোৰৰ ৰোগ’। বন্ধুৰ ৰসিকতা আপুনিও ভালদৰে গমি পিটি চালে-সঁচা যেনেই পাব। পিছে এইবোৰ হ’বলৈ পাইছে আমাৰ একাংশ লোকৰ ৰোগটোৰ ওপৰত থকা ভুল ধাৰণা, ভুল চিকিৎসা ব্যৱস্থা আৰু ভুল নিয়ন্ত্ৰণ ব্যৱস্থা।আহক এইবাৰ আমি থুলমূলকৈ ৰোগটোৰ বিষয়ে কিছু জানি থওঁ। জানি থওঁ, প্ৰতিকাৰক চিকিৎসা ব্যৱস্থা, নকল আৰু প্ৰতিকাৰক ঔষধ ব্যৱহাৰৰ অবিহনেও কেনেকৈ এই ৰোগ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়।

ডায়েবেটিছৰ ফলত আমাৰ দেহত মূখ্যতঃ দুটা ক্ষতি হৈ থাকে। প্ৰথম, শৰ্কৰাৰ পৰিমাণ বাঢ়ি তেজত জমা হৈ যায়, দ্বিতীয়তে, হৃদযন্ত্ৰৰ পৰা স্নায়ুতন্ত্ৰলৈকে শৰীৰৰ সকলো অংগৰে লাহে লাহে ক্ষতি হৈ থাকে। কিন্তু তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ে কেনেকৈ যথেষ্ট আৰম্ভণিৰে পৰাই কওঁ।আমি খোৱা সকলো খাদ্যবস্তু খাদ্যনলীৰ দ্বাৰা পাকস্থলী পায়গৈ। ইয়াৰ পিছত এই খাদ্যবস্তুসমূহ অন্ত্ৰ পায়গৈ। তাতেই সকলো খাদ্যবস্তুৰ পৰিপাক হয়। এই অন্ত্ৰৰ খাদ্যবস্তুসমূহে তৰল, শোষণযোগ্য আৰু সৰল ৰসায়নিক যুক্ত কৰি তোলে। অৰ্থাৎ শ্বেতসাৰজাতীয় পদাৰ্থসমূহে এনেভাৱে ভাঙি শৰ্কৰাত পৰিণত কৰে যাতে সেই শৰ্কৰা তেজত সহজে মিলিত হ’ব পাৰে। অন্ত্ৰৰ পৰা শৰ্কৰাভাগ শোষিত হৈ তেজলৈ আহে। তেজে এই শৰ্কৰাভাগ দেহৰ বিভিন্ন কোষলৈ লৈ যায়। কোষে তেজৰ পৰা এই শৰ্কৰাসমূহ গ্ৰহণ কৰি শক্তি উৎপাদনৰ কামত ব্যৱহাৰ কৰে।এইখিনিতেই আছে আচল গোলমালটো। আমাৰ দেহৰ পাকস্থলীৰ ঠিক তলতে অগ্নাশয় নামৰ এটা গ্ৰন্থি আছে। এই গ্ৰন্থিৰ পৰাই নিৰ্গত হয় এবিধ হ’ৰমন। ইয়াৰ নাম ইনচুলিন। শৰীৰৰ ভিতৰলৈ যি পৰিমাণৰ শ্বেতসাৰ বা শৰ্কৰাজাতীয় পদাৰ্থ যায়-সেই সকলোবোৰ নিয়ন্ত্ৰণ কৰে এই ইনচুলিনে। তেজৰ পৰা দেহৰ কোষে শৰ্কৰা গ্ৰহণ কৰা, তাৰ পৰা শক্তি উৎপাদন কৰা অৰ্থাৎ শৰ্কৰাৰ পৰা যি শক্তি উৎপাদন প্ৰক্ৰিয়া, সেই গোটেই প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে ইনচুলিনে।দেহত শক্তিৰ প্ৰয়োজন আছে নে নাই, তেজৰ পৰা কোষলৈ শৰ্কৰা গৈ শক্তি উৎপাদন কৰিব নে তেজতেই জমা হৈ থাকিব সেইয়া নিৰ্ভৰ কৰে অগ্নাশয়ৰ পৰা নিৰ্গত হোৱা ইনচুলিনৰ পৰিমাণৰ ওপৰত। ইনচুলিন যদি কম পৰিমাণে নিৰ্গত হয় তেতিয়াই তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়-অৰ্থাৎ শৰ্কৰাখিনি কোষলৈ যাব নোৱাৰে। ই তেজতে জমা হৈ থাকে। আনহাতে, কোষে শৰ্কৰাৰ অভাৱত শক্তি উৎপন্ন কৰিব নোৱাৰে। অৰ্থাৎ নিশ্বাসৰ দ্বাৰা আমি যি অক্সিজেন গ্ৰহণ কৰো সেই অক্সিজেনেই কোষত শৰ্কৰাৰ লগত দহন হৈ তাপ শক্তি উৎপন্ন কৰি দেহটোৰ কাম-কাজ সুকলমে চলোৱাৰ পৰা বঞ্চিত হৈ দেহৰ ক্ষতি হৈ থাকে। এইয়াই ডায়েবেটিছ, মধুমেহ, বা বহুমূত্ৰ ৰোগ।ওপৰৰ আলোচনাৰ পৰা এইটো নিশ্চয় বুজিছে যে, দেহত প্ৰয়োজন মতে যেতিয়া ইনচুলিনৰ অভাৱ ঘটে বা অগ্নাশয়ৰ পৰা আৱশ্যকীয় পৰিমাণৰ ইনচুলিন নিৰ্গত নহয় তেতিয়াই ডায়েবেটিছ হয়। অৰ্থাৎ তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়। সেয়ে, এই চিকিৎসাৰ প্ৰথম আৰু প্ৰধান নিৰাময় বা নিয়ন্ত্ৰণৰ স্তৰ হ’ল শ্বেতসাৰ, (য’ৰ পৰা শৰ্কৰালৈ ৰূপান্তৰ হয়) আৰু শৰ্কৰাজাতীয় খাদ্য কমাই খোৱা আৰু তেজত শৰ্কৰা জমা হ’বলৈ নিদিয়া।এইখিনিতে আহি পৰে খাদ্যবস্তু গ্ৰহণ কৰাত নিয়ন্ত্ৰণ। শৰ্কৰা থকা খাদ্যসমূহ যেনে-চেনি, গুৰ, জাম, জেলি, কেক, বিস্কুট, নানাধৰণৰ মিঠাই, পকা ফল আদি একেবাৰে খোৱাটো বন্ধ  কৰা উচিত। আনহাতে-চাউল, গম, যৱ, আলু, ডাইল আদিবোৰো নিয়ন্ত্ৰণ কৰি খোৱা উচিত যাতে দেহলৈ বেছি পৰিমাণৰ শৰ্কৰা নেযায়। সকলোবোৰ খাদ্যৰ পৰাই যিহেতু কম পৰিমাণে হ’লেও পেটৰ ভিতৰত শৰ্কৰা তৈয়াৰ হয়গৈ, গতিকেই প্ৰয়োজন হৈ পৰে শৰ্কৰাৰ সমতা ৰাখিব পৰা খাদ্যৰ। কোনবিধ বস্তুৰ দৈনিক কিমান পৰিমাণে খোৱা উচিত সেই তালিকা ডাক্তৰেই তৈয়াৰ কৰি দিয়ে। যাতে প্ৰয়োজনীয় শৰ্কৰাতকৈ বেছি পৰিমাণৰ শৰ্কৰা আমাৰ দেহলৈ নাযায়। কাৰণ এই নিয়ন্ত্ৰিত খাদ্য ভংগ কৰি বেছিকৈ খালেই শৰীৰত মেদ বা চৰ্বি জমা হ’ব, যি ডায়েবেটিছ ৰোগীৰ বাবে ক্ষতিকাৰক আৰু কমকৈ খালেও দেহে প্ৰয়োজনীয় শক্তি উৎপাদন কৰিব নোৱাৰিব। এইখিনিতে কি খাদ্যত কিমান পৰিমাণৰ শৰ্কৰা থাকে সেয়া জানি থওঁক:

তালিকাসামগ্ৰী (১০০ গ্ৰাম)               শৰ্কৰাৰ পৰিমাণ (গ্ৰাম)

১)     চাউল                               ৭৭.৪

২)     আটা                                ৫৯.৯

৩)     আলু                                ২২.৬

৪)     গাখীৰ                               ৪.৪

৫)    বাদাম                               ২৬.১

৬)     কণী                                ০.৮

গতিকে, খাদ্য নিয়ন্ত্ৰণ কৰি আপুনি সুন্দৰভাৱে নিজৰ ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰে। ডায়েবেটিছ ৰোগীক চিকিৎসকে ভাতৰ বদলি ৰুটি খোৱাৰ পৰামৰ্শ দিয়াৰ প্ৰকৃত কাৰণটো তালিকাত ওলাই পৰিছে। ইয়াৰ উপৰিও ভাত খাবলৈ বহি কেতিয়াবা নিজৰ অজানিতে মাছৰ বা মাংসৰ তৰকাৰী ভাল হোৱা বুলি বেছিকৈ খাই দিয়াৰ দৰে যাতে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবেও ৰুটি খাবলৈ দিয়া হয়। আনহাতে, মাছ, মাংস, কণী, শাক-পাচলি, চেনি নিদিয়া চাহ, কফি, চেকাৰিণ দিয়া খাদ্য গ্ৰহণ কৰাত আপত্তি নাই। আকৌ, চেনিজাতীয় খাদ্যৰ প্ৰতি যেনেদৰে সাৱধান হোৱা উচিত, তেনেদৰে কিছুমান ঔষধ যেনে, ষ্টেৰয়ড, জন্ম নিয়ন্ত্ৰণৰ বড়ি (মুখেৰে গ্ৰহণ কৰা), ক্লৰ’থেলিড’ন, ইথাক্ৰাইনিক এচিড, থায়াজাইড, ফুৰোচেমাইড, ডায়াজক্সাইড, গ্লোথ হৰমন আদিবোৰে তেজৰ শৰ্কৰাৰ পৰিমাণ বঢ়াই তুলি ভয়াবহ অৱস্থাৰ সৃষ্টি কৰিব পাৰে। সেইবাবেই এনে উৎপাদন থকা ঔষধ বৰ্জন কৰাই মংগল ডায়েবেটিছ ৰোগীসকলে। অডায়েবেটিছ ৰোগীয়েও এনে ঔষধ ব্যৱহাৰ কৰিলে একেই ফল পাব।ঔষধৰ কথা ওলাওতেই মনত পৰিল। আপুনিতো সুধিব পাৰে যিহেতু ডায়েবেটিছ হয় ইনচুলিনৰ নামৰ হৰমনৰ অভাৱত। গতিকে, ইনচুলিন হৰমন গ্ৰহণ কৰি থাকিলেচোন খাদ্যবস্তুৰ ইমান বাচ-বিচাৰ কৰাৰ প্ৰয়োজনেই নাই। কথাটো হয়। বজাৰত ইনচুলিন কিনিবলৈ পোৱা যায় আৰু ই কামতো আহে। ইনচুলিন ব্যৱহাৰৰ ফলত তেজত পটাচিয়ামৰ পৰিমাণ কমি যোৱা, ৰক্তহীনতা, লোহিত কণিকা ভাঙি যোৱা আদি ভয়াৱহ অৱস্থাৰ সৃষ্টি হ’ব পাৰে। এইবোৰৰ বাবে আকৌ বেলেগ ঔষধ খাওঁক, সেইবোৰৰ পাৰ্শ্বক্ৰিয়া নোহোৱা কৰিবলৈ আকৌ আন ঔষধ খাওঁক, খাই থাকক। গতিকে হেৰি, ইমান টকা পইচা পানীত পেলাই স্বাস্থ্যটো বেয়া কৰাতকৈ অলপ খাদ্য নিয়ন্ত্ৰণ কৰিলে আপোনাৰ লোকচান কি টো আছে কওঁকচোন? আপুনি দুটা কথাই মনত ৰখা উচিত যে, বেছিকৈ যাতে আপুনি শৰ্কৰা জাতীয় খাদ্য নাখায় আৰু শৰ্কৰা বিহীন খাদ্যও যাতে বেছিকৈ নাখায় যিয়ে শৰীৰত চৰ্বী জমা কৰিব পাৰে –বচ আপুনি চেষ্টা কৰক- আমি এদিন ক’ব পাৰিম- “আপোনাৰ ডায়েবেটিছ আণ্ডাৰ কণ্ট্ৰ’ল-মোবাৰক”।

আনহাতে, ডায়েবেটিছ নোহোৱা লোকে শৰ্কৰাজাতীয় খাদ্য নিয়ন্ত্ৰণৰ কথা উল্লেখ কৰিছিলো আগতে। কোনো লাভ নাই। বৰং লোকচানহে আছে। শৰ্কৰাজাতীয় খাদ্যৰ অভাৱত তেওঁৰ প্ৰয়োজনীয় শক্তিৰ পৰা দেহ বঞ্চিত হ’ব। ফলত ক্ষতিয়েই ক্ষতি। আনহাতে সকলো বস্তুৱেই বেছিকৈ খালে বেয়া-সেই ফালৰ পৰা চেনি বেছিকৈ খোৱাতো অনুচিত যদিও বেছিকৈ খালেই যে ডায়েবেটিছ নথকা মানুহৰো এই ৰোগ হৈ যাব তাৰ কোনো যুক্তি নাই। এনেদৰে বেছিকৈ শৰ্কৰাজাতীয় খাদ্য খালে আমাৰ তেজত ঠিকেই শৰ্কৰাৰ পৰিমাণ বাঢ়ে। অৰ্থাৎ কোষত তাপ উৎপন্ন কৰাৰ বাহিৰেও অধিক পৰিমাণৰ শৰ্কৰা তেজত থাকি যায়। সেই অৱস্থাত আমি যাতে আৰু অধিক শৰ্কৰাজাতীয় বস্তু গ্ৰহণ নকৰো তাৰ বাবে শৰীৰে নিজেই ব্যৱস্থা লয়। অৰ্থাৎ আমাৰ ভোকৰ উপলব্ধি নহয়। এই শৰ্কৰাৰ পৰিমাণ কমি গ’লেই ভোক উপলব্ধি হয়। বেছি হোৱা শৰ্কৰাবোৰ আমাৰ দেহত চৰ্বী হিচাপে জমা হয় আৰু ডায়েবেটিছ নাথাকিলে অলপ-অচৰপ চৰ্বী জমা হোৱাটো বেয়া নহয়। আকালত কাম দিব!

পংকজ নেওগ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top