মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মস্তিষ্কৰ শক্তি বৃদ্ধিৰ কাৰণে সংগীত চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মস্তিষ্কৰ শক্তি বৃদ্ধিৰ কাৰণে সংগীত চিকিৎসা :

মস্তিষ্কৰ শক্তি বৃদ্ধিৰ কাৰণে সংগীত চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

আপোনালোকে কিজানি জানেই যে আজিকালি যিকোনো ৰোগ নিৰাময়ৰ কাৰণে বিভিন্ন ধৰণৰ বিকল্প চিকিৎসা পদ্ধতিৰ সহায় লোৱা হয়। বিকল্প চিকিৎসা মানে এলোপেথিক, আয়ুৰ্বেদিক আৰু হোমিওপেথিক চিকিৎসা পদ্ধতিৰ উপৰিও আকুপাংচাৰ, আকুপ্ৰেছাৰ, চুম্বক চিকিৎসা, যোগ-প্ৰাণায়ামৰ দৰে আজিকালি লাহে লাহে জনপ্ৰিয় হৈ পৰা সংগীত চিকিৎসাও বিকল্প  চিকিৎসা পদ্ধতিৰে অন্তৰ্ভুক্ত হৈছে। মনোবৈজ্ঞানিক পৰামৰ্শৰ লগে লগে সংগীত শুনাই ৰোগীক চিকিৎসা প্ৰদান কৰাৰ কৌশল উদ্ভাৱন হৈছে আৰু এইবিধ চিকিৎসা প্ৰয়োগ কৰি কিছুমান ৰোগ নিৰাময় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। অৱসাদ, উদ্বিগ্নতা আৰু দুশ্চিন্তা আদি যদিও মানসিক বিকাৰ বুলি ধৰা হয় কিন্তু এনেধৰণৰ ৰোগবোৰ কেৱল ঔষধ প্ৰয়োগৰ দ্বাৰা সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰি। এনেবোৰ ৰোগৰ ক্ষেত্ৰত সংগীত চিকিৎসাই ৰোগীক বহুখিনি সকাহ দিব পাৰে।

তেনেদৰে যদি আপুনি অনুভৱ কৰে যে আপোনাৰ মস্তিষ্কৰ শক্তি হ্ৰাস পাইছে আৰু আপুনি আনে কোৱা কথাবোৰ লগে লগে মনত ৰাখিব পৰা নাই বা আনে কৈ থকা কথাবোৰ ভালদৰে মস্তিষ্কৰ মনত ৰখা শক্তি হ্ৰাস পাইছে অৰ্থাৎ আপোনাৰ মস্তিষ্কৰ শক্তি কমি গৈছে। তেনেদৰে আপোনাৰ সন্তানটিৰ যদি যিকোনো কথা মনোযোগ দিয়াৰ ক্ষমতা হ্ৰাস পাইছে আৰু পঢ়া কথাবোৰ সময়ত মনত পেলাব নোৱাৰা হৈছে- তেনেহ’লে আপুনি বুজিব যে তেওঁৰ মস্তিষ্কৰ শক্তি হ্ৰাস পাইছে। এনেবোৰ লক্ষণ আপোনাৰ নিজৰ লগতে আপোনাৰ সন্তানটিৰ গাত যদি দেখা পাইছে, তেনেহ’লে আপুনি নিজে আৰু আপোনাৰ সন্তানটিক তৎক্ষণাত অভিজ্ঞ মনস্তত্ববিদ এজনৰ ওচৰলৈ লৈ যাওক। চিকিৎসকে আপোনাৰ সন্তানটিৰ চিকিৎসাৰ বাবে ঔষধ পাতিৰ পৰমৰ্শ দিব। তেওঁ এনেবোৰ ঔষধৰ চিকিৎসাৰ ওপৰঞ্চি অন্য চিকিৎসা কৰাবলগীয়া হ’লেও পৰামৰ্শ দিব।

সংগীত চিকিৎসাই কেনেদৰে কাম কৰে?

আমাৰ মস্তিষ্কত নিউৰণ নামৰ এক প্ৰকাৰৰ বিশেষ স্নায়বিক গঠন থাকে। এই নিউৰণবিলাক ছিংকেপৰ যোগেদি পৰস্পৰ সংলগ্ন হৈ থাকে। যিকোনো তথ্য মগজুত বৈদ্যুতিক ক্ষীপ্ৰতাৰে সঞ্চালিত হয় আৰু এই তথ্যবোৰ নিউৰণৰ যোগেদি প্ৰেৰণ কৰা হয়। অন্য যিকোনো সংবাদ বা তথ্যৰ দৰে সংগীত শুনাৰ সময়তো ‘আলফা’ আৰু ‘বিটা’ তৰংগ মস্তিষ্কত উৎপন্ন হয় আৰু এই তৰংগবিলাকে মস্তিষ্কাটোক শান্ত কৰি ৰাখিব পাৰে। সংগীত চলি থকাৰ সময়ত অন্য কোনোধৰণৰ যন্ত্ৰণাদায়ক চিন্তাৰ পৰা মস্তিষ্কটোক সকাহ দি থাকে। ফলত মনত একাগ্ৰতা বৃদ্ধি পায়, অৱসাদ বা উদ্বিগ্নতা আঁতৰাই ৰখাতো সহায় কৰে।

সংগীতে কেবাপ্ৰকাৰেও আমাক সহায় কৰে -

সমস্যা সমাধানৰ পথ উলিয়ায়:

বিখ্যাত সংগীতজ্ঞ মোজাৰ্টৰ সংগীতৰ প্ৰভাৱ সম্পৰ্কে চলোৱা এটা অধ্যয়নৰ যোগেদি গৱেষকসকলে প্ৰমাণ কৰি দেখুৱাইছে যে-

যিকোনো এটা জটিল কাম কৰাৰ আগতে বা কোনো সমস্যাত সন্মুখীন হোৱাৰ আগতে যদি মোজাৰ্টৰ সংগীত শুনে, তেনেহ’লে কামবোৰ নিয়াৰিকৈ কৰাৰ বা সমস্যাবোৰ কৌশলেৰে সমাধান কৰাৰ ক্ষমতা লাভ কৰিব পাৰে। আনকি এনে ধৰণৰ সংগীত শুনাৰ পিছত গৰ্ভধাৰণ কৰাৰ ক্ষমতাও বহুগুণে বৃদ্ধি পায় বুলি বিজ্ঞানীসকলে গৱেষণাৰ দ্বাৰা প্ৰমাণ পাইছে। কেৱল মোজাৰ্টৰ সংগীতৰে যে এনে ক্ষমতা আছে, সেইটো নহয়। যিকোনো মধুৰ সংগীত শুনিলেও মানুহে এনেবিলাক সামৰ্থ লাভ কৰিব পাৰে।

দীৰ্ঘকালীন স্মৃতি -

সংগীতে স্মৃতিও দীৰ্ঘকালৰ বাবে সংৰক্ষণ কৰাত সহায় কৰে। মানসিক চাপ বা উদ্বিগ্নতাত ভুগিলে স্মৃতি দুৰ্বল হৈ পৰে বা কেতিয়াবা কিছুমান সাধাৰণ কথাকে পাহৰি যাব পাৰে। উদ্বিগ্নতা, ৰোগ সংক্ৰমণ, কামৰ চাপ বা অন্য কোনো ধৰণৰ জটিল সমস্যাৰ সন্মুখীন হ’লে স্মৃতিশক্তি দুৰ্বল হৈ পৰে। মানসিক চাপে শৰীৰৰ তন্ত্ৰবিলাকো দুৰ্বল আৰু প্ৰায় অকামিলা কৰি তোলে, লগতে ডোপামাইন আৰু চাইটোটনিন তথা নিঃসৰণো হ্ৰাস কৰি আনে। ফলত স্মৃতিশক্তি দুৰ্বল হয়, মন বিষাদগ্ৰস্ত হৈ পৰে। কিন্তু এনে অৱস্থাত ভাল সংগীত বা নিজৰ ভাল লগা গীত শুনিলে স্মৃতিশক্তি পুনৰ সক্ৰিয় হৈ উঠে আৰু পাহৰি যোৱা কথাবোৰ মনলৈ আহে।

চিন্তা কৰাৰ শক্তি বৃদ্ধি পায় -

সংগীতৰ কোনো তাল, মান আৰু লয় আদি মনোযোগ দি শুনি বিশ্লেষণ কৰি থাকিলে, যিকোনো কথা চিন্তা কৰা বা চিন্তা কৰি যিকোনো সমস্যাৰ সমাধান কৰাত নিপুনতা লাভ কৰে। এনেদৰে এক শৃংখলাবদ্ধ দিশেৰে চিন্তা কৰি উলিওৱা যিকোনো সমস্যাই সমাধান সূত্ৰ প্ৰায় সকলোৱে মানি লয় আৰু সূত্ৰবোৰ উদ্ভাৱন কৰোঁতাৰ শলাগ লয়। গৱেষকসকলে প্ৰমাণ কৰি দেখুৱাইছে যে আমাৰ মস্তিষ্কও গীতৰ লয়ৰ গতিপথেদি চলে আৰু মস্তিষ্কৰ চিন্তাধাৰাত একোটা ছন্দ থাকে। গান এটাৰ তাল আদিয়ে মস্তিষ্কৰ ওপৰত এনেকুৱা প্ৰভাৱ পেলায় যে গানবোৰৰ কথা, সুৰ আদি স্মৃতিত ৰৈ যায়। গীত একোটাৰ তালে স্মৃতিত একোটা চাপ সৃষ্টি কৰে, মনত ৰখাত সহায় কৰে। চিন্তা কৰাত আৰু অধ্যয়ন কৰাত সহায় ;কৰে।

একোটা বাদ্যযন্ত্ৰ বজোৱা আৰু তাত নতুন নতুন সুৰ সৃষ্টি কৰাৰ লগতে মগজুৰ ওপৰত প্ৰভাৱ পৰে আৰু এনেকুৱা কামে মস্তিষ্কৰ প্ৰখৰতা বৃদ্ধি কৰে।

কৰ্টিচল -

উদ্বিগ্নতা আৰু দুশ্চিন্তাই কেৱল স্মৃতিশক্তিৰ ওপৰতে প্ৰভাৱ নেপেলায়। এইবিলাকে ম্নতুন স্মৃতিকো বাধাগ্ৰস্ত কৰে। লগতে মস্তিষ্কৰ কৰ্টিচলৰ(দুশ্চিন্তাৰ হৰমোন) কাম-কাজতো বাধা দিয়ে। সংগীতে কৰ্টিচলৰ স্তৰৰ হ্ৰাস কৰাত সহায় কৰে। উদ্বিগ্নতা আৰু দুশ্চিন্তা দূৰ কৰিবৰ কাৰণে সংগীত মনোযোগ দি শুনক আৰু তেতিয়া জানিবলগীয়া বা অধ্যয়ন কৰিবলগা বিষয়বোৰ বুজিবৰ আৰু বিশ্লেষণ কৰিব পৰাৰ ক্ষমতা বৃদ্ধি পাব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

 

 

 

 

2.95652173913
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top