মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মধ্য বয়সীয়াসকলৰ স্বাস্থ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মধ্য বয়সীয়াসকলৰ স্বাস্থ্য :

মধ্য বয়সীয়াসকলৰ স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

দেশৰ স্বাস্থ্য নীতিৰ লগে লগে আমাৰ দেশত জীয়াই থকাৰ গড় বয়স বৃদ্ধি পালে, মৃত্যুৰ হাৰো কমি আহিল যদিও জন্মৰ হাৰ তুলনামূলকভাৱে নকমাকৈ থাকিল।

সেই কাৰণে আমাৰ দেশত এতিয়া মধ্য বয়সীয়া আৰু বৃদ্ধ মানুহৰ সংখ্যাও দিনে দিনে বাঢ়ি আহিছে।

সি যি কি নহওক, বয়স বাঢ়ি অহাৰ লগে লগে শৰীৰত অনেক ধৰণৰ লক্ষণ-

যেনে-

  • চুলি কমি যোৱা,
  • গাৰ ছাল শোতোৰা পৰা,
  • হাড়ৰ দুৰ্বলতা,
  • চকুত চামনি পৰা,
  • স্মৰণশক্তি কমি যোৱা,
  • ঘা আদি সোনকালে নুশুকোৱা,
  • শৰীৰৰ প্ৰতিষেধক ব্যৱস্থাৰ দুৰ্বলতা আদিয়ে দেখা দিয়ে আৰু এইবোৰৰ পৰা নানান অসুখ বিসুখ হ’ব ধৰে।

বয়স বঢ়াৰ লগে লগে শৰীৰৰ ওজন বাঢ়ি বহুমূত্ৰ ৰোগ আদিও হ’ব পাৰে।

কিন্তু এই সকলোবোৰ হ’ব বুলি আমি হাত সাবটি বহি থাকিলে জানো হ’ব। জীৱনৰ অৰ্থই কৰ্ম। কৰ্মব্যস্ততা অবিহনে জীৱনৰ অৰ্থই বা কি!

সেই কাৰণে নিজক বুঢ়া বুলি নাভাবি কামত ব্যস্ত ৰাখিব লাগে। আমাৰ বহুতে আকৌ চাকৰিৰ পৰা অৱসৰ লোৱাৰ লগে লগে জীৱনৰ সকলো কৰ্ম শেষ হোৱা বুলি ভাবে আৰু নিষ্কৰ্মা জীৱন যাপন কৰিবলৈ ধৰে আৰু শীঘ্ৰেই মৃত্যুক সাবটি লয়।

এটা চাকৰিৰ পৰা অৱসৰ ল’লেই যে জীৱনৰ সকলো কাম শেষ হৈ গ’ল এনে নহয়, নিজকে যিকোনো কামত ব্যস্ত ৰাখি স্বাস্থ্য ৰক্ষাৰ কেইটিমান নিয়ম পালন কৰিব লাগে।

উদাহৰণস্বৰূপে-

খাদ্য -

বয়স বঢ়াৰ লগে লগে শৰীৰৰ সকলো কামো কমি আহে আৰু সেই কাৰণে খাদ্যৰ পৰা পোৱা শক্তিৰো প্ৰয়োজন ডেকা বয়সতকৈ কমি আহে।

এই বয়সত ডেকা বয়সৰ দৰেই ভোজন কৰি গ’লে মধ্য বয়স্কসকল হৈ পৰে মেদবহুল। মেদবহুল বা শকত হ’লে কামৰ প্ৰতি স্পৃহাও কমি যায়।

সেই কাৰণে চল্লিশ বছৰৰ পৰাই লাহে লাহে খোৱাৰ পৰিমাণ কমাব লাগে। সেইবুলি পুষ্টিকৰ আহাৰ, ভিটামিন আদিৰ যেন কম নহয়, তালৈও লক্ষ্য ৰাখিব লাগে।

শ্ৰম আৰু ব্যায়াম -

আমাৰ শৰীৰৰ মাংসপেশীক সবল আৰু দৃঢ় কৰি ৰাখিবলৈ হ’লে শ্ৰম আৰু ব্যায়ামৰ অতি প্ৰয়োজন। সাধাৰণতে দেখা যায় যে আমাৰ আদবয়সীয়াসকলে শ্ৰম একেবাৰেই কৰিব নোখোজে- শৰীৰত এলাহ ভাবক প্ৰশ্ৰয় দিয়ে।

তাৰ কাৰণে মাংসপেশী দুৰ্বল হৈ পৰে। শৰীৰৰ গাঁঠিবোৰ মাংসপেশীৰ দ্বাৰাহে পৰিচালিত হয়। সেই কাৰণে গাঁঠিবিলাকৰো জোৰ নোহোৱা হয়।

এনেবোৰ কাৰণতে এলাহ এৰি দৈনিক কিছু সময় ব্যায়াম কৰিব লাগে। খোজকঢ়া বা লাহে লাহে দৌৰা আদি ব্যায়াম কৰিলেও আমাৰ কাৰণে বহুত।

তদুপৰি কোৰ মৰা, ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰা আদি ব্যায়াম কৰাৰ ফলত শৰীৰৰ কৰ্মক্ষমতা বৃদ্ধি পায়। শৰীৰ নিৰোগী হয়।

শৰীৰ পৰীক্ষা কৰা -

আমাৰ সৰ্বসাধাৰণৰ কাৰণে অন্ততঃ ছমাহত এবাৰকৈ ডাক্তৰৰ দ্বাৰা শৰীৰটো পৰীক্ষা কৰাব লাগে।

কোনো অসুখ-বিসুখ, বহুমূত্ৰ, গাঁঠিৰ বিষ আদি হ’লে লগে লগে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।

ঠিক তেনেদৰেই ধূমপান, মদ্যপান আদি বদ অভ্যাসবোৰ কমাই আনিব লাগে। ধূমপানৰ ফলত শৰীৰৰ যথেষ্ট অনিষ্ট হয়।

কেৱল ধূমপান কৰাজনৰে নহয়, ওচৰত থকাজনৰো সমানে অপকাৰ হয়। কেঁচুৱা ল’ৰা-ছোৱালী, গৰ্ভৱতী নাৰী আদিৰ কাৰণে ধূমপান অতি বিপজ্জনক আৰু ধূমপান কৰা লোকৰ ওচৰত থাকি ধোঁৱা সেৱন কৰাটো অধিক বিপজ্জনক।

মধ্য বয়সীয়াসকলৰ বাবে পৰিমিত খাদ্যৰ এখন তালিকা আগবঢ়োৱা হ’ল -

শাক-পাচলি আৰু ফলমূল:

সেউজীয়া পাত থকা বা ডাঠ হালধীয়া শাক-পাচলি:

আধা কাপ(সিজোৱা)

অন্য শাক-পাচলি: আধা কাপ(সিজোৱা)

আলু: আধা কাপ(সিজোৱা)

ফলমূল: এটা বা এবিধ

ৰুটী আৰু শস্যজাতীয় খাদ্য:

ভাত: ৬০ গ্ৰাম(সিজোৱা)

আটা: ১০০ গ্ৰাম বা চাৰিখন

মাংস/মাহজাতীয় আদি:

কটা: এটা

দাইল: আধা কাপ

মাংস: ৬০ গ্ৰাম

মাছ: দুই টুকুৰা

দৈ: একাপ

গাখীৰ: দুকাপ(নিৰামিষভোজীৰ কাৰণে)

কোন সময়ত কেনে খাদ্য খাব -

ৰাতিপুৱা:

  • একাপ চাহ,
  • এখন বিস্কুট,
  • এটা আধা সিজা কণী বা ৫০ গ্ৰাম চানা আৰু এটা কমলা।

দুপৰীয়া: একাপ ভাত, এবাটি দাইল, তৰকাৰী ১০০ গ্ৰাম, তেলত ভজা মাছ আৰু খোৱাৰ পাছত এটা আমলখি।

আবেলি: চাহ একাপ, দুখন বিস্কুট, দুমুঠি ভিজা বুট বা মগু, এটা কল বা এবিধ বতৰৰ ফল।

ৰাতি: এখন শুকান ৰুটী বা আধা কাপ ভাত, চালাদ ১০০ গ্ৰাম, তেলত নভজা মাছ বা কুকুৰাৰ মাংস(লেগ পিচ) বা তৰকাৰি-দাইল মিহলি এবাটি।

ইয়াৰ উপৰি-

  • দাইলৰ পানী,
  • ডাবৰ পানী,
  • ফলৰ ৰস,
  • চুপ আদি নিয়মিত খোৱাৰ অভ্যাস কৰিব।

লেখক: ডাঃ ৰীণা দেৱী(নিয়মীয়া বাৰ্তা)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top