মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মগজুটোক স্বাস্থ্যবান কৰি ৰখাৰ ৭ টা উপায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মগজুটোক স্বাস্থ্যবান কৰি ৰখাৰ ৭ টা উপায় :

মগজুটোক স্বাস্থ্যবান কৰি ৰখাৰ ৭ টা উপায় ৰ বিষয়ে লিখা হৈছে ।

 

মগজু হৈছে আমাৰ দেহৰ এক অন্যতম অংগ। মগজুৰ জৰিয়তেই আমাৰ বিভিন্ন কামবোৰ পৰিচালনা হৈ থাকে। মগজু অবিহনে মানুহ এজন জীয়াই থকাৰ কথা কল্পনাই নোৱাৰি।

মানুহ এজন জীয়াই থাকিবলৈ যিদৰে হৃদযন্ত্ৰকে ধৰি আন অংগসমূহে সক্ৰিয়তাৰে কাম কৰি থাকিব লাগে, ঠিক তেনেদৰে মগজুটোৱেও মানুহ এজনক জীয়াই ৰখাৰ ক্ষেত্ৰত কাম কৰি থাকিবলগীয়া হয়। মগজুৱে কেতিয়াও জিৰণি নলয়। মানুহ এজন জাগ্ৰত অৱস্থাত থকাৰ সময়ত মগজুৱে সক্ৰিয়তাৰে কাম কৰাৰ দৰেই নিদ্ৰাৰত অৱস্থাতো মগজুৰ কাম-কাজ সমানেই চলি থাকে। এক কথাত ক’বলৈ গ’লে মাতৃ গৰ্ভত থকা ভ্ৰূণত মগজুৰ যি কাম আৰম্ভ হয়, সেই কাম মানুহ এজনৰ মৃত্যুৰ মুহূৰ্তলৈকে অবিৰতভাৱে চলি থাকে।

মগজুৰ জৰিয়তে দেহৰ বিভিন্ন অংগ-প্ৰত্যংগসমূহে নিৰ্দেশ লাভ কৰে আৰু সেইমতে কাম কৰি যায়, সেইবাবে মগজুটোক স্বাস্থ্যবান কৰি ৰখাৰ বিষয়ত গুৰুত্ব দিব লাগে। মগজুৰ সুস্বাস্থ্য ৰক্ষা কৰাৰ বাবে আমেৰিকান হাৰ্ট এছ’চিয়েচন আৰু আমেৰিকান ষ্ট্ৰোক এছ’চিয়েচনে সাতটা বিষয়ত অধিক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰিছে।

এটা সাতটা বিষয়ত গুৰুত্ব দিলে আমাৰ মগজুটো সুস্থ হৈ থাকিব। আনকি বৃদ্ধ বয়সতো মগজুৱে সক্ৰিয়তাৰে কাম কৰি যাবলৈ সক্ষম হ’ব।

মগজুৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ হৃদযন্ত্ৰটো স্বাস্থ্যবান কৰি ৰখাৰ বিষয়টো ভালেখিনি নিৰ্ভৰ কৰে। কাৰণ মগজুৰ সৈতে হৃদযন্ত্ৰৰ সম্পৰ্ক ওতঃপ্ৰোতঃ।

*হৃদযন্ত্ৰৰ বিভিন্ন সিৰা,

*উপসিৰাসমূহ যদি কিবা কাৰণত বন্ধ হৈ যায়,

*তেতিয়া মগজুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰে।

ষ্ট্ৰোক জাতীয় সমস্যাবিলাক এনেবোৰ কাৰণতে উদ্ভৱ হয়। সেইবাবে হৃদযন্ত্ৰটো সক্ৰিয় তথা স্বাস্থ্যবান কৰি ৰখাটো অতি প্ৰয়োজনীয় কথা।মগজুক সুস্থ কৰি ৰাখিবলৈ সাতটা বিশেষ বিষয়ত গুৰুত্ব আৰোপ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। স্বাস্থ্য বিজ্ঞানীসকলে চলোৱা ১৮২ টা বিভিন্ন সমীক্ষাৰ পৰা এই কথা প্ৰমাণ পোৱা গৈছে যে এই সাতটা বিষয়ত গুৰুত্ব দিলেই মগজু সুস্থ আৰু সক্ৰিয়া হৈ থাকিব।

ডাঃ গৰেলিকে এই সাতটা বিষয়ত অধিক গৱেষণা চলাই এই সত্যত উপনীত হৈছে যে মগজুৰ সুস্বাস্থ্যৰ সৈতে এই সাতটা বিষয়ৰ এৰাব নোৱাৰা সম্পৰ্ক আছে।

এই সাতটা বিষয় হ’ল ক্ৰমে-

*ৰক্তচাপ নিয়ন্ত্ৰণ কৰা।

*কলেষ্টেৰল নিয়ন্ত্ৰণ কৰা।

*তেজৰ শৰ্কৰা স্বাভাৱিক অৱস্থাত ৰখা।

*নিয়মিত শাৰীৰিক পৰিশ্ৰম, ব্যায়াম কৰা।

*স্বাস্থ্য সন্মত খাদ্য গ্ৰহণ কৰা।

*ওজন হ্ৰাস কৰা।

*ধূমপান বৰ্জন কৰা।

এই সাতটা কথাৰ ওপৰত গুৰুত্ব দিব পাৰিলেই মগজুটো বুঢ়া বয়সলৈকে সক্ৰিয় হৈ থাকিব। আমাৰ ৰক্তচাপ সাধাৰণ সুস্থ মানুহ এজনৰ ক্ষেত্ৰত ১২০/৮০ ভিতৰত থাকিব লাগে।

ইয়াতকৈ কম বা বেছি ৰক্তচাপে মানুহ এজনক অসুস্থ কৰি তুলিব পাৰে।

সেইবাবে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ স্বাস্থ্যসন্মত জীৱনশৈলী আৰু খাদ্যাভ্যাস গঢ়ি তুলিবন লাগে।

ৰক্তচাপৰ উঠা নমাৰ বাবেই বিভিন্ন বিপৰ্যয়ে দেখা দিব পাৰে। উচ্চ ৰক্তচাপৰ ফলত মানুহ এজন ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ আশংকা যথেষ্ট বৃদ্ধি পায়।

*নিয়মীয়া পৰিশ্ৰম,

*ব্যায়াম,

*উপযুক্ত খাদ্যাভ্যাস আদিৰ জৰিয়তে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

তদুপৰি হতাশা, উদ্বিগ্নতা আদিৰ পৰাও নিজকে কিদৰে মুক্ত কৰি ৰাখিব পাৰি, সেইবিষয়ত অধিক গুৰুত্ব দিব লাগে।

হৃদযন্ত্ৰ আৰু মগজুৰ সুস্থতা ৰক্ষাৰ ক্ষেত্ৰত কলেষ্টেৰলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। দেহত অত্যধিক কলেষ্টেৰল জমা হ’লে ইয়াৰ প্ৰভাৱ পোনপটীয়াকৈ আমাৰ হৃদযন্ত্ৰৰ ওপৰত পৰে।

সাধাৰণ অৱস্থাত কলেষ্টেৰলৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ২০০ মিলিগ্ৰামকৈ থাকিব লাগে।

ইয়াতকৈ বেছি কলেষ্টেৰল জমা হ’লে হৃদযন্ত্ৰৰ সিৰা উপসিৰাসমূহ বন্ধ হৈ বিপদ ঘটাব পাৰে।

একেদৰে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে। একো নোখোৱা অৱস্থাত ৰক্তশৰ্কৰাৰ(ব্লাড চুগাৰ) পৰিমাণ ১০০ এম জি/ডি এল থাকিব লাগে।

ইয়াতকৈ বেছি ৰক্তশৰ্কৰা(ব্লাড চুগাৰ) তেজত থাকিলে ইয়াৰ প্ৰভাৱ পোনপটীয়াকৈ মগজু আৰু হৃদযন্ত্ৰৰ ওপৰত পৰে।

কেৱল সেয়াই নহয় শৰ্কৰাৰ পৰিমাণ তেজত বেছিকৈ থাকিলে বৃক্কও আক্ৰান্ত হোৱাৰ পূৰ্ণ আশংকা থাকে। সেইবাবে শৰ্কৰা নিয়ন্ত্ৰণৰ বিষয়ত সদায় গুৰুত্ব দিব লাগে।

দৈনিক খোজ কঢ়া, খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সচেতন হোৱা আদি কথাবোৰলৈ গুৰুত্ব দিলে শৰ্কৰা নিয়ন্ত্ৰণ সহজে কৰিব পাৰি।

আমাৰ খাদ্যৰ ওপৰতো বহু ৰোগৰ কথা নিৰ্ভৰ কৰে। খাদ্যাভ্যাস সদায় স্বাস্থ্যসন্মত হ’ব লাগে।

পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশত প্ৰস্তুত কৰা স্বাস্থ্যসন্মত খাদ্যই আমাৰ বহু ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰে।

এনে খাদ্য কেতিয়াও গ্ৰহণ কৰিব নালাগে, যিবোৰ খাদ্যই কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে অথবা শৰ্কৰাও অত্যধিক হাৰত বঢ়াই তুলিব পাৰে। বেছিকৈ চৰ্বি থকা খাদ্যসমূহে মানুহৰ তেজত কলেষ্টেৰলৰ পৰিমাণৰ বৃদ্ধি কৰে। সেইবাবে এনে খাদ্য গ্ৰহণৰ পৰা পৰাপক্ষত বিৰত থাকিব লাগে।ওজনৰ ওপৰতো মগজুৰ স্বাস্থ্য ভালেখিনি নিৰ্ভৰ কৰে। অত্যধিক ওজনৰ লোকৰ দেহত বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিয়ে। সেইবাবে অত্যধিক ওজন নিয়ন্ত্ৰণৰ বিষয়ত গুৰুত্ব দিব লাগে।ধ্ৰুমপানে হৃদযন্ত্ৰৰ ক্ষতি কৰাৰ লগতে মগজুৰো ব্যাপক ক্ষতি সাধন কৰে।

চিগাৰেটৰ ধোঁৱাত থকা অত্যধিক বিষাক্ত পদাৰ্থসমূহে দেহৰ ক্ষতিসাধন কৰাৰ লগতে হৃদযন্ত্ৰৰ সিৰা, উপসিৰাবিলাকত বাধা সৃষ্টিকাৰী বিষাক্ত পদাৰ্থ সঞ্চয় কৰে। সেইবাবে ধ্ৰুমপানে মানুহ এজনৰ জীৱনলৈ হঠাতে বিপৰ্যয় মাতি আনিব পাৰে। এনেবোৰ কথালৈ গুৰুত্ব দিলে আমাৰ মগজুটোৰ লগতে হৃদযন্ত্ৰক আমি সুস্থ ৰাখিব পাৰিম। মানুহৰ মগজুটোৰ বয়স বঢ়াৰ লগে লগে সক্ৰিয়তা কমি আহে। মগজুৰ বিভিন্ন কোষসমূহ বয়স বঢ়াৰ লগে লগে ভাঙি যাবলৈ যদি প্ৰথম অৱস্থাৰ পৰাই গুৰুত্ব দিয়া যায়, তেন্তে মগজুটোৱে বুঢ়া বয়সতো সক্ৰিয়তাৰে কাম কৰি যাব পাৰিব। আমাৰ মগজুত কোটি কোটি কোষ আছে। সেই কোষসমূহক সক্ৰিয় কৰি ৰখাৰ একমাত্ৰ উপায় হৈছে, ওপৰত উল্লেখ কৰা সাতটা বিষয় ভালদৰে মানি চলা।

লেখক: বিদিশা বৰুৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top