অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানঃ

চমু বিৱৰণ

মানসিক বুলি কোৱা কথাষাৰৰ দ্বাৰা সাধাৰণতে মনৰ লগত জড়িত হৈ থকা কথা-বতৰাসমূহৰ বিষয়ে বুজোৱা হয়। একেদৰে স্বাস্থ্য বুলি কোৱা কথাষাৰৰ দ্বাৰা অসুস্থতাৰ পৰা মুক্ত অথবা নিৰোগী দেহ-মানসিক অৱস্থা এটাৰ কথা বুজোৱা হয়। এনেবোৰ দৃষ্টিভংগীৰ পৰা স্বাস্থ্য বুলি কোৱা কথাষাৰৰ দ্বাৰা মানসিক তথা দৈহিকভাৱে সম্পূৰ্ণ ৰোগমুক্ত অৱস্থা এটাৰ কথাকে সূচোৱা হয়। অৰ্থাত্ এগৰাকী লোকৰ কোনো বেমাৰ-আজাৰহীন অথবা নিৰোগী মানসিক অৱস্থা এটাকে মানসিক স্বাস্থ্য বুলি কোৱা হয়। স্বাস্থ্য বিজ্ঞানৰ দ্বাৰা অতি সৰলভাৱে এগৰাকী লোকৰ চাৰিওফালৰ সামগ্ৰিক অৱস্থাটো অসুস্থতা অথবা বেমাৰ-আজাৰ হ’ব নোৱাৰাকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা কথাটোকে বুজোৱা হয়। এনে চিন্তা-চৰ্চা অনুসৰি স্বাস্থ্য বুলি কোৱা কথাষাৰৰ দ্বাৰা জীৱন নিৰ্বাহৰ বিশেষ কলা এটাৰ কথাকে বুজোৱা হয়। অৱশ্যে স্বাস্থ্যকৰ জীৱন নিৰ্বাহৰ সকলো কথা নানা উপাদানৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে বংশগতি আৰু পাৰিপাৰ্শ্বিকতাৰ উপাদানসমূহ হৈছে এনে কিছুমান উপাদান যিবোৰে স্বাস্থ্যসন্মত জীৱন নিৰ্বাহৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলায়। মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান কম-বেছি পৰিমাণে এগৰাকী ব্যক্তিৰ মানসিক অথবা মনোজগতৰ লগত জড়িত শক্তি সামৰ্থ্যসমূহৰ প্ৰণালীবদ্ধ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰশীল। প্ৰয়োগিক ক্ষেত্ৰত এনে কাৰ্য বৰ সহজ প্ৰকৃতিৰ নহয় আৰু এটা সুন্দৰ ব্যক্তিগত জীৱনৰ বাবে এনে ক্ৰিয়া প্ৰক্ৰিয়া অতিকে গুৰুত্বপূৰ্ণ। এখন সুন্দৰ আৰু ভাৰসাম্য সমাজ জীয়াই ৰখাৰ বাবে মানসিক স্বাস্থ্যৰ গুৰুত্ব অসীম।

মানসিক স্বাস্থ্য আৰু সাধাৰণ জন-জীৱন

বৰ্তমান কালত মানসিক স্বাস্থ্য কথাটোৱে সকলো ক্ষেত্ৰতে বিশেষ গুৰুত্ব লাভ কৰিছে। সমাজৰ প্ৰতিটো ক্ষেত্ৰতে আমি সততে এনে বহুসংখ্যক লোক পাওঁ যিসকলে বিভিন্ন ধৰণৰ মানসিক সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈ আছে। সাধাৰণতে এনে নানা প্ৰকৃতিৰ মানসিক সমস্যাবোৰৰ কাৰণ হৈছে অতি গতিশীলভাৱে পৰিৱৰ্তিত হৈ থকা জীৱন প্ৰণালী। অৰ্থাত্ জীৱন প্ৰণালীৰ গতিশীল পৰিৱৰ্তনে আমাৰ মানসিক জীৱনলৈ নানা সমস্যা আৰু প্ৰত্যাহ্বান আনিছে। বৰ্তমান কালত আমি এখন অতি গতিশীল পৃথিৱীত বসবাস কৰিছো। আমি বাস কৰা এই পৃথিৱীখন আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গতিশীল পৰিৱৰ্তন আৰু উন্নতিৰ বাবে অধিক প্ৰত্যাহ্বানমূলক হৈ উঠিছে। আমি বসবাস কৰা সামাজিক ক্ষেত্ৰখনত সকলো ধৰণৰ বস্তুগত পৰিৱৰ্তনৰ লগে লগে সামাজিক পৰিৱৰ্তনৰ গতিও অতি ক্ষিপ্ৰ হৈ পৰিছে। সামাজিক মানদণ্ড, সামাজিক প্ৰথা, পৰম্পৰা, প্ৰমূল্যবোধৰ ক্ষেত্ৰতো গতিশীল পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে। এনে পৰিৱৰ্তনবোৰে আমাৰ জীৱন প্ৰক্ৰিয়া অতি গতিশীল কৰি তুলিছে। এনে পৰিস্থিতিত যিসকল লোকে মানসিকভাৱে স্বাস্থ্যৱান অথবা যিসকলৰ নতুন প্ৰত্যাহ্বানবোৰৰ মুখামুখি হোৱাৰ ক্ষমতা আছে তেওঁলোকে জীৱনৰ সমস্যাসমূহৰ মুখামুখি হোৱাৰ ক্ষেত্ৰতো কৃতকাৰ্য হৈছে। কিন্তু যিসকল ৰোগ মানসিকভাৱে দুৰ্বল তেওঁলোকে জীৱনৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ ক্ষেত্ৰতো ব্যৰ্থ হৈছে। ফলস্বৰূপে এনে লোকসকলে মানসিক চাপ, আৱেগিক সমস্যাৰ মাজত জীৱন অতিবাহিত কৰি জীৱনৰ নানা অৱস্থাৰ লগত প্ৰণালীবদ্ধ প্ৰক্ৰিয়াৰ সমাযোজন কৰাৰ ক্ষেত্ৰতো ব্যৰ্থ হৈছে। এনে লোকসকলৰ মানসিক সমস্যাবোৰ অধিক আৰু এওঁলোকে সাহসেৰে জীৱনৰ সমস্যাসমূহৰ মুখামুখি হোৱাৰ বাবে উপযুক্ত নহয়। বয়সৰ লগত জড়িত সমস্যা, আৱেগিক সমস্যা সমাযোজনৰ সমস্যা আদি এনে কিছুমান বিশেষ সমস্যা যিবোৰৰ উত্পত্তি হয় দুৰ্বল মানসিক স্বাস্থ্যৰ বাবে। গতিকে মানসিক স্বাস্থ্য সুন্দৰভাৱে বজাই ৰখাটো সকলোৰে প্ৰধান কৰ্তব্য।

মানসিকভাৱে স্বাস্থ্যৱান লোকঃ

সাধাৰণতে যিবোৰ লোকে জীৱন প্ৰক্ৰিয়াৰ নানা অৱস্থাৰ লগত কোনো গুৰুতৰ সমস্যাহীনভাৱে সমাযোজন কৰিবলৈ সমৰ্থ হয় তেনেবোৰ লোককে মানসিকভাৱে স্বাস্থ্যৱান লোক বুলি ক’ব পাৰি। জীৱনৰ নানা পৰিৱেশ, পৰিস্থিতি আৰু কাৰ্যকলাপৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত মানসিকভাৱে স্বাস্থ্যৱান লোক এগৰাকীয়ে কোনো অস্বাভাৱিকতা প্ৰদৰ্শন নকৰে। এনে লোকসকল ব্যক্তিত্ব সমাযোজনৰ কোনো গুৰুতৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত নহয়। সংক্ষিপ্তভাৱে মানসিক দিশৰ পৰা স্বাস্থ্যৱান লোকসকল হয়-

(ক) শাৰীৰিকভাৱে স্বাস্থ্যৱান।

(খ) মনোবৈজ্ঞানিকভাৱে শক্তিশালী।

(গ) আৱেগিকভাৱে স্থিৰ।

(ঘ) সামাজিকভাৱে সু-সমাযোজিত।

(ঙ) সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অতি আত্মবিশ্বাসী প্ৰকৃতিৰ।

উৎস: টেট গাইড বুকৰ পৰা সংগ্ৰহিত

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate