মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মুখৰ দুৰ্গন্ধ কিয় হয় আৰু কেনেকৈ আঁতৰাব?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মুখৰ দুৰ্গন্ধ কিয় হয় আৰু কেনেকৈ আঁতৰাব?

মুখৰ দুৰ্গন্ধ কিয় হয় আৰু কেনেকৈ আঁতৰাব? সেই বিষয়ে লিখা হৈছে ।

 

পৃথিৱীৰ প্ৰায়ভাগ মানুহকে সততে আমনি কৰা এটি সমস্যা হ'ল মুখৰ দুৰ্গন্ধ।আটাইতকৈ ডাঙৰ সমস্যা তেতিয়া হয় যেতিয়া এই বিষয়ে আপুনি জ্ঞাত নহয় আৰু আপোনাৰ কথোপকথনত সততে ওচৰৰ ব্যক্তিয়ে আমনি পায় আৰু আপোনাৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হয়। কিন্তু সমস্যা তেতিয়া সৃষ্টি হয় যেতিয়া সেই ব্যক্তিজন আপোনাৰ বছ হয়, শিক্ষক হয় নতুবা আন কোনো আমোলা হয়।আপুনি মুখত ৰুমালো লগ নোৱাৰে। কি যে এক আশান্তিকৰ পৰিবেশৰ সৃষ্টি হয় তাক বুজাই কোৱা টান। নিশ্চয় এই কথাখিনিত আপুনিও মোৰ লগত সহমত ব্যক্ত কৰিব।

মুখ গোন্ধই কিয়?

আমি এৰা নিশাহত বায়ুৰ সৈতে মুখৰ ভিতৰৰ দুৰ্গন্ধ মিহলি হৈ ওলাই আহে।মুখেৰে এৰা বায়ু হাওঁফাওঁৰ পৰা বাঁহীৰ হয় যদিও কিছু পৰিমানে আমাৰ পেটৰ পৰাও খাদ্য নলীৰে পেটৰ বায়ুও কেতিয়াবা ওলাই আহে। ইয়াৰ মুখ্য কাৰণ সমূহ হ'ল এনে ধৰণৰ:

১)মুখ গহ্বৰৰ সংক্ৰমণ আমাৰ মুখৰ ভিতৰ অংশৰ যিকোনো স্থানত বীজাণুৰ দ্বাৰা সংক্ৰমণ হলে মুখৰ পৰা দুৰ্গন্ধ ওলায়।

২)খোৱা খাদ্য দাঁতৰ ফাকত লাগি থাকিলে খাদ্য সমূহ পঁচিবলৈ ধৰে আৰু বীজাণুৰ দ্বাৰা সংক্ৰমিত হোৱাৰ ফলত দুৰ্গন্ধ নিৰ্গত হয়।

৩)মুখ গহ্বৰৰ আন এক গুৰুত্বপূৰ্ণ অংশ হৈছে বাহীৰৰ নাসাৰন্ধ্ৰৰ পৰা মুখগহ্বৰলৈ সংযোগী পথ।মুখগহ্বৰৰ লগত সংলগ্ন অংশক naso pharynx বুলি কোৱা হয়। নাকৰ পচ্ছাদ এই অংশৰ সংক্ৰমণ হলেও মুখ গোন্ধব পাৰে।

৪)টনছিলৰ বাৰাম্বাৰ সংক্ৰমণ যাক ক্ৰনিক টনছিলাইতিজ বুলি জনা যায় তথা ডিঙিৰ সংক্ৰমণ যাক ফেৰিনজাইতিজ বুলি কোৱা হয় ,এনেবোৰ কাৰণটো মুখ গোন্ধাব পাৰে।

৪)দাঁতৰ সংক্ৰমণ বা দাঁত পোকে খোৱা ৰোগটো মুখৰ দুৰ্গন্ধ হব পাৰে।

৫)যিসকল ৰোগীৰ পেটৰ সমস্যা যেনে এচিডিটি, বুকু জ্বলা পোৰা কৰা,হজম শক্তিৰ দুৰ্বলতা আদি ৰোগটো মুখৰ দুৰ্গন্ধ হব পাৰে।আমাৰ পেটত থকা খাদ্য সমূহৰ পৰিপাক প্ৰক্ৰিয়াত প্ৰাদুৰ্ভাৱ হোৱা গেছৰ পৰা নিৰ্গত গোন্ধ সাধাৰণতে খাদ্য নলীত প্ৰৱেশ নকৰে।কিন্তু বহুদিনলৈ এচিডিটি বা গেষ্ট্ৰিক ৰোগত ভূগিলে খাদ্য নলীৰ পাকস্থলীৰ লগত সংলগ্ন কপাতৰ(lower esophageal spincture) দুৰ্বলতাৰ ফলত পেটৰ গেছ বাহীৰলৈ নিৰ্গত হয়।যিহেতু খাদ্যৰ পৰিপাক প্ৰক্ৰিয়া প্ৰাকৃত নহয় সেয়েহে ইয়াৰ পৰা দুৰ্গন্ধিত গেছৰ প্ৰাদুৰ্ভাৱ হয় আৰু নিশাহত বাহীৰলৈ নিৰ্গত হয়।

৬)বুকুৰ ভিতৰৰ যিকোনো সংক্ৰমিত ৰোগ যেনে এজমা, ব্ৰংকাইতিজ, যক্ষ্মা ৰোগ আদিটো মুখ গোন্ধাব পাৰে।

৭)কেতবোৰ ঔষধিৰ ফলটো মুখ গোন্ধাব পাৰে যদিও ঔষধি অনুসৰি গোন্ধ ভিন্ন হব।

৮)কেতবোৰ ৰোগ যেনে ডায়েবেটিজ আদিটো মুখৰ পৰা মিঠা গোন্ধ বাঁহীৰ হব পাৰে।

কেনেকৈ জানিব আপোনাৰ মুখ গোন্ধই বুলি?

মই আগতেই উল্লেখ কৰিছোঁ যে আপোনাৰ মুখ গোন্ধোলেও আপুনি বেয়া পাব বুলি অন্যই আপোনাক কব টান পায়।সেয়েহে আপুনি নিজেই পৰীক্ষা কৰি চাব পাৰে।মুখৰ সন্মুখত হাত এখন ৰাখি দীঘলকৈ উশাহ এৰি গোন্ধ শুঙিবলৈ চেষ্টা কৰক। এনেকৈ জানিব পাৰি মুখৰ দুৰ্গন্ধৰ বিষয়ে।

অন্যৰ মুখ গোন্ধোলে আপুনি কি কৰিব?

ব্যক্তি জনক অকলশৰীয়া কৈ মাতি নি এই বিষয়ে বিনম্ৰ ভাৱে জনাই দিব।আৰু যদি আপোনাক কোনোবাই এই দৰে কয় আপুনি তেখেতক ধন্যবাদ নিশ্চয় জনাব আৰু তেখেতক বেয়া নাপাব।

সমজুৱা স্থানত হঠাৎ গম পালে কি কৰিব?

আপুনি নিচেই ওচৰৰ পৰা কাৰো সৈতে কথা নাপাতিব।মুখখন ভালদৰে ধুই লব।আৰু যদি কোনো সকামত থাকে তেন্তে অকণমান পান চোবাই থাকিব।

পৰিত্ৰাণৰ উপায় -

১)প্ৰথমে চিকিৎসৰ পৰামর্শ লৈ কাৰণটো জানি লোৱা দৰকাৰ।

২)সংক্ৰমিত দাঁত থাকিলে চিকিৎসকৰ পৰামৰ্শ মতে উভালি দিব।

৩)নিতৌ দুবাৰকৈ ৰাতিপুৱা শুই উঠি আৰু ৰাতি শুৱৰ সময়ত কোমল ব্ৰাছেৰে ব্রাছ কৰিব। ব্রাছ কৰোতে মনোযোগ দিব যাতে দাঁতৰ ফাঁকত খাদ্য ফচি নাথাকে।

৪)খাদ্য খোৱাৰ পিছত ফালদৰে মুখখন চাফা কৰিব।প্ৰতিবাৰ খাদ্য খাই(চাহ খালেও)চাফা পানীৰে মুখখন কুলি কুলি কৰিব।

৫)বজাৰত উপলব্ধ যি কোনো মাউঠ ৱাছৰে মুখ খন চাফা কৰিলে বীজাণু নোহোৱা হয়। একো নাপালে কুহুমীয়া নিমখ পানীৰেও কুলি কুলি কৰিব পাৰে।

৬)ঘৰতে মুখ পৰিষ্কাৰ কৰা ঔষধ বনাই লব পাৰে।উদাহৰণ স্বৰূপে-

*বকুল গছৰ ছালৰে চাহৰ দৰে বনাই ব্যৱহাৰ কৰিব পাৰে।

*তুলসীৰ গুটি,পাত আৰু কাণ্ড মিহলাই ব্যৱহাৰ কৰিব পাৰে।

*নিম তিতাৰ পাত বা ছালেৰে ও চাহৰ দৰে বনাব পাৰে।

ইয়াৰোপৰি অন্যান্য বহুতো বনৌষধিৰ ব্যৱহাৰ আয়ুৰ্বেদিকত উপলব্ধ।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং-8638211711

 

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top