অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মূৰৰ বিষ :

মূৰৰ বিষ :

 

মুৰৰ বিষ(migraine) অতিকে আমনিদায়ক। ইয়াৰ ফলত কোনো কাম মানযোগেৰে কৰিব নোৱাৰি। আধুনিক জীৱন শৈলীত প্ৰায় সকলো লোককে মুৰৰ বিষত ভোগা দেখা যায়। কেতিয়াবা ইয়াক টেনশ্যন হেডেক বুলিও কোৱা হয়। মুৰবিষৰ কাৰণ বহুতো, তাৰ ভিতৰত কিছুমান কাৰণ তলত উল্লেখ কৰা ধৰণৰ-

১) টোপনি আধৰুৱা হলে। ৰাতি সোনকালে শুই ব্ৰহ্মপুৱাত বিচনাৰ পৰা উঠা অভ্যাস কৰিব লাগে।প্ৰাপ্তবয়স্ক মানুহ এজনৰ কাৰণে দৈনিক ৮ ঘন্টা শোৱাতো জৰুৰী।

২) শৰীৰত পানীৰ পৰিমাণ কমি গলে( dehydration)।

৩) চকুৰ যিকোনো সমস্যা।

৪) চাইনাচাইটিছ।

৫) এচিডিটি, বদহজম ইত্যাদি।

৬) বহু সময় ধৰি ভোকত থাকিলে।

৭) মানসিক চাপ, অতিমাত্ৰা চিন্তা।

৮) অতিমাত্ৰা মদ্যপান বা ৰাগীয়াল দ্ৰব্য সেৱন ইত্যাদি।

মুৰ বিষ নিৰাময়ৰ কাৰণে তলত উল্লেখ কৰা বিধান সমূহ প্ৰয়োগ কৰি চাব পাৰে-

১) শোৱা সময়ত সদাই মুৰত মালিচ কৰিব।

২) যথেষ্ঠ পৰিমাণে পানী সেৱন কৰক। দিনত কমেও দুই তিনি লিতাৰ কে।

৩) ফিকা চাহৰ লগত তুলসী পাত মিলাই খাব পাৰে।

৪) কপালত লং পাউদাৰৰ লেপন ললে মুৰৰ বিষৰ পৰা সহজে আৰাম পোৱা যায়।

৫) আপেল সৰু সৰু টুকুৰাকে কাটি নিমখৰ লগত মিলাই ৰাতিপুৱা ৰাতিপুৱা খাওঁক।

৬) চাহ খোৱাতো কমাই দিয়ক। চাহত থকা কেফেইন মুৰৰ বিষৰ কাৰণে অনিষ্ঠকাৰী।

৭) গৰম গাখীৰ মুৰৰ বিষত লাভদায়ক।

৮) নিমু পানী খাব যথেষ্ট পৰিমানে।

৯) যোগ, প্ৰণায়ম নিয়মিতভাৱে কৰিব লাগে।

১০) কুহুমীয়া নাৰিকল তেলেৰে মুৰত মালিচ কৰিব।

 

লেখক: ডাঃ অলকেশ মজুমদাৰ।

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: ৯৪৩৫০১৭৯৬৮

 

 

 

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top