মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মুখৰ ছালৰ মুকলি লোমকূপবোৰ বন্ধ কৰাৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মুখৰ ছালৰ মুকলি লোমকূপবোৰ বন্ধ কৰাৰ উপায়

মুখৰ ছালৰ মুকলি লোমকূপবোৰ বন্ধ কৰাৰ উপায়ৰ বিষয়ে লিখা হৈছে

প্ৰায় প্ৰতিজন মানুহেই নিজৰ শৰীৰৰ ছালখন কোমল আৰু উজ্জ্বল হৈ থকাটো কামনা কৰে। কিন্তু যদি ছালখনত থকা লোমকূপবিলাকৰ মুখবোৰ ডাঙৰ ডাঙৰকৈ মুকলি হৈ থাকে, তেনেহ’লে মুখৰ চেহেৰা নিৰ্জীৱ হৈ পৰাৰ লগতে সৰু সৰু গাঁতেৰে ভৰা যেন লাগিব। তৈলাক্ত ছালৰ ব্যক্তিৰ এই সমস্যা বেছিকৈ দেখা যায়। বয়স বৃদ্ধিৰ লগে লগে এই ছিদ্ৰবিলাক ক্ৰমে ডাঙৰ হৈ গৈ থাকে। কাৰণ ছালে বয়সৰ লগে লগে ইয়াৰ দৃঢ়তা ক্ৰমে হেৰুৱাই পেলায়, ফলত লোমকূপৰ গঠন দুৰ্বল হৈ আহে। কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি লোমকূপৰ মুখ বহুল হৈ পৰাটো বন্ধ কৰিব পৰা হ’ব। প্ৰকৃততে এই দিহাবিলাক ভালদৰে মানি চলিলে ছালৰ দৃঢ়তা ঘূৰি আহে, ফলত লোমকূপৰ মুখবিলাক ইসৰু হৈ পৰে।

বাহিৰৰ পৰিৱেশত ইমানেই দূষিত দ্ৰব্য ভৰি আছে যে, এইবিলাকৰ সংস্পৰ্শলৈ আহিলে ছালৰ লোমকূপৰ মুখ খুলি যোৱাৰ সমস্যা বৃদ্ধি পায়। বায়ুত মিহলি হৈ থকা প্ৰদূষণ সৃষ্টি কৰা দ্ৰব্য, লেতেৰা ধূলি-বালি, মাটি আৰু কল-কাৰখানা, গাড়ী আদিৰ পৰা নিৰ্গত ধোঁৱাৰ প্ৰভাৱ সাধাৰণতে মুখৰ ছালৰ ওপৰত বেছিকৈ পৰে। ইয়াৰ ফলত মুখমণ্ডলৰ ছালত, ব্ৰণ, ফোঁহা আদি উঠাৰ লগতে ছালখনৰ উজ্জ্বলতাৰ হ্ৰাস পায়, ছালত বয়সৰ চাপ পৰে। এই চুটি প্ৰবন্ধটিত আমি এই সমস্যাটোৰ পৰা ৰক্ষা পোৱাৰ কাৰণে কেইটিমান ঘৰুৱা দিহা দিবলৈ ওলাইছো। এই দিহাবোৰ মানি ‘স্কিন টোনাৰ’ প্ৰস্তুত কৰি মুখখনৰ উজ্জ্বলতা বৃদ্ধি কৰক।

ভিনেগাৰৰ ব্যৱহাৰ:

 

ভিনেগাৰৰ যথেষ্ট পৰিমাণে এচেটিক এচিড থাকে। কিন্তু ভিনেগাৰ ব্যৱহাৰ কৰাটো আমাৰ ছালৰ কাৰণে বৰ বেছি উপকাৰী নহয়। অৱশ্যে ভিনেগাৰে আমাৰ শৰীৰৰ পি.এইচ.ৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। বাহিৰৰ পৰিৱেশত থকা ধূলি-বালি, মাটি আৰু প্ৰদূষিত ধোঁৱাৰ কাৰণে মুখমণ্ডলৰ ছালখন অপৰিষ্কাৰ হয় আৰু তেনে ছালত বেক্টেৰিয়াই বাহ ল’ব পাৰে। এনে অৱস্থাত ভিনেগাৰৰ ব্যৱহাৰে এই সমস্যাৰ পৰা মুক্তি দিব পাৰে। প্ৰদূষিত পৰিৱেশত মুখমণ্ডলৰ ছালত বেক্টেৰিয়াৰ সংক্ৰমণ হ’লে ভিনেগাৰৰ ব্যৱহাৰ অতি ফলপ্ৰসূ উপায় বুলি জনা গৈছে। ভিনেগাৰে ‘এষ্ট্ৰ্তিনজেন্ট’ৰ কাম কৰে। এষ্ট্ৰিনজেন্টে জৈৱিক কলাৰ সংকোচন ঘটাব পাৰে। মুকলি হৈ থকা লোমকূপ, ব্লেকহেডছ, হোৱাইটহেডছ, ব্ৰণ আদিৰ সমস্যাৰ পৰাও ভিনেগাৰে ফলপ্ৰসূভাৱে ৰেহাই দিব পাৰে।

মুখমণ্ডল ভালদৰে পৰিষ্কাৰ কৰিব:

 

প্ৰতিদিনে মুখমণ্ডল ভালদৰে পৰিষ্কাৰ কৰিব। প্ৰকৃতৰে ধূলি-বালি-তেল আৰু বেক্টেৰিয়াৰ কাৰণে লোমকূপবিলাক বহল হৈ পৰেত। দিনে পুৱা আৰু ধূলি দুবাৰকৈ ক্লিনজাৰ ব্যৱহাৰ কৰি মুখখন পৰিষ্কাৰ কৰিব। প্ৰসৱৰ পিছত পেটত ৰৈ যোৱা দীঘলীয়া দাগবোৰ(ষ্ট্ৰেচ মাৰ্ক) এই ঘৰুৱা ইউপায়েৰে আঁতৰাই পেলাওক।

এটা কণী ভাঙি তাৰ বগা বিজলুৱা অংশ ভালদৰে ফেটি লওক আৰু মুখমণ্ডল তথা শৰীৰৰ ছাল ঢিলা হৈ ওলমি বা কোচ খাই পৰা অংশত ব্যৱহাৰ কৰিলে ছালখন ‘টোন’ কৰি সংকুচিত কৰি আনিব।

প্ৰণালী:

 

এটা কাঁচ বা চীনা মাটিৰ বাটিত কণীৰ বগা বিজলুৱা অংশটো উলিয়াই তাৰ লগত এটা গোল নেমুৰ আধা ভাগ চেপি ৰস উলিয়াই মিহলাই লওক। এই মিশ্ৰণটো মাস্কৰ দৰে ১৫ মিনিট সময় মুখমণ্ডলত সানি লওক। পিছত পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাওক। বেচন, নেমু আৰু দৈ সংগ্ৰহ কৰি লওক। বেচনত নেমুৰ ৰস, গোলাপজল বা দৈ মিহলি কৰক আৰু এই মিশ্ৰণৰ পেষ্ট মাস্কৰ দৰে মুখমণ্ডলত সানি ৰাখক আৰু শুকাই গ’লে পৰিষ্কাৰ পানীৰে ধুই পেলাওক।

আইচ কিউবৰ ব্যৱহাৰ:

 

লোমকূপৰ আকাৰ ডাঙৰ হৈ গ’লে আপুনি মুখমণ্ডলত আইচ কিউব(বৰফৰ চাৰিকোণীয়া টুকুৰা) ব্যৱহাৰ কৰিব পাৰে। মুখমণ্ডলত ‘আইচ কিউব’ সানিলেও বহল লোমকূপৰবোৰৰ মুখ বনুধ হৈ পৰে। পিছলৈ ছাললৈ এক উজ্জ্বলতা আহে। পিছে মনত ৰাখিব, আইচ কিউব মাত্ৰ ১৫ৰ পৰা ২০ ছেকেণ্ড সময়হে লগাব। শোৱাৰ আগে আগে মুখত আইচ কিউব লগোৱাটো আটাইতকৈ ভাল ব্যৱস্থা।

টমেটো পেক(বিলাহীৰ পেক):

 

পকা বিলাহী এটা কাটি তাৰ ৰস চেপি উলিয়াই লওক। এই ৰসত এটুকুৰা কপাহ জুবুৰিয়াই মুখমণ্ডলত সানক। লগে লগে হাতেৰে মুখমণ্ডল পাতলকৈ মালিচ কৰক। এই ৰস মুখমণ্ডলত বিছ মিনিট সময় লগাই ৰখাৰ পিছত মুখখন ধুই পেলাওক। এই ব্যৱস্থাৰে মুখমণ্ডলৰ ঢিলা হৈ পৰা ছালখন টনটনীয়া হৈ পৰিব। বিলাহীৰ শাহখিনিত এচামুচ চন্দনৰ গুড়ি আৰু এচামুচ লেমনৰ গুড়ি মিহলাই মুখমণ্ডলত সানি থওকি। শুকাই গ’লে মুখমণ্ডল পৰিষ্কাৰ পানীৰে ধুই পেলাওক। লোমকূপৰ মুখ বহল হৈ মুখখন দেখাত অশুৱনি হোৱাৰ পৰা এই উপায়বিলাকে আপোনাক ৰক্ষা কৰিব।

মাত্ৰ তিনি দিনত আপোনাৰ মুখৰ্ ৰং বগা কৰিব পাৰে:


আজিকালি য’তে ত’তে বহুসংখ্যক সুন্দৰ ৰঙা-বগা অতি সুগঢ়ী মানুহ দেখা পোৱা যায়। কিন্তু সকলো সুন্দৰ মুখৰ অধিকাৰী লোকৰ গাৰ বৰণ কিছু পৰিমাণে ক’লা হোৱাৰ বাবে তেওঁলোকৰ মুখৰ সৌন্দৰ্য সততে চকুত নপৰে। যিকোনো স্বাস্থ্যবান পুৰুষ অথবা মহিলাৰ সৌন্দৰ্য গাৰ বৰণটোৱে যৎসামান্য হ’লেও ম্লান কৰি পেলায়। আজি আপোনালোকক গাৰ বৰণ বগা কৰাৰ কেইটিমান ঘৰুৱা দিহা দিবলৈ ওলাইছো। আপোনালোকে এই দিহাবোৰ যত্ন সহকাৰে মানি চলিবলৈ যত্ন কৰিলে নিশ্চয় গাৰ বৰণ সম্পৰ্কীয় সমস্যাৰ পৰা অতি সোনকালে ৰক্ষা পৰিব আৰু আপোনাৰ শৰীৰ তথা মুখমণ্ডলৰ স্বাভাৱিক সৌন্দৰ্য সকলোৰে চকুত লগা হৈ উঠিব।

আমাৰ ছালৰ বৰণ কিয় ক’লা হয়:

 

আমাৰ ছালৰ বৰণ কিয় ক’লা হয়, এই প্ৰশ্নৰ উত্তৰ একে আষাৰতে দিয়াটো বৰ সহজ নহয়। এই প্ৰশ্নৰ ভালেমান উত্তৰ হ’ব পাৰে যদিও ছালখনৰ বৰণ ক’লা হোৱাৰ অন্যতম প্ৰধান কাৰণ হ’ল- আমি নিজৰ শৰীৰৰ সৌন্দৰ্যৰ প্ৰতি বৰ বেছি মনোযোগ নিদিওঁ। সৰুৰে পৰা ছালৰ যতন লৈ থাকিলে ছালখন কেতিয়াও বৰকৈ ক’লা নপৰে বা জন্মগতভাৱে ক’লা হ’লেও ছালৰ উজ্জ্বলতা, মসৃণতা বা কোমলতা কেতিয়াও হ্ৰাস নহয়। চেহেৰা ক’লা হোৱাৰ বহুতো উদাহৰণ আছে। ছালখন ক’লা হোৱাৰ বহুতো কাৰকৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হ’ল- পৰিৱেশত থকা ধূলি-বালি, মাটি আৰু প্ৰদূষিত দ্ৰব্যৰ পোনপটীয়া সংস্পৰ্শ। তাৰোপৰি, চেহেৰাৰ বৰণ ক’লা হোৱাৰ আন এটি কাৰণ হ’ল- বেছি সময় ধৰি ৰ’দত থকাটো। কামতে হওক বা বিনা কামতে হওক ৰ’দত বেছি সময় ধৰি ৰাখিলে ৰ’দ পৰা অংশ সোনকালেই ক’লা পৰিব পাৰে। ইয়াৰ উপৰি ধূলি, মাটিৰ সংস্পৰ্শয়ো আমাৰ ছালখন ক’লা কৰি পেলাব পাৰে। ধূলি আৰু মাটিৰ গুড়ি বতাহত উৰি আহি আমাৰ শৰীৰৰ ওলাই থকা অংশবিলাকত মলি জমা হৈ ক’লা কৰি পেলাব পাৰে। নহ’লেবা দীৰ্ঘদিন নাতিশীতোষ্ণ অঞ্চলত থাকি হঠাতে যদি গ্ৰীষ্ম প্ৰধান অঞ্চলত গৈ থাকিব লগা হয়, তেতিয়াও আমাৰ ছালখন ক’লা পৰিব পাৰে। এনেকুৱা বহুতো কাৰণ আছে- যিবিলাক কাৰণত আমাৰ ছালখন ক’লা পৰে।

কিন্তু আমি অলপ সচেতন হৈ ছালখনৰ যত্ন ল’লে পাৰু ক’লা পৰাৰ কাৰণবিলাকৰ পৰা নিজকে আঁতৰাই ৰাখিলে ছালখনৰ বৰণ বগা হৈ থাকিব। গ্ৰীষ্ম অঞ্চলত থকা লোকেও ছালখন উজ্জ্বল বগা বৰণৰ কৰি ৰাখিব পাৰে। আজি তাৰে কেইটিমান দিহা আপোনালোকলৈ আগবঢ়াইছো। ছালখনৰ পৰা ক’লা বৰণ আঁতৰোৱাৰ এই দিহাবোৰ নিতান্তই সহজ আৰু কম খৰচী। ইয়াৰ বাবে ব্যৱহাৰ কৰিব লগা উপকৰণবোৰো ঘৰুৱাভাৱে সংগ্ৰহ কৰিব পাৰি।

উপায়বোৰ:

 

নেমুৰ ব্যৱহাৰ:

এই ব্যৱস্থাৰ বাবে আপুনি এটা নেমু(পৰাপক্ষত এটা গোল নেমু) সংগ্ৰহ কৰি লওক। নেমুটো মাজতে দুফাল কৰি কাটি লওক আৰু কটা ফালে অলপমান নিমখ লগাই লওক। নিমখ লগোৱাৰ পিছত নেমুডোখৰ দহ মিনিট সময় ৰ’দত ৰাখক। এইখিনি সময়ৰ ভিতৰতে আপুনি নিজৰ মুখখন ভালদৰে পৰিষ্কাৰ কৰি ধোৱক। এতিয়া নিমখ লগোৱা নেমুডোখৰ ৰ’দৰ পৰা আনি আপোনাৰ মুখমণ্ডল আৰু শৰীৰৰ ওলাই থকা ক’লা পৰা অংশবোৰত ঘঁহি ঘঁহি লগাওক। নেমু ডোখৰ ঘঁহি দিয়াৰ পিছত আপুনি লক্ষ্য কৰিব, আপোনাৰ মুখৰ ৰং ভালেখিনি পৰিৱৰ্তন হৈছে। কাৰণ নেমুৰ ৰস আৰু নিমখে আমাৰ শৰীৰৰ ছালত লাগি থকা মলি শুহি পৰিষ্কাৰ কৰি তোলে। নেমুৰ ৰস মুখৰ পৰা শুকাই যোৱাৰ পিছত মুখখন পৰিষ্কাৰ পানীৰে ধুই পেলাওক।

এই ব্যৱস্থাটো আপুনি দিনটোৰ পুৱা আৰু গধূলি, মুঠ দুবাৰ কৰিব লাগিব। পুৱা সোনকালে শুই উঠি আপুনি মুখত লগাব পৰাকৈ নেমু এডোখৰ সাজু কৰি ল’ব আৰু ইয়াত দিয়া উপায়মতে মুখমণ্ডল পৰিষ্কাৰ কৰিব। গধূলি পুনৰ সেই একে ব্যৱস্থা কৰিব।

যদি এই দিহা আপুনি একেৰাহে দহ দিন ধৰি কৰি থাকে, তেনেহ’লে আপোনাৰ চেহেৰা বগা হোৱাটো চকুত পৰিবই। নিমখ মিহলি নেমুৰ ব্যৱহাৰ কৰিলে ইয়াৰ ফলাফল মাত্ৰ দুদিনতে দেখিবলৈ পাব। তৃতীয় দিনা আপোনাৰ মুখমণ্ডল সঁচাকৈ সামান্য পোহৰ হোৱা যেন অনুভৱ কৰিব। নিয়মবোৰ বেছি আগতীয়াকৈ পালন কৰি ভুল কৰিব নেপেলাব। ভুল কৰিলে ইয়াৰ সঠিক ফলাফল নেপাব পাৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(অলকানন্দ)

3.06451612903
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top