অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাংসই অনা বিপদ

মাংসই অনা বিপদৰ বিষয়ে লিখা হৈছে ।

 

মাংসহাৰীসকলতকৈ নিৰামিষাহাৰীসকলৰ বেমাৰ-আজাৰ কমকৈ হয় আৰু তেওঁলোকে আপেক্ষিকভাৱে দীৰ্ঘায়ু হয় বুলি এটা ধাৰণা প্ৰচলিত আছে । ৰোগ-ব্যাধিৰ আক্ৰমনৰ দিশৰ পৰা চাবলৈ গ’লে আমিষ খাদ্যতকৈ নিৰামিষ খাদ্য তুলনামূলকভাৱে নিৰাপদ । ইয়াৰ পৰিপ্ৰেক্ষিতত সৰ্বত্ৰ নিৰামিষহাৰী হোৱাৰ সপক্ষে ব্যাপক জনমত গঢ়ি উঠিছে । আমিষ খাদ্যৰ ভিতৰতো আকৌ ৰেড মীট বা ৰঙা মাংস আৰু কণীক অধিক বিপজ্জনক হিচাপে গণ্য কৰা হয় । বিশেষকৈ এই দুবিধ খাদ্যই মানৱ দেহত কলেষ্টেৰলৰ মাত্ৰা অভাৱনীয়ভাৱে বৃদ্ধি কৰি গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । ইয়াৰ পৰিপ্ৰেক্ষিতত খাদ্য বিশেষজ্ঞসকলে বহুদিন আগৰে পৰা ৰঙা মাংস আৰু কণী খোৱাৰ পৰিমাণ সীমিত কৰি ৰাখিবলৈ পৰামৰ্শ দি আহিছে । তাৎপৰ্যপূৰ্ণভাৱে ৰঙা আৰু সংসাধিত মাংসই কৰিব পৰা মানৱ দেহৰ ক্ষতি সন্দৰ্ভত কেতবোৰ নতুন তথ্য পোৱা গৈছে শেহতীয়া এক অধ্যয়নৰ জৰিয়তে । জাৰ্নেল অৱ ক্লিনিকেল অনক’লজীত প্ৰকাশিত উক্ত অধ্যয়নৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যিমান বেছিকৈ ৰঙা আৰু সংসাধিত মাংস খোৱা যায়, সেই অনুপাতে কলেৰেক্টেল কেন্সাৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ আশংকাও বৃদ্ধি পায় ।

ৰঙা মাংসই মানৱ দেহত কেনেদৰে নেতিবাচক প্ৰভাৱ পেলায় সেই বিষয়ে এতিয়ালৈ ভালদৰে জানিব পৰা হোৱা নাই যদিও বিশেষজ্ঞসকলৰ মতে মূলত: ৰঙা মাংসৰ চৰ্বি অংশত জমা হৈ থকা কেতবোৰ ধাতৱ পদাৰ্থৰ লগতে আন কেতবোৰ বিষাক্ত পদাৰ্থ আৰু সম্পৃক্ত চৰ্বিয়ে মানৱ দেহত প্ৰৱেশ কৰি সমস্যাৰ সৃষ্টি কৰে । মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰা নানা ধৰনৰ ধাতৱ পদাৰ্থৰ উপৰি অজৈৱ কীটনাশককে ধৰি পৰিৱেশ প্ৰদূষিত কৰা বিভিন্ন পদাৰ্থৰ অৱশিষ্টাংশ সাধাৰনতে ঘাঁহ-বনত মিহলি যায়, সেই ঘাঁহ-বনবোৰকে গৰু, ছাগলী আদি পোহনীয়া জীৱ-জন্তুবোৰে খোৱাৰ ফলত উল্লিখিত বিষাক্ত পদাৰ্থবোৰ এই প্ৰাণীবোৰৰ দেহত প্ৰৱেশ কৰি চৰ্বিৰ সৈতে মিহলি হৈ থাকে । সেইবাবে জন্তুৰ মাংস খাওঁতে যিমানদূৰ সম্ভৱ চৰ্বিহীন তথা লিকটা অংশহে খাব লাগে , যাতে জন্তুৰ চৰ্বিত নিহিত হৈ থকা ক্ষতিকাৰক ধাতৱ আৰু ৰাসায়নিক পদাৰ্থবোৰে আমাৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে ।

ৰঙা মাংসৰ স’তে মানৱ দেহত প্ৰৱেশ কৰাৰ বিষাক্ত পদাৰ্থবোৰে কেন্সাৰ আৰু স্নায়ুতন্ত্ৰৰ বিসংগতিৰ উদ্ৰেক ঘটোৱাৰ যথেষ্ট আশংকা থাকে । তদুপৰি এই পদাৰ্থবোৰে যকৃৎ আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাতো বিজুতি ঘটাব পাৰে । তাৎপৰ্যপূৰ্ণভাৱে ৰঙা মাংসত যিবোৰ বিষাক্ত পদাৰ্থ নিহিত থাকে, সেইবোৰ পদাৰ্থই মানৱ দেহৰ ঘাইকৈ বৃক্ক, পাকস্থলী, অগ্ন্যাশয়, স্তন আৰু প্ৰষ্টেট গ্ৰন্থিত কেন্সাৰৰ উদ্ৰেক ঘটায় আৰু এইবোৰ অংগৰ বেছিভাগেই পাচনতন্ত্ৰৰ অন্তৰ্ভুক্ত । আন এটা গুৰুত্বপূৰ্ণ  কথা হ’ল- বেছিভাগ পেকেটত উপলব্ধ মাংসতে ছডিয়াম নাইট্ৰাইট থাকে, যিবিধ পদাৰ্থ কেন্সাৰৰ কাৰক বুলি বহুদিন পূৰ্বেই জানিব পৰা গৈছিল । সেয়েহে এনে ধৰনৰ মাংস খোৱাৰ পৰা যিমানদূৰ সম্ভৱ বিৰত থকা উচিত ।

সংসাধিত মাংসৰ  অৰ্থ হ’ল সোৱাদ, সংৰক্ষণ, সৰবৰাহ প্ৰভৃতি সুবিধাজনক কৰি তোলাৰ বাবে স্বাভাৱিক তথা প্ৰাকৃতিক ৰুপৰ পৰিৱৰ্তন ঘটোৱা মাংস । উদাহৰণ স্বৰুপে গৰু, গাহৰি আদিৰ মাংস গুড়ি কৰি সেই মাংসৰ স’তে নাইট্ৰেট, বিভিন্ন মচলা আৰু অন্যান্য পৰিপূৰক উপাদান মিহলোৱাৰ পিছত সেইখিনিক হট ডগৰ ৰুপ দিয়া হয় , এয়া হ’ল সংসাধিত মাংসৰ উদাহৰণ । সেইদৰে টাৰ্ফী, হেম আদি দ্ৰব্য আৰু আন কেতবোৰ পৰিপূৰক উপাদান মিহলোৱাৰ পিছত পুনৰ গোটা ৰুপ দিয়া হয় তথা চকলা- চকল কৰা হয় । গতিকে এইবোৰো সংসাধিত মাংস ।

সংসাধিত মাংসই ৰোগাক্ৰান্ত হোৱাৰ আংশকা বৃদ্ধি কৰা সন্দৰ্ভত আমি জ্ঞাত হ’লেও কিমান পৰিমানৰ সংসাধিত মাংসই ৰোগাক্ৰান্ত হোৱাৰ আংশকা কিমানখিনি বৃদ্ধি কৰে, তাৰ নিৰ্দিষ্ট হিচাপে খোৱা যায় । তদুপৰি সকলো সংসাধিত মাংসত একে ধৰণৰ বিষাক্ত পদাৰ্থ নাথাকে । উদাহৰণ স্বৰুপে কিছুমান সংসাধিত মাংসত অত্যধিক ছডিয়াম থাকে আৰু সেয়েহে এনে মাংস খালে ৰক্তচাপ বৃদ্ধি পাব পাৰে । আনহাতে কিছুমানত নাইট্ৰেট আৰু নাইট্ৰাইট থাকে- এনে মাংসই কেন্সাৰ হোৱাৰ আংশকা বৃদ্ধি কৰে । যিহেতু বজাৰত উপলব্ধ সংসাধিত মাংসবোৰৰ ক’ত কোনবোৰ বিষাক্ত পদাৰ্থ কি মাত্ৰাত থাকে আমি নাজানো । সেয়েহে সেইবোৰ মাংস খোৱাৰ ফলত আমাৰ শৰীৰত কি কি ক্ষতিকাৰক পদাৰ্থ কিমান পৰিমাণত প্ৰৱেশ কৰে আৰু তাৰ ফলত আমাৰ স্বাস্থ্যৰ কেনে ধৰণৰ ক্ষতি হয় সেয়া ঠাৱৰ কৰাটোও আমাৰ পক্ষে সম্ভৱ নহয় ।

মাংসৰ জৰিয়তে আমাৰ দেহত ক্ষতিকাৰক পদাৰ্থ প্ৰৱেশ কৰাটো বহুলাংশে প্ৰতিৰোধ কৰাৰ বাবে আমি সংসাধিত মাংসৰ পৰিৱৰ্তে প্ৰাকৃতিক তথা জীৱিত ৰুপত উপলব্ধ মাংসহে ক্ৰয় কৰিব লাগে । প্ৰয়োজন সাপেক্ষে যাৱতীয় অনুসন্ধান তথা সোধা-পোছা কৰি, কিনিব খোজা মাংস সংসাধিত নহয় বুলি নিশ্চিত হ’লেহে কিনিব লাগে । মাংস খাই ভাল পোৱাসকলৰ পক্ষে ৰঙা মাংসৰ লোভ সম্বৰণ কৰাটো কঠিন, কিন্তু তেওঁলোকে খাদ্যাভ্যাসৰ কিছু পৰিৱৰ্তন সাধন কৰাৰ জৰিয়তে যথেষ্ট উপকৃত হ’ব পাৰে । তেওঁলোকে ল’ব পৰা ব্যৱস্থাৱলী তলত উল্লেখ কৰা হ’ল-

১) মাজে মাজে সম্পূৰ্ণ এটা সপ্তাহ মাংস খোৱাৰ পৰা বিৰত থাকিব লাগে ।

২) নিয়মিত আমিষ খাদ্য খোৱাৰ অভ্যাস থকাসকলে ৰঙা মাংসৰ পৰিৱৰ্তে কুকুৰাৰ মাংস আৰু মাছ খোৱাত অধিক গুৰুত্ব দিলে সুফল পাব । তেনেবোৰ খাদ্য সিজাই বা জুইত সেকি খাব পাৰিলে ভাল । পৰাপক্ষত ভাজি আৰু মাখন বা আন কোনো চৰ্বিজাতীয় সামগ্ৰীৰ স’তে মিহলাই খোৱাৰ পৰা বিৰত থাকিব লাগে ।

৩) যদি অগ্যতা ৰঙা মাংস খোৱাও হয়, তেন্তে ৰন্ধাৰ পূৰ্বে তেনে মাংসৰ পৰা আপাতত: দৃষ্টিগোচৰ হোৱা চৰ্বি আঁতৰাই পেলাব লাগে আৰু তেনে মাংস কিনোতেও যিমানদূৰ সম্ভৱ চৰ্বিহীন অংশহে কিনিব লাগে ।

৪) পৰিৱেশন কৰা মাংসৰ ডোখৰবোৰ সৰু আকাৰৰ হ’ব লাগে । একোডোখৰ মাংস তিনি আউন্সতকৈ বেছি ডাঙৰ হ’ব নালাগে ।

৫) শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰ’টিন কেৱল আমি খাদ্যৰ পৰাই আহৰণ কৰাৰ পৰিৱৰ্তে বীন, বাদাম, ছয়াবিন প্ৰভৃতি অধিক মাত্ৰাত প্ৰ’টিন থকা উদ্ভিদজ খাদ্য খোৱাতো গুৰুত্ব দিব লাগে ।

৬) এটা কথা আমি সৰ্বদা মনত ৰখা উচিত যে উদ্ভিদজাত প্ৰ’টিনত সম্পূৰক চৰ্বি নাথাকে, ইয়াৰ বিপৰীতে প্ৰাণীজ খাদ্যত এইধৰণৰ চৰ্বি থাকে আৰু সেয়েহে প্ৰাণীজ খাদ্য খোৱাৰ ফলত শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পোৱাৰ আশংকাই দেখা দিয়ে ।

৭) যিমানদূৰ সম্ভৱ জৈৱিক তথা প্ৰাকৃতিক অৱস্থাত পোৱা মাংসহে খোৱা উচিত । উদাহৰণস্বৰুপে গো-মাংস খোৱাসকলে অজৈৱিক গো-মাংস খোৱাৰ পৰিৱৰ্তে জৈৱিকভাৱে বৃদ্ধি হোৱা ঘাঁহ খোৱা গৰুৰ মাংস খাব পাৰে । কাৰণ এনে মাংসত চৰ্বি কমকৈ থাকে আৰু ওমেগা-৩ ফেটী এচিড বেছিকৈ থাকে ।

৮) গ্ৰিলত পোৰা মাংস খোৱা উচিত নহয়, কাৰণ অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে এনে মাংসত কেন্সাৰৰ কাৰক উপাদানৰ মাত্ৰা বৃদ্ধি পায় ।

মুঠ কথা, শৰীৰটো ভালে ৰখাৰ স্বাৰ্থত আমি খাদ্য বাছনি কৰাৰ ক্ষেত্ৰত জিভাৰ জুতিতকৈ শৰীৰৰ প্ৰয়োজনক অধিক গুৰুত্ব দিয়া উচিত । ৰঙা তথা সংসাধিত মাংস, ভজা-পোৰা খাদ্য আদি খাই শৰীৰটো ৰুগীয়া কৰাৰ পৰিৱৰ্তে চৰ্বিহীন প্ৰ’টিন, ফল-মূল , শাক-পাচলি, দানাজাতীয় শস্য আদি খোৱাতহে গুৰুত্ব দিব লাগে । লগতে প্ৰতিদিনে শৰীৰৰ আৱশ্যকতা অনুসৰি নিৰ্দিষ্ট মাত্ৰাত বিশুদ্ধ পানী খোৱাও জৰুৰী ।

লেখক :- অমল ভাগৱতী

উৎস:- জি এনআৰচি স্বাস্থ্য

দাঁত ব্ৰাছ কৰাৰ নিয়ম -

বহুত মানুহেই দাঁত কেনেদৰে ব্ৰাছ কৰিব লাগে সেই কথা নাজানে । যেনিয়ে-তেনিয়ে দাঁত ব্ৰাছ কৰিলে কেৱল দন্তক্ষয়েই নহয়, দাঁতৰ আলুবোৰৰো ক্ষতি হয় । বহু মানুহৰ ধাৰণা আছে যে দীৰ্ঘসময় ধৰি দাঁত ব্ৰাছ কৰি থাকিলে দাঁত বেছি চাফা হয় । এইটো ভুল ধাৰণা । ব্ৰাছ কৰিবলৈ লওঁতে আপুনি ব্ৰাছডাল এডাল পেঞ্চিল ধৰাৰ দৰে ধৰি লৈ দুই মিনিট সময়  ব্ৰাছ কৰিলেই যথেষ্ট । দাঁতৰ বাহিৰবোৰ চকচকীয়া কৰাটোৱেই দাঁত ব্ৰাছ কৰাৰ উদ্দেশ্য নহয় । দাঁতবোৰ বগা কৰাৰ লগতে দাঁতৰ মাজত সোমাই থকা খাদ্য উলিয়াই অনাটো দাঁত ব্ৰাছ কৰাৰ অন্যতম উদ্দেশ্য । দাঁত চাফা কৰিবলৈ ব্যৱহাৰ কৰা পেষ্টবোৰ ব্ৰাছডালত ভালদৰে লগাই লৈ প্ৰথমে ব্ৰাছডালৰ আঁহবোৰ আলুৰ ওপৰত হেলনীয়াকৈ হেঁচা মাৰি ধৰি কেইবাৰমান অগা-পিছা কৰি পিছত দাঁত চাফা কৰিবলৈ চেষ্টা কৰিব লাগে । লক্ষ্য ৰাখিব লাগে যাতে দাঁত চাফা হোৱাৰ লগতে দাঁতৰ ফাঁকত লাগি থকা মলিবোৰ আঁতৰে । দিনত দুবাৰকৈ ব্ৰাছ কৰাটো নিয়ম । বিশেষকৈ ৰাতি শোৱাৰ সময়ত ব্ৰাছ কৰি থ’লে খোৱা খাদ্য দাঁতত লাগি থাকিব নোৱাৰে আৰু দাঁতবোৰ বহুখিনি ৰোগমুক্ত হৈ থাকে ।

উৎস :- জি এনআৰচি স্বাস্থ্য

 

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top