মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মগজুৱে নিয়ন্ত্ৰণ কৰে আমাৰ পিয়াহ লগাৰ অনুভূতিক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মগজুৱে নিয়ন্ত্ৰণ কৰে আমাৰ পিয়াহ লগাৰ অনুভূতিক

দেখা গৈছে বাহিৰৰ উত্তাপ বাঢ়ি গ’লে আমাৰ মগজুৰ যিবোৰ নিউৰণে আমাৰ পিয়াহ লগাৰ অনুভূতিক জগাই তোলে

বিৱৰণ

দেখা গৈছে বাহিৰৰ উত্তাপ বাঢ়ি গ’লে আমাৰ মগজুৰ যিবোৰ নিউৰণে আমাৰ পিয়াহ লগাৰ অনুভূতিক জগাই তোলে, সেই একেবাৰে নিউৰণে কম উত্তাপ বা শীতল পৰিৱেশত নিজৰ ক্ৰিয়া-কলাপ বন্ধ কৰি দিয়ে। বিজ্ঞানীসকলে এন্দুৰৰ ওপৰত পৰীক্ষা চলাই গম পাইছে যে, আমাৰ খাদ্য গ্ৰহণ কৰাৰ পিচত কিয় আমাৰ পিয়াহ লাগে। তেওঁলোকে এইটোও আৱিষ্কাৰ কৰিছে যে, গৰম পানীৰ পৰিৱৰ্তে শীতল পানীয়েহে আমাৰ তৃষ্ণা পূৰাব পাৰে। বিজ্ঞানীসকলে মানুহৰ লগতে আন প্ৰাণীৰো বা তৃষ্ণা পূৰোৱাৰ ধৰণটো দেখি বেছ বিমোৰত পৰিছে কাৰণ মানুহ আৰু আনবোৰ প্ৰাণীয়ে বৰ খৰকৈ পিয়াহ পলুৱাব পাৰে। যেতিয়াই তেজত পানীৰ পৰিমাণ কমি যায়, সকলো প্ৰাণীৰে পিয়াহ লাগে। তদুপৰি তেজত নিমখৰ পৰিমাণ বেছি হ’লেও সকলোৰে পিয়াহ লাগে। বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে আমাৰ মুখৰ ভিতৰত থকা উত্তাপে আমাৰ পিয়াহ লগাৰ অনুভূতিক নিয়ন্ত্ৰণ কৰি থাকে।

গৱেষণা

এটা পৰীক্ষাত দেখা গৈছিল যে, এটা এন্দুৰৰ মুখখন যদি আমি শীতল কৰি পেলাওঁ তেন্তে তাৰ আৰু পিয়াহ নালাগে। তাৰ অৰ্থ হ’ল যে, এন্দুৰটোৰ মুখখন শীতল হৈ পৰাৰ লগে লগে পিয়াহৰ অনুভূতি জগোৱা নিউৰণবোৰ নিষ্ক্ৰিয় হৈ পৰে। বিজ্ঞানীসকলে আনকি এডাল শীতল ধাতুৰ দণ্ডৰে এন্দুৰৰ এটাৰ জিভাখন চুই থাকিও এন্দুৰটো তৃষ্ণা বা পিয়াহৰ অনুভূতিটোক নিষ্ক্ৰিয় কৰি তোলাত সফল হৈছিল। ড° নাইট নামৰ এজন বিজ্ঞানীটো এইবুলিও কৈছে যে, ‘আপুনি যদি খাদ্য গিলিব নোৱাৰাৰ কাৰণে চিকিৎসালয়লৈ যায় তেন্তে চিকিৎসকে আপোনাৰ তৃষ্ণা পূৰণ কৰিবৰ কাৰণে আপোনৰ মুখত এটুকুৰা বৰফ দি চুপিবলৈ দিব। মগজুত থকা নিউৰণবোৰে উত্তাপৰ ক্ষেত্ৰত যথেষ্ট সচেতন। আনহাতে, ড° য়ুকি ওকা নামৰ কালিফৰ্ণিয়া ইনষ্টিটিউট অব্‌ টেকন’লজিৰ গৱেষকজনে কয় যে, তৃষ্ণাৰ অনুভূতি জগোৱা সেই নিউৰণবোৰক উত্তেজিত কৰিলে, পিয়াহ বা তৃষ্ণা অনুভৱ নকৰা এন্দুৰবোৰেও পানী পিবলৈ ধৰে। তেওঁ কয় যে আচৰিত ধৰণে এই নিউৰণবোৰে নানা ধৰণৰ বাৰ্তা মগজুটোক দিব পাৰে। মুঠৰ ওপৰত নিউৰণবোৰেহে আমাৰ ভোক-পিয়াহক নিয়ন্ত্ৰণ কৰি থাকে।

উৎস: সাদিন।

3.09523809524
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top