অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মধুমেহ ৰোগৰ যত্ন :

মধুমেহ ৰোগৰ যত্নৰ বিষয়ে লিখা হৈছে ।

 

মধুমেহ ৰোগত ভুগি থকাসকলৰ বহুতেই ‘দৈনিক অসম’ৰ জৰিয়তে সময়ে সময়ে এই ৰোগৰ বিষয়ে বিভিন্ন সময়ত বিশিষ্ট ব্যক্তি আৰু চিকিৎসকে লিখা পঢ়িবলৈ পাইছে। আজি এই ৰোগৰ যত্ন লোৱাৰ কিছু কথা আগবঢ়োৱা হৈছে।

মধুমেহ ৰোগ কি আৰু ইয়াৰ প্ৰকাৰ -

মধুমেহ ৰোগ এনে এটা অৱস্থা য’ত তেজত চেনিৰ পৰিমাণ অতিমাত্ৰা বেছি। এইটো হয় যেতিয়া তেজৰ চেনিৰ পৰিমাণ শক্তিলৈ পৰিৱৰ্তন কৰাত শৰীৰৰ যিটো পদ্ধতি সেইটোৱে ঠিকমতে কাম নকৰে আৰু সেই কাৰণেই তেজত চেনিৰ মাত্ৰা বৃদ্ধি হয়। যিটো পদ্ধতিৰে তেজৰ চেনি শক্তিলৈ ৰুপান্তৰ কৰে, ই ইনছুলিন নামৰ এবিধ হৰম’নৰ ওপৰত নিৰ্ভৰশীল। ইনছুলিন হৰম’নবিধ অগ্ন্যাশয়ে উৎপন্ন কৰে। যেতিয়া ইনছুলিনৰ যোগান বন্ধ হৈ যায় বা পৰ্যাপ্ত যোগান ধৰিব নোৱাৰে তেতিয়া তেজত চেনিৰ পৰিমাণ বৃদ্ধি হয় আৰু তেতিয়াই মধুমেহ ৰোগত আক্ৰান্ত বুলি কওঁ।

মধুমেহ ৰোগৰ প্ৰকাৰ -

টাইপ-১: ইয়াক ইনছুলিন নিৰ্ভৰশীল মধুমেহো বোলা হয়। যেতিয়া শৰীৰে এই হৰম’ন উৎপন্ন কৰাত ব্যৰ্থ হয়। এই মধুমেহ ৰোগ হয় সেইসকলৰ, যিসকলৰ বয়স চল্লিশ বছৰৰ কম। সাধাৰণতে ল’ৰালি কালতেই এই ৰোগে দেখা দিয়ে।

টাইপ-২:  ইয়াক ইনছুলিন নিৰ্ভৰশীল নোহোৱা মধুমেহো বোলা হয়। ই হয় যেতিয়া শৰীৰে ইনছুলিন উৎপন্ন কৰে। কিন্তু যথেষ্ট নহয় বা শৰীৰে ইয়াক উপযুক্তভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। সাধাৰণতে অতিমাত্ৰা শকত ব্যক্তিৰ ক্ষেত্ৰত ইয়াক বেছিকৈ দেখা যায়। এই ৰোগীয়েও যদি ইয়াক নিয়ন্ত্ৰণ নকৰে, ইনছুলিন ল’বলগা হ’ব পাৰে।

গৰ্ভধাৰণ সময়ত হোৱা মধুমেহ -

কেঁচুৱা জন্মৰ পিছতে ই ঠিক হৈ যায়।

মধুমেহ ৰোগৰ লক্ষণসমুহ:

*সঘনাই প্ৰস্ৰাৱ কৰা।

*ভোক লাগি থকা।

*শক্তিহীনতা

*শুকান ছাল আৰু খজুৱতি

*হাত-ভৰিত জিনজিননি, অসাৰ লগা।

*যৌনকৰ্মত বিসংগতি।

*দৃষ্টিশক্তি অস্পষ্ট বা ধুসৰ হোৱা। কটা- চিঙা আদি সহজে নুশুকোৱা।

উক্ত লক্ষণসমুহ চেনিৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি জটিল হ’ব পাৰে।

মধুমেহ ৰোগৰ কাৰণসমুহ -

টাইপ-১: টাইপ-১ মধুমেহ স্বয়ং সংক্ৰমিত ধ্বংসকাৰী অগ্ন্যাশয়ৰ কাৰণে হয় (Auto immune destruction of the pancreas)আৰু শল্য চিকিৎসাৰদ্বাৰা ইয়াৰ অপসাৰণ।

টাইপ-২: ইয়াৰ সঠিক কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু বহুতো কাৰণত টাইপ-১ মধুমেহ ৰোগত ভুগিবলগীয়া হ’ব পাৰে। সেইবোৰৰ ভিতৰত- বংশগত, চল্লিশৰ ঊৰ্দ্ধৰ ব্যক্তি, উচ্চ ৰক্তচাপ, নৃগোষ্ঠীয় সম্বন্ধীয় (আফ্ৰিকান-আমেৰিকান, স্পেনিছ-আমেৰিকান আৰু থলুৱা আমেৰিকানসকলৰ মাজত ইয়াৰ বৃদ্ধি বেছি), গৰ্ভধাৰণ কালৰ মধুমেহ।

মধুমেহ ৰোগ বৃদ্ধি কৰা বা অৱনতি ঘটাৰ কাৰণসমুহ -

*ওজন বঢ়া বা শকত লোক

*আৱেগিক আৰু দৈহিক চাপ

*কোনো বেমাৰ বা আঘাত প্ৰাপ্তিৰ কাৰণে হোৱা চাপ।

*সংক্ৰমণ

*কোনো ঔষধৰ কাৰণে, যেনে- ৰাসায়নিক দ্ৰব্য ইত্যাদি।

মধুমেহ ৰোগৰ জটিলতা -

যদি এই ৰোগটো সঠিকভাৱে নিয়ন্ত্ৰণ নকৰে- উচ্চ চেনিৰ মাত্ৰাই নিম্নোল্লিখিত বিঘিনি ঘটাব পাৰে।

১) হৃদযন্ত্ৰৰ ক্ষতি কৰিব পাৰে, বৃক্কৰ ক্ষতি, দেহৰ সংজ্ঞাবাহী নাড়ী বা স্নায়ু আৰু চকু আদিৰো ক্ষতি কৰিব পাৰে।

২) পক্ষাঘাত

৩) হৃদযন্ত্ৰৰ জটিলতা

৪) ধুসৰ দৃষ্টি

৫) ভৰি-হাত অসাৰ বা জঠৰ হোৱা

৬) যৌন ক্ষমতা লোপ ইত্যাদি।

নিয়মীয়া ব্যায়াম আৰু সামান্য ওজন কমালেও টাইপ-২ মধুমেহ নিয়ন্ত্ৰণ কৰিব পাৰি। আপোনাৰ নিজৰ হাততে ইয়াৰ কিছু সমাধান বিদ্যমান।

ঘৰতে চেনিৰ মাত্ৰা নিৰ্দ্ধাৰণ -

নিজৰ তেজত চেনিৰ মাত্ৰা ঘৰতে চাব পাৰি। তাৰ কাৰণে এটা গ্লুক’জ মিটাৰ ৰাখিব লাগিব, যিটো বজাৰত উপলব্ধ। চিকিৎসকে কেনে ধৰণৰ গ্লুক’মিটাৰ কিনিব লাগে জনাব। ইয়াৰ লগত ফুটা কৰি তেজ উলিওৱা এটা যন্ত্ৰ থাকে আৰু কিছু টেষ্ট ষ্ট্ৰিপ থাকে। কোনো এটা হাতৰ আঙুলি ভালকৈ ধুই লৈ আঙুলিৰ আগত ফুটা কৰি এটোপাল তেজ উলিয়াই ষ্ট্ৰিপত লগাই দিলেই তেজত চেনিৰ পৰিমাণ মেচিনৰ পৰ্দাত ওলাই পৰে। এই মিটাৰ আৰু ষ্ট্ৰিপ সদায় কোঠাৰ উষ্ণতাত ৰাখিব লাগে।

খোৱাৰ আগৰ চেনিৰ মাত্ৰা -

পুৱা খালী পেটত এই মাত্ৰা চাব লাগে। ইয়াৰ অৰ্থ এইটো যে ৰাতি খোৱাৰ পিছত পুৱালৈকে প্ৰায় সাত-আঠ ঘণ্টা একো নোখোৱা। এই পৰীক্ষাই আহাৰে যে একো প্ৰভাৱিত নকৰে তাকে বুজায়।

খোৱাৰ দুঘণ্টাৰ অন্তৰৰ চেনিৰ মাত্ৰা:

আহাৰ খোৱাৰ দুঘণ্টাৰ ভিতৰত এই মাত্ৰা চাব লাগে।

হিমগ্লবিন A1c কি?

HbA1C এই পৰীক্ষাই যোৱা দুই-তিনি মাহত তেজত চেনিৰ মাত্ৰা কিমান, তাকে বুজায়। এই পৰীক্ষা মেচিনে কৰিব নোৱাৰে। ইয়াক পৰীক্ষাগাৰতহে কৰাব লাগিব। মধুমেহ ৰোগীয়ে এই পৰীক্ষা বছৰেকত কমেও তিনিবাৰ কৰাব লাগে।

এই পৰীক্ষাৰ নিখুত লক্ষ্য:

ALC

৬.৫

Fasting

১১০ mg/dll

PP

১৪০ mg/ dll

 

হাইপাৰগ্লাইচেমিয়া (Hyperglycemia) -

হাইপাৰগ্লাইচেমিয়া মানে তেজত মাত্ৰাধিক চেনিৰ পৰিমাণ।

কি কাৰণত তেজত চেনিৰ মাত্ৰা বৃদ্ধি হয়?

*আহাৰ

*আৱেগিক আৰু দৈহিক চাপ

*নিৰ্দিষ্টতকৈ কম পৰিমাণৰ ব্যায়াম

*নিৰ্দিষ্ট পৰিমাণৰ ঔষধতকৈ কম ঔষধ খোৱা

*উপযুক্ত ঔষধ নোখোৱা

*যকৃতে উৎপন্ন কৰা অতিৰিক্ত চেনি।

হাইপাৰগ্লাইচেমিয়াৰ লক্ষণসমুহ -

*পিয়াহ লগা

*সঘনাই প্ৰস্ৰাৱ

*ভাগৰ লগা

*মুৰৰ কমোৰণি

* বমি ভাব বা ওকালি অহা

*ওজন কমা

*অস্পষ্ট দৃষ্টি

*কটা ঘা আদি উপশম নোহোৱা

*যৌন কৰ্মৰ বিসংগতি

*হাত-ভৰি অসাৰ বা জিনজিনোৱা আদি।

হাইপাৰগ্লাইচেমিয়াৰ চিকিৎসা:

*ঔষধ পৰিৱৰ্তন বা ঔষধ মাত্ৰা বৃদ্ধি

*সাৱধানেৰে আহাৰৰ আঁচনি

*দৈনিক ব্যায়াম

*সঘনাই তেজ পৰীক্ষা আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আঁচনি প্ৰস্তুত।

হাইপ’গ্লাইচেমিয়া

হাইপ’গ্লাইচেমিয়া কি?

তেজত চেনিৰ নিম্ন মাত্ৰাকে হাইপ’গ্লাইচেমিয়া বোলে। অৰ্থাৎ যেতিয়া আপোনাৰ তেজত চেনিৰ মাত্ৰা ৬৫ mg/dll বা তাতকৈ কম হয় তেতিয়া হাইপ’গ্লাইচেমিয়া বা নিম্ন চেনিৰ মাত্ৰা বুলি কয়।

কি কাৰণত চেনিৰ মাত্ৰা কম হয়-

*মাত্ৰাধিক ব্যায়াম

*আৱশ্যকতকৈ বেছি ঔষধ গ্ৰহণ

*ঔষধ গ্ৰহণৰ ভুল সময়

*আহাৰ বা লঘু আহাৰ সময়মতে নোখোৱা বা বাদ দিয়া

*মদ্যপান কৰা

হাইপ’গ্লাইচেমিয়াৰ লক্ষণসমুহ -

*উদ্বিগ্নতা বা উৎকণ্ঠা

*অস্থিৰতা

*মুৰ ঘুৰোৱা বা আচন্দ্ৰাই কৰা

*ঘাম ওলোৱা বা সেমেকা বা চেঁচা পৰা

*সঘনাই হৃদস্পন্দন।

পিছৰ পৰিৱৰ্তনসমুহ:

*মনৰ অৱস্থাৰ পৰিৱৰ্তন

*বিভ্ৰান্ত অৱস্থা

*চিন্তা-ভাৱনাত কষ্ট

*দৃষ্টিশক্তিৰ পৰিৱৰ্তন

*কথা কোৱাত অসুবিধা

*বোধগম্য বা অৱগত হোৱাৰ বিলুপ্তি(loss of conciousness)

হাইপ’গ্লাইচেমিয়াৰ কেনেকৈ মোকাবিলা কৰিব পাৰি -

নিম্ন চেনিৰ মাত্ৰা তৎক্ষণাৎ চিকিৎসা কৰিব লাগে। লগত সদায় মিঠা বস্তু, যেনে-চেনি, গ্লুক’জ, চকলেট আদি লগত ৰাখিব লাগে যাতে যেতিয়াই দৰকাৰ হয় খাব পাৰি। লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক আৰু সেই মতে ব্যৱস্থা লওক।

কেনেকৈ বাধা দিব:

*সময়মতে আহাৰ খাব।

*আহাৰ বা লঘু আহাৰ কেতিয়াও বাদ নিদিব।

*স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন লক্ষ্য কৰিলেই চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৰক্ত পৰীক্ষা কৰাওক।

*চিকিৎসকৰ পৰামৰ্শ অনুসৰি আহাৰৰ আৰু ঔষধৰ আঁচনি তৈয়াৰ কৰিব আৰু ব্যৱস্থা ল’ব।

চিৰকলীয়া জটিলতা কিয় তেজত চেনিৰ পৰিমাণ গ্ৰহণীয় অৱস্থাত ৰাখিব লাগে:

*চকু, বৃক্ক, স্নায়ু/ নাড়ী আদিৰ ক্ষতি নহয়।

*ভৰিৰ ক্ষতি আৰু তাৰ পৰা হ’ব পৰা সংক্ৰমণ বা কাটি বিচ্ছিন্ন কৰা (Amputation)।

*হৃদযন্ত্ৰৰ জ্বলা-পোৰা, পেটচলা, কোষ্ঠকাঠিন্য আদিৰ পৰা ৰক্ষা পৰা।

*পক্ষাঘাত,হৃদযন্ত্ৰৰ বিসংগতিৰ পৰা ৰক্ষা পৰা।

ভৰিৰ যতন:

মধুমেহ ৰোগীয়ে সদায় ভৰিৰ যত্ন লোৱাৰ আৱশ্যক কিয়নো শৰীৰৰ তলৰ অংশত সাধাৰণতে আঘাত আদি পোৱাৰ সম্ভাৱনা বেছি। আঘাত প্ৰাপ্ত হৈ সামান্য ৰক্তক্ষয়, নাৰ্ভৰ ক্ষতি আৰু অন্যান্য সংক্ৰমণ আদিয়ে ইয়াক ভয়ংকৰ কৰি তুলিব পাৰে। ভৰিত সামান্য আঘাত হ’লেও চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক। তদুপৰি-

*প্ৰতিদিনেই ভৰিকেইটাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

*নখ সাৱধানে কাটিব লাগে।

*তলুৱাৰ কঠুৱা অংশৰ (corn বা warts) প্ৰতি লক্ষ্য ৰাখিব লাগে।

*আৰামদায়ক জোতাহে পিন্ধিব লাগে।

*ঘৰৰ ভিতৰে-বাহিৰে শুদা ভৰিৰে খোজ নাকাঢ়িব।

*খালী ভৰিৰে তলত বালিত খোজ নিদিব।

*মধুমেহ ৰোগীৰ কটা ঘাঁ আদি নিৰাময় হ’বলৈ বহুতো সময় লাগে বাবে কেতিয়াবা একেবাৰেই নিৰাময় নহয় তেনে অৱস্থাত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈ ভৰি কাটিও পেলাব লগা হ’ব পাৰে।

চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাৰ সুফল:

নিয়মীয়াকৈ তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখিলে সুস্বাস্থ্যৰে দীৰ্ঘায়ু কৰি ৰাখে। বেমাৰৰ জটিলতাসমুহৰ পৰা শৰীৰক মুক্ত কৰি ৰাখে। তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিলে মন প্ৰফুল্লিত আৰু চিন্তামুক্ত কৰি ৰাখে।

মধুমেহ ৰোগীয়ে খাব পৰা ফল-মুল -

বহু মধুমেহ ৰোগীয়ে সঠিকভাৱে নাজানে কি কি ফল-মুল খাব পাৰে বা নোৱাৰে। মুঠতে ফলত প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা ফলপ্ৰসু উপাদানসমুহ নিশ্চয় গ্ৰহণযোগ্য। ফল-মুল আৰু শাক-পাচলিত চৰ্বি কম আৰু আঁহজাতীয় পদাৰ্থ বেছি থাকে। সেই কাৰণে কিছুমান ফল নিৰ্দ্ধাৰিত পৰিমাণত খাব পাৰে, যেনে-আপেল, কমলা, মধুৰিআম, পকা অমিতা, নাচপতি, নৰাবগৰি, প্লাম, আমলখি খোবানি (apricot)আদি। মধুমেহ ৰোগীৰ কাৰণে জামু অতি সুফলদায়ক, জামু পৰ্যাপ্ত পৰিমাণে খাব পাৰে।

খাব নোৱাৰা ফল -

আম, আঙুৰ, মাটিকঁঠাল, চিকু, কল, কঁঠাল, আতলচ আদি। ফলৰ ৰস কেতিয়াও খাব নালাগে। ফলৰ ৰসত যথেষ্ট পৰিমাণে চেনি থাকে। কাৰণ কেইবাবিধো ফল মিলাইহে ৰস তৈয়াৰ কৰে। সেইকাৰণে খোৱা নিষিদ্ধ। তদুপৰি ফলৰ ৰসত আঁহজাতীয় পদাৰ্থ নাথাকে কেৱল চেনিৰ মাত্ৰাহে বেছি। সেই কাৰণে ফলৰ ৰসে তৎক্ষণাৎ তেজত চেনিৰ মাত্ৰা বঢ়াই দিয়ে।

গুৰুত্বপুৰ্ণ চাবিকাঠী -

মধুমেহ বা বহুমুত্ৰ ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ হ’লে ইয়াক ভালকৈ জানি লওক। মধুমেহ ৰোগ হৈছে সমুহীয়া অৱস্থা আৰু সমগ্ৰ বিশ্বতে ই বিয়পি পৰিছে। বহুমুত্ৰ ৰোগী অকলশৰীয়া নহয়। ই এটা জীৱন নাশক ব্যাধি। যদি ইয়াক উপেক্ষা কৰে ই জীৱনবন্তি কমাই আনিব। এই ৰোগ সোনকালে ধৰা পৰিলে নিয়ন্ত্ৰণ কৰিব পৰা যায়। কোনো কোনো ক্ষেত্ৰত ইয়াক বাধা দিব পাৰি। অন্যান্য চিকিৎসা যিয়েই নকৰক, ইয়াক সম্পুৰ্ণ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। গতিকে চিকিৎসকৰ কাষ চাপক।

লেখক: গিৰীশ চন্দ্ৰ ফুকন (দৈনিক অসম)

 

2.875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top