মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মাহকৰাইৰ পুষ্টি গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাহকৰাইৰ পুষ্টি গুণ :

মাহকৰাইৰ পুষ্টি গুণৰ বিষয়ে লিখা হৈছে ।

 

বাটে বাটে যাওঁ

মাহকৰাই খাওঁ

মোৰ লগত

যিয়ে আহে

তাকো এগাল দিওঁ।

গীতটি কামৰুপীয় জনসমাজত প্ৰচলিত এটি উৎসৱভিত্তিক গীত। আলোচ্য বিষয় মাহকৰাইৰ কেতিয়াৰ পৰা কামৰুপীয় জনসমাজত প্ৰচলিত তাৰ কোনো লিখিত নথি বা ইতিহাস পাবলৈ নাই।

মাথোঁ ক’ব পাৰি, ই ঐতিহাসিক দিনৰ পৰাই প্ৰচলিত এটি উৎসৱ-পাৰ্বণ সম্বন্ধীয় খাদ্য-সম্ভাৰ।

আমাৰ দ্বাৰাই চলোৱা এটি ক্ষেত্ৰভিত্তিক সমীক্ষা মতে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কামৰুপ, গোৱালপাৰা আৰু দৰঙী ৰাজ্যৰ কিছু অংশত বহুলভাৱে প্ৰচলিত ‘মাহকৰাই’ উজনিৰ কিছু কিছু অংশত ‘গোটকৰাই’ নামেৰে এবিধ সম-সাদৃশ্যমূলক খাদ্য-সামগ্ৰী পোৱা যায়। এই দিশটোত এটি পূৰ্ণাংগ আলোচনাৰ প্ৰয়োজন নথকা নহয়।

‘মাহকৰাই’ কে’বাটাও শস্যৰ সমাহাৰ। ‘মাহকৰাই’ বিশেষকৈ দাইল জাতীয় শস্যৰ সমাহাৰ। লগত তিল আৰু চাউলৰ সংযোজন মন কৰিবলগীয়া।

মূলত: গোটা মাহ, মগু, তিল আৰু চাউলৰ স’তে ঠাইভেদে অসমৰ থলুৱা মচুৰ মাহ, কুলঠি কলাই আদি মাহজাতীয় শস্য মিহলোৱা হয়। বুট মাহ আৰু দেশীয় বাদামো মিহলোৱা দেখা যায়।

অধিক সুস্বাদু কৰিবলৈ আদা কুটা, গুৱামুৰি আদিও মিহলোৱা দেখিবলৈ পোৱা যায়। বিশেষ কথাটো হ’ল-এই গোটেইবোৰ শস্য জোখ মতে মিহলাই বিধে বিধে শুকানে ভাজি লৈ শেষত সকলোবোৰ একেলগ কৰি পেলোৱা হয়।

বৰ্তমানলৈ মাহকৰাইত ব্যৱহৃত শস্যৰ কোনো লিখিত তালিকা আৰু জোখ-মাখ দৃষ্টিগোচৰ হোৱা নাই।

এই দিশত মনোনিৱেশ কৰাৰ অৱকাশ থাকি গ’ল। তথাপি ইয়াত শস্যসমূহৰ এখন তালিকা উল্লেখ কৰিলো।

১) ক’লা মাটি মাহ

২) সোণ মগু মাহ

৩) বৰা অথবা তেনে এবিধ চাউল

৪) দেশী বুট মাহ

৫) থলুৱা মচুৰ মাহ

৬) কুলঠী কলাই

৭) দেশী বাদাম

৮) ক’লা তিল

ওপৰঞ্চি আন আন মুখৰোচক সামগ্ৰী মিহলোৱা দেখা যায়।

অনুপাত ঠাইভেদে ভিন্ন ভিন্ন। সেয়ে উনুকিয়াবলৈ সুবি হাজনক নহয়। এই ক্ষেত্ৰতো অধ্যয়নৰ অৱকাশ ৰৈ গ’ল।

প্ৰতিবিধ সামগ্ৰী বেলেগে বেলেগে ভাজি ল’ব লাগিব। প্ৰতিবিধ সামগ্ৰী ধুই পৰিষ্কাৰ কৰি শুকুৱাই, পাৰিলে শুকা তপত বালিত ভাজিব লাগে।

শেষত গোটেইবোৰ শস্য-সামগ্ৰী একেলগে মিহলাই সেমেকিব নোৱাৰা বাচনত থ’ব লাগে।

এনে কৰিলে মাহকৰাই খিনি খোৱাৰ উপযোগী হৈ উঠে। এইখিনিতে এটি কথা বিশেষভাৱে মন কৰিবলগীয়া।

মাহকৰাই যিহেতু কিছুমান শস্যৰ সমাহাৰ, সেয়ে এইবোৰে আমাৰ শৰীৰত ইতিবাচক ক্ৰিয়া আৰম্ভ কৰে।

মাহজাতীয় শস্যবোৰে আমাৰ শৰীৰৰ পৰ্যাপ্ত পৰিমাণৰ -

*কাৰ্বোহাইড্ৰেট,

*পৌষ্টিক উপাদান,

*ডায়েটাৰী ফাইবাৰ,

*খনিজ পদাৰ্থ যোগান ধৰে।

এনে শস্যসমূহ বুজন পৰিমাণৰ-

*ফ’লেট,

*মেংগানিজ,

*মেগনেছিয়াম,

*ভিটামিন-বি৬,

*ৰিব’ফ্লেভিন,

*জিংক,

*কপাৰ,

*চিলেনিয়াম,

*নিয়াচিন,

*ভিটামিন-বি১,

*পেণ্টোথেনিক এচিড,

*ম’লিকডেনাম আদি সহস্ৰবিধ উপাদানেৰে পুষ্ট।

আমাৰ মাহকৰাই আৰু আঠকৰাই সেয়ে হয়তো গ্ৰামাঞ্চলত বহুলভাৱে প্ৰচলিত হৈ আহিছে জ্ঞাতসাৰে হওক বা অজ্ঞাতসাৰেই হওক।

আন এবিধ তৈলশস্যৰ সংযোজনে মাহকৰাই/ আঠকৰাই মাত্ৰা চৰায়। সেইবিধ হ’ল তিল।

তিলৰ উপকাৰিতা -

তিলৰ উপকাৰিতাৰ কথা আমি বেছিভাগ মানুহেই জানো। এতিয়া আমি চাওঁ এই মাইকৰাই/আঠকৰায়ে শৰীৰত কেনে ধৰণে উপকাৰ সাধে।

আমাৰ শৰীৰটোৰ মাংসপেশী আৰু অংগ-প্ৰত্যংগসমূহৰ বিকাশ সাধন হ’বলৈ বিভিন্ন প্ৰকাৰৰ প্ৰ’টিনসমূহৰ প্ৰয়োজন।

এনে প্ৰচুৰ সংখ্যক প্ৰ’টিন মাহকৰাই/আঠকৰাইত সংযোজন কৰা মাহজাতীয় শস্যবোৰত পায়। লক্ষণীয়ভাৱে বুজন পৰিমাণৰ এমাইন এচিড পোৱা যায়।

‘The American Journal of Clinical Nutrition’ নামৰ জাৰ্নালখনত সন্নিৱিষ্ট কিছু গৱেষণা- পত্ৰই উনুকিওৱা মতে এনে শস্যবোৰত বুজন পৰিমাণৰ ডায়েটাৰী ফাইবাৰ থকা হেতুকে মধুমেহত ভোগা ৰোগীয়ে মাহকৰাই/আঠকৰাই খোৱা প্ৰয়োজন।

ইয়াত থকা এনে ফাইবাৰসমূহে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে।

এই শস্যসমূহে হজম শক্তি বৃদ্ধি কৰি কোষ্ঠকাঠিন্যৰ বিজুতি নাশ কৰে। যিহেতু এনে শস্যসমূহত সুস্থ প্ৰ’টিন থাকে আৰু চৰ্বিজাতীয় উপাদান নগণ্য পৰিমাণ থাকে, সেয়ে আমাৰ শৰীৰৰ হৃৎপিণ্ডৰ কাৰ্যপ্ৰণালী সুকলমে সমাধান কৰোৱাত সহায়ক হয়।

লগতে ইয়াত হৃৎপিণ্ডক প্ৰয়োজনীয় আন কিছুমান উপাদান,

যেনে-

*মেগনেছিয়াম,

*পটাছিয়াম আদি থকাৰ বাবে ৰক্তচাপ সমতুল হৈ থাকে।

আন এবিধ উল্লেখযোগ্য উপাদান ফ’লেট। এই উপাদানবিধে নতুন সুস্থ কোষ সৃষ্টিত অৰিহণা যোগায়।

লগতে ই আমাৰ প্ৰজনন প্ৰণালীকো শক্তিশালী কৰি তোলে। মাহকৰাই/আঠকৰাই মাধ্যমেদি এই উপাদানবিধ আমাৰ শৰীৰে আহৰণ কৰে।

২০১২ চনত The Archives Internal Medicine নামৰ গৱেষণা- পত্ৰৰ জাৰ্নালখনত প্ৰকাশ পোৱা এলানি পত্ৰৰ পৰা জানিব পৰা যায় যে মাহকৰাই/ আঠকৰাই সংযোজন হোৱা মাহজাতীয় শস্যবোৰে-

*ৰক্ত শৰ্কৰা,

*কলেষ্টেৰল,

*ট্ৰাইগ্লিচাৰাইড আদিত সুস্থ প্ৰভাৱ বিস্তাৰ কৰে।

Amercian Dietetic Association ৰ বক্তব্যৰ আঁত ধৰি বুজিব পাৰি মাহকৰাই/আঠকৰাই ভক্ষণ কৰিলে মেদবহুলতাৰ বিজুতিও ধীৰে ধীৰে নোহোৱা হ’ব পাৰে।

এই চমু আলোচনাটিৰ পৰা আমি জ্ঞাত হ’লো যে আমাৰ মাহকৰাই/আঠকৰাই নি:সন্দেহে এবিধ উৎকৃষ্ট খাদ্যসম্ভাৰ।

লেখক :- ডা: হীৰেন্দ্ৰ কুমাৰ ভাগৱতী

উৎস :- জি এনআৰ চি স্বাস্থ্য

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top