মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মানৱ দেহত আৰ্ছেনিকৰ কু-প্ৰভাৱ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানৱ দেহত আৰ্ছেনিকৰ কু-প্ৰভাৱ :

মানৱ দেহত আৰ্ছেনিকৰ কু-প্ৰভাৱৰ বিষয়ে লিখা হৈছে ।

 

সাম্প্ৰতিক কালত মাত্ৰাধিক পৰিমাণৰ ফ্ল’ৰাইড(Fluoride) আৰু আৰ্ছেনিক(Arsenic) মিহলি হৈ থকা পানীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিছে। এই দুবিধ ৰাসায়নিক পদাৰ্থ মানৱ শৰীৰত প্ৰৱেশ কৰি নানা প্ৰকাৰৰ ৰোগৰ উদ্ৰেক ঘটাইছে। তাৎপৰ্যপূৰ্ণভাৱে ফ্ল’ৰাইডৰ কু-প্ৰভাৱ সন্দৰ্ভত সম্প্ৰতি কিছু সজাগতাৰ সৃষ্টি হৈছে যদিও আৰ্ছেনিকৰ বিষম প্ৰতিক্ৰিয়াৰ বিষয়ে এতিয়ালৈকে বৰ বেছি চৰ্চা বা প্ৰচাৰ হোৱা নাই।

আৰ্ছেনিক হ’ল প্ৰকৃতিত উপলব্ধ এবিধ পদাৰ্থ, য’ত ধাতৱ আৰু অ-ধাতৱ দুয়ো প্ৰকাৰৰ উপাদান থাকে। ই গোন্ধহীন, বৰণহীন আৰু প্ৰায় স্বাদহীন। আৰ্ছেনিকৰ বিস্তৃতি ব্যাপক, মাটি, পানী বায়ু আৰু সকলো জীৱ দেহতে আৰ্ছেনিক উপলব্ধ। যদিও পৰিৱেশত আৰ্ছেনিক স্বাভাৱিকভাৱেই থাকে, বৰ্তমান মানুহৰ কেতবোৰ কাৰ্যকলাপৰ বাবে ইয়াৰ মাত্ৰা আৰু বিস্তৃতি অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই পৰিৱেশত আৰ্ছেনিকৰ মাত্ৰা বৃদ্ধিৰ ঘটনাক ইতিহাসৰ আটাইতকৈ গুৰুতৰ সৰ্বাত্মক বিষক্ৰিয়া সৃষ্টিৰ পৰিঘটনা আখ্যা দিছে।

আৰ্ছেনিকৰ উৎস -

আৰ্ছেনিকৰ উৎসক ঘাইকৈ দুটা ভাগত ভগাব পাৰি, সেয়া হ’ল-

১)জিঅ’জেনিক উৎস(Geogenic sources)- আগ্নেয়গিৰিৰ উদগীৰণকে ধৰি কেতবোৰ পৰিঘটনাৰ জৰিয়তে প্ৰাকৃতিকভাৱে পৰিৱেশত আৰ্ছেনিক বিয়পি পৰে। সেইবোৰেই হ’ল আৰ্ছেনিকৰ জিঅ’জেনিক উৎস।

২)এনথ্ৰ’প’জেনিক উৎস(Anthropogenic sources)- ধাতু শোধন, কয়লাৰ দহন, ৰঞ্জক পদাৰ্থ আৰু চামৰা প্ৰস্তুত কৰোঁতে উৎপন্ন হোৱা বৰ্জ পদাৰ্থ, ৰাসায়নিক অস্ত্ৰ আৰু আৰ্ছেনিকযুক্ত কীটনাশক হ’ল এই শ্ৰেণীৰ আৰ্ছেনিকৰ উৎস।

কিছুদিনৰ আগলৈকে আৰ্ছেনিক সৃষ্টি কৰা স্বাস্থ্য সংকটৰ বাবে মূলতঃ আৰ্ছেনিক মিহলি খোৱাপানীকে জগৰীয়া কৰি অহা হৈছিল। কিন্তু, এতিয়া এই কথা বিদিত হৈছে যে শস্যক্ষেত্ৰত আৰ্ছেনিকযুক্ত ভূজল প্ৰয়োগ কৰাটোও মানুহৰ স্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুলি হৈ পৰিছে। কাৰণ, আৰ্ছেনিকযুক্ত পানী প্ৰয়োগদ্বাৰা বিকশিত শস্যতো আৰ্ছেনিক নিহিত থাকে।

তাৎপৰ্যপূৰ্ণভাৱে, মানুহৰ বিভিন্ন কাৰ্যকলাপৰ ফলত নিৰ্গত হোৱা আৰ্ছেনিকৰ ৮০ শতাংশই মাটিত মিহলি হয়। আৰ্ছেনিকযুক্ত পশুখাদ্য খুওৱা পশু-পক্ষীৰ পৰা উৎপাদিত প্ৰাণীজ খাদ্যৰ জৰিয়তেও মানৱ দেহত আৰ্ছেনিক প্ৰৱেশ কৰে।

আৰ্ছেনিকৰদ্বাৰা আক্ৰান্ত হোৱাৰ লক্ষণবোৰ -

আৰ্ছেনিকৰদ্বাৰা আক্ৰান্ত হোৱাৰ প্ৰাথমিক লক্ষণবোৰ হ’ল- ছালৰ অস্বাভাৱিকতা, শাৰীৰিক দুৰ্বলতা, দেহ-মনৰ অৱসাদগ্ৰস্ততা, আভোক, ওকালি, বমি, পেট চলা অথবা কোষ্ঠকাঠিন্য। শৰীৰত আৰ্ছেনিকৰ বিষক্ৰিয়া বাঢ়ি গৈ থাকিলে, পিছলৈ অত্যধিক পেট চলা(Diarrhoea), পানী জমা হোৱা(Oedema), ছালত দাগ পৰিলক্ষিত হোৱা, আৰ্ছেনিকেল মেলান’ছিছ আৰু হাইপাৰকেৰাটোছিছ, যকৃতৰ আকাৰ বৃদ্ধি হোৱা, শ্বাস-প্ৰশ্বাসজনিত ৰোগ আদিয়ে দেখা দিয়ে। পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰিলে হাত-ভৰিৰ গৰল লগা আৰু কেন্সাৰ, বিশেষকৈ ছালৰ কেন্সাৰ হ’ব পাৰে।

আৰ্ছেনিকৰ কবলৰপৰা মুক্ত হৈ থকাৰ উপায় -

আৰ্ছেনিক আৰু ফ্ল’ৰাইডমুক্ত পানী লাভৰ বাবে শোধিত পানী যোগান প্ৰকল্প গঢ়ি তুলিব পৰা যায়। আৰ্ছেনিক কবলিত অঞ্চলবোৰত চৰকাৰী পানী যোগান আঁচনিৰ জৰিয়তে পানী যোগান ধৰাটো অত্যন্ত জৰুৰী। আঞ্চলিক ভিত্তিত পানী শোধন কৰি যোগান ধৰাৰো ব্যৱস্থা কৰিব পৰা যায়। ইয়াৰ বাহিৰেও আৰ্ছেনিক কবলৰপৰা হাত সাৰি থকাৰ বাবে ঘৰতে সঠিক পদ্ধতিৰে নিৰ্মাণ কৰা ফিল্টাৰ, সঠিক পদ্ধতিৰে খন্দা আৰু বিশুদ্ধ পানী পোৱাৰ নিশ্চিত থকা কুঁৱাৰ পানী ব্যৱহাৰ কৰিব পাৰি। বৰষুণৰ পানী সংগ্ৰহৰ জৰিয়তেও আৰ্ছেনিকমুক্ত পানী পাব পাৰি। খেতিপথাৰত ফছফেট, ছালফেট আৰু নাইট্ৰেট প্ৰয়োগৰ জৰিয়তে মাটিত আৰ্ছেনিকৰ মাত্ৰা হ্ৰাস কৰিব পৰা যায় আৰু ইয়াৰ ফলত উদ্ভিদত তথা সামগ্ৰিকভাৱে শস্য-চক্ৰত আৰ্ছেনিকৰ প্ৰৱেশ ৰোধ কৰাটো সম্ভৱ হ’ব।

লেখক: অমল ভাগৱতী(দৈনিক অসম)

 

3.05555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top