মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মাত্ৰ দুই মিনিট সময়ৰ ধ্যানে চাৰ্ভাইকেল বিষ উপশম কৰে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাত্ৰ দুই মিনিট সময়ৰ ধ্যানে চাৰ্ভাইকেল বিষ উপশম কৰে :

মাত্ৰ দুই মিনিট সময়ৰ ধ্যানে চাৰ্ভাইকেল বিষ উপশম কৰে, তাৰ বিষয়ে লিখা হৈছে ।

 

কৰ্ম সংস্কৃতিৰ পৰিৱৰ্তনৰ ফলত আমাৰ শৰীৰত আটাইতকৈ বেছি প্ৰভাৱ পৰিবলৈ ধৰে। একেৰাহে ৮-৯ ঘন্টা সময় ধৰি কম্পিউটাৰ স্ক্ৰীণত চকু ৰাখি কাম কৰি থকাৰ অভ্যাসে কেবাবিধো ৰোগ নিয়ন্ত্ৰণ কৰি আনে আৰু কম দিনৰ ভিতৰতে আমাক ৰুগীয়া কৰি তোলে। কঁকাল, গলধন, মূৰৰ বিষৰ লগতে অন্যান্য ভালেমান আভ্যন্তৰীণ অসুখে আমাক ৰোগগ্ৰস্ত কৰি তোলে। এনে ধৰণৰ বিষে গলধনৰ বিষৰ ৰূপত দেখা দিয়াৰ আগতেই আমাৰ শৰীৰটো প্ৰায় অকামিলা হৈ পৰে। ৰাজহাড়ৰ ৰোগ অধিক দ্ৰুত গতিত বৃদ্ধি পায়। গলধন আৰু ইয়াৰ আশে-পাশে থকা পেশীত বিষ অনবৰতে লাগি থাকে। আজিকালি পৰিয়ালৰ আন সদস্যসকললৈ সুখ-সুবিধাৰ যোগান ধৰিবৰ কাৰণে নিজৰ শৰীৰৰ ওপৰত প্ৰয়োজনতকৈ বেছি চাপ প্ৰয়োগ কৰিব লগা হৈছে। শৰীৰৰ প্ৰতি মনোযোগ দিবলৈ আমাৰ হাতত সময়ো বেছি নেথাকে। এই সমস্যাবিলাকৰ বাবে সময়মতে চিকিৎসা কৰাই থাকিব পৰা সহজতে হাত সাৰি থাকিব পৰা গ’লহেঁতেন।

চাৰ্ভাইকেলৰ লক্ষণ -

গলধনৰ পিছফালৰ অংশত বিষ, মূৰৰ পিছফালৰ অংশ, কান্ধ, বাহু আৰু বুকুত বিষ থাকে। গলধনটো ইফালে-সিফালে ল’ৰালে বিষ অনুভৱ হয়। হঠাৎ মূৰটো ঘূৰাই যোৱা, চকুৰ আগত আন্ধাৰ দেখা আদি সমস্যাও হ’ব পাৰে। বিষ গলধনত আৰম্ভ হৈ হাতলৈকে নামি আহিব পাৰে। পিঠিত একেৰাহে তীব্ৰ বিষ থাকে। কেতিয়াবা উশাহ লোৱাতো কষ্ট অনুভৱ কৰিব পাৰে। ইয়াত চাৰ্ভাইকেলৰ বিষ নিৰাময়ৰ কাৰণে কেইটিমান উপায় দিয়া হৈছে। এই উপায়বিলাক মানি চলিলে কঁকাল, পিঠি আৰু গলধনৰ বিষ কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আনিব পাৰিব।

চাৰ্ভাইকেল বিষ এটা বাৰ্ধক্য আগমনৰ অন্যতম লক্ষণ। এই বিষ সম্পূৰ্ণৰূপে নিৰাময় কৰাৰ উপায় নাই। মাত্ৰ বয়স অনুপাতে নিজৰ শৰীৰৰ ওপৰত বৰ বেছি চাপ নিদিব। আজিকালি কামৰ চাপ বা হেঁচা, কৰ্ম সংস্কৃতিৰ পৰিৱৰ্তনৰ কাৰণে মানুহৰ ওপৰত অনিবাৰ্যভাৱে পৰিছে। সেয়ে কম বয়সীয়া লোকৰ মাজতো এনেধৰণৰ বিষ হোৱা দেখা গৈছে।

বিষ নিয়ন্ত্ৰণৰ উপায় -

*নিয়মীয়াকৈ ব্যায়াম কৰি মূৰ, গলধন আৰু কান্ধৰ ওপৰত পৰা হেঁচাৰ প্ৰভাৱ সীমিত কৰি ৰাখিব পাৰিলে কিছুমান লক্ষণৰ পৰা বাচি থাকিব পাৰি।

*খেল-ধেমালি কৰিবৰ সময়ত বিশেষজ্ঞ প্ৰশিক্ষকৰ পৰামৰ্শ অনুসৰি প্ৰয়োজনীয় পৰিধান সামগ্ৰী আৰু খেলাৰ নিয়মবোৰ ভালদৰে আয়ত্ব কৰি ল’ব পাৰিলে গলধনৰ ওপৰত বেছি চাপ পৰাৰ আশংকা নেথাকে আৰু এই ব্যৱস্থাৰ ফলত স্পণ্ডিলাইটিছ হোৱাৰ আশংকা কমি থাকে।

*থিয় হৈ থাকোতে, বহি থাকোতে, কম্পিউটাৰত কাম কৰি থাকোতে, গাড়ী চলাই থাকোতে আৰু শুবৰ সময়ত শৰীৰৰ ভাঁজ বা কোনবোৰ সঠিকভাৱে ৰাখিব পাৰিলে, মেৰুদণ্ডৰ ক্ষতি হোৱাৰ আশংকা কমি থাকে।

*গলধন আৰু কান্ধৰ ব্যায়াম সদায় কৰক। সঠিকভাৱে বহক। অফিচত দীৰ্ঘসময়ৰ বাবে বহি কাম কৰোতেও পিঠি কুঁজা কৰি নবহিব। পিঠিখন চকীৰ পৃষ্ঠভাগত লগাই পোন হৈ বহক।

*হাউলি বা একেৰাহে একে অৱস্থাতে থাকি কাম কৰি নেথাকিব। মাজে সময়ে চকীৰ পৰা অলপ থিয় হৈ কান্ধ, গলধন ঘূৰাওক। মজিয়াত তুলি পাৰি বহি গাৰু বা মছ্নদ কম ব্যৱহাৰ কৰিব বা একেবাৰে নকৰিব।

*গলধনৰ যিফালে বিষ হৈ আছে, সেইফালে এখন কাপোৰ গৰম কৰি সেক দিয়ক। অথবা বৰফ এটুকুৰা ঘঁহি দিয়ক। এনে কৰিলে বিষ নাইকিয়া হ’ব। তথাপি যদি বিষ থাকে, তেনেহ’লে কোনো অস্থিৰোগ বিশেষজ্ঞক দেখুৱাওক।

*থিয় হোৱা বা বহাৰ ভংগী সঠিক আৰু পোন নহ’লে মেৰুদণ্ডৰ হাড়ৰ ভাৰসাম্য নষ্ট হৈ পৰে আৰু এই ফসমতা নষ্ট হৈ গ’লে কঁকালৰ পিছৰ অংশ আৰু গলধনত প্ৰচণ্ড বিষ হ’ব পাৰে। কিন্তু যদি আপোনাৰ শৰীৰৰ ভংগী সঠিকভাৱে ৰাখে তেনেহ’লে গলধনৰ অসহনীয় বিষৰ পৰা বাচি থাকিব পাৰে।

কামৰ মাজত বিৰতি -

দীৰ্ঘ সময় ধৰি একে অৱস্থাতে বহি বা থিয় হৈ কাম কৰি নেথাকিব। নিয়মীয়াকৈ এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বিৰতি লৈ অকণমান সময় ইফালে-সিফালে কেইখোজমান চলাই থাকিলে শৰীৰটোৱে আৰাম পায় আৰু শাৰীৰিক জঠৰতাও নেথাকে।

শোৱাৰ সঠিক ভংগী -

গলধনৰ বিষ থকা ৰোগীয়ে শোৱাৰ সময়তো বিশেষ সাৱধান হোৱা উচিত। শোৱাৰ কাৰণে স্বাভাৱিক অৱস্থা বৰ্তাই ৰাখিব আৰু পৰাপক্ষত গাৰু ব্যৱহাৰ নকৰিব। যদি বেছি প্ৰয়োজন বোধ কৰে, তেনেহ’লে একেবাৰে পাতল, কোমল গাৰু এটা ব্যৱহাৰ কৰিব পাৰে। শুবৰ কাৰণে সমান তক্তা বা প্লাইবোৰ্ডৰ বিছনা ব্যৱহাৰ কৰক। ডাঠ তুলিৰ খাট বা ফলডিং খাট ব্যৱহাৰ নকৰিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top