মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মূৰৰ বিষ মাইগ্ৰেইন আৰু আয়ুৰ্বেদিক প্ৰতিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মূৰৰ বিষ মাইগ্ৰেইন আৰু আয়ুৰ্বেদিক প্ৰতিকাৰ

মূৰৰ বিষ মাইগ্ৰেইন আৰু আয়ুৰ্বেদিক প্ৰতিকাৰৰ বিষয়ে লিখা হৈছে ।

আমাৰ মাজৰ গৰিষ্ঠ সংখ্যক লোকৰেই কম বেছি পৰিমানে মূৰৰ বিষত ভোগাৰ অভিজ্ঞতা আছে। আমনিদায়ক এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰায়ে বহুতে বিষনাশক ঔষধ সেৱন কৰা দেখা যায়।

আৰু এটা সময়ত এনে অভ্যাসে জীৱনলৈ বহু বিপদ মাতি অনাৰ সম্ভাৱনা থাকে। সাধাৰণ নাইবা কিছুমান গুৰুতৰ কাৰণৰ বাবে মূৰৰ বিষ অনুভৱ হব পাৰে।

গতিকে সঘনাই এনে বিষে আমনি কৰি থাকিলে তাক উলাই নকৰি আমি কি কৰা উচিত তাকেই সংক্ষিপ্ত ভাৱে এই লিখনিত আলোচনা কৰিব বিচৰা হৈছে।

সাধাৰণ ভাষাত মূৰৰ বিষ মানে হল মূৰৰ যিকোনো ফালে( কপাল, পিছফাল, সোঁ বা বাওঁ দুয়ো কাষে বা ওপৰৰ মাজ অংশত),চকু, ডিঙিৰ পিছ অংশ আদিত কম বা বেছি পৰিমানে অনুভৱ হোৱা বিষ। এনে ধৰণৰ বিষ হঠাৎ নাইবা বহুদিনৰ পৰা লাহে লাহে অনুভৱ হব পাৰে।

মূৰত গধুৰ বস্তুৰে আঘাত কৰাৰ দৰে বিষোৱা বা খুব জোৰকৈ চেপা মাৰি ধৰাৰ দৰে অনুভৱ হোৱা, ধপঢপনি অনুভৱ হোৱা আদি বিভিন্ন ধৰণৰ বিষ অনুভৱ হয়।

মূৰৰ বিষ এটা এনেকুৱা লক্ষণ যিয়ে শৰীৰত হব পৰা বিভিন্ন ৰোগৰ বিষয়ে সচেতন হবলৈ সংকেত দিয়ে।

  • উচ্চ ৰক্তচাপ,
  • নিদ্ৰাহীনতা,
  • চকুৰ বিভিন্ন সমস্যা,
  • চাইনাচাইটিছ,
  • ৰক্তাল্পতা,
  • কৌষ্ঠ কাঠিন্যতা,
  • পেটত গেছ হোৱা,
  • ভোক লগা,
  • মানসিক চাপ,
  • কম বা বেছি পোহৰত পঢ়া শুনা কৰা,
  • অত্যধিক কামকৰা,
  • উচ্চ শব্দৰ গান আদি শুনা আদি বিভিন্ন কাৰণত মূৰৰ বিষ হব পাৰে।

আয়ুৰ্বেদত মূৰৰ বিষক "শিৰশূল" বুলি কোৱা হৈছে। আয়ুৰ্বেদৰ মতে প্ৰধানকৈ বাত দোষ দূষিত হৈ আন দোষ(কফ আৰু পিত্ত) সমূহৰ সৈতে মিলি মূৰ(শিৰ) অংশত জমা হয় আৰু সেই ঠাইত বিষ উৎপন্ন কৰে।

আধুনিক চিকিৎসা বিজ্ঞানত কেৱল স্নায়ুতন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰা বিভিন্ন কাৰণৰ পৰা উৎপন্ন হোৱা মূৰৰ বিষৰ ৰোগী সততে দেখা যায়।

কাৰণ -

প্ৰধানকৈ দুটা কাৰণত এই ৰোগ হোৱা দেখা যায়।

সেয়া হৈছে-

মূৰত থকা বিষ সংবেদনশীল অংশ(pain sensitive structures), যেনে-

  • শিৰা,
  • ধমনী,
  • মাংসপেশী,
  • স্নায়ু আদিত হোৱা কোনো অসুবিধা বা ৰোগ অথবা এইবোৰৰ অতি সক্ৰিয়তাৰ বাবে মূৰৰ বিষ অনুভৱ হয় (প্ৰাইমেৰী হেডেক)।

কেতিয়াবা মগজুৰ ভিতৰত হৈ থকা স্বাভাৱিক ৰাসায়নিক কাৰ্য প্ৰণালীত হোৱা পৰিবৰ্তনৰ(changes in chemical activity in brain) ফলতো এনে ধৰণৰ বিষ হব পাৰে।

এনে শ্ৰেণীৰ মূৰৰ বিষৰ ভিতৰত-

  • মাইগ্ৰেইন(migraine),
  • ক্লাষ্টাৰ হেডেক(cluster headaches),
  • টেনশ্যন হেডেক(tension headache) আদি অন্তৰ্ভুক্ত কৰা হৈছে।

আয়ৰ্বেদত বৰ্ণিত "অৰ্ধাৱভেদক" ৰোগৰ মাইগ্ৰেইনৰ লগত যথেষ্ট সাদৃশ্য আছে।

  • অতিমাত্ৰা মদ্যপান কৰা,
  • চিগাৰেট আদি সেৱন কৰা,
  • আধাৰণীয় বেগ ধাৰণ কৰা,
  • মানসিক চাপ,
  • দুঃচিন্তা,
  • সঠিক ভাৱে টোপনি নোহোৱা,
  • দিনত শোৱা,
  • ধোঁৱা আৰু ধূলিময় পৰিবেশত অতি বেছি শাৰীৰিক কষ্ট কৰা,
  • চকুত অত্যধিক উজ্জ্বল পোহৰ পৰা,
  • লঘোনে বা ভোকত থকা,
  • মহিলা সকলৰ মাহেকীয়া ৰজ স্ৰাৱৰ সময়ত হোৱা হৰমনৰ প্ৰভাৱ আদিৰ বাবে এনে ধৰণৰ বিষ হব পাৰে।

শৰীৰৰ অন্য কোনো অসুস্থতা বা ৰোগৰ বাবে মূৰত থকা বিষ সংবেদনশীল স্নায়ু প্ৰভাৱিত হৈ মূৰৰ বিষ অনুভৱ হয়(ছেকেণ্ডাৰী হেডেক)।

বিভিন্ন কাৰণত এনে শ্ৰেণীৰ মূৰৰ বিষ হব পাৰে। এনেকুৱা কিছুমান কাৰণ হল-

  • মগজুত হোৱা টিউমাৰ(brain tumor),
  • মগজুত বা ইয়াৰ আশে পাশে হোৱা ৰক্তক্ষৰণ,
  • কাৰ্বন মনক্সাইডৰ বিষক্ৰিয়া,
  • গ্লুকমা(চকুৰ এবিধ ৰোগ),
  • ডিহাইড্ৰেচন,
  • অত্যধিক মদ্যপান,
  • ইনফ্লুৱেঞ্জা আদি।

আয়ৰ্বেদত বৰ্ণিত চিকিৎসা -

আয়ুৰ্বেদত ৰোগৰ কাৰণ বিশ্লেষণ কৰি তাৰ নিৰ্মূলৰ দ্বাৰা মূৰৰ বিষৰ চিকিৎসা কৰা হয় তথা প্ৰত্যক্ষ ভাবে কোনো ধৰণৰ বিষনাশক ঔষধ প্ৰয়োগ কৰা নহয়।

প্ৰত্যেকজন ৰোগীৰ চিকিৎসা একে নহবও পাৰে যিহেতু আয়ুৰ্বেদত এই ৰোগৰ উৎপত্তিৰ কাৰণ আৰু বাত, পিত্ত, কফ আদিৰ অৰিহনা ৰোগী অনুসৰি বেলেগ বেলেগ হয়।

বিশেষকৈ নিদান পৰিবর্জন(ৰোগ সৃষ্টিৰ কাৰণসমূহৰ পৰা আঁতৰি থকা), পিত্ত আৰু বাত শমন কৰা(স্বাভাৱিক অৱস্থাত ৰাখিবলৈ চেষ্টা কৰা), মেধ্য ৰসায়ন(মস্তিষ্কৰ বাবে উপযোগী) প্ৰয়োগ কৰা আদি হৈছে মূৰৰ বিষৰ চিকিৎসাৰ আয়ুৰ্বেদিক পদ্ধতি।

শৰীৰৰ পাচক অগ্নিৰ বিসমতাৰ বাবে খোৱা বস্তু ভালদৰে হজম নহয় আৰু তাৰ ফলত অপক্ক আহাৰৰ পৰা শৰীৰৰ বাবে অতি অপকাৰী, বিষতুল্য কিছুমান পদাৰ্থ উৎপন্ন হয়(আয়ুৰ্বেদত ইয়াক "আম" বুলি কোৱা হৈছে)।

ইয়ে শৰীৰৰ ভিতৰৰ কোষীকা সমূহৰ মাজত থকা বিভিন্ন পৰিবাহী ব্যৱস্থা সমূহত(আয়ুৰ্বেদত "স্ৰোত" বুলি উল্লেখ কৰা হৈছে) বাধাৰ সৃষ্টি কৰে। ফলত আনকি শৰীৰত আৰু মগজুলৈ সঠিক ৰূপত ৰক্ত সঞ্চালনতো বাধাৰ সৃষ্টি হয়।

বিসম অগ্নি সঠিক কৰি দেহৰ পৰা এনে "আম" জাতীয় বিষাক্ত পদাৰ্থসমূহ শৰীৰৰ পৰা আঁতৰ কৰি; বিশেষকৈ পিত্ত আৰু বাত সম অৱস্থাত ৰাখি শৰীৰৰ ধাতু সমূহৰ সঠিক পুষ্টি সাধন কৰা(বিশেষ ভাৱে ওজ ধাতু), স্নায়ুতন্ত্ৰ আৰু মস্তিষ্কৰ পুষ্টি তথা শক্তিশালী কৰিবলৈ বিভিন্ন ঔষধি দ্ৰৱ্য আৰু ৰসায়ন প্ৰয়োগ কৰা আদিৰ জৰিয়তে অতি ফলপ্ৰসু চিকিৎসাৰ উল্লেখ আয়ুৰ্বেদত কৰা হৈছে।

কিছুমান ক্ষেত্ৰত যদিহে ৰোগ সৃষ্টি কৰা দোষ সমূহ অতি বেছি দূষিত হয় তেন্তে দেহ শোধনৰ বাবে পঞ্চকৰ্মৰ প্ৰয়োগ যেনে বমন, বিৰেচন আদি কৰিবলগীয়া হয়।

তাৰোপৰি পঞ্চকৰ্মৰ লগত সঙ্গতি থকা কিছুমান বিশেষ প্ৰক্ৰিয়াৰ চিকিৎসাৰ পৰাও সুফল পোৱা যায়।

সৰল ভাষাত এইসমূহ এনেধৰণৰ-

শিৰোধাৰা-

ইয়াত নিৰ্দিষ্ট পদ্ধতিত ঔষধিযুক্ত তেল নিৰ্দিষ্ট সময়ৰ বাবে মূৰত লাহে লাহে ঢালি দিয়া হয়।

শিৰপিচ্ছু- ইয়াৰ বাবে ঔষধিযুক্ত তেলত ডুবাই ৰখা কপাহী কাপোৰৰ টকুৰা নিৰ্দিষ্ট সময়ৰ বাবে মূৰৰ ওপৰত ৰাখি থোৱা হয়।

শিৰো অভ্যঙ্গ:

এই প্ৰক্ৰিয়াত ঔষধিযুক্ত তেলেৰে মূৰৰ মালিচ কৰা হয়।

শিৰোবস্তি:

ইয়াৰ বাবে প্ৰথমে মূৰৰ চাৰিওফালে বিশেষ প্ৰক্ৰিয়াৰে এটা ওখ সীমা বনাই ঔষধিযুক্ত তেলেৰে এক নিৰ্দ্দিষ্ট সময়ৰ বাবে পূৰ্ণ কৰি ৰখা হয়।

আয়ুৰ্বেদত শিৰোৰোগ(disease of head) চিকিৎসাৰ বাবে বহুতো প্ৰভাৱশালী ঔষধৰ বৰ্ণনা কৰা হৈছে। শিৰশূল বা মূৰৰ বিষ এনে ৰোগৰ ভিতৰতে অন্তৰ্ভূক্ত।

ৰোগীজনৰ অগ্নি, দূষিত হোৱা দোষ(বাত, পিত্ত, কফ আদি)ৰ অৱস্থা, প্ৰকৃতি- দেহ প্ৰকৃতি আৰু মন প্ৰকৃতি(body constitution) আদি পৰীক্ষা কৰি এনে ঔষধ সমূহ সেৱন কৰিলে সুফল পোৱা যায়।

লগতে প্রানায়াম আৰু যোগাসনৰ নিয়মিত অভ্যাস এইক্ষেত্ৰত অতি লাভকাৰী।

লবলগীয়া সাৱধানীয়তা -

যদিহে মূৰৰ বিষ দিন যোৱাৰ লগে লগে আগতকৈ বাঢ়িব ধৰে, ঔষধ সেৱন কৰিলেও উপশম নহয়।

অন্য উপসৰ্গ যেনে-

  • জ্বৰ,
  • মানসিক বিভ্ৰান্তি,
  • জ্ঞানেন্দ্ৰিয় সমূহৰ কার্যক্ষমতা হ্ৰাস পোৱা আদি দেখা দিয়ে; তেন্তে ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

কিছুমান ঘৰুৱা উপায়:

  • আদা মছলা হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও মূৰৰ বিষৰ বাবেও উপকাৰী। ই প্ৰষ্টাগ্লেণ্ডিন(prostaglandin)ৰ ওপৰত ক্ৰিয়া কৰি মাংসপেশীৰ সংকোচন কমাই দিয়ে আৰু মূৰৰ বিষৰ পৰা উপশম হোৱাত সহায় কৰে। সেয়েহে আদা চকলিয়াই বা চাহত দি খাব পাৰে।
  • পদিনা মূৰৰ বিষৰ বাবে আন এবিধ উপকাৰী দ্ৰৱ্য। ইয়াৰ বাবে পদিনা দি চাহ বনাই খাব পাৰি নাইবা পদিনাৰ তেল কপাল আৰু ইয়াৰ দুয়োকাষে কমেও আধা ঘন্টা মান ঘঁহি থৈ দিলে যথেষ্ট আৰাম পোৱা যায়।
  • ৰোজমেৰি(Rosemary), লেভেণ্ডাৰ(lavender), জেচমিন(Jasmine) আদিৰ পৰা প্ৰস্তুত কৰা তেল 5 ৰ পৰা 10 টোপাল গৰম পানীত মিহলাই তাৰ পৰা গৰম ভাপ দীঘল উশাহ লৈ লব লাগে।
  • বিশুদ্ধ তিল তেল 4 টোপালকৈ নাকত দিনে এবাৰকৈ কিছুদিন একেৰাহে দিলে যথেষ্ট আৰাম পোৱা যায়।
  • জাইফল(nutmeg) মিহিকৈ গুড়ি কৰি পানীৰ সৈতে মিহলাই পেষ্ট বনাই কপালত লগালে বৰ আৰাম পোৱা যায়।
  • ভৃঙ্গৰাজ তেলেৰে মূৰত মালিচ কৰিলে বিষ কমোৱাত সহায় কৰে।
  • বিষৰ লগত পোৰণি অনুভৱ হলে চন্দনৰ গুড়ি গোলাপ জলৰ লগত মিহলাই মূৰত প্ৰলেপ লগালে আৰাম পোৱা যায়।
  • চাহ চামুচৰ চাৰি ভাগৰ একভাগ লং পাউদাৰ আৰু এক চামুচ দালচিনি তেল মিহলাই আধাঘন্টা লগাই ৰাখিলে সুফল পোৱা যায়।

মানিবলগীয়া সাধাৰণ নিয়মবোৰ -

  • পিত্তবৰ্ধক খাদ্য যেনে- তেলত ভজা অত্যধিক জ্বলা মছলাযুক্ত খাদ্য, ময়দাৰে বনোৱা খাদ্য খোৱাৰ অভ্যাস ত্যাগ কৰক।
  • বাতবৰ্ধক খাদ্য যেনে- যিকোনো ধৰণৰ শুকান আৰু ৰুক্ষ খাদ্য; পেকেটত থকা ৰেডিমেড খাদ্য, ফ্ৰীজত ৰখা খাদ্য, ফাৰ্মেন্টেড(fermented) খাদ্য যেনে-বেকাৰীৰ বস্তু(ব্ৰেড, কেক আদি); পিজ্জা, বাৰ্গাৰ আদিৰ দৰে ফাষ্ট ফুড আদি খাবলৈ এৰক।
  • মেগনেছিয়াম যুক্ত খাদ্যই মূৰৰ বিষ কমোৱাত সহায় কৰে। সেয়েহে মেগনেছিয়াম থকা খাদ্য যেনে তিল, কাঠ বাদাম(almond), কাজু, ওট মিল(oatmeal) আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত।
  • মদ্যপান, চাধা চিগাৰেট আদি পৰিহাৰ কৰক।
  • শৌচ-প্ৰস্বাৱ আদি আধাৰণীয় বেগ সমূহ কেতিয়াও ধাৰণ নকৰিব।
  • ঠাণ্ডা বতাহৰ পৰা নিজকে বচাই ৰাখিব চেষ্টা কৰিব।
  • বহু ৰাতিলৈ উজাগৰে থকা অভ্যাসবোৰ যেনে পঢ়া শুনা কৰা, পাৰ্টী উপভোগ কৰা আদি পৰিহাৰ কৰা উচিত। একেদৰে দিনত শোৱা বৰ্জনীয়।
  • শাৰীৰিক আৰু মানসিক চাপৰ পৰা মুক্ত হৈ থাকিব চেষ্টা কৰা উচিত। তাৰবাবে নিয়মিত ভাৱে যোগাসন আৰু প্রানায়াম কৰাৰ অভ্যাস গঢ়ি তোলক।

লেখক: ডাঃ মৃণাল বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

মোবাইল নং- 9613747425

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top