ডিঙিত বীজাণুৰ সংক্ৰমণ আৰু কন্ঠস্বৰ ভঙা সমস্যাৰ পৰা মুক্ত হোৱাৰ অতি কাৰ্য্যকৰী ব্যৱস্থা হ’ল গাৰ্গল কৰা। ইয়াৰ ফলত ডিঙিৰ বিষো দূৰ কৰিব পৰা যায়। কিন্তু কি উপাদানেৰে গাৰ্গল কৰিলে এনে সমস্যা দ্ৰুতভাৱে আৰোগ্য কৰিব পৰা যায় সেই বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
একাপ গৰম পানীত এচামুচৰ চাৰিভাগৰ এক অংশ নিমখ মিলাই লওক। ইয়াৰ লগত এচামুচ লিষ্টেৰিনো মিলাই ল’ব পাৰি। ইয়াৰে গাৰ্গল কৰিলে মুখৰ ক্ষতিকাৰক জীৱাণুবোৰৰ পৰা মুক্ত হোৱাৰ লগতে মুখৰ জ্বলা পোৰাও কমি আহিব।
একাপ গৰম পানীত এচামুচ নেমুৰ ৰস মিহলাই লওঁক। ইয়াক চাহৰ নিচিনাকৈ পান কৰক। ইয়াৰ ফলত ডিঙিৰ টিছুসমূহ স্ফীত হৈ পৰিব। নেমুৰ আম্লিক উপাদানৰ মতে ডিঙিত থকা ক্ষতিকাৰক ভাইৰাছ আৰু ক্ষতিকাৰকবোৰ নোহোৱা হ’ব।
শুকাই গুৰি কৰা এচামুচ আদা গুৰি, এচামুচ মৌজোল আৰু আধা চামুচ নেমুৰ ৰস আধাকাপ গৰম পানীত মিলাই লওঁক। এই পানীয়খিনিৰে গাৰ্গল কৰক। মৌজোলে কন্ঠস্বৰ সঠিক কৰাৰ লগতে বাকী উপাদানবোৰে ডিঙিত থকা জীৱাণুবোৰ নোহোৱা কৰিব।
জালুকৰ গুৰিয়ে বিষ আৰু প্ৰদাহ উপশম কৰাত সহায় কৰে। একাপ গৰম পানীত ৫ টা জালুকৰ গুৰু মিলাই গাৰ্গল কৰক। ইয়াৰ ফলত ডিঙিত পোৰণি উঠিব কিন্তু কণ্ঠস্বৰ সঠিক হৈ উঠিব। পোন্ধৰ মিনিটৰ বিৰতিত এই মিশ্ৰণটো পুনৰ ব্যৱহাৰ কৰক।
তুলসী পাতে মাত ভঙা দূৰ কৰাৰ লগতে বন্ধ নাক আৰু বিষদ কাৰ্য্যকৰী ভূমিকা পালন কৰে। তুলসী পাতৰ ৰস, চেনি ফিটকিৰি, ভিনেগাৰ আৰু পানী একেলগে মিহলাই দ্ৰৱণ প্ৰস্তুত কৰি গাৰ্গল কৰিব লাগে।
বিভিন্ন বৈজ্ঞানিক পৰীক্ষাত প্ৰমাণিত হৈছে যে হালধিয়ে বহুবোৰ মাৰাত্মক ৰোগ আঁতৰায়। শৰীৰক সুৰক্ষা প্ৰদানৰ বাবে ইয়াত অতি শক্তিশালী প্ৰতিজাৰক উপাদান থাকে। এচামুচ নিমখ আৰু আধাচামুচ হালধি একাপ গৰম পানীত মিহলাই গাৰ্গল কৰক
এচামুচ লঙৰ গুড়ি গৰম পানীৰ লগত মিহলাই গাৰ্গল কৰক। লঙত প্ৰদাহবিৰোধী উপাদান থাকে যাৰ ফলত কণ্ঠৰ বিষ দূৰ কৰাত সহায় কৰে।
উৎস: ইন্টাৰনেট।
আপোনালোকৰ এই ঔষধৰ পৰা মই বহু উপকৃত হলো, ধন্যবাদ জানাইছো যাতে সকলো সময়তে এনেকৈয়ে আমি সহায় পাও,