ভৰিখনত মোচোকা খালে অৱজ্ঞা নকৰিব । কিয়নো মোচোকা খোৱাৰ অৰ্থ হ’ল লিগামেণ্টৰ আঘাত । লিগামেণ্ট হৈছে দুডাল হাড়ক জোৰা লগাই ৰখা ইলাষ্টিক গুণসম্পন্ন আঁহযুক্ত কলা । কেতিয়াবা এই লিগামেণ্টৰ আঘাতৰ কাৰণে প্লাষ্টাৰ পৰ্যন্ত কৰিব লগা হয় ।
১) মোচোকা খাওঁতে কেতিয়াবা সৰু গাঁঠিৰ ফ্ৰেকচাৰো হ’ব পাৰে । সেয়ে মোচোকা খালে চিকিৎসকক দেখুৱাবলৈ এলাহ নকৰিব ।
২) মোচোকা খোৱাৰ পিছত মানুহজনৰ প্ৰথম কৰ্তব্য হৈছে দুখ পোৱা স্থানত সকাহ দিয়া ।
৩) ৰুমাল বা দোপাট্টা আদিৰে বান্ধি দুখ পোৱা অংশ যাতে বেছি লৰচৰ নহয় সেয়ে তাৰ ওপৰত লক্ষ্য ৰাখি চিকিৎসকৰ ওচৰলৈ যাব লাগে ।
৪) কেতিয়াবা খেলি থাকোতে শিশুৱেও মোচোকা খোৱা দেখা যায় । সাধাৰণতে শিশুৰ হাড় ভাগিলে বেছিভাগ ক্ষেত্ৰতে অপাৰেচনৰ প্ৰয়োজন হয় । শিশুৰ হাড়ৰ স্থিতিস্থাপকতা গুণ আৰু ৰক্ত চলাচলৰ ব্যৱস্থা উন্নত মানৰ বাবে প্লাষ্টাৰৰ চিকিৎসাতে আৰোগ্য হয় ।
৪) হাড়ত দুখ পালে কোনো কাৰণতে বেজ বা ওজাৰ ওচৰলৈ যাব নালাগে । তেওঁলোকে ব্যৱহাৰ কৰা মন্ত্ৰ বা গছ-গছনিৰ পাতৰ কোনো বৈজ্ঞানিক ভিত্তি নাই । দৰাচলতে হাড় ভগা জোৰা লগাবলৈ কোনো ঔষধৰ প্ৰয়োজন নহয় । হাড়ৰ জোৰা লাগে প্ৰাকৃতিকভাৱেই । চিকিৎসকে মাথোঁ সঠিকভাৱে জোৰা লগাত সহায়হে কৰে । সেয়ে হাড় ভগাৰ ফলত হোৱা বা হ’ব পৰা আনুষংগিক সমস্যাসমূহ নিৰাময় আৰু প্ৰতিৰোধ ব্যৱস্থাৰ বাবে চিকিৎসকৰ কাষ চাপিব লাগে । এই চিকিৎসা বেজ বা ওজাৰ পক্ষে সম্ভৱ নহয় । কিন্তু বহু ক্ষেত্ৰত দেখা যায় আঘাত পোৱাতকৈ বেজ বা ওজাৰ ওচৰলৈ গৈ আঘাত অংশ বঢ়াই লৈহে চিকিৎসকৰ কাষ চাপে । এনে কাম নিজে কৰা অনুচিত আৰু আনকো বাধা দিয়া উচিত ।
উৎস :- জি এনআৰচি স্বাস্থ্য
সাধাৰণতে গৰমৰ দিনতকৈ শীতকালত কাহ, পানী লগা আদি ৰোগে মানুহক সততে আক্ৰান্ত কৰে । শীতকাল অহাৰ লগে লগে বহু লোক এনে ৰোগত আক্ৰান্ত হৈ সমস্যাৰ সন্মুখীন হয় । বায়ুমণ্ডল শুকান হোৱাৰ ফলত বিভিন্ন ৰোগৰ বেক্টেৰিয়া বতাহত উৰি আহি এই ৰোগবোৰৰ সৃষ্টি কৰে । বৰষুণৰ পৰিমাণ কমি অহাৰ লগে লগে বায়ুমণ্ডলত ধূলিৰ পৰিমাণ ক্ৰমাৎ বাঢ়ি যোৱাৰ ফলত এনেবোৰ ৰোগ বৃদ্ধি পায় । বিভিন্ন প্ৰকাৰে জালুক সেৱন কৰি এই কাহ, পানী লগা ৰোগৰ পৰা উপশম পাব পাৰি । দুই বা তিনি চামুচ মৌৰ লগত ১০ টা মান জালুক পিহি তাত এচামুচ ক’লা তুলসীৰ ৰস মিহলাই সেৱন কৰিলে কাহ, পানী লগাৰ পৰা পৰিত্ৰাণ পাব পাৰি । গৰম পানী বা আঞ্জাত জালুকৰ গুড়ি দি খালেও কাহ-পানী লগা ভাল হয় । কাহ, পানীলগা হ’লে খাবলৈ মন নোযোৱা হয় । এনে অৱস্থাত গৰম পানীত জালুকৰ গুড়ি মিহলাই খালৈ মুখলৈ ৰুচি আহে । জালুকৰ গুড়ি মিহলি চাহ বা চুপ খালেও কাহ, পানী লগাৰ পৰা উপশম পাব পাৰি । চাহ, গৰম পানী বা আঞ্জাত জালুকৰ গুড়ি দি খালে ঠাণ্ডাৰ দিনত হোৱা গাৰ বিষ নোহোৱা হয় ।
উৎস :- জি এনআৰচি স্বাস্থ্য
শেহতীয়া উন্নীতকৰণ: : 4/26/2020