মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মাত ভগাৰ কাৰণ আৰু প্ৰতিকাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাত ভগাৰ কাৰণ আৰু প্ৰতিকাৰ :

মাত ভগাৰ কাৰণ আৰু প্ৰতিকাৰৰ বিষয়ে লিখা হৈছে ।

 

কণ্ঠস্বৰৰ পৰিৱৰ্তন হোৱা বা মাত ভগাটো সৰ্বসাধাৰণ দৃষ্টিত এটা সৰু সমস্যা । বেছিভাগ ক্ষেত্ৰতে চৰ্দি লগা, বৰকৈ ঠাণ্ডা লগা, বেছিকৈ চিঞৰা আদি কাৰণত মাত ভাগে আৰু সেয়া সোনকালে ঠিক হৈও যায় । কিন্তু মাত ভগা সমস্যাটো সোনকালে নিৰাময় নহ’লে, চিকিৎসকৰ ওচৰ চপাটো জৰুৰী হৈ পৰে , কাৰণ বিশেষ কোনো ৰোগত আক্ৰান্ত হোৱাৰ ফলতো মাত ভাগিব পাৰে । ডিঙিত হোৱা সংক্ৰমণ অথবা চীষ্ট, পলীপ, কেৰাট’ছিছ, ছালকাছ আদি সমস্যাৰ বাবেও মাত ভাগিব পাৰে । তদুপৰি দীৰ্ঘ সময় মাত ভাগি থাকিলে, সেয়া কেনছাৰৰ প্ৰাৰম্ভিক লক্ষণ বুলি আংশকা কৰাৰ থ’লো থাকে । ভোকেল বা ভইচ বক্সত কেনছাৰৰ উৎপত্তি হ’লে অৱধাৰিতভাৱে কণ্ঠস্বৰৰ পৰিৱৰ্তন হয়, ধূমপান কৰাসকলৰ এনে কেনছাৰ হোৱাৰ আশংকা আপেক্ষিকভাৱে যথেষ্ট বেছি থাকে ।

বহু সময়ত বৰকৈ ঠাণ্ডা লগাৰ ফলত মাত ভাগে । এনে পৰিস্থিতিত কোনো চিকিৎসকৰ ওচৰ চাপি, যাৱতীয় ঔষধ গ্ৰহণ আৰু কিছু সাৱধানতা অৱলম্বনৰ জৰিয়তে এই সমস্যা সমাধান কৰিব পৰা যায় । যদি ঠাণ্ডা লাগি বা অইন কিবা কাৰণত সংক্ৰমণ হৈ মাত ভাগে, তেন্তে চিকিৎসকৰ পৰামৰ্শানুসৰি এণ্টিবায়’টিক গ্ৰহণ কৰাৰ লগতে ডিঙিক জিৰণি দিয়া, গৰম পানীৰ ভাপ লোৱা প্ৰভৃতি নিয়ম পালনৰ জৰিয়তে সহজে এই সমস্যা সমাধান কৰিব পৰা যায় ।

কণ্ঠস্বৰ পৰিৱৰ্তনৰ সমস্যা লৈ চিকিৎসকৰ ওচৰ চপা ৰোগীৰ ক্ষেত্ৰত সাধাৰণতে প্ৰথমে ‘ফাইবাৰ অপ্টিক লেৰিংগ’স্ক’পী’ কৰা হয় । এই পদ্ধতিত এটা কেমেৰা নাক বা মুখেৰে সুমুৱাই দি, তাৰ সহায়ত স্বৰযন্ত্ৰটো বৰ্ধিত ৰুপত কম্পিউটাৰত নিৰীক্ষণ কৰা হয় । উল্লিখিত পদ্ধতিৰে এটা অধিক উন্নত ৰুপ হ’ল ট্ৰ’ব’স্ক’পী-এই পদ্ধতিত স্বৰযন্ত্ৰৰ গতিবিধি ধীৰ গতিত পৰ্যবেক্ষণ কৰা হয় তথা প্ৰতিটো তৰপতে কিবা সমস্যা আছে নেকি চোৱা হয় । এনেদৰে যাৱতীয় পৰীক্ষা-নিৰীক্ষা কৰি, সঠিকভাৱে ৰোগ চিনাক্তকৰণৰ ব্যৱস্থা কৰা হয় । যদি স্বৰযন্ত্ৰত কেনছাৰো হয়, তেন্তে তাক যথাযথভাৱে চিনাক্ত কৰি, উপযুক্ত চিকিৎসাৰ জৰিয়তে নিৰাময় কৰিব পাৰি । এলোপেথিক, হোমিঅ’পেথিক, আয়ুৰ্বেদিক- যি পদ্ধতিৰেই চিকিৎসা কৰা নহওক কিয়, সৰ্বপ্ৰথমে প্ৰয়োজন দ্ৰুত তথা নিৰ্ভুল ৰোগ নিৰ্ণয় ।

জোৰে জোৰে বেছিকৈ কথা ক’লে বা চিঞৰ-বাখৰ কৰিলে, ডিঙিৰ অভ্যন্তৰত নডিউল বা আলছাৰ হয় । এই ধৰণৰ সমস্যা শিক্ষক-শিক্ষয়িত্ৰী আৰু গায়ক-গায়িকাৰ বেছিকৈ হয় বাবে ইয়াক টিচাৰ্ছ বা ছিংগাৰ নডিউলছ বোলা হয় । নডিউলৰ অৰ্থ হ’ল উখহি উঠা, ডিঙিৰ অভ্যন্তৰত বাৰে বাৰে জোৰ পৰাৰ ফলত এনে অৱস্থাৰ উৎপত্তি হয় । নডিউলৰ উৎপত্তিৰ ফলত স্বৰযন্ত্ৰ তথা ভোকেল ক’ৰ্ডত বেমেজালিয়ে দেখা দিয়ে আৰু সেই বাবে কথা কওঁতে ডিঙিৰ পৰা ‘ফিচফিচ’ শব্দ নিৰ্গত হয় । এই সমস্যাটো সম্পূৰ্ণৰুপে নিৰাময় কৰিব পৰা যায় ‘মাইক্ৰ’লেৰিঞ্জিয়েল ছাৰ্জাৰী’ৰ জৰিয়তে । এইটো হ’ল এক ধৰণৰ ‘মাইক্ৰ’স্ক’পি’ক ছাৰ্জাৰী’ । ইয়াৰ বাবে বাহিৰৰ ফালৰ পৰা কোনো কটা- ছিঙা কৰাৰ প্ৰয়োজন নহয় । এই প্ৰক্ৰিয়াটোত ডিঙিৰ ভিতৰৰ অংশ মাইক্ৰ’স্ক’পৰ তলত ৰাখি, অস্ত্ৰোপচৰ কৰি উল্লিখিত নডিউলবোৰ উলিয়াই অনা হয় । অস্ত্ৰোপচাৰৰ পিছত কিছুদিন ৰোগীৰ ভইচ আৰু স্পীচ থেৰাপী কৰোৱা হয় আৰু ডিঙিটো বিশ্ৰামত ৰাখিবলৈ ৰোগীক পৰামৰ্শ দিয়া হয় । এইখিনি ব্যৱস্থা গ্ৰহণ কৰিলে, ৰোগী অলপ দিনৰ ভিতৰতে সম্পূৰ্ণ সুস্থ হৈ উঠে । পূৰ্বতে ডিঙিৰ ভিতৰত এডাল নলী সুমুৱাই মাইক্ৰ’স্ক’পৰ সহায়ত মাইক্ৰ-লেৰিঞ্জিয়েল ছাৰ্জাৰী কৰা হৈছিল । আজিকালি তাৰ সৈতে এণ্ড’স্ক’প সংযুক্ত কৰি ‘ভিডিঅ’ এণ্ড’স্ক’পিক ছাৰ্জাৰী’ কৰা হয় , ইয়াৰ ফলত ৰোগীৰ অস্ত্ৰোপচাৰজনিত কষ্ট বহুখিনি কমি গৈছে ।

ডিঙিত ঘা হ’লে আৰু সেয়া সন্দেহজনক বুলি ধাৰণ হ’লে, মাইক্ৰ’ছাৰ্জাৰী কৰি, ৰুগ্ন অংশটোৰ কলাবায়’স্পী কৰাৰ বাবে প্ৰেৰণ কৰা হয় । ভইচ বক্স বা লেৰিঞ্জিয়েল কেনছাৰৰ ক্ষেত্ৰত এটা অতি ভাল কথা এই যে এই ধৰণৰ কেনছাৰে অগ্ৰৱৰ্তী পৰ্যায় (Advance Stage) পোৱাৰ পিছতো উক্ত ঠাইতে সীমাবদ্ধ হৈ থাকে, বাহিৰলৈ বিয়পি নপৰে । সেইবাবে এই কেনছাৰ তৃতীয় বা চতুৰ্থ পৰ্যায়ত ধৰা পৰিলেও আৰোগ্য হয় । একেবাৰে আৰম্ভণিতে ধৰা পৰিলে, ৰেডিঅ’থেৰাপীতেই ৰোগটো নিৰ্মূল হয় আৰু ৰোগীয়ে স্বাভাৱিক জীৱন যাত্ৰালৈ উভতিব পাৰে । অগ্ৰৱৰ্তী পৰ্যায়ত ৰোগ ৰা পৰিলে কেমো আৰু ৰেডিঅ’থেৰাপী প্ৰয়োগ কৰা হয় বা কেতিয়াবা কেৱল ৰেডিঅ’থেৰাপীৰেই ৰোগীক সুস্থ কৰি তোলা হয় । খুব বেছি অগ্ৰৱৰ্তী পৰ্যায় পালে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় ।

স্বৰযন্ত্ৰৰ সমস্যা নিৰাময়ৰ ক্ষেত্ৰত গাৰ্গল বা কুলকুলিয়ে একো সহায় কৰিব নোৱাৰে । গাৰ্গলে স্বৰযন্ত্ৰ থকা ঠাই ঢুকি নাপায় । ইয়াৰ বিপৰীতে সংক্ৰমণ ব্যতিৰেকে আন কিবা কাৰণত স্বৰযন্ত্ৰত সমস্যা উদ্ভৱ হোৱা পৰিস্থিতিত গৰম পানীৰে গাৰ্গল কৰিলে সমস্যা বাঢ়ি যাব পাৰে । সেয়েহে ডিঙিৰ স্বৰৰ পৰিৱৰ্তন হ’লে গৰম পানীৰে গাৰ্গল কৰা উচিত নহয় । অৱশ্যে গৰম পানীৰ ভাপ লোৱা ভাল । কণ্ঠস্বৰৰ পৰিৱৰ্তন যদি সংক্ৰমণৰ বাবে হয় , তেন্তে দিনে তিনিবাৰকৈ গৰম পানীৰ ভাপ লোৱা ভাল । কণ্ঠস্বৰৰ পৰিৱৰ্তন যদি সংক্ৰমণৰ বাবে হয়, তেন্তে দিনে তিনিবাৰকৈ গৰম পানীৰ ভাপ সেৱন কৰিলে আৰু যিমান দূৰ সম্ভৱ কথা কমকৈ ক’লে, ঔষধ গ্ৰহণ নকৰাকৈয়ে ঠিক হৈ যায় । ডিঙিত সংক্ৰমণ হ’লে, চিকিৎসকৰ পৰামৰ্শানুসৰি কোনো এণ্টিবায়’টিকেৰে গাৰ্গল কৰি যথেষ্ট সুফল পাব পাৰি ।

স্বৰযন্ত্ৰত সমস্যা উদ্ভৱ হোৱাৰ এটা প্ৰধান কাৰণ হ’ল অত্যধিক চিঞৰা । কেতবোৰ পেছাৰ লোকে বহু সময় ধৰি কথা কৈ থাকিবলগীয়া হয়, এনে পৰিস্থিতিত ডিঙিত জোৰ দি বা চিঞৰি কথা ক’লে স্বৰযন্ত্ৰৰ সমস্যা উদ্ভৱ হোৱা স্বাভাৱিক । আনহাতে ধূমপান আৰু মদ্যপান হ’ল ডিঙিৰ কেনছাৰৰ অন্যতম কাৰণ ।

এচিডিটী তথা ৰিফ্লাক্স ডিজিজত দীৰ্ঘদিন ভুগি থাকিলে, ডিঙিত সমস্যা উদ্ভৱ হ’ব পাৰে । এচিডিটীৰ বাবে মূলত: দায়ী আমাৰ জীৱন-চৰ্যা । সাম্প্ৰতিক কালৰ মানুহৰ জীৱন-চৰ্চাত দেখা দিয়া এটা ডাঙৰ বিসংগতি হ’ল সময়মতে আহাৰ গ্ৰহণ নকৰাটো । বেছিভাগ মানুহেই কামৰ হেঁচা বা কৰ্মব্যস্ততাৰ অজুহাতত সময়মতে খোৱা-বোৱা নকৰে আৰু মাজে-মধ্যে অলপ-অচৰপ ফাষ্ট ফুড, শীতল পানীয় অথবা চাহ-কফি খায় । এনে অস্বাভাৱিক খাদ্যাভ্যাসৰ পৰিণতিতে হাইপাৰ-এচিডিটীৰ উদ্ৰেক হয় । তাতে আকৌ যদি ধূমপানো কৰে, তেন্তে সমস্যাই সোনকালে গুৰুতৰ ৰুপ ধাৰণ কৰে । আমাৰ খাদ্যনলী আৰু পাকস্থলীৰ মাজত এখন কপাট বা ভালভ আছে । এই কপাটে আমি খোৱা খাদ্য ওপৰৰ পৰা তললৈ যাবলৈ দিয়ে, কিন্তু তলৰ এচিডক ওপৰলৈ উঠি আহিবলৈ নিদিয়ে। যিসকলে বেছিকৈ ধূমপান বা মদ্যপান কৰে, তেওঁলোকৰ পাকস্থলীত এচিডৰ নি:সৰণ বৃদ্ধি পায় আৰু তাৰ ফলত ভালভত সমস্যাৰ উদ্ৰেক হয় । ইছোফেগাছৰ পৰা এচিড ওপৰৰ ফালে ঠেলি উঠি আহে । খাদ্যনলী আৰু শ্বাসনলীৰ মুখতেই স্বৰযন্ত্ৰ আছে । ওপৰলৈ উঠি অহা এচিডে স্বৰযন্ত্ৰ স্পৰ্শ কৰিলে, তাত অস্বস্তি অনুভৱ হ’বলৈ ধৰে । তাৰ ফলত ঠাই ডোখৰ ৰঙা পৰি, ফুলি, নানা সমস্যা সৃষ্টি কৰে । এই সমস্যাটো দীৰ্ঘদিন অব্যাহত থাকিলে, ডিঙিত কেনছাৰ হোৱাৰ আশংকা আহি পৰে ।

সম্প্ৰতি জানিব পৰা গৈছে যে হিউমেন পেপিলোমা ভাইৰাছৰ বাবে ধূমপান নকৰা মানুহৰো ডিঙিৰ কেনছাৰ হয় । সেয়েহে এইচ পি ভি ভেকচিন সন্দৰ্ভত ব্যাপক গৱেষণা চলিব ধৰিছে । উল্লেখযোগ্য যে মহিলাসকলৰ জৰায়ুৰ কেনছাৰ প্ৰতিৰোধৰ ক্ষেত্ৰতো এই ভেকচিনৰ ভূমিকা আছে।

ডিঙিৰ জটিল সমস্যাৰ লগতে এচিডিটী তথা ৰিফ্লাক্স ডিজিজৰ পৰা হাত সাৰি থকাৰ বাবে ধূমপান আৰু মদ্যপান কৰাৰ পৰা বিৰত থকাটো অত্যন্ত জৰুৰী । একেৰাহে বেছি সময় খালী পেটে থকা উচিত নহয়, দুঘণ্টাৰ মূৰে মূৰে কম পৰিমাণে হ’লেও কিবা খাদ্য খাব লাগে । দুপৰীয়া আৰু ৰাতিৰ আহাৰ খোৱাৰ পিছত অন্তত: ৩০ মিনিট পানী খাব নালাগে । কাৰণ খাদ্য খোৱাৰ পিছতে পানী খালে, এচিডে পাকস্থলীত খাদ্যৰ ভালদৰে পাচন ঘটাব নোৱাৰে । ৰাতিৰ আহাৰ গ্ৰহণৰ ঠিক পিছতে শুব নালাগে, কিছু দেৰিকৈ, পাৰিলে ২-৩ ঘণ্টা পিছত শুব লাগে ।

লেখক – অমল ভাগৱতী

উৎস- দৈনিক জনমভূমি

3.57142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top