তিতা,কেহা , জলা, টেঙা খাওকেই বা নাখাওক মিঠা আমাৰ দৈনন্দিন জীৱনত অপৰিহাৰ্য্য বস্তু- যিটো নহলে আমি চলাটোৱেই টান ( বিশেষ ৰোগক বাদ দি) অৱশ্বে আমাৰ দেহ ৰক্ষাৰ বাবে তিতা কেহাৰ লগতে মিঠাৰ প্ৰয়োজন অধিক । বিশেষকৈ কফজনীত প্ৰায় ৫০ বিধ আৰু পিত্ত ,বাতজনীত নানাবিধ ৰোগৰ প্ৰতিৰোধক । মানৱ জীৱনত শিশুকালচোৱা বেচিকৈ কফৰ প্ৰভাৱত
থাকে ,সেয়ে প্ৰাকৃতিক ভাৱেই শিশুসকল চকলেত ,চিনি ,মিঠাফল বা দোকানৰ নানা তৰহৰ মিঠাবস্তুৰ প্ৰতি বেচি আকৃস্ট হয় ।
ভগৱানে জীৱৰ উপকাৰৰ বাবে বিভিন্ন মিঠা দ্ৰব্য , ফল আদি প্ৰকৃতিত সৃষ্টি কৰিছে যদিও ঔষধী হিচাবে মৌজোল শ্ৰেষ্ঠ তাৰ পিচতে সহজলব্ধ কুহিয়াৰ বা ইযাৰ পৰা বনোৱা গুড় ।
হেজাৰ হেজাৰ বছৰ আগৰে পৰা মিঠাবস্তু হিচাৱে মৌৰ বিপৰীতে গুড়কেই ব্যৱহাৰ কৰিছিল । আয়ুৰ্বেদতো গুড়ক ঔষধী হিচাবেই উল্লেখ কৰিছে । ঔষধৰ অনুপানতো মৌৰ পৰিবৰ্তে গুড় ব্যৱহাৰ কৰিব পাৰি ।
গুড়ত থকা ৰসায়ন বা পোষক দ্ৰব্যসমুহ -
ফচফৰচ,কেলচিয়াম, ভিটামিন বি ৬ ,চডিয়াম, জিঙ্ক, আইৰ'ন,কপাৰ,মেগনেচিয়াম,মেঙ্গানীজ,নিয়াচিন, চেলেনিয়াম , পটাচিয়াম, পেন্টোথেলীন এচিড, আদি দেহৰ অতি হিতকাৰী পোষক দ্ৰব্যৰে ভৰপুৰ । প্ৰাচীন কালত এনে গুনকাৰী গুড় দেনন্দিন ব্যৱহাৰৰ বাবেই হবলা ৰোগ ব্যাধিও কম আছিল । কিছু দশক আগলৈকো আমাৰ গাৱে ভুয়ে গুড় মিঠৈৰে চাহ খোৱাৰ প্ৰচলন আছিল । এতিয়া বিহু পৰবৰ বাহিৰে সচৰাসচৰ খোৱা নাযায় ।
চেনিৰ প্ৰচলন –
বৃটিচ সকলৰ আগমৰ পুৰ্বে চেনি কি বস্তু ভাৰতীয় লোকে নিচিনিছিল । চৌখিন আৰু চফা খোৱা ৰঙচুৱা আৰুএঠালেতীয়া গুড়ৰ মোল নুবুজা বৃটিচসকলে মেচিনত চফা আৰু শুকান ৰুপলৈ ৰুপান্তৰিত কৰি চেনিৰ প্ৰচলন কৰায় আৰু তেতিয়াৰ পৰা লাহে লাহে গুড়ৰ ব্যৱহাৰ কমিবলৈ ধৰে ।
গুড় আৰু চেনিৰ গুনাগুন –
আগতেই উল্লেখ কৰা হৈছাে যে গুড়ত যথেষ্ঠ ধৰনৰ দেহৰক্ষাকাৰী পোষক উপাদান থাকে যিবোৰে আমাৰ দেহৰ নানা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় । বিশেষকৈ গুড়ত ফচফৰাচ আৰু কেলচিয়াম অধিক মাত্ৰাত থকাৰ বাবে কফজনীত ৰোগৰ বাবে উপকাৰী । (বিশেষকৈ শিশুৰ বাবে) কৌষ্ঠকাঠিন্য ,বদহজম, এচিদিতি, অম্লপিত্ত, কফ আদি নানা ৰোগৰ বাবে উপকাৰী । গুড়ত এলকালীন বা খাৰকীয় গুন থকাৰ বাবে পেটৰ অপ্ৰয়োজনীয় অম্ল নাশ কৰে , ই নিজে সহজে হজম হয় আৰু আন আহাৰকো হজম কৰায় ।
আনহাতে চেনি একেই কুহিয়াৰৰ পৰা প্ৰস্তুত কৰা হয় যদিও মেচিনত প্ৰছেচিঙৰ ফলত পোষক দ্ৰব্য সমুহ নষ্ট হৈ কিঞ্চিত মাত্ৰাত ২/৪বিধ উপাদানহে অৱশিষ্ট ৰয় যদিও কব নোৱাৰাকৈ চেনিয়ে দিনক দিনে আমাৰ দেহৰ যথেস্থ ক্ষতিসাধন কৰে । চেনিৰ নিজৰ হজম ক্ষমতাও নাই আৰু আন খাদ্যকো হজম কৰাব নোৱাৰে । বৰং পেটৰ অম্লতাহে বঢ়ায় । সেয়ে চেনি বেচিকৈ খালে পেট বেয়া লাগে ।
আজিৰ আধুনিক সভ্য সমাজত গুড়ক বাদ দি চেনি বা চেনিৰ দ্বাৰা প্ৰস্তুত বিভিন খাদ্য সামগ্ৰীৰ ব্যৱহাৰে ল'ৰা ছোৱালী ডেকা বুঢ়া সকলোকে ৰুগীয়া কৰিছে ।
গতিকে বৃটিচে দিয়া গুড় ৰ সলনি চেনিৰ ব্যৱহাৰৰ মৃত্যুমুখী কুবুদ্ধিতো এৰক বন্ধুসকল ॥ অৱশ্বে মই কলেই একেদিনেই চেনি এৰিব নোৱাৰিব । ময়ো পৰা নাই । তথাপি লাহে লাহে মাজে মাজে অলপ অলপকৈতো খাব পাৰো ! নে কি কয় পিছে ৰব ৰব ৰব বন্ধুসকল । বজাৰৰ চকচকীয়া চফা গুড় খাই হিতে বিপৰীতো হব পাৰে । আপুনী জানেনেদোকানৰ চফা গুড় আজিকালি অসাধু ব্যৱসায়ীয়ে বিক্ৰীৰ সুবিধাৰ বাবে গুড় পগাওতে কাপোৰ ধোৱা চৌদা নাইবা সস্তীয়া ডিটাৰজিন পাওডাৰ আদিৰে চফা কৰি বিভিন্ন পচন্দৰ আকাৰত বনায় । তাৰ বাবে কম বেচি পৰিমানে আমি গ্ৰাহকবোৰো দায়ী । এনে পচন্দৰ গুড়ৰ পৰা মিঠা জুতিৰ বাহিৰে একো গুনাগুণ নাপাব । বৰং ক্ষতিহে কৰিব।
সেয়ে বহিঃৰাজ্যৰ পৰা অহা লোভনীয় চফা গুড়তকৈ গাওঁৰ থলুৱা ৰঙচুৱা বা চকলেত ৰঙৰ পৰিস্কাৰ নকৰা গুড়হে উত্তম ।
লেখক: যতীন দাস
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 1/18/2019