মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মুখত দেখা দিয়া ব্ৰণ পৰিষ্কাৰ কেনেকৈ কৰিব?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মুখত দেখা দিয়া ব্ৰণ পৰিষ্কাৰ কেনেকৈ কৰিব?

মুখত দেখা দিয়া ব্ৰণ পৰিষ্কাৰ কেনেকৈ কৰিব? সেই বিষয়ে লিখা হৈছে ।

 

মুখত যেতিয়া ব্ৰণ ওলায়, তেনে অৱস্থাত মুখখন পৰিষ্কাৰ কৰি ৰাখিবলৈ যথেষ্ট অসুবিধা হয়। ব্ৰণবোৰ চফাকৈ ৰখাটোও কঠিন হৈ পৰে। পকি যোৱা ব্ৰণ চফা নকৰিলে দেখাতো বেয়া দেখায়। যধেমধে ব্ৰণ চাফা কৰিবলৈ ল’লে ঠাইবোৰ ৰঙা পৰি উঠে আৰু বিষো হ’ব পাৰে।

ব্ৰণবোৰ ফুটি যোৱাৰো ভয় থাকে। সেইবোৰত সংক্ৰমণ হৈ উখহি আহিব পৰা আৰু তেনেধৰণৰ ব্ৰনৰ পৰা মুখমণ্ডল দেখাত আপচু হ’ব পাৰে। সংক্ৰমণ হ’লে বেছিকৈ ব্ৰণে দেখা দিব পাৰে। এনেধৰণৰ ব্ৰণ বিয়পি পৰা মুখখন কোনেও পছন্দ নকৰে। সেয়ে ব্ৰণ আৰু ব্ৰণেৰে ভৰা মুখখন কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব, তাৰে কিছু দিহা জানি লওঁ আহকচোন।

*ব্ৰণ বা শালমইনাৰে ভৰা মুখখন ধোৱাৰ আগতে আপোনাৰ দীঘল চুলিকোচা টানকৈ চুটি কৰি বান্ধি লওক। যাতে মুখলৈ চুলি নামি আহি চুলিৰ পৰা তেল মুখত নেলাগে। ইয়াৰ পিছত আপোনাৰ হাত দুখন চাবোনেৰে ভালকৈ ধুই লওক। হাত দুখন অপৰিষ্কাৰ হৈ থাকিলে সেই হাতেৰে মুখখন ধুলে হাতৰ পৰা ধূলি আৰু ময়লা ব্ৰণত লাগিব পাৰে আৰু ধূলি আৰু ময়লাৰ সংস্পৰ্শত ব্ৰণবোৰত সংক্ৰমণ হ’ব পাৰে আৰু ব্ৰণ সমগ্ৰ মুখমণ্ডললৈ বিস্তৃত হ’ব পাৰে। এতিয়া গোলাপ জল অলপ লৈ মুখৰ পৰা সম্পূৰ্ণ মেকআপ আঁতৰাই পেলাওক।

*ব্ৰণযুক্ত মুখ পৰিষ্কাৰ কৰিবলৈ সামান্য গৰম পানী ব্যৱহাৰ কৰিব। কুহুমীয়া গৰম পানীৰে মুখ ধুলে ‘ব্লেকহেডছ’(ব্ৰণ শুকাই মূৰবিলাক ক’লা পৰা দাগ) আৰু ‘হোৱাইট হেডছ’ সহজে পৰিষ্কাৰ হয়। এইবাৰ চকু দুটাও ভালদৰে পৰিষ্কাৰ কৰি লওক। চকুযোৰ পৰিষ্কাৰ হৈ থাকিলেআপোনাৰ চেহেৰালৈ এক বেলেগ উজ্জ্বলতা আহে। পিছত নাকটোও পৰিষ্কাৰ হৈ থাকিলে আপোনাৰ চেহেৰালৈ এক বেলেগ উজ্জ্বলতা আহে। পিছত নাকটোও পৰিষ্কাৰ কৰি ধোৱক। নাকৰ পাহিৰ আশে-পাশে বহুত তেল জমা হৈ থাকে। ফলত সেই ঠাইত ব্ৰণ ওলায়।

*ৰাতি শোৱাৰ আগতে সামান্য গৰম গাখীৰত গুড় মিহলাই খাই থাকিলে আপোনাৰ শৰীৰৰ অনিয়ন্ত্ৰিত ওজন নেবাঢ়ে।

*নিয়মীয়াকৈ প্ৰতিদিনে ৰাতি শোৱাৰ আগতে গৰম গাখীৰত গুড় মিহলাই খাই থাকিলে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ সহজতে বাহিৰ ওলাই যাব আৰু লগতে আপোনাৰ পাচন শক্তিও বৃদ্ধি পাব। গুড় খোৱাৰ অভ্যাস কৰিলে উশাহৰ লগত হাওঁফাওঁত প্ৰৱেশ কৰা ধূলি-মাকতিও ওলাই যায়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top