মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মাতৃ দুগ্ধপান সপ্তাহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাতৃ দুগ্ধপান সপ্তাহ

 

প্রত্যেক বছৰে আগষ্ট মাহৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহ পালন কৰা হয়। শিশুৰ স্বাস্থ্য আৰু শাৰীৰিক বিকাশৰ বাবে মাতৃদুগ্ধ পানীৰ উপকাৰিতা সম্বন্ধে সকলো মাতৃকে সজাগ কৰি তোলাটোৱেই এই সপ্তাহ পালনৰ মূল উদ্দেশ্য। বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ইউনিচেফ'ৰ (UNISEF)ৰ নীতি নিৰ্দ্ধাৰণকাৰী কমিটিৰ সিদ্ধান্তমৰ্মে ১৯৯২ চনৰ পহিলা আগষ্টৰ পৰা ৭ আগষ্টলৈ ভাৰতবৰ্ষকে ধৰি সমগ্র বিশ্বৰ প্ৰায় ১২০ খনতকৈও অধিক দেশত এই মাতৃদুগ্ধ পান সপ্তাহ পালন কৰি অহা হৈছে।

এগৰাকী মাতৃয়ে নিজ সন্তানক সময়মতে দুগ্ধপান কৰাই স্বাস্থ্যৰ যত্ন লোৱাটো অতি জৰুৰী। ইয়াৰ ফলত সন্তান সুস্থ, সবল আৰু নিৰোগী হয়। আজিৰ সন্তান কালিৰ দেশৰ ভৱিষ্যত আৰু আমাৰ সম্পদ। স্বাস্থ্যবান শিশু এটাৰ পৰাই সুস্থ-সবল সমাজ এখন গঢ় লোৱাত সহায়ক হয়। কিন্তু কিছুমান মাতৃয়ে নিজৰ দেহৰ সৌন্দর্য হানি হোৱাৰ ভয়ত সন্তানক দুগ্ধপান কৰাবলৈ বৰ ইচ্ছক নহয়, ফলত সন্তানটো অপুষ্টিত ভোগা দেখা যায়। এই ক্ষেত্ৰত মহিলাগৰাকীৰ স্বামীকে ধৰি পৰিয়ালৰ কিছু বয়োজ্যেষ্ঠ মহিলা, বান্ধৱী, প্রশিক্ষণপ্রাপ্ত স্বাস্থ্য কৰ্মী, মাতৃদুগ্ধ সম্পর্কে জ্ঞান থকা বিশেষজ্ঞ আৰু আন অন্তৰঙ্গ সংগীসকলে পৰম্পৰাগতভাৱে মাতৃদুগ্ধ পান কৰাটোৱে যে অতি জৰুৰী তাৰ প্ৰতি মাতৃগৰাকীক সজাগ কৰ আৰু মানসিকভাৱে সমর্থন দিয়াটো অতি দৰকাৰী বিষয়। তাৰোপৰি মাতৃ গৰাকীক মানসিক ভাৱে দুগ্ধপানৰ উপকাৰিতাৰ বিষয়ে সচেতন কৰাবলৈ কেতিয়াবা কাউঞ্চেলিং আদিৰো প্রয়োজন হ’ব পাৰে। আনহাতে মাতৃগৰাকীৰ নিজৰ গাখীৰ কম থাকিলে বা সন্তানটোৱে পর্যাপ্ত গাখীৰ নাপালে, তেতিয়া গাখীৰ বৃদ্ধি হোৱা আহাৰ খোৱাটো অতি জৰুৰী আৰু যদি এইক্ষেত্ৰত সুফল পোৱা নাযায়— তেন্তে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত। মাতৃগৰাকী যদি চাকৰিয়াল হয়, তেন্তে সন্তান জন্মৰ পাঁচৰ পৰা ছয়মাহলৈ দুগ্ধপান কৰোৱাৰ সুযোগ দিব লাগে। আজিকালি অৱশ্যে মহিলা চৰকাৰী চাকৰিয়ালসকলক ছয়মাহ পৰ্যন্ত প্ৰসৱকালীন ছুটী দিয়াৰ ব্যৱস্থা কৰা হৈছে। আন কর্মক্ষেত্ৰত মহিলাসকলকো এইক্ষেত্ৰত সুবিধা দিয়াটো অত্যন্ত জৰুৰী।

শিশু এটি জন্মৰ পাছত ৩০ ৰ ৬০ মিনিটৰ ভিতৰত আটাইতকৈ সক্রিয় হৈ থকা বাবে মাতৃদুগ্ধ শোষণ কৰিব পাৰে আৰু লগে লগে স্তনপান কৰালে ইয়াৰ সক্ষমতা বৃদ্ধি পায়। আনহাতে মাকৰ প্রথমখিনি গাখীৰত কলাষ্টম থকাৰ ফলত শিশুটি নানা ধৰণৰ ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰে। এই হালধীয়া ৰঙৰ গাখীৰখিনিয়ে শিশুৰ দেহত প্ৰতিৰোধক বেজী সদৃশ কাম কৰে।

মাতৃদুগ্ধ পানৰ উপকাৰিতা

১) মাতৃদুগ্ধত প্ৰ’টিন, ফ্যাট, কেল’ৰি, ল্যাকটোজ ভিটামিন, আয়ৰণ, খনিজ, পানী আদি শিশুৰ সামগ্রিক বৃদ্ধিত সহায়ক বহুতো পুষ্টিকাৰক উপাদান থাকে। ফলত শিশুৰ স্বাস্থ্যৰ উন্নতি হয়।

২) জন্মৰ পৰা ছয়মাহলৈ শিশুক কেৱল মাতৃদুগ্ধ পান কৰাব লাগে, ইয়াৰ ফলত আন্ত্রিক সমস্যা হোৱাৰ পৰা শিশু ৰক্ষা পৰে। মাতৃদুগ্ধ সোনকালে হজম হয় আৰু কোষ্ঠকাঠিন্য হোৱাৰ ভয় নাথাকে। পৰিপাক প্রণালী আৰু অন্ত্ৰৰ সংক্রমণ প্রতিৰোধ ক্ষমতা বৃদ্ধি হয়।

৩) হাঁপানী আৰু কাহৰ সংক্ৰমণৰ পৰা শিশুটোক ৰক্ষা কৰে।

৪) আন ৰোগসমূহৰো প্রতিৰোধ ক্ষমতা বঢ়ায় আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰি শিশুক সুস্থ-সবল কৰি ৰাখে।

৫) মাকৰ গাখীৰে শিশুৰ মস্তিষ্কৰ বৃদ্ধিত সহায়ক হয়, বুদ্ধিৰ বিকাশ কৰে।

৬) মাতৃদুগ্ধ পান কৰা শিশু অত্যধিক শকত হোৱা বা মেদবহুলতাৰ চিকাৰ হোৱাৰ ভয় নাথাকে।

৭) মাতৃদুগ্ধ ১০০ শতাংশ নিৰাপদ আৰু প্ৰদূষণমুক্ত হোৱাৰ উপৰিও বিশুদ্ধ মাতৃদুগ্ধৰ আন একো খৰচ নাই।

শিশুৰ দুগ্ধপান কৰোৱাৰ ফলত মাতৃগৰাকীয়ে লাভ কৰা সুফল

১) শিশুক দুগ্ধপান কৰালে মাকৰ স্তন আৰু জৰায়ুৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা কম।

২) মাতৃগৰাকীৰ প্ৰসৱৰ পাছত হোৱা ৰক্তপাত আৰু ৰক্তাল্পতাৰ সম্ভাৱনা কম হয় আৰু সোনকালে প্ৰসৱ ক্লান্তিৰ পৰা মুক্ত হয়।

৩) মাতৃগৰাকীৰ স্বাভাৱিক চেহেৰা ঘূৰি আহে আৰু তেওঁলোকৰ মাজত মেদবহুলতাৰ সম্ভাৱনা কম হয়।

৪) দুগ্ধপান কৰোৱা সময়খিনিত মাতৃগৰাকীৰ গৰ্ভধাৰণৰ সম্ভাৱনা বহুখিনি কম হয়।

৫) দুগ্ধপান কৰোৱাৰ ফলত শিশু আৰু মাকৰ মাজত এক দৃঢ় আৱেগিক বন্ধনৰ সৃষ্টি হয়। মাকৰ শৰীৰৰ কোমল স্পৰ্শত শিশুৱে আৰাম পায় আৰু পৰম তৃপ্তিৰে মাতৃদুগ্ধ পান কৰে।

৬) দুগ্ধপান কৰালে স্তন উখহা বা ফুলি যোৱা বিষ আদি নোহোৱা হয়।

মাতৃদুগ্ধ নৱজাতক শিশুৰ বাবে একমাত্র উৎকৃষ্ট পুষ্টিকৰ আহাৰ। বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফে শিশুক ৬ মাহলৈ কেৱল মাকৰ গাখীৰ গোটা আহাৰৰ লগতে ২ বছৰ বা তাতোকৈ বেছি দিনলৈ মাকৰ গাখীৰ খুওৱাত অধিক গুৰুত্ব আৰোপ কৰিছে। শিশুক বটল বা আন পাত্ৰত গাখীৰ খুৱালে সংক্রমণ হৈ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। অগত্যা খুৱাব লগা হ’লে বটল আৰু আন পাত্ৰসমূহ পৰিষ্কাৰ পানীত ভালদৰে উতলাই ব্যৱহাৰ কৰিব লাগে। শিশুটিক ২৪ ঘণ্টাত অন্ততঃ ৮ বাৰকৈ দুগ্ধপান কৰাব লাগে। মাতৃগৰাকী যদি টাইফয়েড, মেলেৰিয়া, যক্ষ্মা, জণ্ডিচ, কুণ্ঠ আদি ৰোগত আক্রান্ত হৈ থাকে, তেতিয়া শিশুক দুগ্ধপান কৰোৱাত বাধা নাই বুলি বিশেষজ্ঞসকলে পৰামর্শ দিয়ে। অৱশ্যে ইয়াৰ বাহিৰে আন কিছুমান সংক্ৰামক বেমাৰ হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামর্শ ল’ব লাগে। শিশুক দুগ্ধপান কৰোৱাৰ সময়ত মাতৃগৰাকীয়ে ধূমপান বা মদ্যপান কৰা উচিত নহয়। ই শিশুৰ বাবে অত্যন্ত ক্ষতিকাৰক। শিশুক দুগ্ধপান কৰোৱাৰ আগে আগে মাতৃগৰাকীয়ে নিজৰ কাপোৰ-কানিৰ লগতে শৰীৰ আৰু স্তনযুগল পৰিষ্কাৰ কৰি দুগ্ধপান কৰোৱা উচিত।

লেখিকা: ৰূপলেখা দেৱী।

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top