মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মুখৰ ক’লা দাগ, শালমনৰ উপশম :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মুখৰ ক’লা দাগ, শালমনৰ উপশম :

মুখৰ ক’লা দাগ, শালমনৰ উপশমৰ বিষয়ে লিখা হৈছে ।

যৌৱন কালত এই ৰোগ বেছিকৈ (৫০%) হয় কাৰণে আয়ুৰ্বেদিক চিকিৎসক আচাৰ্য চৰকে যৌৱন পীড়িকা বুলি কৈছে। সচৰাচৰ যৌৱন কালত হৰম’নৰ প্ৰভাৱৰ বাবে তেলেতীয়া ছালৰ (Oily skin) মুখত পিম্পলছ উঠে । ছালত থকা তৈল গ্ৰন্থিত (sebaceous gland) চেবাম নামৰ তৈল পদাৰ্থ বেছি উৎপাদন হ’লে অতিৰিক্ত চেবাম বাহিৰলৈ ওলাই আহে । তেতিয়া ধূলি-বালিৰ লগত মিহলি হয় আৰু নোমকূপত (hair follicles) কামোৰ খাই লাগি ধৰে । এনে অৱস্থাত চেবাম নামৰ তৈল পদাৰ্থ তৈলগ্ৰন্থিত সঞ্চিত হয় আৰু ক্ৰমে তৈলগ্ৰন্থি ক’লা পৰি উখহিবলৈ ধৰে । পাছত ইনফেকশ্যনৰ কাৰণে ফোহা ওলাই বিষাবলৈ ধৰে । কিছুমান যুৱক-যুৱতীয়ে নখেৰে ফোহাবোৰ ফুটাই দিয়ে কাৰণে ঘা লাগি মুখখন দেখাত কুৎচিত হয় ।

ইয়াৰ প্ৰতিকাৰ :-

*কুহুমীয়া গৰম পানীত নিমখ মিহলাই দিনে দুই-তিনিবাৰ মুখখন ভালকৈ ধুই পৰিষ্কাৰ কৰি ৰাখিলে পিম্পলছ্ নুঠে । পিম্পলছ হ’লেও সোনকালে ভাল হ’ব ।

*পিম্পলছ নখেৰে নিচিকুটিব ।

*মুখত কিছুদিন ক্ৰীম নাসানিব । ক্ৰীম সানিলে ধূলি-বালি কামোৰ খাই আকৌ পিম্পলছ উঠিব ।

*পকা কল আৰু পকা অমিতা সমানে লৈ ফেনেকি ল’ব । অলপ মৌ মিহলাই ফেচিয়েল কৰিব । নোমকূপ পৰিষ্কাৰ হ’ব আৰু পিম্পলছ সম্পূৰ্ণ ভাল হ’ব , ক’লা দাগ নোহোৱা হ’ব আৰু ছালৰ উজ্জ্বলতা বাঢ়িব । নতুনকৈ পিম্পলছ নুঠে ।

*জায়ফল আৰু জিৰা পিচি লৈ মুখৰ ছালত সানিলে পিম্পলছ নুঠে আৰু উঠিলেও সোনকালে ভাল হয় ।

*ৰঙা চন্দন পিচি লৈ মুখত সানিলে পিম্পলছ ভাল হোৱাৰ উপৰি ক’লা দাগ নোহোৱা হ’ব ।

ফোঁহা উঠি পকিলে তলত দিয়া ঔষধ খাব-

*Saribadyasay-  চাৰি চামুচকৈ দিনে তিনিবাৰ আধা কাপ পানীৰ সৈতে মিলাই আহাৰ খোৱাৰ পাছত খাব ।

*Kaishore gugulu- দুটাকৈ তিনিবাৰ খাব সম্পূৰ্ণ ভাল নোহোৱালৈকে ।

*Himalaya Bleminor ক্ৰীম ৰাতি মুখত সানিব

লেখক :- ডা: মনোজ কুমাৰ শইকীয়া

উৎস:- দৈনিক জনমভূমি ।

3.14285714286
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top