মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মুখৰ কলা দাগ আৰু শালমনৰ ঘৰুৱা উপসম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মুখৰ কলা দাগ আৰু শালমনৰ ঘৰুৱা উপসম

মুখৰ কলা দাগ আৰু শালমনৰ ঘৰুৱা উপসমৰ বিষয়ে লিখা হৈছে ।

শালমন কিয় হয় ?

যৌৱন কালত এই ৰোগ বেছিকৈ (৫০%) হয় কাৰণে আয়ুৰ্বেদিক চিকিৎসক আচাৰ্য্য চৰকে যৌৱন পীড়িকা বুলি কৈছে। সচৰাচৰ যৌৱন কালত হৰমনৰ প্ৰভাৱৰ বাবে তেলেতীয়া ছালৰ (oily skin) মুখত পিম্পলচ উঠে । ছালত থকা তৈল গ্ৰন্থি (sebaceous gland) ত চেবাম নামৰ তৈল পদাৰ্থ বেছি উৎপাদন হলে অতিৰিক্ত চেবাম বাহিৰলৈ ওলাই আহে।তেতিয়া ধূলি-বালিৰ লগত মিহলি হয় আৰু নোমকূপত (hair follicles) কামোৰ খাই লাগি ধৰে । এনে অৱস্থাত চেবাম নামৰ তৈল পদাৰ্থ তৈলগ্ৰন্থিত সঞ্চিত হয় আৰু ক্ৰমে তৈলগ্ৰন্থি ক'লা পৰি উখহিবলৈ ধৰে‌। পিছত ইনফেকচন কাৰণে ফোহা ওলাই আৰু বিষাবলৈ ধৰে। কিছুমান যুৱক-যুৱতীয়ে নখৰে ফোহাবIIোৰ ফুটাই দিয়ে কাৰণে ঘা লাগি মুখখন দেখাত কুৎচিত হয় ।

ইয়াৰ প্ৰতিকাৰ -


(1) কুহুমীয়া গৰম পানীত নিমখ মিহলাই দিনে দুই-তিনিবাৰ মূখখন ভালকৈ ধুই পৰিস্কাৰ কৰি ৰাখিলে পিম্পলচ নুঠে । পিম্পলচ হলেও সোনকালে ভাল হব ।

(2) পিম্পলচ নখৰে নিচিকুতিব ।

(3) মুখত কিছুদিন ক্ৰীম নাসানিব। ক্ৰীম সানিলে ধূলি-বালি কামোৰ খাই আকৌ পিম্পলচ উঠিব ।

(4)পকা কল আৰু পকা অমিতা সমানে লৈ ফেনেকি লব । অলপ মৌ মিহলাই ফেচিয়েল কৰিব। নোমকূপ পৰিস্কাৰ হব আৰু পিম্পলচ সম্পূৰ্ণ ভাল হব ‌, কলা দাগ নোহোৱা হ'ব আৰু ছালৰ উজ্জ্বলতা বাঢ়িব । নতুনকৈ পিম্পলচ নুঠে।

(5) জায়ফল আৰু জিৰা পিচি লৈ মুখৰ ছালত সানিলে পিমপলচ নুঠে আৰু উঠিলেও সোনকালে ভাল হয় ।

(6) ৰঙা চন্দন পিচি লৈ মুখত সানিলে পিম্পলচ ভাল হোৱাৰ উপৰিও ক'লা দাগ নোহোৱা হব ।

ফোহা উঠি পকিলে তলত দিয়া ঔষধ খাব

(7) Saribadyasav- চাৰি চামুচকৈ দিনে তিনিবাৰ আধাকাপ পানীৰ সৈতে মিলাই আহাৰ খোৱাৰ পিছত খাব।

(8) Kaishore gugulu-দুটাকৈ তিনিবাৰ খাব
সম্পূৰ্ণ ভাল নোহোৱালৈকে খাব ।

(9) Himalaya Bleminor ক্ৰীম ৰাতি মুখত সানিব

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

3.23076923077
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top