মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মানৱ জীৱনৰ ব্যাধি আলস্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানৱ জীৱনৰ ব্যাধি আলস্য :

মানৱ জীৱনৰ ব্যাধি আলস্যৰ বিষয়ে লিখা হৈছে ।

 

জীৱৰ ভিতৰত মানুহক শ্ৰেষ্ঠ বুলি কোৱা হয়। কিয়নো, মানুহেই হৈছে এনে এবিধ প্ৰাণী যি শিক্ষা-দীক্ষা, চিন্তা-চৰ্চা, দৰ্শন, জীৱন ধাৰণৰ পদ্ধতি ইত্যাদি সকলো দিশতে ব্যতিক্ৰম আৰু একক। কিন্তু তথাপি কিছুমান কাৰকৰ বাবে মানৱ জীৱন শ্ৰেষ্ঠ হৈয়ো যেন হীন আৰু অশ্ৰেষ্ঠ প্ৰাণী। এনে কাৰকৰ ভিতৰত আলস্য অন্যতম।

আলস্যনো কি?

আভিধানিক অৰ্থত ‘আলস্য’: মানে ‘এলাহ’। অৰ্থাৎ কাম কৰিবলৈ মন নোযোৱা অৱস্থাই এলাহ বা আলস্য। ই হৈছে মানৱ জীৱনৰ এটা মাৰাত্মক ব্যাধি। ডাঙৰ ৰোগ এটাই যিদৰে আমাৰ জীৱন ধ্বংস কৰি পেলায়, তেনেদৰে আলস্য বা এলাহ হ’লে মানুহে কেতিয়াও উন্নতিৰ জখলাত বগাব নোৱাৰে। সকলোতে শুই-বহি থকা, কৰ্মৰ পৰা পলাই ফুৰা, আৰাম কৰি জীৱন অতিবাহিত কৰাটোৱেই যেন আলস্যপ্ৰিয়তাৰ ধৰ্ম। প্ৰকৃততে আলস্য এলেহুৱাৰ ভূষণ। যিয়ে আলস্যৰ পৰা হাত সাৰিব নোৱাৰে, তেওঁৰ জীৱনৰ মধুৰতা নাথাকে। সেয়ে প্ৰত্যেকেই আলস্যপূৰ্ণ জীৱন এৰি কৰ্মপূৰ্ণ জীৱন গঢ়াত অগ্ৰসৰ হ’ব লাগে। তাৰ বাবে নিম্নোক্ত দিশসমূহ মানি চলিব লাগে।

কৰ্মপ্ৰিয় হোৱা -

কথাতে কয়- কৰ্মই ধৰ্ম। কৰ্মক বাদ দি মানুহৰ জীৱন অসাৰ। সেয়ে প্ৰত্যেক মানুহ কৰ্মপ্ৰিয় হোৱা উচিত। নিজৰ যি কৰ্ম, সেয়া সৰু বুলি নাভাবি প্ৰত্যেক ভগৱানৰ আশীৰ্বাদ বুলি লৈ নিজৰ কৰ্ম কৰি যোৱা উচিত।

সোনকালে শোৱা আৰু উঠা:

শুই শুই আৰাম কৰা অভ্যাসে আমাক বেছি আলস্যপ্ৰিয় কৰি তোলে। সেয়ে নিশা সোনকালে শোৱা আৰু উঠা অভ্যাস কৰিব লাগে। ই এটা অতি ভাল অভ্যাস। এনে অভ্যাসে আমাৰ মনৰ পৰা আলস্য দূৰ কৰি সজীৱ কৰি তুলিব।

আহাৰ কমকৈ খোৱা -

বেছি পৰিমাণে আহাৰ খোৱাটো। শৰীৰৰ বাবে যিদৰে ক্ষতিকাৰক, তেনেদৰে সুঅভ্যাস গঠন কৰাটো ই বাধাৰ কাৰক। সেয়ে নিশা সদায় কমকৈ আহাৰ খাব লাগে। ই আমাৰ টোপনিও সুন্দৰ কৰে আৰু সোনকালে বিছনা এৰাতো সহায় কৰে।

প্ৰাতঃভ্ৰমণ কৰা:

আলস্য দূৰ কৰাত্ প্ৰাতঃভ্ৰমণৰ এটা বিশেষ ভূমিকা আছে। সেয়ে পুৱা শুই উঠি মুখ-হাত ধুই নিয়মীয়াকৈ প্ৰাতঃভ্ৰমণ কৰিব লাগে। প্ৰাতঃভ্ৰমণ এনে এটা উপকাৰী কাৰক যিয়ে পুৱাৰ নিৰ্মল বতাহৰ যোগেদি সুন্দৰ নিৰোগী স্বাস্থ্য প্ৰদান কৰাৰ লগতে আমাৰ মনৰ পৰা আলস্য দূৰ কৰি কৰ্মঠ আৰু সজীৱ কৰি তোলে।

সময়ৰ কাম সময়তে কৰা:

যিকোনো কাম এটা পেলাই থ’লে এলাহৰ বাবে সি কেতিয়াও সম্পূৰ্ণ হৈ নুঠে। এলাহ যাতে মনত জন্ম পাব নোৱাৰে তাৰ বাবে কাইলৈৰ কাম আজিয়েই, আজিৰ কাম এতিয়াই কৰা উচিত। এনে সজীৱ-সতেজ পদক্ষেপেৰে আমাৰ এলাহ দূৰ কৰিব।

সময় অমূল্য ধন -

আমাৰ জীৱনৰ সবাতোকৈ মূল্যৱান বস্তুটো হ’ল সময়। এই সময়ৰ মূল্য বুজি আমি প্ৰত্যেকেই তাৰ লাভ আৰ্জিবলৈ যত্ন কৰিব লাগে। এলাহপ্ৰিয় মানুহে শুই-বহি আৰাম কৰাটোৱে জীৱনৰ সুখ বুলি ভুল কৰে, তেনে নকৰি তেওঁলোকে প্ৰতিকণ সময়ৰ মূল্য বুজি কৰ্মেৰে ভৰাই ৰখা উচিত। কিয়নো যিয়ে সময়ক মূল্য দিব জানে, তেওঁৰ মূৰত সদায় উজলি থাকে বিজয়ৰ মুকুট।

মাদক দ্ৰব্য পৰিহাৰ কৰা:

এলাহ বা আলস্য সৃষ্টিৰ এক অন্যতম কাৰক হ’ল মাদক দ্ৰব্য বা নিচাজাতীয় খাদ্য। যি মানুহে এনে দ্ৰব্য বা খাদ্য গ্ৰহণ কৰে, তেওঁ আলস্যৰ পৰা মুক্তি পোৱা কঠিন। সেয়ে সদায় মাদক দ্ৰব্য পৰিহাৰ কৰিব লাগে। এনে বদভ্যাসৰ পৰা আঁতৰি থাকিব পাৰিলে আলস্যৰ জন্ম নহয়।

জীৱনৰ অৰ্থ বাস্তৱায়িত কৰা -

কৰ্মই হৈছে জীৱনৰ ভূষণ, কৰ্ম অবিহনে জীৱন মূল্যহীন। জীৱনটো ইমান চুটি যে আমাৰ কৰ্মসমূহ সম্পূৰ্ণ নকৰোতেই আমাৰ যাবৰ সময় হয়। সেয়ে জীৱনটো আলস্য, এলাহৰ মাজত আবদ্ধ নহৈ সজীৱ-সতেজ হৈ নিজা নিজা কৰ্ম কৰি যাব লাগে। তেতিয়াহে আমাৰ মূল্যৱান জীৱনটোৰ অৰ্থ বাস্তৱায়িত হ’ব।

লেখক: দিগন্ত বৈশ্য(অসম বাণী)

3.14285714286
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top