মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মুখৰ ঘা প্ৰতিৰোধৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মুখৰ ঘা প্ৰতিৰোধৰ উপায়

মুখৰ ঘা প্ৰতিৰোধৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

কেংকাৰ ছ’ৰ হৈছে থোপাথোপাকৈ নাইবা অকলে হোৱা বগা বৰণৰ ৰঙা পৰিসীমাৰে সৈতে কিছুমান ঘা। এই ঘাবিলাকৰ আকাৰ বেলেগ বেলেগ। আলপিনৰ মূৰ এটাৰ পৰা আৰম্ভ কৰি মুদ্ৰা এটাৰ সমান আকাৰৰ হ’ব পাৰে। আৰম্ভণিতে কেংকাৰ ছ’ৰ মুখৰ কোমল মিউকাছ মেমব্ৰেনখনত জলা-পোৰা কৰি আৰম্ভ হয়। লাহে লাহে জ্বলা-পোৰা কৰি থকা ঠাইটুকুৰাত পানীজোলা বান্ধে আৰু ৩-৪ দিনৰ ভিতৰত ই কেঁচা ঘাৰ সৃষ্টি কৰে। কেঁচা ঘা হৈ থকা সময়ছোৱাত ই খুব বিষময় হয়। সময়ৰ গতিৰ লগে লগে বিষ তথা অন্য অসুবিধাবিলাক নাইকিয়া হৈ আহে আৰু ১০ ৰ পৰা ১২ দিনৰ ভিতৰত ঘাটো সম্পূৰ্ণৰুপে শুকাই যায়। এই ঘাবিলাক মুখৰ যিকোনো ঠাইতে হ’ব পাৰে, কিন্তু জিভা, ওঁঠ, দাঁতৰ আলু বা গালৰ ভিতৰফালে সঘনে হোৱা দেখা যায়। কেংকাৰ ছ’ৰ হোৱাৰ আচল কাৰণ এতিয়ালৈকে জনা যোৱা নাই। কিন্তু ইয়াক মুখত থকা বেক্টেৰিয়া বা কোনো ৰাসায়নিক মৌলৰ প্ৰতি আমাৰ শৰীৰৰ বেমাৰ প্ৰতিহত কৰিব পৰা শক্তিৰ প্ৰতিক্ৰিয়া বুলি অভিহিত কৰা হৈছে। এই ছ’ৰবিলাক হোৱাত অৰিহণা যোগোৱা কাৰণবিলাক হৈছে- অস্বাস্থ্যকৰ মুখৰ পৰিবেশ, মানসিক দুশ্চিন্তা, কোনো খাদ্যবস্তুৰ প্ৰতি এলাৰ্জি, খাদ্যপ্ৰাণ ‘খ’ বিশেষকৈ ৰাইব’ফ্লেভিনৰ অভাৱ, কোনো দৰবৰ সেৱন বা অন্য কোনো কাৰণে লালটিৰ পৰিমাণ কমি যোৱা, ভালকৈ খাপ খাই নপৰা কৃত্ৰিমভাৱে তৈয়াৰী দাঁত আৰু এস্পিৰিনজাতীয় কোনো ঔষধ মুখৰ কোমল কলাত স্থানীয়ভাৱে ৰখা ইত্যাদি। এই কেংকাৰ ছ’ৰবিলাক সাধাৰণতে ১০-১২ দিনৰ ভিতৰত সম্পূৰ্ণৰুপে শুকায়। ছ’ৰবিলাক হোৱাত অৰিহণা যোগোৱা কাৰণবিলাক দূৰীকৰণেই হৈছে মূল চিকিৎসা পদ্ধতি। কিছুমান বিষনাশক দৰবযুক্ত মলম স্থানীয়ভাৱে লগাই বিষৰ উপশম পাব পাৰি। জীৱাণুনাশকযুক্ত মুখ কুলকুলি কৰা দৰবৰ ব্যৱহাৰৰ পৰা কিছু ভাল ফল পোৱা পৰিলক্ষিত হয়। কফি, মাছ, মাংসকে আদি কৰি বেছি প্ৰ’টিনজাতীয় খাদ্য কেংকাৰ ছ’ৰ হৈ থাকিলে খাব নালাগে। কেংকাৰ ছ’ৰ হৈ থাকিলে ধূমপান আদি সম্পূৰ্ণৰুপে বৰ্জন কৰা উচিত।

লিউক’প্লেকিয়া -

লিউক’প্লেকিয়া চাৰিওকাষৰ উপৰিভাগতকৈ অলপ ওপৰলৈ উঠি থকা বগা বৰণৰ ঘা। এই ঘা সাধাৰণতে জিভা আৰু গালৰ ভিতৰ অংশত হোৱা দেখা যায়। দীৰ্ঘদিন ধৰি মিউকাছ মেমব্ৰেনত হৈ থকা ৰমৰমণিৰ কাৰণে এই ঘা হয় বুলি চিনাক্ত কৰা হৈছে। প্ৰাকৃতিক বা কৃত্ৰিম দাঁত, ফিলিং আৰু কৃত্ৰিমভাৱে তৈয়াৰী ক্ৰাউনৰ কোনো খহটা অংশৰ লগত মুখৰ নৰম মিউকাছ মেমব্ৰেনখন ঘঁহনি খাই খাই এই ঘাৰ সৃষ্টি হয়। আনকি ধপাত, ধূমপান বিশেষকৈ পাইপৰ ব্যৱহাৰ কৰা উদ্ভৱ হোৱা উত্তপ্ত ধোঁৱাটোৰ পৰা ৰমৰমণি হৈ লিউক’প্লেকিয়াৰ সৃষ্টি হ’ব পাৰে। মুখত বহুত সময় ধৰি ৰাখি থোৱা চাধাৰ পৰাও এই ঘাৰ সৃষ্টি হ’ব পাৰে। এই ঘা প্ৰতিৰোধ কৰাৰ মূল উপায় হৈছে মুখত থকা ৰমৰমণিৰ উৎস দূৰ কৰা। সেয়ে প্ৰাকৃতিক হওক বা কৃত্ৰিম হওক দাঁতৰ খহটা অংশ মিহি কৰি সমান কৰা, ধূমপান, খৈনী আদিৰ বৰ্জনে এজন ব্যক্তিক লিউক’প্লেকিয়াৰ নিচিনা বেমাৰৰ পৰা বচাই ৰাখিব পাৰে। লিউক’প্লেকিয়াক ‘প্ৰি কেন্সাৰাছ কণ্ডিচন’ বুলি চিনাক্ত কৰা হৈছে অৰ্থাৎ এই ৰোগৰ চিকিৎসা হাতত নল’লে বা যিবিলাক কাৰণৰ কাৰণে এই ৰোগ হৈছে, সেইবিলাক দূৰ নকৰিলে ই কেন্সাৰ ৰোগলৈ ৰুপান্তৰ হ’ব পাৰে। বহুতবিলাক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ৩ শতাংশ লিউক’প্লেকিয়া কেন্সাৰলৈ ৰুপান্তৰ হয়।

অ’ৰেল লাইকেন প্লেনাছ-

অ’ৰেল লাইকেন প্লেনাছ গালৰ ভিতৰফাল, জিভা আৰু দাঁতৰ আলুৰ ওপৰত দেখা দিয়া দীৰ্ঘদিনীয়া প্ৰদাহ। সাধাৰণতে এই বেমাৰ দেখাত বগা ৰেখাৰে সৈতে জাল বা লেচৰ নিচিনা। কেতিয়াবা কেতিয়াবা ৰঙা দাগৰ নিচিনা হৈ পানীজোলা উঠে আৰু সময়ত সেইবোৰ ফুটি বিষযুক্ত ঘাৰ সৃষ্টি কৰে। এইবিলাকৰ উপৰি সৰু সৰু বিন্দুৰ নিচিনা বেঙুনীয়া বৰণৰ খজুতি পূৰ্ণ চকলা শৰীৰৰ বিভিন্ন অংশত বিশেষকৈ হাতৰ সৰু গাঁঠিত দেখা পোৱা যায়। বহু সময়ত এই বেমাৰে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে। সেয়ে ৰোগী এজনে প্ৰায়ে গমেই নাপায়। অ’ৰেল লাইকেন প্লেনাছৰ সঠিক কাৰণ জনা নাযায়। কিন্তু কিছুমান স্বীকাৰ্য এলাৰ্জি সৃষ্টি কৰা বস্তুৰ প্ৰতিক্ৰিয়া হিচাপে এই বেমাৰ হোৱা দেখা যায়। সেইবিলাক হৈছে ঔষধ, ৰং আৰু কিছুমান ৰাসায়নিক পদাৰ্থ। ঔষধসমূহৰ ভিতৰত জীৱাণুনাশক ঔষধ, ক্ল’ৰ’কুইন, কুইনিদিন, ক্ল’ৰ’থায়েজাইড ইত্যাদি। মানসিক দুশ্চিন্তা আৰু মছলাযুক্ত বা টেঙা জাতীয় খাদ্যই এই ৰোগৰ উগ্ৰতা বৃদ্ধি কৰা পৰিলক্ষিত হয়। যিহেতু বহুক্ষেত্ৰত এই বেমাৰ বিষমুক্ত আৰু মৃদু প্ৰকৃতিৰ, তেনেক্ষেত্ৰত চিকিৎসাৰ বিশেষ প্ৰয়োজন নাই। এণ্টিহিষ্টামিন আৰু স্থানীয়ভাৱে ষ্টেৰয়ড মলম বা ক্ৰীমৰ প্ৰয়োগ কৰিলে বিৰক্তিপূৰ্ণ খজুৱতি ভাব আৰু প্ৰ্দাহ কম কৰে বুলি জানিব পৰা গৈছে। লগতে ঘা শুকুৱাতো বৰঙণি যোগায়। কোনোধৰণৰ ৰোগ সঞ্চাৰণ নহ’বৰ কাৰণে মুখগহ্বৰৰ সুস্বাস্থ্য বজাই ৰখাটোৱেই হৈছে সবাতোকৈ দৰকাৰী কথা। সাধাৰণতে প্ৰথমবাৰ হওঁতে কিছু সপ্তাহৰ পৰা মাহজুৰি থাকি ভাল হয়, পিচত আকৌ হয়। সম্পূৰ্ণ ভাল হ’বৰ কাৰণে সাধাৰণতে ১৮ মাহপৰ্যন্ত সময় লাগে। লাইকেন প্লেনাছ কেন্সাৰ ৰোগলৈ ৰুপান্তৰ নোহোৱাকৈ ৰাখিবৰ কাৰণে ধপাত, পাণ, সুৰাপানজাতীয় বস্তু বৰ্জন কৰাটো উচিত।

অ’ৰেল থ্ৰাছ-

অ’ৰেল থ্ৰাছ কেনডিডা এলবিকানছ নামৰ কাঠফুলা এটাৰ আক্ৰমণৰ পৰা হয়। ইয়াক অ’ৰেল কেনডিডিয়েছিছ বা অ’ৰেল মনিলিয়েছিছ বুলিও কোৱা হয়। প্ৰায় ৫০ শতাংশ সাধাৰণ মানুহ আৰু কৃত্ৰিম দাঁত পিন্ধা প্ৰতিজন ব্যক্তিৰ মুখগহ্বৰতে কেনডিডা এলবিকানছ নামৰ এই কাঠফুলাটো বাস কৰে, কিন্তু অ’ৰেল থ্ৰাছ সকলোৰে মুখত হোৱা দেখা নাযায়। সাধাৰণ অৱস্থাত কেনডিডাই কোনোধৰণৰ সমস্যাৰ সৃষ্টি নকৰে। কাৰণ প্ৰাকৃতিক বেক্টেৰিয়েল ফ্ল’ৰাই ইহঁতৰ বংশবৃদ্ধি হ’বলৈ নিদিয়ে। কিন্তু কেতিয়াবা কোনো দৰব (যেনে- জীৱাণুনাশক দৰব, কেম’থেৰাপি, কৰ্টিক’ষ্টেৰয়ড) ৰ সেৱন, মানসিক দুশ্চিন্তা বা কোনো অসুখ-বিসুখ (যেনে- বহুমূত্ৰ ৰোগ) ৰ সুবিধা লৈ এই কেনডিডাই বংশ বৃদ্ধি কৰে আৰু অ’ৰেল থ্ৰাছৰ সৃষ্টি কৰে। কৃত্ৰিম দাঁত ব্যৱহাৰ কৰা ব্যক্তিৰ দাঁতযোৰ ভালকৈ খাপ খাই নপৰিলে মুখৰ কোমল আৱৰণীখনত ঘা লাগে, ফলত মুখত বসতি কৰা কেনডিডাই আক্ৰমণ কৰিবলৈ সুবিধা পায়। এনেক্ষেত্ৰত ব্যক্তিজনৰ ওঁঠত শেতা গুলপীয়া বৰণৰ সৰু সৰু দাগ হয়, যাক এংগুলাৰ , কিলাইটিছ বুলি কোৱা হয়। প্ৰকৃততে এংগুলাৰ কিলাইটিছে কেনডিডাৰ দ্বাৰা হোৱা ৰোগ সঞ্চাৰণৰে ইংগিত দিয়ে। অ’ৰেল থ্ৰাছৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব লগা কথাটো হৈছে এই ৰোগৰ সৃষ্টিত বৰঙণি যোগোৱা অৱস্থানসমূহৰ উন্নতিকৰণ আৰু লগতে এই ৰোগ প্ৰতিৰোধৰ ব্যৱস্থাস্বৰুপে নিৰ্দিষ্ট পৰিমাণৰ কাঠফুলানাশক দৰব গ্ৰহণ। কাঠফুলানাশক দৰব অ’ৰেল ছাচপেনছনৰ ৰুপত ব্যৱহাৰ কৰি বেছি ভাল ফল পোৱা দেখা যায়। কাৰণ এনেক্ষেত্ৰত স্থানীয়ভাৱে এই দৰবৰ পৰিমাণৰ বেছিকৈ আশা কৰিব পাৰি। নৱজাত শিশু নাইবা মাকৰ গাখীৰ খাই থকা অৱস্থাত শিশুৰ অ’ৰেল থ্ৰাছ হ’লে মাতৃগৰাকীৰ স্তনৰ নিপ’লত স্থানীয়ভাৱে কাঠফুলা নাশক দৰব প্ৰয়োগ কৰিব লাগে। বটলৰ গাখীৰ খাই থকা শিশুৰ ক্ষেত্ৰত বটলত ব্যৱহৃত নিপ’লটো বদলি কৰাটো নিতান্তই প্ৰয়োজন।

লেখক: ডা: স্বৰ্গজ্যোতি দাস (দেওবৰীয়া সম্ভাৰ )

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top